Business

কেন্দ্ৰীয় বাজেট ২০২৫-এ এক সন্তুলিত দৃষ্টিভংগী গ্ৰহণ কৰে

কেন্দ্ৰীয় বাজেট ২০২৫-এ এক সন্তুলিত দৃষ্টিভংগী গ্ৰহণ কৰে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ মুখ্য বিত্তীয় বিষয়া আচিফ মালবাৰীয়ে এফএমচিজি খণ্ডৰ মূল স্তম্ভবোৰ শক্তিশালী কৰাৰ বাবে সন্তুলিত দৃষ্টিভংগীৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৫ক উচ্চ প্ৰশংসা কৰিছে। আচিফ মালবাৰীয়ে বিকাশৰ চালক হিচাপে গ্ৰাম্য আন্তঃগাঁথনি, উৎপাদন আৰু উপভোক্তা ব্যয়ৰ ওপৰত বাজেটৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আচিফ মালবাৰীৰ মতে, গ্ৰাম্য উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বিনিয়োগে অৰ্থনৈতিক কাৰ্য-কলাপক উদ্দীপিত কৰিব আৰু ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিব, যাৰ ফলত বজাৰ সম্প্ৰসাৰণৰ সুযোগ সৃষ্টি হ’ব। চিএফঅ’ই ৰাষ্ট্ৰীয় উৎপাদন অভিযানক প্ৰশংসা কৰি ঘৰুৱা উৎপাদন বৃদ্ধি, আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস আৰু খৰচৰ কাৰ্যক্ষমতা উন্নত কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মধ্যবিত্ত শ্ৰেণীক উপকৃত কৰা কৰ সংস্কাৰকো ইতিবাচক কাৰক হিচাপে উল্লেখ…
Read More
উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: এনইএছএফবি-ৰ অসাধাৰণ পৰিবৰ্তন

উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: এনইএছএফবি-ৰ অসাধাৰণ পৰিবৰ্তন

মউত্তৰ পূৰ্ব ক্ষুদ্ৰ বিত্তীয় বেংক (এনইএছএফবি) এক নাটকীয় পৰিবৰ্তনৰ মাজেৰে গৈছে, যি কেৱল ১.৫ বছৰ আগতে অপাৰেশ্বনেল অকাৰ্যক্ষমতা আৰু বিত্তীয় অৱস্থাৰ অস্থিতিশীলতাৰ লগত সংগ্ৰাম কৰি পতনৰ কাষত উপস্থিত হৈছিল। আজি, এনইএছএফবি ভাৰতৰ বেংকিং খণ্ডত এটা অসাধাৰণ সফলতাৰ কাহিনী হিচাপে আত্মপ্রকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ হস্তক্ষেপ আৰু কৌশলগত সহযোগিতাৰ ফলত, বেংকখনে কেৱল স্থিৰতা পুনৰুদ্ধাৰ নকৰে, বরঞ্চ ফিনটেক নেতা শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত ইউনিকৰ্ণৰ স্থিতি অৰ্জন কৰিছে। এই গুৰুত্বপূৰ্ণ সফলতাই এনইএছএফবি-ৰ বাবে নতুন অধ্যায়ৰ সূচনা কৰিছে—য’ত দীঘলীয়া বৃদ্ধি আৰু ৰাষ্ট্ৰীয় প্ৰসাৰণৰ আশা দৰ্শোৱা হৈছে। এই বিকাশত জড়িত সূত্ৰ অনুসৰি, একত্ৰিকৰণ সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। নিয়ন্ত্ৰণ আৰু নিয়মাৱলী…
Read More
শৈক্ষিক-প্ৰযুক্তিৰ প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডি এ ৱান স্প’ৰ্টছৰ সৈতে সহযোগিতা এনএছডিচিৰ

