ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

কংগণা ৰানাৱটৰ অভিযোগ সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া জাভেদ আখতাৰৰ, ক’লে…

কংগণা ৰানাৱটৰ অভিযোগ সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া জাভেদ আখতাৰৰ, ক’লে…

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট সদায় চৰ্চাত। বিষয় যিয়েই নহওক কিয়, কংগনাই নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত একো নাভাবে। ২০২০ চনত কংগনা ৰানাৱটে জাভেদ আখতাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কংগনা ৰানাৱটে জাভেদ আখতাৰৰ সৈতে হোৱা এক লাইভ সাক্ষাৎকাৰত চাঞ্চল্যকৰ প্ৰকাশ কৰিছিল তেওঁৰ বিষয়ে এটা ডাঙৰ প্ৰকাশ। কংগনা ৰানাৱটৰ এই অভিযোগৰ পিছতে সকলো স্তম্ভিত হৈ পৰে। কংগনাই কয় যে জাভেদ আখতাৰে তেওঁক পোনপটীয়াকৈ ভাবুকি দিছিল। ইয়াৰ পিছতে এটা ডাঙৰ বিতৰ্কৰ সৃষ্টি হয়। কংগনা ৰানাৱটৰ এই অভিযোগৰ পিছতে চলচ্চিত্ৰ জগততো যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত কংগনাই জাভেদ আখতাৰৰ বিৰুদ্ধে এই সকলোবোৰ অভিযোগ উত্থাপন কৰে। কংগনা ৰানাৱটৰ এই…
Read More
মোৰ ৰাজ্য জ্বলিছে! মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰলৈ আহ্বান মেৰী কমৰ…

মোৰ ৰাজ্য জ্বলিছে! মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰলৈ আহ্বান মেৰী কমৰ…

বৃহস্পতিবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে আবেদন জনায় কিংবদন্তি বক্সাৰ এম চি মেৰী কমে। বুধবাৰে জনজাতীয় আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱা উত্তৰ-পূব ৰাজ্যখনত সেনা আৰু অসম ৰাইফলছৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ততাতৈয়াকৈ আহ্বান জনায় বক্সাৰ গৰাকীয়ে। ভাৰতৰ প্ৰবীণ মহিলা বক্সাৰগৰাকীয়ে বৃহস্পতিবাৰে পুৱা টুইট কৰি কয়, ‘মোৰ ৰাজ্য জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক।’ হিংসাত্মক ঘটনাৰ ফটো শ্বেয়াৰ কৰাৰ সময়তে এম চি মেৰী কমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক টেগ কৰে। মেৰী কমে এটা ভিডিঅ’ও শ্বেয়াৰ কৰে য’ত তেওঁ কয়, ‘মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি মোৰ মনটো ভাল নহয়। যোৱা নিশাৰ পৰা…
Read More
ঘৰৰ চাঁদত এজাক বান্দৰৰ আক্ৰমণ মৃত্যু ৪৫ বৰ্ষীয় ব্যক্তিৰ…

ঘৰৰ চাঁদত এজাক বান্দৰৰ আক্ৰমণ মৃত্যু ৪৫ বৰ্ষীয় ব্যক্তিৰ…

উত্তৰ প্ৰদেশৰ উছাৱান থানাৰ অধীনৰ নিৰঞ্জন নগলা গাঁৱত এজাক বান্দৰৰ আক্ৰমণত মৃত্যু এজন ৪৫ বছৰীয়া ব্যক্তিৰ। নিহত ব্যক্তিজনৰ নাম দেশ ৰাজ বুলি জানিব পৰা গৈছে। ব্যক্তিজনে ঘৰত আয়োজিত অনুষ্ঠানৰ ৰাহি খাদ্য ঘৰৰ চাদত বান্দৰক প্ৰদান কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উছাৱানৰ এছ এইচ অ’ ৰাবেন্দৰ সিঙে জনোৱা মতে, চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক মৃত ঘোষণা কৰা হয়।
Read More
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

