Business

ভিয়ে মহাকুম্ভত নম্বৰ ৰক্ষক উদ্যোগ আৰম্ভ কৰিছে

ভিয়ে মহাকুম্ভত নম্বৰ ৰক্ষক উদ্যোগ আৰম্ভ কৰিছে

ভোডাফোন আইডিয়া(ভিআই)ই জনসাধাৰণৰ সুৰক্ষা আৰু নিৰৱচ্ছিন্ন সংযোগৰ প্ৰতি দায়বদ্ধতাক অধিক শক্তিশালী কৰি মহাকুম্ভত ‘ভি নম্বৰ ৰক্ষক’ পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে তীৰ্থযাত্ৰীসকলক জৰুৰীকালীন যোগাযোগ নম্বৰ খোদিত কৰা ৰুদ্ৰাক্ষ আৰু তুলসী ব্ৰেচলেট প্ৰদান কৰে, যাৰ ফলত ভক্তসকলে জনসমাগমৰ মাজত পৃথক হ’লে পৰিয়ালৰ সৈতে পুনৰ মিলিত হ’ব পাৰে। প্ৰথম দিনটোত ২৫০ৰো অধিক ব্যক্তি হেৰুওৱাৰ খবৰ পোৱা গৈছিল আৰু ত্ৰিবেণী সংগমত শ্বাহী স্নানৰ বাবে লাখ লাখ লোক সমবেত হোৱাৰ সম্ভাৱনা আছে, ভি-এ স্বামী ৰামানন্দ আচাৰ্য শিবিৰ আখাড়াৰ ওচৰত ব্ৰেচলেট বিতৰণ কৰিবলৈ এটা বুথ স্থাপন কৰিছে। এই পদক্ষেপে বিশেষকৈ বৃদ্ধ তীৰ্থযাত্ৰী আৰু শিশুসকলক লাভান্বিত কৰিব যাৰ হয়তো মোবাইল ফোন নাথাকিব পাৰে। ভি-এ এই…
Read More
উত্তৰ-পূৰ্বাঞ্চলত উন্নত চিকিৎসা বিনিয়োগৰ বাবে খাদ্যনলীৰ কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি হোৱা দেখা গৈছে

উত্তৰ-পূৰ্বাঞ্চলত উন্নত চিকিৎসা বিনিয়োগৰ বাবে খাদ্যনলীৰ কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি হোৱা দেখা গৈছে

উত্তৰ-পূৰ্বাঞ্চলত খাদ্যনলীৰ কৰ্কট ৰোগৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱে উন্নত চিকিৎসা প্ৰযুক্তিৰ চাহিদা আৰু বিশেষ স্বাস্থ্যসেৱাত বিনিয়োগৰ বাবে ইন্ধন যোগাইছে। আইচিএমআৰৰ এক শেহতীয়া প্ৰতিবেদনত ব্যাপক ধঁপাত ব্যৱহাৰক এই বৰ্ধিত প্ৰৱণতাৰ আঁৰৰ অন্যতম কাৰণ ৰূপে চিহ্নিত কৰা হৈছে। ধঁপাত সেৱনৰ ৰাষ্ট্ৰীয় গড় হৈছে ২৯%ৰ বিপৰীতে উত্তৰ-পূবৰ ৪৮.২%তকৈ অধিক প্ৰাপ্তবয়স্ক লোকে ধঁপাত সেৱন কৰে। অসমতো খাদ্যনলীৰ কৰ্কট ৰোগীৰ হাৰ উদ্বেগজনকভাৱে বাঢ়িছে, ডিব্ৰুগড়ত সৰ্বাধিক ১৫.৭% (৫৪ জন পুৰুষৰ ভিতৰত ১ জন), কামৰূপ মহানগৰ জিলাত ১৪.৩% (২৭ জন পুৰুষৰ ভিতৰত ১ জন) আৰু কাছাৰ জিলাত ১১.৬% (৫৩ জন পুৰুষৰ ১ জন) লোক আক্ৰান্ত হৈছে। উচ্চমানৰ চিকিৎসা সা-সুবিধাৰ সীমিত উপলব্ধতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে প্ৰায়ে দেশৰ অন্য প্ৰান্তত চিকিৎসাৰ…
Read More
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত প্ৰতিফলিত হৈছে কৌশলগত পদক্ষেপ

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত প্ৰতিফলিত হৈছে কৌশলগত পদক্ষেপ

