ৰাজনীতি

তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে টি ৰামা ৰাওলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ। তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে কেটিআৰে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগে ২৬ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত কেটিআৰক এই জাননীৰ উত্তৰ দিবলৈ কয়। টি-ৱৰ্কছ (চৰকাৰী প্ৰতিষ্ঠান)ত নিযুক্তি সন্দৰ্ভত কৰা ঘোষণাৰ ওপৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে। মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী প্ৰচাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ বিৰুদ্ধেও তেওঁক সকীয়াই দিয়া হৈছে। নিৰ্বাচন আয়োগে জাননীত প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতা ৰনদীপ সিং সুৰজেৱালাই ২০ নৱেম্বৰত হায়দৰাবাদৰ টি ৱৰ্কছৰ কাৰ্যালয়লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত তেওঁ বৃহৎ সংখ্যক কৰ্মৰত…
Read More
প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

সদ্য সমাপ্ত বিশ্বকাপ ক্ৰিকেট (আই চি চি বিশ্বকাপ ২০২৩)ৰ ফাইনেলত ভাৰতীয় দলৰ পৰাজয়ৰ ঘাঁ সমগ্ৰ দেশৰ বাবে সতেজ। কেৱল ২২ গজৰ ক্ষেত্ৰতে নহয়, এই বিষয়টোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰৱেশ কৰিছে। আৰু ৰাষ্ট্ৰীয় ৰাজনীতি বাকযুদ্ধত লিপ্ত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অষ্ট্ৰেলিয়াৰ হাতত টিম ইণ্ডিয়াৰ পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে নৰেন্দ্ৰ মোডীক ‘পনৌতি’ বুলি অভিহিত কৰাৰ পিছতে সূচনা হয় বিতৰ্কৰ। বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে তেওঁক প্ৰেৰণ কৰে জাননী। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত তেওঁক প্ৰেৰণ কৰা হৈছে জাননী। শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে। ১৯ তাৰিখে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেচত ৰোহিত আৰু বিৰাটক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই…
Read More
জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

২৫ নৱেম্বৰত ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে পূৰ্ণ গতিত চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। একে ক্ৰমতে উদয়পুৰৰ বল্লভনগৰত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষ এখন প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, ‘প্ৰথমে জাতি জনগণনা হ’ব লাগে। সকলোৰে সংখ্যা গম পোৱা যাব। মই লোকসভাত জাতি লোকপিয়লৰ বিষয়টো উত্থাপন কৰা দিনটোৰ পাছত নৰেন্দ্ৰ মোডীৰ কণ্ঠ সম্পূর্ণৰূপে সলনি হ’ল৷ প্ৰশ্ন হয় বিজেপিয়ে কিয় দেশত ঘৃণা বিয়পাই দিয়ে। কিয় বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ কথা নকয়?’ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ বিষয়টো…
Read More
তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী অশোক গেহলটে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিলে পৰামৰ্শ। অসমৰ মুখ্যমন্ত্ৰীৰ এক বক্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গেহলটে কয়, ‘তেওঁ অত্যাধিক কথা কৈছে, তেওঁক কোনেও ভাল পোৱা নাই, তেওঁ গোটেই জীৱন কংগ্ৰেছত আছিল।’ অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত গেহলটে কয় যে এতিয়া এনেধৰণৰ বক্তব্য দি তেওঁ বিজেপিৰ হাইকমাণ্ডৰ চৰ্ত পূৰণ কৰিছে। তেওঁ বিজেপি হাইকমাণ্ডৰ প্ৰতি নিজৰ আনুগত্য পূৰণ কৰিছে। এই কথা কৈ তেওঁলোকে দেখুৱাব বিচাৰিছে যে আমি বিজেপি কেডাৰতকৈ কম দেখা নাপাওঁ। নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কাম-কাজৰ ওপৰত ভোট বিচাৰিব লাগে। যোৱা ৫ বছৰত আমি কৰা কামবোৰক লৈ চৰ্চা হ'ব লাগে। ৰাজস্থানত বিজেপিক লৈ ৰাইজে হাঁহিছে। বিজেপিৰ বাহিৰৰ…
Read More
সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

বিধানসভা নিৰ্বাচন সন্দৰ্ভত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে সংঘৰ্ষ আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্য। মধ্যপ্ৰদেশৰ ছাজাপুৰত ৰাহুল গান্ধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ এজন মহান পণ্ডিতে আজিকালি মধ্যপ্ৰদেশত বিচৰণ কৰি আছে। মহাজ্ঞানীৰ দৰে মানুহৰ চিন্তাই দেশ ধ্বংস কৰি পেলালে। কংগ্ৰেছৰ বিৰুদ্ধে তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “য’তেই কংগ্ৰেছ আহিল তাতেই ধ্বংস কঢ়িয়াই আনিলে। কংগ্ৰেছ কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ শত্ৰু। যিয়েই নকৰক কিয়, এটা পৰিয়ালৰ নামত কৰে। কোনো চিন্তা নাই কংগ্ৰেছৰ।… আজি সমগ্ৰ মধ্যপ্ৰদেশে কৈছে যে আকৌ এবাৰ বিজেপি চৰকাৰ।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছত আপোনালোকক দিবলৈ কেৱল…
Read More
ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। এই ক্ৰমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ নিৰ্বাচনী সভাত ভাষণ দি ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আহ্বান জনাই বিৰোধী দল কংগ্ৰেছক আক্ৰমণ কৰে। জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে যদি আমি ডাবল ইঞ্জিন চৰকাৰ গঠন কৰোঁ তেন্তে ৬ হাজাৰ টকাৰ আঁচনিখন ১২ হাজাৰ টকালৈ ৰূপান্তৰিত কৰিম। কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁ কয়, ‘ৰাহুল বাবাই কৈছিল, ৩৭০ অনুচ্ছেদ আঁতৰাই নিদিব, কাশ্মীৰত বৈ যাব তেজৰ নদী। এডাল লাঠিও ব্যৱহাৰ কৰা নহ’ল। কাশ্মীৰ আমাৰ। কংগ্ৰেছ দলে ৭০ বছৰ ধৰি ৩৭০ অনুচ্ছেদ নিজৰ কোলাত ৰাখিছিল।” ইয়াৰ বাহিৰেও গৃহমন্ত্ৰীগৰাকীয়ে ইউ পি এ চৰকাৰক স্মৰণ…
Read More
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জয়পুৰত উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিজেপিক তীব্ৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে ৰাজস্থান মডেলক প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে আৰু বিজেপি ইছ্যুহীন। কংগ্ৰেছে কৰ্মৰ ভিত্তিত থকাৰ বিপৰীতে বিজেপি ইডি আৰু মেৰুকৰণৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হব বিচাৰিছে। জয়ৰাম ৰমেশে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে সদায় গুজৰাটৰ মডেলৰ কথা কয়, কিন্তু আমি ক’ব পাৰো যে যোৱা পাঁচ বছৰত ৰাজস্থানৰ মডেলো আহিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে চিৰঞ্জীৱ স্বাস্থ্য আঁচনি এক বৈপ্লৱিক পদক্ষেপ। বিজেপিক আক্ৰমণ কৰি জয়ৰামে কয় যে মেৰুকৰণৰ ৰাজনীতিয়ে কাম নকৰে, খোদ কৰ্ণাটকতে ৰাইজে এনে ৰাজনীতিক নাকচ কৰিছে। যোৱা পাঁচ বছৰত ৰাজস্থান…
Read More
এই চৰকাৰ আদানীৰ চৰকাৰ! সংবাদমেল সম্বোধন কৰি পুনৰ সৰৱ হৈ পৰিল ৰাহুল গান্ধী…

