ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামীক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই বেকাৰ স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে চৰকাৰী আমোলা পত্নীক। এনে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত। নিহত মহিলা আমোলাগৰাকী হৈছে দিন্দোৰী জিলাৰ শ্বাহপুৰাত নিযুক্ত মহকুমা দণ্ডাধীশ নিশা নাপিত। খবৰ অনুসৰি, মহকুমা দণ্ডাধীশগৰাকীয়ে তেওঁৰ চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামী মনীষ শৰ্মাক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই দুয়োৰে মাজত সূত্ৰপাত ঘটা কাজিয়াৰ পিছত গাৰুৰে মুখত হেঁচা মাৰি ধৰি স্বামীয়ে হত্যা কৰে। ইফালে এই হত্যাকাণ্ডৰ পিছত তেজ লগা গাৰুৰ কভাৰ আৰু বিচনা চাদৰ ধুই পৰিস্কাৰ কৰি মৃত্যুৰ প্ৰকৃত কাৰণ লুকুৱাবলৈ চেষ্টা কৰে হত্যাকাৰী স্বামীয়ে। ইয়াৰ পিছত মনীষে পত্নীৰ মৃত্যুৰ এক…
Read More
গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

চৰকাৰী গোপন তথ্য ফাদিল কৰাৰ বিতৰ্কিত গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। মঙলবাৰে এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যম আৰু ইমৰান খানৰ দলৰ মুখপাত্ৰই। উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ৱাশ্বিংটনত থকা পাক ৰাষ্ট্ৰদূতে চৰকাৰলৈ প্ৰেৰণ কৰা গোপন তথ্য ফাদিল কৰাৰ গোচৰত অভিযুক্ত আছিল ইমৰান খান। ইফালে অহা ৮ ফেব্ৰৱাৰীত অনুষ্ঠিত হ’বলগীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইমৰান খানৰ এই শাস্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে প্ৰকাশ কৰা মতে, ইমৰান খানৰ উপৰিও বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীকো বিশেষ আদালতে ১০ বছৰৰ বাবে…
Read More
হোটেলৰ ৱেটাৰৰ পৰা তহচিলদাৰলৈ… বাৰে বাৰে বিফল হৈও ভাগৰি নপৰা হিমাংশুৰ সাফল্যৰ কাহিনী

হোটেলৰ ৱেটাৰৰ পৰা তহচিলদাৰলৈ… বাৰে বাৰে বিফল হৈও ভাগৰি নপৰা হিমাংশুৰ সাফল্যৰ কাহিনী

কেতিয়াবা কিছুমান সফলতাৰ কাহিনীয়ে শিঁহৰিত কৰে পঢ়ুৱৈ বা শ্ৰোতাক। কিছু কিছু কাহিনীয়ে বছৰ বছৰ ধৰি অনুপ্ৰাণিত কৰে উঠি অহা প্ৰজন্মক। তেনে এক কাহিনীৰেই ইতিহাস ৰচিবলৈ সক্ষম হ’ল এগৰাকী বধিৰ যুৱকে। জীৱন যুদ্ধত পৰাজয় বৰণ নকৰি বাৰে বাৰে বিফলতাৰ সন্মুখীন হৈও অৱশেষত বিজয় হ’ল হিমাংশু নামৰ বিশেষভাৱে সক্ষম এই যুৱক। দেশৰ আটাইতকৈ কঠিনতম পৰীক্ষা হিচাপে পৰিচিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰি এতিয়া এগৰাকী নায়ব তেহচিলদাৰ হিচাপে কৰ্তব্যৰত হৈছে হিমাংশু। উল্লেখ্য যে, দুই কাণেৰে কমকৈ শুনা হিমাংশুৱে আৰ এ এছ আৰু আই এ এছ পৰীক্ষাত একেৰাহে ১৬ বাৰ অৱতীৰ্ণ হৈও ব্যৰ্থ হ’বলগীয়া হৈছিল। কিন্তু তাৰ পিছতো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত মূৰ…
Read More
মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু শিশুসহ ৫ জনৰ, গুৰুতৰভাৱে আহত এজন

মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু শিশুসহ ৫ জনৰ, গুৰুতৰভাৱে আহত এজন