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ অন্তৱৰ্তীকালীন পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সতীশ কুমাৰ কালৰাক নিযুক্তি দিয়া হৈছে। এই নিযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুমোদন জনাইছে। “২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ কেন্দ্ৰীয় বাজেটে বিত্তীয় অন্তৰ্ভুক্তি, গ্ৰাম্য উন্নয়ন আৰু এমএছএমইসমূহৰ বৃদ্ধিৰ দিশত কৌশলগত পদক্ষেপ লোৱা প্ৰতিফলিত কৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা আৰু নতুন কৰ সংস্কাৰৰ দৰে পদক্ষেপে অৰ্থনৈতিক সবলীকৰণক লাভান্বিত কৰাৰ ক্ষেত্ৰত সুষম পদ্ধতি প্ৰদৰ্শন কৰিছে। বাজেটৰ এই ইতিবাচক পদক্ষেপসমূহ বিশেষভাৱে উত্তৰ-পূবৰ দৰে অঞ্চলৰ বাবে উৎসাহজনক, য’ত ঋণ আৰু বিত্তীয় সেৱাৰ বৰ্ধিত সুবিধাই উদ্যমিতা আৰু সকলো লোকে আগুৱাই যোৱাত সহায়ক হ’ব।” বাজেটত বিকাশ ত্বৰান্বিত কৰা, সামগ্ৰিক উন্নয়ন সুৰক্ষিত কৰা,…
Read More
বাজেটৰ প্ৰস্তাৱত দেশৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে আগবঢ়োৱা হৈছে ব্যাপক পদক্ষেপ

বাজেটৰ প্ৰস্তাৱত দেশৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে আগবঢ়োৱা হৈছে ব্যাপক পদক্ষেপ

গড্ৰেজ এগ্ৰ’ভেট প্ৰতিষ্ঠানৰ শীৰ্ষ নেতৃত্বই ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ লগতে কৃষকসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভূয়সী প্ৰশংসা কৰিছে। গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে বাজেটৰ ব্যাপক ঘোষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা বৃদ্ধি আৰু মাহজাতীয় সামগ্ৰী আৰু ভোজ্য তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে লোৱা পদক্ষেপসমূহৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰিছে। বাজেটৰ এই ইতিবাচক পদক্ষেপমূহে “বিকশিত ভাৰত” প্ৰাপ্তিৰ দিশত সহায়ক হ’ব। গড্ৰেজ এগ্ৰ’ভেটৰ শস্য সুৰক্ষা ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেলু এন কে-এ শস্যৰ উৎপাদনশীলতা আৰু সুৰক্ষা, বিশেষকৈ কপাহ উৎপাদনশীলতা অভিযান আৰু প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে উচ্চ…
Read More
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উত্তৰ-পূব ভাৰতত উপস্থিতি সম্প্ৰসাৰিত কৰিছে

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উত্তৰ-পূব ভাৰতত উপস্থিতি সম্প্ৰসাৰিত কৰিছে

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উজনি অসমৰ ডিব্ৰুগড়ৰ পৰা বিমান সেৱা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতত বিমান সংযোগ আৰু অধিক শক্তিশালী কৰিলে। এয়াৰলাইনে এতিয়া ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দৈনিক পোনপটীয়া বিমান সেৱা আগবঢ়াইছে, একেখন বিমানত দিল্লীলৈ অবিৰাম যাত্ৰাই যাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰিব। এই নতুন পথটোৱে উত্তৰ-পূবত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পদচিহ্ন ক্ৰমান্বয়ে বৃদ্ধি কৰিছে, আগৰতলা, ডিমাপুৰ, গুৱাহাটী আৰু ইম্ফলৰ পিছত ডিব্ৰুগড় হৈছে অঞ্চলটোৰ পঞ্চমটো বিমান বন্দৰ। ডিব্ৰুগড়ৰ পৰা উদ্বোধনী বিমানখনে ১৩:৪৫ বজাত উৰা মাৰি ১৫:১৫ বজাত গুৱাহাটীত অৱতৰণ কৰাৰ পাছত পৰৱৰ্তী গন্তব্যস্থান দিল্লীলৈ আগবাঢ়ি যায়। মোহনবাৰী বিমানবন্দৰত নতুন আকাশী পথৰ প্ৰথমজন যাত্ৰীক উদযাপনমূলক বৰ্ডিং পাছ প্ৰদান কৰা হয়।এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ…
Read More
কেন্দ্ৰীয় বাজেট ২০২৫-এ এক সন্তুলিত দৃষ্টিভংগী গ্ৰহণ কৰে

