ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত দুমহলীয়া অট্টালিকা খহি মৃত্যু কমেও ৮জনৰ…

মহাৰাষ্ট্ৰত দুমহলীয়া অট্টালিকা খহি মৃত্যু কমেও ৮জনৰ…

হঠাৎ মৃত্যুৰ বিভীষিকা নামি আহিল মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডী চহৰৰ এটা দুমহলীয়া অট্টালিকাৰ আৱাসীসকললৈ। দেওবাৰে অট্টালিকাটো খহি পৰাৰ ফলত মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৮ জনলৈ। ইফালে ধ্বংসস্তূপৰ মাজত এতিয়াও ডজনোধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজে মিলি ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে মানকোলি অঞ্চলৰ ভালপাড়াৰ ৱৰ্ধমান চৌহদত অৱস্থিত ধ্বংসস্তূপত বিলীন হোৱা এই অট্টালিকাটোৰ স্বত্বাধিকাৰীকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, তলৰ মহলা আৰু প্ৰথম মহলাত গুডাম ঘৰ আৰু ওপৰৰ মহলাত চাৰিটা পৰিয়াল বাস কৰা অট্টালিকাটো শনিবাৰে নিশা প্ৰায় ২ বজাত…
Read More
বিনামূলীয়া ৰেচন আৰু গেছ চিলিণ্ডাৰ… কৰ্ণাটকত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

বিনামূলীয়া ৰেচন আৰু গেছ চিলিণ্ডাৰ… কৰ্ণাটকত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ মাত্ৰ ১০ দিন পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। গেৰুৱা শিবিৰটোৱে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ সমান্তৰালকৈ উৎপাদন উদ্যোগত ১০ লাখ চাকৰিৰ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে। সোমবাৰে বেংগালুৰুত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই প্ৰকাশ কৰে এই ইস্তাহাৰ। তেওঁ কয় যে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি এই ইস্তাহাৰ প্ৰস্তুত কৰিছে। এই উপলক্ষে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বম্মাইও উপস্থিত থাকে। অনুপ্ৰৱেশকাৰীক ৰোধ কৰিবলৈ বিজেপিৰ ইস্তাহাৰত ৰাজ্যত শীঘ্ৰে এন আৰ চি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক মাহেকীয়া ৰেচন আৰু তিনিটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিছে শাসকীয় দলটোৱে। অনুসূচিত মহিলাৰ বাবে ফিক্সড ডিপ’জিট…
Read More
অভিযুক্তক আটক কৰি ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ…

অভিযুক্তক আটক কৰি ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ…

অভিযুক্তক বিচাৰি চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলা উপ-পৰিদৰ্শকে। শনিবাৰে মহাৰাষ্ট্ৰৰ সমৃদ্ধি মহামাৰ্গৰ ৱাৰ্ধা ষ্ট্ৰেছত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত মহিলা আৰক্ষী বিষয়াগৰাকীক হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শক নেহা চৌহান (৪০) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, হাৰিয়ানাৰ পঞ্চকুলা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নেহা চৌহানে আৰক্ষীৰ এটা দলৰ সৈতে চাইবাৰ অপৰাধৰ গোচৰত এজন অভিযুক্তক বিচাৰি মহাৰাষ্ট্ৰৰ পাৰভানীলৈ আহিছিল। বিয়লিৰ ভাগত অভিযুক্তক আটক কৰি আৰক্ষীৰ দলটোৱে পুনৰ হাৰিয়ানালৈ উভতি যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ আৰক্ষীৰ বলেৰ’ এছইউভি বাহনখন। এই দুৰ্ঘটনাত বলেৰ’ৰ সন্মুখৰ আসনত বহি অহা মহিলা উপ-পৰিদৰ্শকগৰাকীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত…
Read More
পঞ্জাৱৰ লুধিয়ানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু কমেও ১১ জনৰ

পঞ্জাৱৰ লুধিয়ানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু কমেও ১১ জনৰ

দেওবাৰৰ দিনটোতে যেন মৃত্যুৰ বিভীষিকা নামিল পঞ্জাৱৰ লুধিয়ানাত। লুধিয়নাৰ এটা স্থানীয় কাৰাখানা এলেকাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন বহু কেইজন। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গেছ নিঃসৰণৰ ফলত অসুস্থ হৈ পৰা ৪ জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত সকলৰ ভিতৰত দুটি শিশু আৰু ৫ গৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গিয়াছপুৰ অঞ্চলৰ জনবহুল কাৰখানা এলেকাটোত বিষাক্ত গেছ নিৰ্গত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে শীঘ্ৰে অঞ্চলটো ছীল কৰাৰ লগতে বাসিন্দা সকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা…
Read More
BCCIৰ মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা প্ৰকাশ…

BCCIৰ মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা প্ৰকাশ…

বিচিচিআইয়ে প্ৰকাশ কৰিলে মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা। মুঠ ১৭ গৰাকী খেলুৱৈক এই তালিকাত স্থান দিয়া হৈছে। এ গ্ৰেডত অধিনায়ক হৰমনপ্ৰীতৰ বাহিৰে কেৱল স্মৃতি মান্ধনা আৰু দীপ্তি শৰ্মাৰ নাম আছে। এ গ্ৰেড খেলুৱৈক বছৰি ৫০ লাখ, বি গ্ৰেড খেলুৱৈক বছৰি ৩০ লাখ আৰু চি গ্ৰেডৰ খেলুৱৈক বছৰি ১০ লাখ টকা দিয়া হয়। গ্ৰেড বি- ৰেনুকা ঠাকুৰ, শ্বেফালি বাৰ্মা, ৰিচা ঘোষ, ৰাজশ্বেৰী গাইকৱাদ, জেমিমা ৰড্ৰিগেজ গ্ৰেড চি- মেগনা সিং, দেৱীকা বৈদ্য, অঞ্জলি সৰ্বানী, পূজা বস্ত্ৰকাৰ, সভিনেনী মেঘনা, স্নেহ ৰাণা, ৰাধা যাদৱ, হৰলিন দেউল আৰু য়েসিকা ভাটিয়া।
Read More
কমেও ১২ খন বাহনৰ মাজত সংঘটিত হ’ল ভয়ংকৰ সংঘৰ্ষ, তাৰ পিছত…

