22
Dec
সংসদত সাংসদ নিলম্বনৰ বিৰোধিতা কৰি আজি যন্তৰ মন্তৰত উপস্থিত হয় ইণ্ডিয়া মিত্ৰজোঁট। কংগ্ৰেছ, এনচিপি, টিএমচি, সমাজবাদী পাৰ্টিকে ধৰি সকলো দলৰ নেতাই এই প্ৰতিবাদত যোগদান কৰিছে। সাংসদৰ নিলম্বনৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ১৫০ জন সাংসদক নিলম্বন কৰাটো কেৱল তেওঁলোকৰ অপমান নহয় বৰঞ্চ জনসাধাৰণৰ অপমানহে। সংসদত স্মোক এটেক সন্দৰ্ভত ৰাহুলে কয় যে যেতিয়া অনুপ্ৰৱেশ সংঘটিত হৈছিল তেতিয়া বিজেপিৰ সাংসদে পলায়ন কৰিছিল। যুৱক-যুৱতীসকল আজি সংস্থাপনহীন হৈ পৰিছে আৰু সেয়েহে তেওঁলোকে ইনষ্টা-ফেচবুকত সময় পাৰ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰত যুৱক-যুৱতীসকলে ৭.৫ ঘন্টা সময় নিজৰ ফোন আৰু ছ’চিয়েল মিডিয়াত কটায়, কাৰণ তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা…