05
Apr
মঙলবাৰে গুজৰাটৰ ভৰুচ জিলাত চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত তিনিজন অনাময় কৰ্মীৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, টেংকৰ ভিতৰত সোমোৱাৰ পিছতে শ্ৰমিকসকলে সহায় বিচাৰি চিঞৰিবলৈ আৰম্ভ কৰে। আন লোকে মেনহ’লৰ পৰা উলিয়াব নোৱাৰাৰ বাবে উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল মাতি অনা হয়। কিন্তু শ্ৰমিক কেইজনক উদ্ধাৰ কৰাৰ পূৰ্বেই শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে তিনিওজন শ্ৰমিকৰ।