ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বজৰংগ দলক অৱমাননা! কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেক ১০০ কোটি টকাৰ মানহানিৰ গোচৰত চমন জাৰি আদালতৰ…

বজৰংগ দলক অৱমাননা! কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেক ১০০ কোটি টকাৰ মানহানিৰ গোচৰত চমন জাৰি আদালতৰ…

হিন্দু সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে দাখিল কৰা ১০০ কোটি টকাৰ মানহানিৰ গোচৰত পঞ্জাৱৰ এখন আদালতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক চমন কৰিছে। সূত্ৰ অনুসৰি, সদ্য সমাপ্ত কৰ্ণাটক নিৰ্বাচনৰ সময়ত বজৰংগ দলৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰাৰ অভিযোগত খৰ্গেৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল হিতেশ ভৰদ্বাজে। “জাতি বা ধৰ্মৰ ভিত্তিত জনগোষ্ঠীৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে কংগ্ৰেছ পাৰ্টি দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি বিশ্বাস কৰোঁ যে আইন আৰু সংবিধান পবিত্ৰ আৰু বজৰংগ দল, পিএফআই বা আন ব্যক্তি আৰু সংগঠনে ইয়াক উলংঘা কৰিব নোৱাৰে।” কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছিল এনেদৰে। ৰাজ্যত ক্ষমতালৈ ভোটদান কৰিলে তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা…
Read More
৩১ বছৰীয়া হ’ল বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান কুকুৰ ববী

৩১ বছৰীয়া হ’ল বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান কুকুৰ ববী

গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি বিশ্বৰ এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰটোৱে শেহতীয়াকৈ ৩১ সংখ্যক জন্মদিন উদযাপন কৰে। ১৯৯২ চনৰ ১১ মে’ত জন্মগ্ৰহণ কৰা বিশুদ্ধ জাতৰ পৰ্তুগীজ কুকুৰ ববী পৰ্তুগীজৰ গ্ৰাম্য কনকুৱেৰ’ছ গাঁৱত বাস কৰে। গিনিজে প্ৰকাশ কৰা অনুসৰি কুকুৰটোৰ মালিকে পৰম্পৰাগত পৰ্তুগীজ জন্মদিনৰ পাৰ্টিৰে ববীৰ জন্মদিন উদযাপন কৰে। এই জন্মদিনৰ অনুষ্ঠানত এশ জনৰো অধিক লোক উপস্থিত থাকে।
Read More
উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ দ্বাৰা যৌন নিৰ্যাতন ১২ গৰাকী ছাত্ৰীক

উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ দ্বাৰা যৌন নিৰ্যাতন ১২ গৰাকী ছাত্ৰীক

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে ১২ গৰাকীতকৈও অধিক ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষকজনক। বিদ্যালয়খনৰ প্ৰধান শিক্ষককে ধৰি আন দুজনকো তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। জিলা মৌলিক শিক্ষা অধিকাৰী কুমাৰ গৌৰভে কয় যে কম্পিউটাৰ শিক্ষকৰ চুক্তি বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
Read More
টেংকি চাফা কৰাৰ সময়ত শ্বাসৰুদ্ধ হৈ মৃত্যু ৫ শ্ৰমিকৰ, মহাৰাষ্ট্ৰত সংঘটিত এই শোকাবহ ঘটনা…

টেংকি চাফা কৰাৰ সময়ত শ্বাসৰুদ্ধ হৈ মৃত্যু ৫ শ্ৰমিকৰ, মহাৰাষ্ট্ৰত সংঘটিত এই শোকাবহ ঘটনা…

চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ নামি শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এটা শ্ৰমিক পৰিয়ালৰ ৫ জনকৈ সদস্যই। শুকুৰবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পাৰভানী জিলাত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ ভৌচা টণ্ডা অঞ্চলত এটা চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ নামিছিল একেটা শ্ৰমিক পৰিয়ালৰ ৬ জন শ্ৰমিকে। কিন্তু ভিতৰত প্ৰৱেশ কৰাৰ পিছতে বিষাক্ত গেছৰ ফলত আটাইকেইজন শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। লগে লগে তেওঁলোকক জিলা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ৫ জনক চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে বৰ্তমানো হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আনজন শ্ৰমিক। নিহত সকলক ভৌচা টণ্ডাৰ নিৱাসী চাকিদ শ্বেখ (৫৮), তেওঁৰ পুত্ৰ শ্বাহৰুখ (২৮), ভতিজা জুনেই ডাউড…
Read More
কৰ্ণাটকত বিশাল জয়েৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ…

