24
Jan
তিনিখন খেলৰ এদিনীয়া শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখৰ সমান কৰিলে টিম ইণ্ডিয়াৰ অ’পেনাৰ শুভমন গীলে। নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত গীলে মুঠ ৩৬০ ৰান সংগ্ৰহ কৰি বাবৰ আজমৰ অভিলেখৰ সমান কৰে। ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত বাবৰে ৩৬০ ৰান সংগ্ৰহ কৰিছিল। অন্যহাতে একে সময়তে একেৰাহে তিনিটা শতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় শুভমন গীল। ইয়াৰ পূৰ্বে এই খিতাপ আছিল শিখৰ ধাৱানৰ নামত।
