ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

কেৰালাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

কেৰালাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

দুদিনীয়া ভ্ৰমণসূচীৰে কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ মাজতে মঙলবাৰে পুৱা ১১:১০ বজাত তিৰুৱনন্তপুৰম আৰু কাছাৰগোডৰ মাজত ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত ৰে’ল তিৰুৱনন্তপুৰম কেন্দ্ৰীয় ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি এই ৰে’লখন ১১খন জিলাত চলিব। ইয়াৰ ভিতৰত তিৰুৱনন্তপুৰম, কোল্লাম, কোট্টায়ম, এৰ্নাকুলাম, থ্ৰিছুৰ, পলাক্কাড, পাঠনামথিত্তা, মালাপ্পুৰম, কোঝিকোড়, কান্নুৰ আৰু কাছাৰগোড আদি অন্যতম। আজি পুৱা তিৰুৱনন্তপুৰমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয়। ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁ ৰোড শ্ব’ কৰিও ৰাইজক সম্ভাষণ জনায়। ইয়াৰ পিছত তেওঁ চেণ্ট্ৰেল ৰেলৱে ষ্টেচনলৈ ৰাওনা হয়। বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পিছত তিৰুৱনন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা…
Read More
এইবাৰ বিতৰ্কিত আইন প্ৰণয়ন কৰি হত্যাৰ অপৰাধী আৰজেডি নেতাক কাৰাবন্দীত্বৰ পৰা মুকলিৰ যো-জা বিহাৰ চৰকাৰৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

এইবাৰ বিতৰ্কিত আইন প্ৰণয়ন কৰি হত্যাৰ অপৰাধী আৰজেডি নেতাক কাৰাবন্দীত্বৰ পৰা মুকলিৰ যো-জা বিহাৰ চৰকাৰৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

বিলকিছ বানোৰ ধৰ্ষণকাৰীৰ মুক্তিক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিতৰ্কিত আইন প্ৰণয়ন কৰি এইবাৰ বিহাৰ চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰাৰ যো জা চলাইছে এজন গেংষ্টাৰক। সূত্ৰ অনুসৰি, যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা এজন গেংষ্টাৰ নেতাক শীঘ্ৰে মুকলি কৰি দিব নীতিশ কুমাৰ চৰকাৰে। স্বাভাৱিকতে বিহাৰৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈছে বিৰোধীয়ে। ধাৰাবাহিক অভিযোগৰ সন্মুখীন হোৱা আৰজেডি নেতা আনন্দ মোহন সিঙক বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে মুকলি কৰি দিবলৈ সাজু হৈছে। ১৯৯৪ চনত এজন দলিত আই এ এছ বিষয়াক ৰাজহুৱাভাৱে জ্বলাই দিয়াৰ অপৰাধত দোষী সাব্যস্ত হৈছিল আনন্দ মোহন সিঙ। ২০০৭ চনত স্থানীয় আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পাছত পাটনা উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ড…
Read More
নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত অস্বস্তিত বিজেপি! মুছলিম সংৰক্ষণ বাতিলত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ…

নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত অস্বস্তিত বিজেপি! মুছলিম সংৰক্ষণ বাতিলত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ…

১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বিগত কেইমাহমানত জাতিগত ৰাজনীতিয়ে চৰম সীমাত উপনীত হৈছে। কিছুদিন পূৰ্বে কৰ্ণাটকৰ বিজেপি চৰকাৰে অ’বিচি মুছলমানৰ বাবে ৪ শতাংশ সংৰক্ষণ বাতিল কৰিছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ে সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে অ’বিচি মুছলমানৰ বাবে সংৰক্ষণ বাতিলৰ সিদ্ধান্ত অহা ৯ মে’লৈকে কাৰ্যকৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ শাসকীয় দলটোৱে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক লৈ অত্যন্ত অস্বস্তিত পৰিছে। ২৫ মাৰ্চত কৰ্ণাটকৰ বিজেপি চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্যত শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ৰাজ্যত অবিচি মুছলমানসকলৰ বাবে সংৰক্ষিত ৪ শতাংশ আসন প্ৰদান কৰা হৈছে। ভোক্কালিগা আৰু লিংগায়তে…
Read More
আকৌ উন্নাও কাণ্ড! জামিনত মুকলি হৈ আহিয়েই ভুক্তভোগী কিশোৰীৰ বাসগৃহত অগ্নিসংযোগ ধৰ্ষণৰ অভিযুক্তৰ, দুই শিশু অগ্নিদগ্ধ