উত্তৰ কাশ্মীৰৰ বাৰামুল্লাত বৃহস্পতিবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ মাজতে দুজন সন্ত্ৰাসবাদী নিহত হৈছে। নিহত দুয়োজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আৰু শ্বোপিয়ানৰ বাসিন্দা আছিল। তেওঁলোকৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু এটা পিষ্টলকে ধৰি অভিযোগনামা দাখিল কৰা সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। এছএছপি বাৰামুল্লা আমোদ অশোক নাগপুৰে জানিবলৈ দিয়া মতে, বাৰামুল্লা আৰক্ষী আৰু ২৯আৰআৰ আৰু ২নং বেটেলিয়ন এছএছবিৰ যুটীয়া দলে নিশাৰ ভাগত জিলাখনৰ ক্ৰীৰী অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে। যৌথ দলটোৱে সন্দেহজনক স্থানৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক গুলীচালনা কৰি এনকাউণ্টাৰৰ সূচনা কৰে। এই এনকাউণ্টাৰত নিহত হয় দুজন লস্কৰ…
Read More
ইউচিচি ৰূপায়নে মুছলমান মহিলাৰ বাবে লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

ইউচিচি ৰূপায়নে মুছলমান মহিলাৰ বাবে লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

বিগত দুদিন ধৰি কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণে মুছলমান মহিলাৰ বাবে লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেংগালুৰু মলেশ্বৰমত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, “কৰ্ণাটক বিজেপিয়ে অতি সাহসী প্ৰতিশ্ৰুতি দিলে আৰু ই সমগ্ৰ দেশতে ইউচিচি ৰূপায়ণৰ বাবে দেশজোৰা দাবীৰ সূচনা কৰিব।” বিগত দুদিন ধৰি কৰ্ণাটকত প্ৰচাৰত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে বিজেপি নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে মুছলমান সম্প্ৰদায়ক প্ৰদান কৰা ৪ শতাংশ সংৰক্ষণ বাতিল কৰাৰ সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত। বেংগালুৰু মলেশ্বৰমত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, “৪…
Read More
মহাৰাষ্ট্ৰত দুমহলীয়া অট্টালিকা খহি মৃত্যু কমেও ৮জনৰ…

মহাৰাষ্ট্ৰত দুমহলীয়া অট্টালিকা খহি মৃত্যু কমেও ৮জনৰ…

হঠাৎ মৃত্যুৰ বিভীষিকা নামি আহিল মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডী চহৰৰ এটা দুমহলীয়া অট্টালিকাৰ আৱাসীসকললৈ। দেওবাৰে অট্টালিকাটো খহি পৰাৰ ফলত মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৮ জনলৈ। ইফালে ধ্বংসস্তূপৰ মাজত এতিয়াও ডজনোধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজে মিলি ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে মানকোলি অঞ্চলৰ ভালপাড়াৰ ৱৰ্ধমান চৌহদত অৱস্থিত ধ্বংসস্তূপত বিলীন হোৱা এই অট্টালিকাটোৰ স্বত্বাধিকাৰীকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, তলৰ মহলা আৰু প্ৰথম মহলাত গুডাম ঘৰ আৰু ওপৰৰ মহলাত চাৰিটা পৰিয়াল বাস কৰা অট্টালিকাটো শনিবাৰে নিশা প্ৰায় ২ বজাত…
Read More
বিনামূলীয়া ৰেচন আৰু গেছ চিলিণ্ডাৰ… কৰ্ণাটকত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

বিনামূলীয়া ৰেচন আৰু গেছ চিলিণ্ডাৰ… কৰ্ণাটকত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ মাত্ৰ ১০ দিন পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। গেৰুৱা শিবিৰটোৱে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ সমান্তৰালকৈ উৎপাদন উদ্যোগত ১০ লাখ চাকৰিৰ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে। সোমবাৰে বেংগালুৰুত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই প্ৰকাশ কৰে এই ইস্তাহাৰ। তেওঁ কয় যে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি এই ইস্তাহাৰ প্ৰস্তুত কৰিছে। এই উপলক্ষে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বম্মাইও উপস্থিত থাকে। অনুপ্ৰৱেশকাৰীক ৰোধ কৰিবলৈ বিজেপিৰ ইস্তাহাৰত ৰাজ্যত শীঘ্ৰে এন আৰ চি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক মাহেকীয়া ৰেচন আৰু তিনিটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিছে শাসকীয় দলটোৱে। অনুসূচিত মহিলাৰ বাবে ফিক্সড ডিপ’জিট…
Read More
অভিযুক্তক আটক কৰি ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ…

