17
Jun
বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকা এগৰাকী ৯ বছৰীয়া কিশোৰীক ভুলবশতঃ পানীৰ সলনি স্পিৰিট খুওৱাৰ ফলত মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীৰ পৰিয়ালে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশ্যে হাস্পতাল কৰ্তৃপক্ষই পৰিয়ালৰ অভিযোগ খণ্ডন কৰিছে। তামিলনাডুৰ মাদুৰাইৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। চিকিৎসালয়ৰ চিকিৎসকে দাবী কৰা মতে, মগজুৰ পৰা তেজ ওলোৱাৰ বাবেই ছোৱালীজনীৰ মৃত্যু হৈছিল। চৰকাৰী চিকিৎসালয়ৰ গাফিলতিৰ অভিযোগে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছোৱালীজনীৰ মাতৃয়ে দাবী কৰে যে চিকিৎসালয়ৰ নাৰ্ছসকলে স্পিৰিটটো তাইৰ বিচনাৰ কাষত এৰি থৈ গৈছিল। যেতিয়া ছোৱালীজনীয়ে পানী বিচাৰিছিল, তেতিয়া তেওঁ তাইক স্পিৰিট দিছিল। ইয়াৰ পিছত…