দেওবাৰে মাজনিশা তেলেংগানাৰ নলগোণ্ডা জিলাৰ মিৰিয়ালাগুডাৰ আডংকি-নৰকতপল্লী মূল পথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হয়। দুটা পৰিয়ালে যাত্ৰা কৰা চাৰিচকীয়া বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই কৰুণ ঘটনা সংঘটিত হয়। নিহত সকলৰ ভিতৰত দুটা শিশুও আছে। মৃত সকলক মিৰিয়ালাগুডাৰ নন্দিপাডু কলনীৰ চেৰুপল্লী মহেশ (৩২), পত্নী জ্যোতি (৩০), কন্যা ঋষিতা (৬), মহেশৰ খুলশালী গোলনেপল্লীৰ ভূমা মহেন্দৰ (৩২), যাদদ্ৰী ভূৱনগিৰি জিলাৰ বালিগোণ্ডা মণ্ডল আৰু তেওঁৰ পুত্ৰ লিয়াঞ্চি(২) বুলি চিনাক্ত কৰা হৈছে। ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মহেন্দৰৰ পত্নী ভূমা মাধৱী। দুৰ্ঘটনাত পিছত মহিলাগৰাকীক উদ্ধাৰ কৰি মিৰিয়ালাগুডা আঞ্চলিক চিকিৎসালয়ত জৰুৰী চিকিৎসা প্ৰদান কৰি পিছত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা…
Read More
নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ!

নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ!

দেওবাৰে জেডিইউৰ সভাপতি নীতিশ কুমাৰে অভিলেখ নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰে। ইফালে নীতিশ কুমাৰৰ লগতে বিজেপি নেতা বিজয় কুমাৰ সিনহা আৰু সম্ৰাট চৌধাৰীয়ে উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয়। উল্লেখ্য যে, বিগত ১৭ মাহ ধৰি কংগ্ৰেছ আৰু আৰ জে ডিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল নীতিশ কুমাৰে। কিন্তু দেওবাৰে পুৱা তেওঁ ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ পিছতে সন্ধিয়া বিজেপিৰ সমৰ্থনত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ শপত লয়। প্ৰণিধানযোগ্য যে, বাৰে বাৰে মিত্ৰদল সলনি কৰাৰ বাবে কুখ্যাত নীতিশ কুমাৰে পূৰ্বেও কেইবাবাৰো মিত্ৰদল সলনি কৰিছিল।
Read More
বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এমাডিমাসহ ৪ জনৰ…

বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এমাডিমাসহ ৪ জনৰ…

ৰাজধানী দিল্লীৰ সহদৰা অঞ্চলৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটে এটি ৯ মহীয়া কেঁচুৱাসহ মুঠ ৪জন লোকে। ইফালে অগ্নিকাণ্ডত আন দুজনো গুৰুতৰভাৱে আহত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লি প্ৰায় ৫:২২ বজাত ফোনযোগে এই অগ্নিকাণ্ডৰ বিষয়ে জানিবলৈ পায়। লগে লগে পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। সেই সময়ত বহুমহলীয়া অট্টালিকাটোৰ তলৰ মহলালৈ জুই বিয়পি পৰিছিল। আৰু সেইবাবেই উশাহ-নিশাহৰ সমস্যাৰ বাবে ৯ মহীয়া শিশুটিৰ মৃত্যু হয়। এই অগ্নিকাণ্ডত ২৮ আৰু ৪০ বছৰীয়া দুগৰাকী মহিলা আৰু ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে। অগ্নিনিৰ্বাপক বাহিনীৰ অতুল গাৰ্গে জানিবলৈ দিয়া মতে,…
Read More
দিল্লীত চলিছে ‘অপাৰেশ্যন লোটাছ’! আপ চৰকাৰ উফৰাবলৈ আৰম্ভ বিজেপিৰ ষড়যন্ত্ৰ- অভিযোগ কেজৰিৱালৰ

দিল্লীত চলিছে ‘অপাৰেশ্যন লোটাছ’! আপ চৰকাৰ উফৰাবলৈ আৰম্ভ বিজেপিৰ ষড়যন্ত্ৰ- অভিযোগ কেজৰিৱালৰ

বিহাৰৰ পিছত দিল্লী! "অপাৰেচন লোটাছ" চলাই দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপিয়ে। গেৰুৱা শিবিৰে আপৰ বিধায়কক দল সলনি কৰিবলৈ বিপুল পৰিমাণৰ ধন দিছে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এনে অভিযোগ উত্থাপন কৰে। আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক কেইবাবাৰো চমন কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। প্ৰতিবাৰেই ইডি অফিচত উপস্থিত হোৱাৰ পৰা বিৰত আছে কেজৰিৱাল। এই বিষয়টোক আহিলা হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে আপৰ বিধায়কসকলক দল সলনি কৰিবলৈ ২৫ কোটি টকাকৈ ঘোচ দিয়া বুলি অভিযোগ কৰিছে কেজৰিৱালে। এনে অভিযোগ উত্থাপন কৰি কেজৰিৱালে শনিবাৰে এক্স হেণ্ডেলত লিখিছে, “শেহতীয়াকৈ বিজেপিয়ে দিল্লীত থকা আমাৰ ৭ জন বিধায়কৰ সৈতে যোগাযোগ কৰি…
Read More
ইতি পৰিব নেকি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ? উঠিছে মিত্ৰজোঁট এৰাৰ জোৱাৰ, আকৌ বিজেপিৰ শৰণাপন্ন জেডিইউ!