কমেও ১২ খন বাহনৰ মাজত সংঘটিত হ’ল ভয়ংকৰ সংঘৰ্ষ, তাৰ পিছত…

মহাৰাষ্ট্ৰৰ খোপলিৰ মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে কমেও ১২ খন বাহনৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ। এখন ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই সংঘটিত হয় এই সংঘৰ্ষ। যাৰ ফলত কমেও ৪ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।
Read More
পুঞ্চৰ শ্বহীদক লৈ মৌন কিয় প্ৰধানমন্ত্ৰী? প্ৰশ্ন কংগ্ৰেছৰ…

পুঞ্চৰ শ্বহীদক লৈ মৌন কিয় প্ৰধানমন্ত্ৰী? প্ৰশ্ন কংগ্ৰেছৰ…

২০ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৫জন জোৱান শ্বহীদ হয়। এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ সকলো নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ সন্ধানত অভিযান চলাইছে৷ একে সময়তে আজি (২৭ এপ্ৰিল) কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ আঁৰৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি আক্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়াই কয় যে, ঘটনাৰ ৭ দিন পাৰ হৈ গ’ল আৰু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰিছে। পৱন খেড়াই কয় যে, পুঞ্চত হোৱা আক্ৰমণত ব্যৱহৃত গুলী আৰু অস্ত্ৰ-শস্ত্ৰৰ পোনপটীয়া সম্পৰ্ক তালিবানৰ সৈতে। এই ঘটনাৰ আঁৰত তালিবানৰ হাত দেখা গৈছে। এনে পৰিস্থিতিত চৰকাৰে তালিবানৰ সৈতে সম্পৰ্ক বজাই ৰাখিব লাগে। পৱন খেড়াই কয়, দেশত অবিৰতভাৱে…
Read More
কিংবদন্তী ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান…

কিংবদন্তী ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান…

ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান। এই সন্মান কিংবদন্তি ভাৰতীয় উদ্যোগপতিগৰাকীক সেই দেশৰ চৰকাৰে প্ৰদান কৰে। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত বেৰী অ’ফেৰেলে প্ৰদান কৰে এই সন্মান। জানিব পৰা মতে, ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্কত ৰতন টাটাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে। টাটা গোটৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়েও দুয়োখন দেশৰ ব্যৱসায়িক সম্পৰ্ক উন্নত কৰাৰ আঁৰত বহুখিনি অৱদান আগবঢ়াইছে। তদুপৰি তেওঁ বিভিন্ন সময়ত কেংগাৰু দেশত বিভিন্ন সমাজ সেৱাৰ কাম কৰি আহিছে। ৰাষ্ট্ৰদূত বেৰী অ’ফেৰেলে ৰতন টাটাক মেডেল অৱ দ্য অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (এ অ’) প্ৰদান কৰা এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ কয় যে কেৱল ভাৰততে নহয়, ৰতন টাটাৰ কামে তেওঁক অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ মাজতো সন্মানিত…
Read More
পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিয়োগ…

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিয়োগ…

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। শ্বাস প্ৰশ্বাসৰ অসুবিধাজনিত কাৰণত এসপ্তাহতকৈও অধিক পূৰ্বে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ নেতাগৰাকী। পঞ্জাৱৰ পাঁচবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰৰ জুন মাহতো গেষ্ট্ৰাইটিছ আৰু ব্ৰংকিয়ল এজমাৰ সৈতে জড়িত অভিযোগৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক ক’ভিডৰ পিছৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মোহালীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সেই সময়ত তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ পৰীক্ষাও কৰা হয়। যোৱা বছৰৰ জানুৱাৰী মাহত বাদলৰ দেহত কোভিড পজিটিভ পোৱা গৈছিল আৰু তেওঁক লুধিয়ানাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
Read More
ন্যায়ৰ দাবীত প্ৰতিবাদত দেশৰ মল্লযুঁজাৰু! যন্তৰ মন্তৰৰ প্ৰতিবাদলৈ সমৰ্থন কংগ্ৰেছ-বিৰোধীৰ…

ন্যায়ৰ দাবীত প্ৰতিবাদত দেশৰ মল্লযুঁজাৰু! যন্তৰ মন্তৰৰ প্ৰতিবাদলৈ সমৰ্থন কংগ্ৰেছ-বিৰোধীৰ…

দিল্লীৰ যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুৰ ধৰ্ণা আজিও অব্যাহত আছে। ভাৰতীয় মল্লযুঁজৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক জাননী জাৰি কৰে। ইফালে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালেও মল্লযুঁজাৰুৰ সমৰ্থনত ওলাই আহিছে। মল্লযুঁজাৰুসকলক সমৰ্থন কৰি তেওঁ কয় যে ‘ন্যায়ৰ সৈনিকসকল আপোনাৰ লগত আছে’। সোমবাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে বিনেশ ফ’গাটকে ধৰি ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে। ইয়াৰ মাজতে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাবী কৰা হৈছিল। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৮ এপ্ৰিলত আদালতত…
Read More