ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মুম্বাইৰ শিৱাজী পাৰ্কত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকি, হাই এলাৰ্ট জাৰি

মুম্বাইৰ শিৱাজী পাৰ্কত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকি, হাই এলাৰ্ট জাৰি

গণৰাজ্য দিৱসত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকিৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্ক অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। সেই অনুসৰি ২৬ জানুৱাৰীত অঞ্চলটোৰ ওপৰত ‘ন’ ফ্লাইং জ’ন’ ঘোষণা কৰা হ’ব। মুম্বাই আৰক্ষীয়ে এক বিবৃতিযোগে সদৰী কৰিছে এই কথা। বিবৃতিটোত উল্লেখ কৰা মতে, সন্ত্ৰাসবাদীয়ে শিৱাজী পাৰ্কত এয়াৰষ্ট্ৰাইকৰ ভাবুকি প্ৰদান কৰাৰ পিছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা। সন্ত্ৰাসবাদীৰ যিকোনো কূটাঘাত প্ৰতিৰোধ কৰিবলৈ মুম্বাইত সাজু কৰি ৰখা হৈছে আৰক্ষীক।
Read More
সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ওৰফে জৈনাবৰ বিৰুদ্ধে এজাহাৰ নাৱাজৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ। সম্পত্তিক লৈ ঘটা বিবাদৰ পিছতে বোৱাৰী আলিয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছে নাৱাজুদ্দিনৰ পত্নীক। আৰক্ষীয়ে জনোৱা মতে, আই পি চিৰ ৪৫২, ৩২৩, ৫০৪ আৰু ৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।
Read More
পুৱতি নিশা অসমৰ মুখ্যমন্ত্ৰীলৈ কিয় ফোন আহিল বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ…

পুৱতি নিশা অসমৰ মুখ্যমন্ত্ৰীলৈ কিয় ফোন আহিল বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ…

আগন্তুক ‘পাঠান’ চিনেমাক লৈ উত্তাল বিতৰ্কৰ মাজতে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বলীউডৰ অভিনেতা শ্বাহৰুখ খানে নিশা তেওঁক ফোন কৰি তেওঁৰ ছবিখন মুক্তিৰ বিৰোধিতা কৰি গুৱাহাটীত এটা সংগঠনৰ প্ৰতিবাদৰ খবৰক লৈ উদ্বেগ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁৰ ছবি মুক্তিৰ সময়ত ৰাজ্য চৰকাৰে আইন-শৃংখলা বজাই ৰাখিব আৰু এনে কোনো ঘটনা সংঘটিত হোৱাটো নিশ্চিত কৰিব বুলি শ্বাহৰুখ খানক আশ্বাস দিয়ে। দেওবাৰে টুইটযোগে হিমন্ত বিশ্ব শৰ্মাই কয় যে, “বলীউডৰ অভিনেতা শ্বাহৰুখ খানে মোক ফোন কৰি আজি পুৱা ২ বজাত আমি কথা পাতিলোঁ। তেওঁ নিজৰ ছবি প্ৰদৰ্শনৰ সময়ত গুৱাহাটীত হোৱা এটা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে।” তেওঁ আশ্বাস দিয়ে…
Read More
গুদামৰ পৰা ২ কোটিৰো অধিক মূল্যৰ টিভি চেট আৰু চিকিৎসা সজুঁলি চুৰি, গ্ৰেপ্তাৰ দুজনক…

গুদামৰ পৰা ২ কোটিৰো অধিক মূল্যৰ টিভি চেট আৰু চিকিৎসা সজুঁলি চুৰি, গ্ৰেপ্তাৰ দুজনক…

মহাৰাষ্ট্ৰৰ থানেৰ ভীৱণ্ডীৰ দুটা গুদামৰ পৰা ২ কোটিৰো অধিক মূল্যৰ টিভি চেট আৰু চিকিৎসা সঁজুলি চুৰি কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ পৰা ১.৫১ কোটি টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে। লক্ষণীয়ভাৱে এটা গুদামৰ পৰা চিকিৎসা সঁজুলি চুৰি কৰাত অভিযুক্তৰ সৈতে জড়িত আন তিনিজন লোক পলাতক হৈ আছে বুলি আৰক্ষীয়ে লগতে কয়।
Read More
মোডী চৰকাৰৰ শিক্ষানীতি ‘এফ ফ’ৰ ফেইল’- কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে…

মোডী চৰকাৰৰ শিক্ষানীতি ‘এফ ফ’ৰ ফেইল’- কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে…

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোডী চৰকাৰক শিক্ষা খণ্ডত “এফ ফৰ ফেইল” দিয়ে। এটা প্ৰতিবেদনৰ উল্লেখ কৰি খাৰ্গেয়ে কয় যে ২০২২ চনত তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি পঢ়িব পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০% লৈ হ্ৰাস পাইছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি পঢ়িব পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীও ৪২.৮% লৈ হ্ৰাস পাইছে।
Read More
দিল্লীত দিন দুপৰতে যুৱকক ছুৰীকাঘাতৰ অপৰাধত আটক ২ কিশোৰক…