ইতি পৰিব নেকি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ? উঠিছে মিত্ৰজোঁট এৰাৰ জোৱাৰ, আকৌ বিজেপিৰ শৰণাপন্ন জেডিইউ!

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে হিন্দুত্ববাদ প্ৰসাৰ কৰি নিৰ্বাচনৰ ৰণডংকা বজাইছে বিজেপিয়ে। আনফালে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন থকা সময়তে থৰক বৰক হৈ পৰিছে বিৰোধী ঐক্য। ইণ্ডিয়া মিত্ৰজোঁটৰ অন্তৰ্গত ইটোৰ পিছত সিটো দলৰ নেতাই গা এৰাৰ দিয়াৰ পিছত এতিয়া বিৰোধীৰ সন্মিলিত ঐক্য চুচূৰ্মৈ হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি অপ্ৰতিৰোধ্য বিজেপিক পৰাভূত কৰিবলৈ প্ৰায় দুবছৰ পূৰ্বে একত্ৰিত হৈছিল দেশৰ কেইবাটাও বিৰোধী দল। কংগ্ৰেছ, আৰজেডি, আপ, তৃণমূল কংগ্ৰেছ আদি দেশৰ প্ৰধান ৰাজনৈতিক দল চামিল হোৱা এই বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০২৩ চনৰ ২৩ জুনত বিহাৰৰ পাটনাত।…
Read More
প্ৰতিবাদকাৰী ছাত্ৰীক চুলিত ধৰি বগৰাই অত্যাচাৰ মহিলা আৰক্ষীৰ, তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰতিবাদকাৰী ছাত্ৰীক চুলিত ধৰি বগৰাই অত্যাচাৰ মহিলা আৰক্ষীৰ, তীব্ৰ প্ৰতিক্ৰিয়া

আগে আগে প্ৰতিবাদকাৰী ছাত্ৰী, পিছে পিছে স্কুটীত অহা ২ মহিলা আৰক্ষী। তাৰ পিছতে চুলিত ধৰি বগৰাই ছাত্ৰীগৰাকীক অকথ্য নিৰ্যাতন মহিলা আৰক্ষী দুগৰাকীৰ। তেলেংগানাত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছাত্ৰীগৰাকীক এনেদৰে অত্যাচাৰ কৰা মহিলা আৰক্ষী দুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে নেটিজেনে। জানিব পৰা মতে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে অধ্যাপক জয়সংখৰ তেলেংগানা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় (পিজেটিএছইউ)ৰ ভূমি উচ্চ ন্যায়ালয়ৰ নতুন চৌহদ নিৰ্মাণৰ বাবে আৱণ্টন কৰাৰ বিৰুদ্ধে বিগত এসপ্তাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। মঙলবাৰেও সাব্যস্ত হোৱা এই প্ৰতিবাদৰ সময়তে প্ৰতিবাদস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত একাংশ শিক্ষাৰ্থীয়ে তাৰ…
Read More
ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ভাৰত জোড়ো ন্যায় যাত্ৰাত দেখাজন প্ৰকৃত ৰাহুল গান্ধী নহয়৷ এইজন ৰাহুল গান্ধীৰ সৈতে মিল থকা অন্য এজন মানুহ৷ এইজনক ৰাহুল গান্ধী বুলি দেখুৱাই ৰাইজক ফাঁকি দিছে কংগ্ৰেছে৷ এই দাবী অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীৰ এই দাবীৰ পাছতে নেটিজেনে হাঁহিৰ খোৰাক পোৱাত বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাৰো ডুপ্লিকেট বিচাৰি পাইছে৷ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ মিল দেখিছে নেটিজেনে৷ এক্সত অজ্ঞাত একাউণ্টৰ পৰা নৱাজ শ্বৰীফক হিমন্ত বিশ্ব শৰ্মাৰ ডুপ্লিকেট বুলি অভিহিত কৰি ফটো শ্বেয়াৰ কৰাও দেখা গৈছে৷ ১৪ জানুৱাৰীত মণিপুৰত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৮ জানুৱাৰীত অসমত প্ৰৱেশ…
Read More