কৰ্ণাটকত বিশাল জয়েৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ…

বিজেপিক উফৰাই কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সীমা অতিক্ৰম কৰি বিশাল জয়ৰ দিশে কংগ্ৰেছৰ অগ্ৰগতি। এই মুহূৰ্তলৈকে কংগ্ৰেছে জয়লাভ কৰিছে ১১৪ খন আসনত। আনহাতে বিজেপিয়ে লাভ কৰিছে ৫০খন আসন। জনতা দল চেকুলাৰে লাভ কৰিছে ১৭ খন আসন। উল্লেখ্য যে, ২২৪ খন বিধানসভা আসনযুক্ত কংগ্ৰেছত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১২ খন আসন। ১০ মে’ত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ ভোটগ্ৰহণ।
Read More
জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনত জয়লাভ আপৰ সুশীল কুমাৰ ৰিংকুৰ

জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনত জয়লাভ আপৰ সুশীল কুমাৰ ৰিংকুৰ

কংগ্ৰেছক পৰাভূত কৰি জলন্ধৰ লোকসভা সমষ্টিত বিজয় ধ্বজা আম আদমী পাৰ্টীৰ। জলন্ধৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয়লাভ আপৰ সুশীল কুমাৰ ৰিংকুৰ। জানুৱাৰী মাহত ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ সন্তোষ সিং চৌধুৰীৰ মৃত্যুৰ পিছত সমষ্টিটোত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। কংগ্ৰেছে চৌধুৰীৰ পত্নী কৰমজিৎ কৌৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী আছিল ইন্দৰ ইকবাল আটৱাল।
Read More
মোৰ স্বামী মুছলমান, কিন্তু তেওঁ কেৰালা ষ্ট’ৰী চাই শলাগ লৈছেঃ দেৱলীনা ভট্টাচাৰ্য

মোৰ স্বামী মুছলমান, কিন্তু তেওঁ কেৰালা ষ্ট’ৰী চাই শলাগ লৈছেঃ দেৱলীনা ভট্টাচাৰ্য

অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্জীয়ে ‘দ্য কেৰেলা ষ্ট’ৰী’ চাই প্ৰেমিকৰ সৈতে ব্ৰেকআপ কৰা এগৰাকী মহিলাৰ কাহিনী বৰ্ণনা কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেৱলীনাই লিখিছে, "সদায় এনেকুৱা নহয়…মোৰ স্বামী…মুছলমান আৰু মোৰ লগত আহিছিল…চিনেমা চাবলৈ আৰু তেওঁ ইয়াৰ শলাগ লৈছিল।" তেওঁ লগতে কয় যে তেওঁ ইয়াক…অপৰাধ হিচাপে লোৱা নাছিল আৰু তেওঁৰ ধৰ্মৰ বিৰুদ্ধেও অনুভৱ কৰা নাছিল।
Read More
উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সেৱা সচিব আশীষ ম’ৰক অপসাৰণ দিল্লী চৰকাৰৰ

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সেৱা সচিব আশীষ ম’ৰক অপসাৰণ দিল্লী চৰকাৰৰ

সেৱা নিয়ন্ত্ৰণৰ বিষয়ত উচ্চতম ন্যায়ালয়ে নিজৰ পক্ষত ৰায়দান কৰাৰ কেইঘণ্টামানৰ পিছতে বৃহস্পতিবাৰে দিল্লী চৰকাৰে সেৱা সচিব আশীষ ম’ৰক অপসাৰণ কৰে। এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে ৰায় দিছে যে ৰাজহুৱা শৃংখলা, আৰক্ষী, আৰু ভূমিৰ বাহিৰেও সেৱাৰ ওপৰত দিল্লী চৰকাৰৰ বিধান আৰু কাৰ্যবাহী ক্ষমতা আছে।
Read More
জাতিভিত্তিক লোকপিয়লত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন অৱস্থানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিহাৰ চৰকাৰ

জাতিভিত্তিক লোকপিয়লত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন অৱস্থানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিহাৰ চৰকাৰ

বিহাৰৰ জাতিভিত্তিক লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়া পাটনা উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে বিহাৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়ায়। মঙলবাৰে পাটনা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এই আবেদন নাকচ কৰি জাতি লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ আগতীয়া শুনানি বিচাৰিছে। ৩ জুলাইত হ’ব এই শুনানি।
Read More
নৈতিকতাৰ বাবে নহয় সংখ্যাক লৈ উদ্ধৱে থাকৰে এৰিছিল শিৱসেনা! সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে প্ৰতিক্ৰিয়া দেৱেন্দ্ৰ ফড়নবিছৰ

নৈতিকতাৰ বাবে নহয় সংখ্যাক লৈ উদ্ধৱে থাকৰে এৰিছিল শিৱসেনা! সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে প্ৰতিক্ৰিয়া দেৱেন্দ্ৰ ফড়নবিছৰ

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছে বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে একনাথ শিণ্ডে নৈতিক ভিত্তিত পদত্যাগ কৰিব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, 'উদ্ধৱ থাকৰেক নৈতিকতাৰ কথা কোৱাটো উপযুক্ত নহয়।’ নৈতিক ভিত্তিত তেওঁ পদত্যাগ কৰা নাছিল যদিও তেওঁৰ লগত থকা লোকসকলে তেওঁক এৰি যোৱাৰ পিছত ভয়ৰ বাবেই পদত্যাগ কৰা নাছিল।
Read More