কেন্দ্ৰীয় বাজেট ২০২৫-এ এক সন্তুলিত দৃষ্টিভংগী গ্ৰহণ কৰে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ মুখ্য বিত্তীয় বিষয়া আচিফ মালবাৰীয়ে এফএমচিজি খণ্ডৰ মূল স্তম্ভবোৰ শক্তিশালী কৰাৰ বাবে সন্তুলিত দৃষ্টিভংগীৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৫ক উচ্চ প্ৰশংসা কৰিছে। আচিফ মালবাৰীয়ে বিকাশৰ চালক হিচাপে গ্ৰাম্য আন্তঃগাঁথনি, উৎপাদন আৰু উপভোক্তা ব্যয়ৰ ওপৰত বাজেটৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আচিফ মালবাৰীৰ মতে, গ্ৰাম্য উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বিনিয়োগে অৰ্থনৈতিক কাৰ্য-কলাপক উদ্দীপিত কৰিব আৰু ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিব, যাৰ ফলত বজাৰ সম্প্ৰসাৰণৰ সুযোগ সৃষ্টি হ’ব। চিএফঅ’ই ৰাষ্ট্ৰীয় উৎপাদন অভিযানক প্ৰশংসা কৰি ঘৰুৱা উৎপাদন বৃদ্ধি, আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস আৰু খৰচৰ কাৰ্যক্ষমতা উন্নত কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মধ্যবিত্ত শ্ৰেণীক উপকৃত কৰা কৰ সংস্কাৰকো ইতিবাচক কাৰক হিচাপে উল্লেখ…
Read More
উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: এনইএছএফবি-ৰ অসাধাৰণ পৰিবৰ্তন

উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: এনইএছএফবি-ৰ অসাধাৰণ পৰিবৰ্তন

মউত্তৰ পূৰ্ব ক্ষুদ্ৰ বিত্তীয় বেংক (এনইএছএফবি) এক নাটকীয় পৰিবৰ্তনৰ মাজেৰে গৈছে, যি কেৱল ১.৫ বছৰ আগতে অপাৰেশ্বনেল অকাৰ্যক্ষমতা আৰু বিত্তীয় অৱস্থাৰ অস্থিতিশীলতাৰ লগত সংগ্ৰাম কৰি পতনৰ কাষত উপস্থিত হৈছিল। আজি, এনইএছএফবি ভাৰতৰ বেংকিং খণ্ডত এটা অসাধাৰণ সফলতাৰ কাহিনী হিচাপে আত্মপ্রকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ হস্তক্ষেপ আৰু কৌশলগত সহযোগিতাৰ ফলত, বেংকখনে কেৱল স্থিৰতা পুনৰুদ্ধাৰ নকৰে, বরঞ্চ ফিনটেক নেতা শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত ইউনিকৰ্ণৰ স্থিতি অৰ্জন কৰিছে। এই গুৰুত্বপূৰ্ণ সফলতাই এনইএছএফবি-ৰ বাবে নতুন অধ্যায়ৰ সূচনা কৰিছে—য’ত দীঘলীয়া বৃদ্ধি আৰু ৰাষ্ট্ৰীয় প্ৰসাৰণৰ আশা দৰ্শোৱা হৈছে। এই বিকাশত জড়িত সূত্ৰ অনুসৰি, একত্ৰিকৰণ সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। নিয়ন্ত্ৰণ আৰু নিয়মাৱলী…
Read More
শৈক্ষিক-প্ৰযুক্তিৰ প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডি এ ৱান স্প’ৰ্টছৰ সৈতে সহযোগিতা এনএছডিচিৰ