শৈক্ষিক-প্ৰযুক্তিৰ প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডি এ ৱান স্প’ৰ্টছৰ সৈতে সহযোগিতা এনএছডিচিৰ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ শৈক্ষিক প্ৰযুক্তি প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডিএ ৱান স্পৰ্টছৰ সহযোগত সমগ্ৰ ভাৰতত প্ৰশিক্ষকসকলক উন্নত কৰাৰ বাবে ক্ৰিকেট প্ৰশিক্ষক শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ মানদণ্ড উন্নত কৰা আৰু ক্ৰীড়া উদ্যোগত দক্ষ প্ৰশিক্ষকৰ বৰ্ধিত চাহিদা পূৰণ কৰা। এই সহযোগিতাৰ অধীনত এনএছডিচি-এ সজাগতা কৰ্মশালাৰ সুবিধা প্ৰদান কৰিব আৰু দক্ষতা ঋণ প্ৰদান কৰিব,কো-লাৰ্নে পাঠদান আৰু প্লেচমেণ্ট(নিয়োগ)ৰ ব্যৱস্থা কৰিব, আনহাতে ডি এ ৱান স্প’ৰ্টছে ছাত্ৰৰ মূল্যায়ন আৰু অন-ফিল্ড প্ৰশিক্ষণৰ দিশসমূহ চম্ভালিব। এই পদক্ষেপত খেলুৱৈৰ প্ৰদৰ্শন আৰু খেলত দলৰ গতিশীলতা বৃদ্ধিৰ বাবে আধুনিক প্ৰশিক্ষক কৌশল, খেলুৱৈ বিশ্লেষণ আৰু আঘাত প্ৰতিৰোধ কৌশলসমূহো সামৰি লোৱা হ'ব। উত্তৰ-পূব ভাৰততো ক্ৰিকেটে…
Read More
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে আগবঢ়াইছে এইচআইটি এণ্টি-ৰ’চ্চ জেল পেক

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে আগবঢ়াইছে এইচআইটি এণ্টি-ৰ’চ্চ জেল পেক

ভাৰতৰ প্ৰায় ৯৩% পৰিয়ালে দৈনিক ঘৰ চাফ-চিকুণ কৰাৰ পিছতো ৬৫% চহৰৰ ঘৰত পঁইতাচোৰাৰ উপস্থিতি অব্যাহত আছে, আধাতকৈ অধিক লোকে মধ্যমীয়াৰ পৰা উচ্চ আক্ৰমণৰ মাত্ৰাৰ কথা প্ৰকাশ কৰিছে। ক্ষতিকাৰক বেক্টেৰিয়া আৰু এলাৰ্জেনৰ বাহক বুলি জনাজাত পঁইতাচোৰাই শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু খাদ্যজনিত ৰোগকে ধৰি স্বাস্থ্যজনিত যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে। এই নিৰন্তৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ নিজৰ ব্ৰেণ্ড গড্ৰেজ এইচআইটি-ৰ অধীনত এইচআইটি এণ্টি-ৰ'চ্চ জেল মুকলি কৰিছে, যি হৈছে সংপৃক্ত, সুলভ (৯৯ টকা) আৰু এই জেল পেক হৈছে বজাৰৰ আগশাৰীৰ ঘৰুৱা কীটনাশক পৰ্টফলিঅ'ত ফলপ্ৰসূ সংযোজন। এইচআইটি হৈছে ভাৰতীয় বজাৰৰ নেতৃস্থানীয় সংস্থাসমূহৰ ভিতৰত অন্যতম, যাক গ্ৰাহকসকলে পইতাচোঁৰাৰ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ…
Read More
লেনভো উত্তৰ আৰু পূব ভাৰতত ২৫+ নতুন ষ্ট’ৰৰ সৈতে খুচুৰা ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ

লেনভো উত্তৰ আৰু পূব ভাৰতত ২৫+ নতুন ষ্ট’ৰৰ সৈতে খুচুৰা ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ

বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰখনৰ আগশাৰীৰ প্ৰতিষ্ঠান লেন’ভ’ই সমগ্ৰ উত্তৰ আৰু পূব ভাৰতত ২৫তকৈও অধিক একচেটিয়া ষ্ট’ৰ মুকলি কৰি খুচুৰা খণ্ডৰ নিজৰ উপস্থিতি যথেষ্ট বৃদ্ধি কৰিছে। এই সম্প্ৰসাৰণে লেন’ভ’ৰ মুঠ ৰিটেইল পদচিহ্ন দেশজুৰি ৪৮০তকৈও অধিক একচেটিয়া ষ্ট’ৰলৈ সম্প্ৰসাৰণ কৰিছে, যিয়ে লেন'ভ'ৰ বজাৰ নেতৃত্ব আৰু সুলভ প্ৰযুক্তিৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰিছে। ৰাজস্থান, বিহাৰ, পশ্চিম বংগ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ কৌশলগত স্থানত অৱস্থিত নতুন বিপণীবোৰৰ লক্ষ্য হৈছে অত্যাধুনিক সঁজুলিৰ বৰ্ধিত চাহিদা পূৰণ কৰা। টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি এই আউটলেটবোৰত এআই-সক্ষম গেমিং, উপভোক্তা আৰু বাণিজ্যিক সামগ্ৰী ৰখা হৈছে, যিসমূহে বিভিন্ন গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰে। লক্ষণীয়ভাৱে হাৰিয়ানাৰ…
Read More
ডিজিটি আৰু বিআইটিএছ পিলানিয়ে উদ্যোগআৰু দক্ষতা বৃদ্ধিৰ বাবে বাহিনীত যোগদান কৰে

