ৰাজনীতি

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিঙক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ পিছতে কংগ্ৰেছৰ পৰা পদত্যাগ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথৰ…

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিঙক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ অনুমতি প্ৰদানৰ পিছতে কংগ্ৰেছৰ পৰা পদত্যাগ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথৰ…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ মুখপাত্ৰ দীপিকা পুষ্কৰ নাথে কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাৰত জোড়ো যাত্ৰাৰ দলৰ পৰা পদত্যাগ কৰে। ২০ জানুৱাৰীত জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিবলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিবলৈ ৰাজ্যিক ইউনিটে বিজেপিৰ প্ৰাক্তন নেতা তথা মন্ত্ৰী চৌধুৰী লাল সিঙক অনুমতি দিয়াৰ পিছতে নাথে এই সিদ্ধান্ত গ্ৰহণ কৰে। টুইটাৰত তেওঁ লিখিছে “চৌধুৰী লাল সিঙে ভাৰত জোড়ো যাত্ৰাত যোগদান কৰাৰ প্ৰস্তাৱৰ প্ৰতি লক্ষ্য ৰাখি একেখিনি অনুমতি দিয়াৰ পৰিপ্ৰেক্ষিতত মোৰ হাতত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। লাল সিঙে কাঠুৱা ধৰ্ষণ গোচৰত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ বাবে দায়ী আছিল ২০১৮ চনত ধৰ্ষণকাৰীক নিৰ্লজ্জভাৱে ৰক্ষা কৰিছিল।” “লাল সিঙে ধৰ্ষণকাৰীক সুৰক্ষা…
Read More
আজি ঘোষণা কৰা হ’ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ…

আজি ঘোষণা কৰা হ’ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ…

উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন। নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে ভোটদানৰ তাৰিখ জাৰি কৰা হ’ব। যোৱা শনিবাৰে চিইচি ৰাজীৱ কুমাৰে কয় যে নাগালেণ্ডত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ৩০ হাজাৰৰো অধিক লোককে ধৰি ১৩.৯ লাখৰো অধিক নিৰ্বাচক পঞ্জীয়ন কৰা হৈছে। ইফালে ৰাজীৱ কুমাৰ, অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলৰ নেতৃত্বত ইচিআইৰ দলসমূহে যোৱা সপ্তাহত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে নাগালেণ্ড আৰু ত্ৰিপুৰা ভ্ৰমণৰ সামৰণি মাৰে। ইফালে, ৫ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাত ‘জন বিশ্বাস যাত্ৰা’ আৰম্ভ কৰি ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰে। উত্তৰ ত্ৰিপুৰাত দিয়া ভাষণত অমিত…
Read More
পুনৰ এবছৰ বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল…

পুনৰ এবছৰ বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল…

অহা বছৰৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল। মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে। শ্বাহে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি নড্ডাৰ অধীনত ২০১৯ চনৰ তুলনাত বৃহৎ জনাদেশেৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলে জয়ী হ’ব বুলি মোৰ বিশ্বাস আছে।’ বিজেপিৰ অধ্যক্ষ হিচাপে নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল ২০ জানুৱাৰীত সমাপ্ত হ’ব লাগিছিল।
Read More
দিল্লীত আপৰ কাউন্সিলাৰ আক্ৰমণত বিজেপিৰ মহিলা কাউন্সিলাৰ আহত হোৱাৰ অভিযোগ…

দিল্লীত আপৰ কাউন্সিলাৰ আক্ৰমণত বিজেপিৰ মহিলা কাউন্সিলাৰ আহত হোৱাৰ অভিযোগ…

দিল্লীৰ এমচিডি নিৰ্বাচনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে আপ নেতাৰ আক্ৰমণত বিজেপিৰ দুগৰাকী মহিলা কাউন্সিলাৰ আহত হোৱাৰ দাবী বিজেপিৰ। এমচিডি হাউছত শুকুৰবাৰে সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজত মহিলা কাউন্সিলাৰ দুগৰাকী আহত হোৱাৰ অভিযোগ কৰিছে বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি, আম আদমী পাৰ্টীৰ পুৰুষ কাউন্সিলাৰৰ এটা দলে ঘেৰি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মহিলা কাউন্সিলাৰ দুগৰাকীক। যাৰ ফলত অনিতা আৰু ইন্দৰ কৌৰ নামৰ মহিলা কাউন্সিলাৰ দুগৰাকী আহত হয়।
Read More
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ…

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ফাৰুক আব্দুল্লাৰ…

জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই মঙলবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰত জোড়ো যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে যোগদান কৰে। দিল্লীৰ কাশ্মীৰ গেটৰ পৰা আজি পুনৰ আৰম্ভ হোৱা এই যাত্ৰাই উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে আজি ৰিচাৰ্চ এণ্ড এনালাইছিছ উইঙৰ প্ৰাক্তন মুৰব্বী এ এছ দুলাটেও এই পদযাত্ৰাত যোগদান কৰিছিল।
Read More
এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

পঞ্জাৱৰ ৰাজনৈতিক দলসমূহৰ আহ্বানৰ পিছতে এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন। নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰা অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন পূৰ্বৰ ১৪ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব। গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক এসপ্তাহৰ বাবে ভোটদান স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে পিছুৱাই দিয়া হয় ভোটগ্ৰহনৰ তাৰিখ। পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক ভোটদানৰ তাৰিখ বৃদ্ধি কৰিবলৈ নিৰন্তৰ আহ্বান জনাই আহিছিল। নিৰ্বাচন আয়োগে সোমবাৰে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত নিৰ্বাচন আয়োগে গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ ভোটদান ৬ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।…
Read More
উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