শৈক্ষিক-প্ৰযুক্তিৰ প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডি এ ৱান স্প’ৰ্টছৰ সৈতে সহযোগিতা এনএছডিচিৰ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ শৈক্ষিক প্ৰযুক্তি প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডিএ ৱান স্পৰ্টছৰ সহযোগত সমগ্ৰ ভাৰতত প্ৰশিক্ষকসকলক উন্নত কৰাৰ বাবে ক্ৰিকেট প্ৰশিক্ষক শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ মানদণ্ড উন্নত কৰা আৰু ক্ৰীড়া উদ্যোগত দক্ষ প্ৰশিক্ষকৰ বৰ্ধিত চাহিদা পূৰণ কৰা। এই সহযোগিতাৰ অধীনত এনএছডিচি-এ সজাগতা কৰ্মশালাৰ সুবিধা প্ৰদান কৰিব আৰু দক্ষতা ঋণ প্ৰদান কৰিব,কো-লাৰ্নে পাঠদান আৰু প্লেচমেণ্ট(নিয়োগ)ৰ ব্যৱস্থা কৰিব, আনহাতে ডি এ ৱান স্প’ৰ্টছে ছাত্ৰৰ মূল্যায়ন আৰু অন-ফিল্ড প্ৰশিক্ষণৰ দিশসমূহ চম্ভালিব। এই পদক্ষেপত খেলুৱৈৰ প্ৰদৰ্শন আৰু খেলত দলৰ গতিশীলতা বৃদ্ধিৰ বাবে আধুনিক প্ৰশিক্ষক কৌশল, খেলুৱৈ বিশ্লেষণ আৰু আঘাত প্ৰতিৰোধ কৌশলসমূহো সামৰি লোৱা হ'ব। উত্তৰ-পূব ভাৰততো ক্ৰিকেটে…
Read More
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে আগবঢ়াইছে এইচআইটি এণ্টি-ৰ’চ্চ জেল পেক

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে আগবঢ়াইছে এইচআইটি এণ্টি-ৰ’চ্চ জেল পেক

ভাৰতৰ প্ৰায় ৯৩% পৰিয়ালে দৈনিক ঘৰ চাফ-চিকুণ কৰাৰ পিছতো ৬৫% চহৰৰ ঘৰত পঁইতাচোৰাৰ উপস্থিতি অব্যাহত আছে, আধাতকৈ অধিক লোকে মধ্যমীয়াৰ পৰা উচ্চ আক্ৰমণৰ মাত্ৰাৰ কথা প্ৰকাশ কৰিছে। ক্ষতিকাৰক বেক্টেৰিয়া আৰু এলাৰ্জেনৰ বাহক বুলি জনাজাত পঁইতাচোৰাই শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু খাদ্যজনিত ৰোগকে ধৰি স্বাস্থ্যজনিত যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে। এই নিৰন্তৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ নিজৰ ব্ৰেণ্ড গড্ৰেজ এইচআইটি-ৰ অধীনত এইচআইটি এণ্টি-ৰ'চ্চ জেল মুকলি কৰিছে, যি হৈছে সংপৃক্ত, সুলভ (৯৯ টকা) আৰু এই জেল পেক হৈছে বজাৰৰ আগশাৰীৰ ঘৰুৱা কীটনাশক পৰ্টফলিঅ'ত ফলপ্ৰসূ সংযোজন। এইচআইটি হৈছে ভাৰতীয় বজাৰৰ নেতৃস্থানীয় সংস্থাসমূহৰ ভিতৰত অন্যতম, যাক গ্ৰাহকসকলে পইতাচোঁৰাৰ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ…
Read More
লেনভো উত্তৰ আৰু পূব ভাৰতত ২৫+ নতুন ষ্ট’ৰৰ সৈতে খুচুৰা ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ

লেনভো উত্তৰ আৰু পূব ভাৰতত ২৫+ নতুন ষ্ট’ৰৰ সৈতে খুচুৰা ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ

বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰখনৰ আগশাৰীৰ প্ৰতিষ্ঠান লেন’ভ’ই সমগ্ৰ উত্তৰ আৰু পূব ভাৰতত ২৫তকৈও অধিক একচেটিয়া ষ্ট’ৰ মুকলি কৰি খুচুৰা খণ্ডৰ নিজৰ উপস্থিতি যথেষ্ট বৃদ্ধি কৰিছে। এই সম্প্ৰসাৰণে লেন’ভ’ৰ মুঠ ৰিটেইল পদচিহ্ন দেশজুৰি ৪৮০তকৈও অধিক একচেটিয়া ষ্ট’ৰলৈ সম্প্ৰসাৰণ কৰিছে, যিয়ে লেন'ভ'ৰ বজাৰ নেতৃত্ব আৰু সুলভ প্ৰযুক্তিৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰিছে। ৰাজস্থান, বিহাৰ, পশ্চিম বংগ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ কৌশলগত স্থানত অৱস্থিত নতুন বিপণীবোৰৰ লক্ষ্য হৈছে অত্যাধুনিক সঁজুলিৰ বৰ্ধিত চাহিদা পূৰণ কৰা। টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি এই আউটলেটবোৰত এআই-সক্ষম গেমিং, উপভোক্তা আৰু বাণিজ্যিক সামগ্ৰী ৰখা হৈছে, যিসমূহে বিভিন্ন গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰে। লক্ষণীয়ভাৱে হাৰিয়ানাৰ…
Read More