আকৌ উন্নাও কাণ্ড! জামিনত মুকলি হৈ আহিয়েই ভুক্তভোগী কিশোৰীৰ বাসগৃহত অগ্নিসংযোগ ধৰ্ষণৰ অভিযুক্তৰ, দুই শিশু অগ্নিদগ্ধ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত পুুনৰ এবাৰ উন্নাও কাণ্ডৰ পুনৰাবৃত্তি! আতিক-আশ্ৰফৰ হত্যাকাণ্ডৰ দুদিন পিছতে ৰাজহুৱা গুলীচালনাত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হয়। এইবাৰ নাবালিকাক ধৰ্ষণ কৰাৰ অভিযুক্তই ভুক্তভোগীৰ ঘৰত জুই লগাই দিয়ে। এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হয় ছমহীয়া সন্তান আৰু দুমহীয়া ভগ্নী। সংকটজনক অৱস্থাত দুই শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ২০২২ চনৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। সেই বছৰৰ ১৩ ফেব্ৰুৱাৰীত গাঁৱৰ পাঁচজন যুৱকৰ বিৰুদ্ধে ১১ বছৰীয়া দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নাবালিকাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। অভিযোগ অনুসৰি, জেলত থকা অৱস্থাত কিশোৰীগৰাকীৰ পৰিয়ালক গোচৰটো প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিছিল দুজন যুৱকে। শেহতীয়াকৈ…
Read More
আজি বিলকিছ, কাইলৈ আপুনি বা মই হ’ব পাৰেঃ ধৰ্ষণৰ দোষীক মুক্তি সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ…

আজি বিলকিছ, কাইলৈ আপুনি বা মই হ’ব পাৰেঃ ধৰ্ষণৰ দোষীক মুক্তি সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ…

বিলকিছ বানো ধৰ্ষণ গোচৰৰ দোষীক মুক্তিৰ বাবে গুজৰাট চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে কয় যে, “প্ৰশ্নটো হ’ল চৰকাৰে নিজৰ মন প্ৰয়োগ কৰিলে নেকি আৰু কি সামগ্ৰীয়ে ৰেমিছন প্ৰদানৰ সিদ্ধান্তৰ ভিত্তি গঠন কৰিলে।” ন্যায়ালয়ে লগতে কয়, “আজি বিলকিছ। কাইলৈ আপুনি বা মই হ’ব পাৰে… কাৰণ নিদিলে আমি নিজৰ সিদ্ধান্ত নিজেই ল’ম।”
Read More
২০০ দিনতকৈও কম সময়ৰ ভিতৰত ৫জি ইন্টাৰনেট সেৱা লাভ কৰিছে ভাৰতৰ ৬০০ খন জিলাই…

২০০ দিনতকৈও কম সময়ৰ ভিতৰত ৫জি ইন্টাৰনেট সেৱা লাভ কৰিছে ভাৰতৰ ৬০০ খন জিলাই…

সোমবাৰে যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুসিংহ চৌহানে কয় যে ২০০ দিনতকৈও কম সময়ত ভাৰতৰ ৬০০ জিলাই ৫জি সেৱা লাভ কৰিছে। চৌহানে কয় যে দেশত ৫জি ৰূপায়ণ “বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুতগতিত”। তেওঁ লগতে কয় যে ভাৰতে তিনি বছৰতকৈও কম সময়ৰ ভিতৰতে থলুৱা 4G আৰু 5G প্ৰযুক্তি বিকশিত কৰি ‘বিশ্বক আচৰিত কৰি তুলিছে’।
Read More
বিজেপি বিধায়ক তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰৰ কংগ্ৰেছত যোগদান

বিজেপি বিধায়ক তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰৰ কংগ্ৰেছত যোগদান

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেত্তাৰে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰে। বেংগালুৰুস্থিত দলীয় কাৰ্যালয়ত দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটক ৰাজ্যৰ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু ৰাজ্যিক বিধানসভাৰ বিৰোধী দলপতি সিদ্দাৰমাইয়াৰ উপস্থিতিত শ্বেত্তাৰে কংগ্ৰেছত যোগদান কৰে। ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা অমৰ সিং পাটিলেও শ্বেত্োৰৰ সৈতে কংগ্ৰেছত যোগদান কৰে। দলত যোগদান কৰাৰ পিছত শ্বেত্তাৰে কয়, ‘কালি মই বিজেপি এৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলোঁ। এজন বিৰোধী নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতি কংগ্ৰেছত যোগদান কৰাত বহুত আচৰিত হৈছে। বিজেপিয়ে মোক প্ৰতিটো পদ দিছে আৰু দলৰ কৰ্মী হোৱাৰ বাবে মই সদায় দলৰ বৃদ্ধিৰ বাবে…
Read More
আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

সোমবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ এতিয়া বাতিল কৰা আবকাৰী নীতিত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত দুটা গোচৰত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰে। চিবিআইৰ সৈতে জড়িত গোচৰটোৰ ন্যায়িক জিম্মা ২৭ এপ্ৰিললৈকে আৰু বলবৎকাৰী সঞ্চালকালয়ৰ সৈতে জড়িত গোচৰৰ ন্যায়িক জিম্মা ২৯ এপ্ৰিললৈকে বৃদ্ধি কৰে আদালতে। এই গোচৰৰ সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক। যোৱা ১৬ এপ্ৰিলত একেধৰণৰ গোচৰত চিবিআইয়ে চমন কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তদন্তকাৰী সংস্থাই ৯ ঘণ্টা ধৰি জেৰা কৰে। কেজৰিৱালে কোনো অন্যায়ৰ অস্বীকাৰ কৰি কয় যে তদন্তকাৰী সংস্থাসমূহে তেওঁলোকৰ শপতনামাত মিছা কথা কৈছিল আৰু ছিছ’দিয়াৰ বিৰুদ্ধে এই গোচৰত মিছা অভিযোগ উত্থাপন…
Read More
মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু, আহত ২৭ জন

মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু, আহত ২৭ জন

সংগীতানুষ্ঠান পৰিৱেশন কৰি ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই এখন শিল্পীৰ দল কঢ়িওৱা বাছ দ খাৱৈত বাগৰি পৰাত কমেও ১৩ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ২৭ জনকৈ লোক। পুৱা প্ৰায় ৪.৫০ বজাত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ পুৰণি মুম্বাই-পুনে ঘাইপথত। জানিব পৰা মতে, লোক সংগীত শিল্পীক কঢ়িয়াই অনা বাছখনে পুনেৰ পৰা মুম্বাই অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ শ্বিংৰোৱা মন্দিৰৰ সমীপৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ‘বাজী প্ৰভু ভাদক গ্ৰুপ’ৰ সদস্যসকলে পুনেৰ পিম্পড়ী চিঞ্চৰৱাড় অঞ্চলত সংগীতানুষ্ঠান পৰিৱেশন কৰি গোৰেগাঁওলৈ উভতি আহিছিল। নিহত সকল মুম্বাইৰ ছিয়ন আৰু গোৰেগাঁও আৰু চুবুৰীয়া পালঘৰ জিলাৰ ভিৰাৰৰ…
Read More
মঞ্চত ভাষণ প্ৰদানৰ সময়তে আক্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক, প্ৰাণৰক্ষা

মঞ্চত ভাষণ প্ৰদানৰ সময়তে আক্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক, প্ৰাণৰক্ষা

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক ৱাকায়ামা চহৰত দিয়া ভাষণৰ সময়ত তেওঁৰ ওপৰত ‘ধোঁৱা বোমা’ নিক্ষেপ কৰাৰ পিছত তেওঁক এটা স্থানৰ পৰা উলিয়াই অনা হয়। কিয়’ডো সংবাদ সংস্থাকে ধৰি কেইবাটাও বাতৰিত কোৱা হৈছে যে “ধোঁৱা বোমা” নিক্ষেপ কৰা হৈছে যদিও সেই স্থানত আঘাত বা ক্ষতিৰ কোনো তাৎক্ষণিক লক্ষণ দেখা পোৱা নাই। স্থানীয় নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক উৎসাহিত কৰিবলৈ ৱাকায়ামা প্ৰিফেকচাৰৰ চাইকাজাকি বন্দৰ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী কিছিদাই। শনিবাৰে বহিঃৰাজ্যত দিয়া ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাষত পাইপ সদৃশ বস্তু নিক্ষেপ কৰা হয়। খবৰ অনুসৰি ঘটনাস্থলীত বিস্ফোৰণৰ দৰে শব্দ শুনা যায়। ইফালে এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদে উলিয়াই অনা হয়। সূত্ৰই জনোৱা মতে, তেওঁ বিস্ফোৰণস্থলীত আশ্ৰয়…
Read More