ডিজিটেল ডেস্কঃ অযোধ্যা বা মথুৰা নহয়, গোৰখপুৰেই শেষ ভৰসা হব যোগীৰ! উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আগন্তুক বিধানসভা নিৰ্বাচনত গোৰখপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। শনিবাৰে কেন্দ্ৰীয় বিজেপি সমিতিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বিজেপি সমিতিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যোগী আদিত্যনাথে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিও নিৰ্ধাৰণ কৰিছে। আনহাতে, দলটোৱে ঘোষণা কৰিছে যে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই প্ৰয়াগৰাজৰ চিৰাথু সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দিল্লীত কেন্দ্ৰীয় বিজেপি সমিতিৰ হৈ এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। মন্ত্ৰীজনে প্ৰথম পৰ্যায়ত ৫৮ টা সমষ্টিৰ ভিতৰত ৫৭…
Read More
পুনৰ উইকেট খহিছে যোগী শিৱিৰত! এইবাৰ পদত্যাগ মন্ত্ৰী তথা দলিত নেতা দাৰা সিং চৌহানৰ

পুনৰ উইকেট খহিছে যোগী শিৱিৰত! এইবাৰ পদত্যাগ মন্ত্ৰী তথা দলিত নেতা দাৰা সিং চৌহানৰ

নিৰ্বাচনৰ পূৰ্বে পদত্যাগৰ জোৱাৰ উঠিছে যোগী শিৱিৰত! ৰাজ্য চৰকাৰৰ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ পদত্যাগৰ পিছত এইবাৰ আন এগৰাকী মন্ত্ৰীয়ে দলত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে। যোগী চৰকাৰৰ মন্ত্ৰী তথা অবিচি নেতা দাৰা সিং চৌহানে বুধবাৰে বিজেপি ত্যাগ কৰাৰ পিছতে এতিয়া উত্তৰ প্ৰদেশত ক্ৰমাৎ বিধ্বস্ত হোৱা দেখা গৈছে শাসকীয় দলটোক। ৰাজ্যিক বিজেপিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দাৰা সিং চৌহানে লিখিছে- "মোক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত বন পৰ্যৱেক্ষণ আৰু পশু উত্থান মন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। মই এতিয়ালৈকে মোৰ বিভাগৰ উন্নতিৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছো। কিন্তু, চৰকাৰে পিছপৰা, দলিত, কৃষক, নিবনুৱাসকলৰ বাবে একো কৰা নাই। ইয়াৰ পৰিৱৰ্তে, দলিতসকলৰ ওপৰত অন্যায় কৰা হৈছে।…
Read More
কংগ্ৰেছত যোগদান অভিনেতা চনু সুদৰ ভগ্নী মালবিকাৰ

কংগ্ৰেছত যোগদান অভিনেতা চনু সুদৰ ভগ্নী মালবিকাৰ

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে পঞ্জাৱত। তাৰ সমান্তৰালভাৱে দল বদলিৰ ৰাজনীতিও ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যখনৰ বৰ্তমানৰ শাসকীয় দল কংগ্ৰেছত যোগদান কৰি সমাগত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অভিনেতা চনু সুদৰ ভগ্নী মালবিকা সুদেও। উল্লেখ্য যে, পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধু অভিনেতা চনু সুদৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে সোমবাৰে কংগ্ৰেছত যোগদান কৰে মালবিকা সুদে। আনহাতে, আন এক খবৰ অনুসৰি, ভাৰতৰ নিৰ্বাচন আয়োগে অভিনেতা চনু সুদক পঞ্জাৱৰ "ৰাজ্যিক আইকন" হিচাপে নিযুক্তি প্ৰত্যাহাৰ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া এছ কৰুণা ৰাজুৱে শুকুৰবাৰে কয় যে বলীউড তাৰকা গৰাকীয়ে স্বেচ্ছাই "ৰাজ্যিক আইকন"ৰ পৰা তেওঁৰ…
Read More
প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি ময়ো মহামৃত্যুঞ্জয় জপ কৰিম: পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী

প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি ময়ো মহামৃত্যুঞ্জয় জপ কৰিম: পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত একনায়কত্ববাদৰ সূচনা কৰিব বিচাৰিছে। - যোৱা ৫ জানুৱাৰীত পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে এই অভিযোগ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে। বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি দেশৰ বিজেপি নেতা সকলে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি কৰা মহামৃত্যুঞ্জয় জপক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী চান্নীয়ে। তেওঁ কয় যে তেওঁও প্ৰধানমন্ত্ৰীৰ দীৰ্ঘজীৱনৰ বাবে ঘৰলৈ ১১ গৰাকী পণ্ডিতক আমন্ত্ৰণ কৰি মহামৃত্যঞ্জয় জপ কৰিব। তেওঁ কয়, "যদি প্ৰধানমন্ত্ৰী মোডী কাৰোবাৰ পৰা ভাবুকিৰ সন্মুখীন হয়, মই নিজেই তেওঁৰ বাবে বাগলামুখী জপ কৰোঁ যাতে তেওঁৰ স্বাস্থ্য ভাল হয় আৰু শত্ৰুৰ নাশ হয়। যদি প্রধানমন্ত্রীৰ প্রতি ভাবুকি ইমানেই…
Read More