ডিজিটি আৰু বিআইটিএছ পিলানিয়ে উদ্যোগআৰু দক্ষতা বৃদ্ধিৰ বাবে বাহিনীত যোগদান কৰে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অধীনত প্ৰশিক্ষণ সঞ্চালকালয়ে ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছটিআই)ৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্যমিতা আৰু দক্ষতা বৃদ্ধিৰ বাবে বিআইটিএছ পিলানিৰ পিলানি উদ্ভাৱন আৰু উদ্যোগ বিকাশ সমিতি(পিআইইডিএছ)ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই উদ্ভাৱনক আগুৱাই নিয়া, ষ্টাৰ্ট-আপৰ সুযোগ সৃষ্টি কৰা আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে দক্ষতা প্ৰশিক্ষণক একাকাৰ কৰাত গুৰুত্ব আৰোপ কৰিছে। এই অংশীদাৰিত্বই দুটা প্ৰধান পাঠ্যক্ৰম ৰূপায়ণ কৰিছে: ইন'ভেচন চেলেঞ্জ(উদ্ভাৱন প্ৰত্যাহ্বান) আৰু অপেন ইনকিউবেচন প্ৰগ্ৰাম(মুক্ত ইনকিউবেচন পাঠ্যক্ৰম)। ইন'ভেচন চেলেঞ্জ শাখাত এনএছটিআইৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকল, উদ্ভাৱনৰ ক্ষেত্ৰত লিংগৰ ব্যৱধান দূৰ কৰাৰ বাবে মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ছমাহৰ অনুদান-আধাৰিত পাঠ্যক্ৰম অপেন ইনকিউবেচন পাঠ্যক্ৰমত অংশগ্ৰহণকাৰীসকলক শিক্ষাৰ্থীৰ ধাৰণাবোৰ সাধনযোগ্য উদ্যোগলৈ…
Read More
মাছৰ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ, মীন পালনত উৎপাদনশীলতা বৃদ্ধিৰ বাবে গড্ৰেজ এগ্ৰ’ভেটে মুকলি কৰিলে এগ্ৰ’ৰিড

মাছৰ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ, মীন পালনত উৎপাদনশীলতা বৃদ্ধিৰ বাবে গড্ৰেজ এগ্ৰ’ভেটে মুকলি কৰিলে এগ্ৰ’ৰিড

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিআৰ) – চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিচাৰিজ এডুকেচন(চিআইএফই)ৰ সহযোগত গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(গড্ৰেজ এগ্ৰ’ভেট)-এ এগ্ৰ'ৰিড নামৰ এক অভিনৱ মাছৰ ৰোগ নিয়ন্ত্ৰক মুকলি কৰিছে। ভাৰতীয় মীন পালন খণ্ডৰ ৪৮% পুখুৰীত প্ৰভাৱ পেলোৱা আৰু ইয়াৰ ফলত বাৰ্ষিক ৬২.৫ মিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান হোৱা আৰ্গুলাছ সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাৱন কৰা এগ্ৰ'ৰিডে কৃষকৰ অনুকূল, ব্যৱহাৰ কৰাত সহজ সমাধানৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে মাছৰ স্বাস্থ্য উন্নত আৰু উৎপাদনশীলতা সমানে বৃদ্ধি কৰে। গড্ৰেজ এগ্ৰ'ভেটৰ পৰিচালনা সঞ্চালক বলৰাম সিং যাদৱে মীন পালকসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত এই সামগ্ৰীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এগ্ৰ'ৰিড হৈছে মীন পালন উদ্যোগৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানবোৰৰ এক নিৰ্ভৰযোগ্য, গৱেষণা-চালিত সমাধান। আইচিএআৰ-চিআইএফইৰ…
Read More
৭৬সংখ্যক গণৰাজ্য দিৱস : ১০০গৰাকী উদ্যোগীক সম্বৰ্ধনা জনালে মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে, দক্ষ কৰ্মশক্তিৰ বিশ্বজোৰা চাহিদা প্ৰদৰ্শন

৭৬সংখ্যক গণৰাজ্য দিৱস : ১০০গৰাকী উদ্যোগীক সম্বৰ্ধনা জনালে মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে, দক্ষ কৰ্মশক্তিৰ বিশ্বজোৰা চাহিদা প্ৰদৰ্শন

