17
Apr
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰে। বেংগালুৰুস্থিত দলীয় কাৰ্যালয়ত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটক ৰাজ্যৰ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু ৰাজ্যিক বিধানসভাৰ বিৰোধী দলপতি সিদ্দাৰমাইয়াৰ উপস্থিতিত শ্বেত্তাৰে কংগ্ৰেছত যোগদান কৰে। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা অমৰ সিং পাটিলেও শ্বেত্োৰৰ সৈতে কংগ্ৰেছত যোগদান কৰে। দলত যোগদান কৰাৰ পিছত শ্বেত্তাৰে কয়, ‘কালি মই বিজেপি এৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলোঁ। এজন বিৰোধী নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতি কংগ্ৰেছত যোগদান কৰাত বহুত আচৰিত হৈছে। বিজেপিয়ে মোক প্ৰতিটো পদ দিছে আৰু দলৰ কৰ্মী হোৱাৰ বাবে মই সদায় দলৰ বৃদ্ধিৰ বাবে…
