07
Jun
ইনফ’ছিছৰ দানশীল শাখা ইনফ’ছিছ ফাউণ্ডেচনে সমগ্ৰ ভাৰতৰ সামাজিক উদ্ভাৱকসকলক সহায় কৰিবলৈ ২ কোটি টকাৰ প্ৰতিশ্ৰুতিৰে আৰোহন সামাজিক উদ্ভাৱন বঁটাৰ চতুৰ্থ সংস্কৰণ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই বঁটাৰ লক্ষ্য হৈছে শিক্ষা, স্বাস্থ্যসেৱা আৰু পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ ক্ষেত্ৰত প্ৰযুক্তিভিত্তিক সমাধান বিকশিত কৰা ব্যক্তি, দল, বেচৰকাৰী সংস্থা আৰু সামাজিক উদ্যোগসমূহক স্বীকৃতি প্ৰদান কৰা, যিয়ে নিৰ্দিষ্ট পৰিসৰত অসুবিধাগ্ৰস্ত-পিছপৰা সম্প্ৰদায়সমূহক প্ৰভূত পৰিমাণে প্ৰভাৱিত কৰিব পাৰে। ২০২৫ৰ ২৪ এপ্ৰিলৰ পৰা ১৫ জুনলৈ মুকলি কৰা হৈছে আবেদন প্ৰক্ৰিয়া, য’ত ১৮ বছৰ আৰু তাৰ ওপৰৰ ভাৰতীয় নাগৰিকক আৰোহন ৱেবছাইটত ভিডিঅ’ আপলোডৰ জৰিয়তে সম্পূৰ্ণ কাৰ্যক্ষম প্ৰ’ট’টাইপ বা সম্পূৰ্ণ প্ৰকল্প উপস্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। বিজয়ীসকলে ৫০ লাখ টকাকৈ লাভ…