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৌশল ভৱনত ১০০ গৰাকী বিশিষ্ট উদ্যোগীক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰতৰ সমৃদ্ধিশালী দক্ষতা পৰিৱেশ তন্ত্ৰক প্ৰতিনিধিত্ব কৰা এই ব্যক্তিসকলক গণৰাজ্য দিৱসৰ পেৰেডলৈও বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল, যিয়ে দক্ষতা ভাৰত অভিযানৰ অধীনত উদ্ভাৱন আৰু বৃদ্ধিৰ ক্ষেত্ৰত এইসকল উদ্যোদীৰ ভূমিকাক প্ৰতিনিধিত্ব কৰিছিল। দাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক'নমিক ফ'ৰাম ২০২৫ সন্মিলনৰ পৰা উভতি আহি মন্ত্ৰী চৌধুৰীয়ে দক্ষ প্ৰতিভাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত খ্যাতিৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে, "ভাৰতৰ কৰ্মশক্তিয়ে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে, যি বিশ্বব্যাপী দক্ষতাৰ মূলধন হিচাপে আত্মপ্ৰকাশ কৰাৰ আমাৰ সম্ভাৱনা প্ৰদৰ্শন…
Read More
মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ অসমত অত্যাধুনিক ডিলাৰশ্বিপ উদ্বোধন কৰে

মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ অসমত অত্যাধুনিক ডিলাৰশ্বিপ উদ্বোধন কৰে

মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ বিভাগে লখিমপুৰত নিজৰ ৮৭ সংখ্যক অত্যাধুনিক ডিলাৰশ্বিপ মুকলি কৰি নিজৰ সেৱা সম্প্ৰসাৰণ অব্যাহত ৰাখিছে। চাৰিটা চাৰ্ভিচ বে'ৰে সুসজ্জিত নতুন ৩এছ (চেলছ, চাৰ্ভিচ, স্পেয়াৰ) সুবিধা কেন্দ্ৰই দৈনিক ১০খনতকৈও অধিক বাহনক সেৱা প্ৰদান কৰিব পাৰিব। মহিন্দ্ৰাই ২৪ ঘণ্টীয়া ব্ৰেকডাউন সমৰ্থন, ড্ৰাইভাৰৰ থকা ব্যৱস্থা আৰু এডব্লু নামৰ ডিজেল এক্সজেষ্ট ফ্লুইড প্ৰদান কৰে, যিয়ে নিৰ্গমনৰ মানদণ্ড বৃদ্ধি কৰে। এমটিবিডিৰ ব্যৱসায়িক মুৰব্বী ড০ ভেংকট শ্ৰীনিবাসে যোৱা ৩ বছৰত প্ৰতিষ্ঠানটোৰ ৪৬% চিএজিআৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰিছে। ভেংকট শ্ৰীনিবাসে মহিন্দ্ৰাৰ বাণিজ্যিক বাহনসমূহৰ উদ্ভাৱনীমূলক বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত বিএছ৬ অ’বিডি II ট্ৰাকৰ বাবে মাইলেজ নিশ্চয়তা কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰিছে, যিয়ে পৰিবহণকাৰীসকলক “অধিক মাইলেজ…
Read More
অসমে এনইএছএফবি আৰু শ্লাইচ একত্ৰীকৰণৰ সৈতে ভাৰতৰ প্ৰথম ফিনটেক বেংক ইউনিকৰ্ণৰ পথপ্ৰদৰ্শন কৰে

অসমে এনইএছএফবি আৰু শ্লাইচ একত্ৰীকৰণৰ সৈতে ভাৰতৰ প্ৰথম ফিনটেক বেংক ইউনিকৰ্ণৰ পথপ্ৰদৰ্শন কৰে

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি) আৰু শ্লাইচৰ একত্ৰিকৰণৰ লগে লগে অসম ভাৰতৰ প্ৰথম ফিনটেক-বেংক ইউনিকৰ্ণৰ জন্মভূমি ৰূপে পৰিগণিত হোৱাৰ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। অসম চৰকাৰৰদ্বাৰা সহজসাধ্য হোৱা এই ৰূপান্তৰে উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ প্ৰতি ৰাজ্যখনৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ সমৰ্থিত এই একত্ৰিকৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ২০০০ চাকৰি সংৰক্ষণৰ লগতে অঞ্চলটোৰ বিত্তীয় আন্তঃগাঁথনি শক্তিশালী কৰিব। উল্লেখযোগ্য যে, অসমে ষ্টাম্প ডিউটী আইন অধ্যাদেশৰ অধীনত শুল্ক-কৰৰ সীমা নিৰ্ধাৰণৰ দৰে সংস্কাৰ ৰূপায়ণ কৰি অসমক দেশৰ অন্যতম ব্যৱসায়িক অনুকূল ৰাজ্য হিচাপে গঢ়ি তুলিছে। অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰ ৰূপে গুৱাহাটী মহানগৰেও এই অগ্ৰগতিৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'বলৈ সাজু হৈছে। অহা ৫…
Read More