ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ভাৰতত থাকিবলৈ হ’লে ভাৰত মাতা কী জয় ক’বই লাগিবঃ দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ

ভাৰতত থাকিবলৈ হ’লে ভাৰত মাতা কী জয় ক’বই লাগিবঃ দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ

শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয় যে ভাৰতত বসবাস কৰিব বিচৰাসকলে ভাৰত মাতা কি জয় ক’ব লাগিব। বিজেপিৰ উদ্যোগত আয়োজিত কৃষক সন্মিলনত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে দেশৰ যিসকলে কয় যে আমি ভাৰত মাতা কি জয় নকওঁ, তেওঁলোকে নৰকলৈ যাওক। কৃষি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে যদি আপুনি ভাৰতত থাকিব বিচাৰে তেন্তে ভাৰত মাতা কি জয় বুলি ক’ব লাগিব। তেওঁ লগতে এই প্ৰশ্নও কৰে যে যদি আপুনি তেনে নকৰে তেন্তে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ বুলি ক’বনে? তেওঁ কয়- ‘বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় বুলি কোৱা সকলৰ বাবেহে দেশত স্থান আছে। মই ক’ব বিচাৰো…
Read More
বিধায়কৰ অযোগ্যতাৰ গোচৰত অসন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ, মহাৰাষ্ট্ৰৰ বিধানসভা অধ্যক্ষৰ সন্দৰ্ভত ক’লে এই কথা…

বিধায়কৰ অযোগ্যতাৰ গোচৰত অসন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ, মহাৰাষ্ট্ৰৰ বিধানসভা অধ্যক্ষৰ সন্দৰ্ভত ক’লে এই কথা…

উচ্চতম ন্যায়ালয়ত শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদ আৰু জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ শৰদ পাৱাৰ ফৈদৰ আৱেদন শুনানি গ্ৰহণ কৰা হয়। একাংশ বিধায়কৰ বিৰুদ্ধে অযোগ্যতা ঘোষণাৰ প্ৰক্ৰিয়া সন্দৰ্ভত আগতীয়াকৈ সিদ্ধান্ত ল’বলৈ মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত নিৰ্দেশ বিচৰা হৈছে এই আবেদনসমূহত। উচ্চতম ন্যায়ালয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে কোনোবাই মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক আদালতৰ নিৰ্দেশক আওকাণ নকৰিবলৈ পৰামৰ্শ দিব লাগিব। এনে আদালতৰ নিৰ্দেশ তেওঁলোকে নাকচ কৰিব নোৱাৰে। আদালতে কয় যে যোৱাবাৰ আমি ভাবিছিলো যে উন্নত সমন্বয় স্থাপন হ’ব। শুনানি অনিৰ্দিষ্টকাললৈ পলম কৰা সূচীৰ ধাৰণাটো হ’ব নালাগে। অধ্যক্ষই বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ আভাস দিব লাগে। জুন মাহৰ পৰা এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।…
Read More
শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত গুলীচালনা! গ্ৰেপ্তাৰ ভাৰতীয় সেনা জোৱান

শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত গুলীচালনা! গ্ৰেপ্তাৰ ভাৰতীয় সেনা জোৱান

শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত সংঘটিত গুলীচালনাৰ ঘটনা। অৱশ্যে গুলীচালনাৰ সময়ত কোনো যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ এক বিবৃতিত কোৱা হৈছে যে শিয়ালদাহ ৰাজধানীত ট্ৰেভেলিং টিকট এগজামিনাৰ (টিটিই)ৰ সৈতে হোৱা কাজিয়াৰ পিছতে ৪১ বৰ্ষীয় এজন যা্ত্ৰীয়ে গুলীচালনা কৰে। উত্তৰ-পূৱ ৰেলৱেৰ তথ্য অনুসৰি, ‘টিকট সন্দৰ্ভত টিটিইৰ সৈতে হোৱা বিবাদৰ পিছত ৰে’লৰ ভিতৰত গুলীচালনা কৰা ব্যক্তিজনৰ নাম হৰবিন্দৰ সিং। তেওঁৰ বয়স প্ৰায় ৪১ বছৰ বুলি কোৱা হয়। ভাৰতীয় সেনাবাহিনীত কৰ্মৰত লোকজন। কোৱা হৈছে যে হৰবিন্দৰৰ হাতত ১২৩০১ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেলৰ টিকট আছিল। কিন্তু তেওঁ মদ্যপান কৰি ধনবাদ ষ্টেচনৰ পৰা শিয়ালদাহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেলৰ বি-৮ ডবাত…
Read More
সংঘাতে কাকো উপকৃত নকৰে! ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে সমগ্ৰ বিশ্বক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

সংঘাতে কাকো উপকৃত নকৰে! ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে সমগ্ৰ বিশ্বক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বত যি ঘটি আছে সেয়া সঠিক নহয়। আজি বিশ্ব সংকটৰ সন্মুখীন হৈছে। সংঘাতে কাকো উপকৃত নকৰে। বিভক্ত পৃথিৱী এখনে মানৱতাৰ সমাধান দিব নোৱাৰে। এই সময় সকলোৰে বিকাশ আৰু কল্যাণৰ। আমি পৃথিৱীখনক এক পৃথিৱী এক পৰিয়াল হিচাপে চাব লাগিব। এই মনোভাৱেৰে ভাৰতে আফ্ৰিকান দেশসমূহক জি-২০ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সন্মুখীন হৈছে ভাৰত। সংসদৰ অধিৱেশন চলি থকাৰ সময়তে এই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ২০ বছৰ আগতে আমাৰ সংসদত আক্ৰমণ হৈছিল। অতি দুখৰ বিষয় যে এতিয়ালৈকে সন্ত্ৰাসবাদৰ সংজ্ঞা সন্দৰ্ভত কোনো একমতত উপনীত হোৱা নাই। এইসকল লোকে পৃথিৱীৰ এই দুৰ্বলতাৰ সুযোগ লৈছে। সন্ত্ৰাসৰ বিৰুদ্ধে একেলগে…
Read More
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিলে বিশ্ব শান্তিৰ বাবে একমাত্ৰ উপায়, সনাতন ধৰ্মৰ বিষয়ে ক’লে এই কথা…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিলে বিশ্ব শান্তিৰ বাবে একমাত্ৰ উপায়, সনাতন ধৰ্মৰ বিষয়ে ক’লে এই কথা…

হাৰিয়ানাৰ ৰোহটকৰ ব’হাৰ মঠত চলি থকা দুদিনীয়া ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিশ্ব শান্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই কাৰ্যসূচীত সংঘৰ মুৰব্বী মোহন ভাগৱত আৰু যোগগুৰু বাবা ৰামদেৱো উপস্থিত থাকে। তিনিওজন বক্তাই বিশ্বত সংঘটিত হৈ থকা অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে যদি এনেদৰে পৰিস্থিতি অব্যাহত থাকে তেন্তে বিশ্বই হয়তো শীঘ্ৰে তৃতীয় যুদ্ধৰ সন্মুখীন হ’ব পাৰে। ভাