ৰাজনীতি

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA ঐক্যৰ বৈঠক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA ঐক্যৰ বৈঠক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত আজি অব্যাহত আছে ভোটগণনা। ইফালে, ৬ ডিচেম্বৰত দিল্লীত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী মিত্ৰজোঁট INDIAৰ বৈঠক আহ্বান কৰিছে। আচলতে চাৰিখন ৰাজ্যৰ প্ৰাৰম্ভিক ধাৰাত কংগ্ৰেছে যেন কেৱল তেলেংগানাতহে ঠাই পাইছে, ইয়াৰ বাহিৰেও ই আন ৰাজ্যত বিজেপিতকৈ বহু পিছ পৰি আছে। ইফালে, কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী দলসমূহৰ INDIA মিত্ৰজোঁটৰ বৈঠকৰ বাবে আহ্বান জনাইছে। অহা ৬ ডিচেম্বৰত দিল্লীত বিৰোধী দলৰ সমাৱেশ অনুষ্ঠিত হ’ব। অৱশ্যে খৰ্গেয়ে পূর্বেও উল্লেখ কৰিছিল যে পাঁচখন ৰাজ্যৰ ফলাফল ওলোৱাৰ পাছত বিৰোধী মিত্রজোঁটৰ বৈঠক আহ্বান কৰা হ’ব৷ প্ৰাৰম্ভিক ধাৰাত তেলেংগানাত কংগ্ৰেছ চৰকাৰ গঠন হোৱা যেন লাগে। একে সময়তে ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ঘনিষ্ঠ…
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিশ্বাস আছে দেশৰ জনতাৰঃ অশ্বিনী বৈষ্ণৱ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিশ্বাস আছে দেশৰ জনতাৰঃ অশ্বিনী বৈষ্ণৱ

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে পোৱা বাম্পাৰ ভোটৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতিত্ব প্ৰদান কৰিছে। এক্স (টুইটাৰ)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে - ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিশ্চয়তাৰ ওপৰত ভাৰতৰ বিশ্বাস আছে’। চচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ এই ছবিখনৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনসাধাৰণৰ প্ৰতি থকা মৰম আৰু ভালপোৱা দেখুৱাবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ আঁচনিৰ জৰিয়তে দেশবাসীক যি নিশ্চয়তা দিছে, সেই নিশ্চয়তাৰ ওপৰত সমগ্ৰ দেশৰ বিশ্বাস আছে। তেওঁ ক’ব বিচাৰিছিল যে প্ৰধানমন্ত্ৰী মোডীৰ বাবে জনসাধাৰণ জনাৰ্দনৰ দৰে, যাৰ সেৱা কৰাটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ মিছন। ২০২৩ বৰ্ষত বিধানসভা নিৰ্বাচন…
Read More
‘পনৌতি’ কোন? ৪ ৰাজ্যৰ ভোট গণনাৰ সময়ত এতিয়া পুনৰ চলিছে চৰ্চা

‘পনৌতি’ কোন? ৪ ৰাজ্যৰ ভোট গণনাৰ সময়ত এতিয়া পুনৰ চলিছে চৰ্চা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিছুদিন পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত পনৌতি বুলি অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে। এতিয়া আজি অব্যাহত থকা ৪ ৰাজ্যৰ ভোট গননাত তেলেংগানাৰ বাহিৰে আন তিনিখনতে কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ৰাহুল গান্ধীকেই পৌনতি বুলি নাম দি কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে। উল্লেখযোগ্য যে মঙলবাৰে ৰাহুল গান্ধীয়ে বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয় আৰু ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিৰ সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰিছিল। ৰাজস্থানৰ জালৌৰত এখন ৰেলীত ৰাহুলে ধেমালি কৰি কয় যে আমাৰ ল’ৰাবোৰে ভাল খেলিছিল। বিশ্বকাপ জয় হ’লহেঁতেন৷ কিন্তু সেই 'দুঃসাহসিক অভিযান' ধ্বংসস্তূপত শেষ হ'ল।" কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ভাষণত মোডীৰ নাম উল্লেখ কৰা নাছিল। কিন্তু মোডী যে তেওঁৰ টাৰ্গেট সেই কথা…
Read More
অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য! পুনৰ বিপদত পৰিব পাৰে ৰাহুল গান্ধী…

অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য! পুনৰ বিপদত পৰিব পাৰে ৰাহুল গান্ধী…

২০১৮ চনৰ ৰাহুল গান্ধীৰ বিবৃতি সন্দৰ্ভত বিজেপি দলৰ প্ৰাক্তন বিষয়া তথা পেছাত অধিবক্তা বিজয় মিশ্ৰই তেওঁৰ এজাহাৰত গোচৰ ৰুজু কৰিছে। অভিযোগ উত্থাপন হৈছে যে ৰাহুল গান্ধীয়ে ২০১৮ চনত বেংগালুৰুত গৃহমন্ত্ৰী অমিত শ্বাহক “হত্যাকাৰী” বুলি অভিহিত কৰিছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অভিযোগত দাবী কৰা হৈছে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে নূন্যতম দুবছৰৰ শাস্তি থাকিব লাগে। ইয়াৰ পূৰ্বেও চুৰাট আদালতে একেধৰণৰ গোচৰত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আৰু তাৰ পিছত তেওঁৰ লোকসভাৰ সদস্যপদ বাতিল কৰা হৈছিল। মোডী উপাধিৰ সৈতে জড়িত এক গোচৰত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এই শাস্তি প্ৰদান কৰা হয়। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তৰোৱালখন…
Read More
তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাত কংগ্ৰেছে ঢাক-ঢোল বজাইছে কৰ্ণাটকৰ চৰকাৰৰ। যাৰ একমাত্ৰ লক্ষ্য হৈছে তেলেংগানাৰ ভোটাৰক প্ৰভাৱিত কৰা। ফলত কংগ্ৰেছ শাসিত চৰকাৰে আচৰণ বিধি ভংগ কৰিছে। এই অভিযোগ লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে বিজেপি। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে জাননী জাৰি কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে। যোৱা শনিবাৰে কৰ্ণাটক চৰকাৰে তেলেংগানাৰ বিভিন্ন বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন জাৰি কৰিছিল। মুখ্যমন্ত্রী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰকে ধৰি অন্যান্য মন্ত্রীসকলৰ ছবি থকা বিজ্ঞাপনসমূহ তেলেগু ভাষাত ছপা কৰা হৈছিল৷ তেতিয়াৰ পৰাই এনেধৰণৰ বিভিন্ন বিজ্ঞাপন য়েনাডু, অন্ধ্ৰজ্যোতি, ভেলেগু, ডেক্কান ক্ৰনিকল, দ্য হিন্দু, ইংৰাজী কাকত যেনে টাইমছ অৱ ইণ্ডিয়া আদি কাকতৰ পৃষ্ঠাত তেলেগু ভাষাত একেৰাহে তিনিদিন ছপা…
Read More
তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে টি ৰামা ৰাওলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ। তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে কেটিআৰে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগে ২৬ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত কেটিআৰক এই জাননীৰ উত্তৰ দিবলৈ কয়। টি-ৱৰ্কছ (চৰকাৰী প্ৰতিষ্ঠান)ত নিযুক্তি সন্দৰ্ভত কৰা ঘোষণাৰ ওপৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে। মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী প্ৰচাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ বিৰুদ্ধেও তেওঁক সকীয়াই দিয়া হৈছে। নিৰ্বাচন আয়োগে জাননীত প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতা ৰনদীপ সিং সুৰজেৱালাই ২০ নৱেম্বৰত হায়দৰাবাদৰ টি ৱৰ্কছৰ কাৰ্যালয়লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত তেওঁ বৃহৎ সংখ্যক কৰ্মৰত…
Read More
প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

