12
Dec
সাংসদ পদ খাৰিজ হোৱাৰ পিছত এইবাৰ চৰকাৰী আৱাস গৃহ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই। সূত্ৰ অনুসৰি তেওঁক কিছুদিনৰ ভিতৰত সাংসদ বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। জানিব পৰা মতে, লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিশেষ কোটাৰ অধীনত মহুৱাক সাংসদ বাংলো আবণ্টন কৰা হৈছিল। কিন্তু যোৱা সপ্তাহত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তৃণমূলৰ নেত্ৰীগৰাকীয়ে হয়তো বাংলো খালী কৰিব লাগিব পাৰে। সংসদত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত নৈতিকতা সমিতিৰ পৰামৰ্শ মতে তৃণমূলৰ মাহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা শুকুৰবাৰে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে…