দিল্লীত দিন দুপৰতে যুৱকক ছুৰীকাঘাতৰ অপৰাধত আটক ২ কিশোৰক…

দিল্লীৰ মৈদান গড়ীত ১৮ বছৰীয়া এজন যুৱকক উপৰ্যুপুৰি ছুৰীকাঘাতৰ অপৰাধত আটক ২ কিশোৰক। জানিব পৰা মতে, মোবাইল ফোন কাঢ়ি নিবলৈ চেষ্টা কৰা সময়ত যুৱকজনে বাধা দিয়াৰ বাবেই দুই কিশোৰে আক্ৰমণ কৰে যুৱকজনক। ৰাজহুৱাভাৱে সংঘটিত এই লোমহৰ্ষক ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই আটক কৰে অভিযুক্ত দুজনক। নিজকে স্থানীয় গুণ্ডা হিচাপে জাহিৰ কৰিবলৈ গৈ এনেদৰে আক্ৰমণ সংঘটিত কৰিছিল বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।
Read More
ছত্তীশগড় বিজেপিৰ সভাপতিৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ আৰক্ষী কনিষ্টবলৰ মৃত্যু, আহত ৩ জন

ছত্তীশগড় বিজেপিৰ সভাপতিৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ আৰক্ষী কনিষ্টবলৰ মৃত্যু, আহত ৩ জন

ছত্তীশগড়ৰ বিজেপি সভাপতি অৰুণ সাওৰ কনভয়ৰ পাইলট বাহনখন উলটি পথৰ পৰা ছিটিকি পৰাৰ ফলত এজন হেড কনিষ্টবল নিহত হোৱাৰ লগতে আন তিনিজন আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আহতসকলৰ ভিতৰত আছে দুজন আৰক্ষী। বিলাসপুৰৰ সাংসদগৰাকীয়ে দুদিনীয়া ৰাজ্যিক বিজেপি কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশ ল’বলৈ অম্বিকাপুৰলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।
Read More
জম্মু-কাশ্মীৰত ১৫ মিনিটৰ ভিতৰত সংঘটিত দুটাকৈ বিস্ফোৰণত আহত ৯জন

জম্মু-কাশ্মীৰত ১৫ মিনিটৰ ভিতৰত সংঘটিত দুটাকৈ বিস্ফোৰণত আহত ৯জন

শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ নৰৱালত মাত্ৰ ১৫ মিনিটৰ ভিতৰতে সংঘটিত দুটা ভয়ংকৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় ৯ জন স্থানীয় লোক। কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰাৰ সময়তে সংঘটিত এই বিস্ফোৰণে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত এখন বাহনত সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱা বাহনখন মেৰামতিৰ বাবে এটা গেৰেজত ৰখাই থোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে এই বিস্ফোৰণৰ প্ৰায় ১৫ মিনিট পিছতে প্ৰথম বিস্ফোৰণস্থলীৰ পৰা মাত্ৰ কিছু নিলগত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। এই দুয়োটা বিস্ফোৰণত আহত লোক কেইজনক ততাতৈয়াকৈ পৃথক পৃথক হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে বিস্ফোৰণ…
Read More
গিনিজ বুকত অভিলেখ! প্ৰায় ১৪ হাজাৰ বৰ্গফুট এলেকাত প্ৰস্তুত কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ পিজ্জা…

গিনিজ বুকত অভিলেখ! প্ৰায় ১৪ হাজাৰ বৰ্গফুট এলেকাত প্ৰস্তুত কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ পিজ্জা…

১৩,৯৯০ বৰ্গফুট এলেকাত বিস্তৃত ৬৮ হাজাৰৰো অধিক স্লাইচৰ পিজ্জাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰিছে। ইউটিউবাৰ এয়াৰৰেকৰ সৈতে মিলি লছ এঞ্জেলছত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় পিজ্জা হাটে। বিশ্বৰ সৰ্ববৃহৎ পিজ্জাত ৬১৯৩ কিলোগ্ৰাম পিঠাগুৰি আৰু ৩৯৯০ কিলোগ্ৰামতকৈ অধিক পনিৰৰ প্ৰয়োজন হৈছিল।
Read More
কৰ্ণাটক নিৰ্বাচনত জেডিএছৰ প্ৰাৰ্থী শিৱানন্দ পাটিলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

কৰ্ণাটক নিৰ্বাচনত জেডিএছৰ প্ৰাৰ্থী শিৱানন্দ পাটিলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

কৰ্ণাটকত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জেডি(এছ)ৰ ৯৩ জন প্ৰাৰ্থীৰ ভিতৰত অন্যতম শিৱানন্দ পাটিলে শুকুৰবাৰে নিশা হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়। এই তথ্য সদৰী কৰিছে দলৰ নেতা এইচ ডি কুমাৰস্বামীয়ে। পাটিলৰ মৃত্যুৰ কথা প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পাটিলৰ মৃত্যু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। উল্লেখ্য যে, ৫৪ বছৰীয়া নেতাগৰাকীয়ে সিন্দাগীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল।
Read More