সদ্য সমাপ্ত বিশ্বকাপ ক্ৰিকেট (আই চি চি বিশ্বকাপ ২০২৩)ৰ ফাইনেলত ভাৰতীয় দলৰ পৰাজয়ৰ ঘাঁ সমগ্ৰ দেশৰ বাবে সতেজ। কেৱল ২২ গজৰ ক্ষেত্ৰতে নহয়, এই বিষয়টোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰৱেশ কৰিছে। আৰু ৰাষ্ট্ৰীয় ৰাজনীতি বাকযুদ্ধত লিপ্ত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অষ্ট্ৰেলিয়াৰ হাতত টিম ইণ্ডিয়াৰ পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে নৰেন্দ্ৰ মোডীক ‘পনৌতি’ বুলি অভিহিত কৰাৰ পিছতে সূচনা হয় বিতৰ্কৰ। বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে তেওঁক প্ৰেৰণ কৰে জাননী। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত তেওঁক প্ৰেৰণ কৰা হৈছে জাননী। শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে। ১৯ তাৰিখে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেচত ৰোহিত আৰু বিৰাটক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই…
Read More
জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

২৫ নৱেম্বৰত ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে পূৰ্ণ গতিত চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। একে ক্ৰমতে উদয়পুৰৰ বল্লভনগৰত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষ এখন প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, ‘প্ৰথমে জাতি জনগণনা হ’ব লাগে। সকলোৰে সংখ্যা গম পোৱা যাব। মই লোকসভাত জাতি লোকপিয়লৰ বিষয়টো উত্থাপন কৰা দিনটোৰ পাছত নৰেন্দ্ৰ মোডীৰ কণ্ঠ সম্পূর্ণৰূপে সলনি হ’ল৷ প্ৰশ্ন হয় বিজেপিয়ে কিয় দেশত ঘৃণা বিয়পাই দিয়ে। কিয় বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ কথা নকয়?’ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ বিষয়টো…
Read More
তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী অশোক গেহলটে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিলে পৰামৰ্শ। অসমৰ মুখ্যমন্ত্ৰীৰ এক বক্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গেহলটে কয়, ‘তেওঁ অত্যাধিক কথা কৈছে, তেওঁক কোনেও ভাল পোৱা নাই, তেওঁ গোটেই জীৱন কংগ্ৰেছত আছিল।’ অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত গেহলটে কয় যে এতিয়া এনেধৰণৰ বক্তব্য দি তেওঁ বিজেপিৰ হাইকমাণ্ডৰ চৰ্ত পূৰণ কৰিছে। তেওঁ বিজেপি হাইকমাণ্ডৰ প্ৰতি নিজৰ আনুগত্য পূৰণ কৰিছে। এই কথা কৈ তেওঁলোকে দেখুৱাব বিচাৰিছে যে আমি বিজেপি কেডাৰতকৈ কম দেখা নাপাওঁ। নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কাম-কাজৰ ওপৰত ভোট বিচাৰিব লাগে। যোৱা ৫ বছৰত আমি কৰা কামবোৰক লৈ চৰ্চা হ'ব লাগে। ৰাজস্থানত বিজেপিক লৈ ৰাইজে হাঁহিছে। বিজেপিৰ বাহিৰৰ…
Read More
সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

বিধানসভা নিৰ্বাচন সন্দৰ্ভত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে সংঘৰ্ষ আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্য। মধ্যপ্ৰদেশৰ ছাজাপুৰত ৰাহুল গান্ধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ এজন মহান পণ্ডিতে আজিকালি মধ্যপ্ৰদেশত বিচৰণ কৰি আছে। মহাজ্ঞানীৰ দৰে মানুহৰ চিন্তাই দেশ ধ্বংস কৰি পেলালে। কংগ্ৰেছৰ বিৰুদ্ধে তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “য’তেই কংগ্ৰেছ আহিল তাতেই ধ্বংস কঢ়িয়াই আনিলে। কংগ্ৰেছ কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ শত্ৰু। যিয়েই নকৰক কিয়, এটা পৰিয়ালৰ নামত কৰে। কোনো চিন্তা নাই কংগ্ৰেছৰ।… আজি সমগ্ৰ মধ্যপ্ৰদেশে কৈছে যে আকৌ এবাৰ বিজেপি চৰকাৰ।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছত আপোনালোকক দিবলৈ কেৱল…
Read More