এই চৰকাৰ আদানীৰ চৰকাৰ! সংবাদমেল সম্বোধন কৰি পুনৰ সৰৱ হৈ পৰিল ৰাহুল গান্ধী…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গৌতম আদানী বিষয়ত আক্ৰমণ কৰে। সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ আত্মা আদানীতে বাস কৰে। তেওঁ এপল এলাৰ্ট সন্দৰ্ভতো চৰকাৰক লক্ষ্য কৰি লয়। তেওঁ কয়, ”আদানী বিষয়ত আমি চৰকাৰক ইমানেই শ’লঠেকত পেলাইছো যে চৰকাৰে এতিয়া চোৰাংচোৱাৰ আশ্ৰয় লৈছে। চৰকাৰৰ এক নম্বৰত আদানী আৰু দ্বিতীয় নম্বৰত আছে প্ৰধানমন্ত্ৰী মোডী। তিনি নম্বৰত আছে অমিত শ্বাহ। দেশৰ ক্ষমতা আদানীৰ হাতত।” মোডী চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “আপুনি যিমানেই চোৰাংচোৱাগিৰি নকৰক কিয়, আমি পিছুৱাই নাযাওঁ। যদি আপুনি ফোন বিচাৰে, তেন্তে মোৰ ফোনটো লওক, চোৰাংচোৱাগিৰি কৰক।” সংবাদমেলৰ সময়ত কংগ্ৰেছৰ সাংসদ ৰাহুল…
Read More
ৰাজস্থানত বলিছে নিৰ্বাচনী গৰম বতাহ, কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

ৰাজস্থানত বলিছে নিৰ্বাচনী গৰম বতাহ, কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

২০২৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়খন তালিকাৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই তালিকাত মুঠ ৩৩ জনৰ নাম ঘোষণা কৰা হৈছে, য’ত মুখ্যমন্ত্ৰী অশোক গেহলটক চৰ্দাৰপুৰাৰ পৰা টিকট দিয়া হৈছে। একে সময়তে টংকৰ পৰা পুনৰ নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে শচীন পাইলটে। লক্ষ্মনগড়ৰ পৰা ৰাজ্যিক সভাপতি গোবিন্দ সিং দোটাছাৰাক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰা হৈছে। ইয়াৰ উপৰিও চি পি যোশীয়ে নাথদ্বাৰাৰ পৰা টিকট লাভ কৰিছে। এইবাৰ কংগ্ৰেছে নোহৰৰ পৰা অমিত চৌহান, কোলায়াতৰ পৰা ভনৱৰ সিং ভোটী, সদলপুৰৰ পৰা কৃষ্ণ পুনিয়া, সুজানগৰৰ পৰা মনোজ মেঘৱাল, মাণ্ডৱাৰ পৰা ৰীতা চৌধুৰী, বিৰাটনগৰৰ পৰা ইন্দ্ৰজ সিং গুৰ্জাৰ, মালভিয়া নগৰৰ পৰা অৰ্চনা শৰ্মা,…
Read More
মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিও, সেয়ে মোৰ বিৰুদ্ধে অনেক গোচৰ আছেঃ তেলেংগানাত ৰাহুল গান্ধী

মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিও, সেয়ে মোৰ বিৰুদ্ধে অনেক গোচৰ আছেঃ তেলেংগানাত ৰাহুল গান্ধী

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেলেংগানাত আছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। এই সময়ছোৱাত তেওঁ কংগ্ৰেছ বিজয়াবেৰী যাত্ৰাত অংশ লয়। জগতিয়াললৈ গৈ থকাৰ সময়ত ৰাহুলে এন এ চি বাছ ষ্টপেজত কিছু সময় ৰয়। য’ত তেওঁ টিফিন গাড়ী এখনত ডোছা বনাই থকাৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত ৰাহুল জগতিয়াললৈ ৰাওনা হয়। জগতিয়ালত জনসভা সম্বোধন কৰি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিওঁ। গতিকে মোৰ বিৰুদ্ধে ২৪-২৫ টা গোচৰ আছে। মোৰ লোকসভাৰ সদস্যপদও স্থগিত ৰখা হৈছিল। মোৰ ঘৰখনো কাঢ়ি নিয়া হৈছিল। যেতিয়া সিহঁতে মোৰ ঘৰটো কাঢ়ি নিছিল, মোৰ মনটো ভাল লাগিছিল, মই আনন্দৰে ঘৰখন তেওঁলোকক গতাই দিছিলো। কিয়নো ঘৰৰ…
Read More