অভিযুক্তক আটক কৰি ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ…

অভিযুক্তক বিচাৰি চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলা উপ-পৰিদৰ্শকে। শনিবাৰে মহাৰাষ্ট্ৰৰ সমৃদ্ধি মহামাৰ্গৰ ৱাৰ্ধা ষ্ট্ৰেছত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত মহিলা আৰক্ষী বিষয়াগৰাকীক হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শক নেহা চৌহান (৪০) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, হাৰিয়ানাৰ পঞ্চকুলা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নেহা চৌহানে আৰক্ষীৰ এটা দলৰ সৈতে চাইবাৰ অপৰাধৰ গোচৰত এজন অভিযুক্তক বিচাৰি মহাৰাষ্ট্ৰৰ পাৰভানীলৈ আহিছিল। বিয়লিৰ ভাগত অভিযুক্তক আটক কৰি আৰক্ষীৰ দলটোৱে পুনৰ হাৰিয়ানালৈ উভতি যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ আৰক্ষীৰ বলেৰ’ এছইউভি বাহনখন। এই দুৰ্ঘটনাত বলেৰ’ৰ সন্মুখৰ আসনত বহি অহা মহিলা উপ-পৰিদৰ্শকগৰাকীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত…
Read More
পঞ্জাৱৰ লুধিয়ানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু কমেও ১১ জনৰ

পঞ্জাৱৰ লুধিয়ানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু কমেও ১১ জনৰ

দেওবাৰৰ দিনটোতে যেন মৃত্যুৰ বিভীষিকা নামিল পঞ্জাৱৰ লুধিয়ানাত। লুধিয়নাৰ এটা স্থানীয় কাৰাখানা এলেকাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন বহু কেইজন। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গেছ নিঃসৰণৰ ফলত অসুস্থ হৈ পৰা ৪ জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত সকলৰ ভিতৰত দুটি শিশু আৰু ৫ গৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গিয়াছপুৰ অঞ্চলৰ জনবহুল কাৰখানা এলেকাটোত বিষাক্ত গেছ নিৰ্গত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে শীঘ্ৰে অঞ্চলটো ছীল কৰাৰ লগতে বাসিন্দা সকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা…
Read More
BCCIৰ মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা প্ৰকাশ…

BCCIৰ মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা প্ৰকাশ…

বিচিচিআইয়ে প্ৰকাশ কৰিলে মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা। মুঠ ১৭ গৰাকী খেলুৱৈক এই তালিকাত স্থান দিয়া হৈছে। এ গ্ৰেডত অধিনায়ক হৰমনপ্ৰীতৰ বাহিৰে কেৱল স্মৃতি মান্ধনা আৰু দীপ্তি শৰ্মাৰ নাম আছে। এ গ্ৰেড খেলুৱৈক বছৰি ৫০ লাখ, বি গ্ৰেড খেলুৱৈক বছৰি ৩০ লাখ আৰু চি গ্ৰেডৰ খেলুৱৈক বছৰি ১০ লাখ টকা দিয়া হয়। গ্ৰেড বি- ৰেনুকা ঠাকুৰ, শ্বেফালি বাৰ্মা, ৰিচা ঘোষ, ৰাজশ্বেৰী গাইকৱাদ, জেমিমা ৰড্ৰিগেজ গ্ৰেড চি- মেগনা সিং, দেৱীকা বৈদ্য, অঞ্জলি সৰ্বানী, পূজা বস্ত্ৰকাৰ, সভিনেনী মেঘনা, স্নেহ ৰাণা, ৰাধা যাদৱ, হৰলিন দেউল আৰু য়েসিকা ভাটিয়া।
Read More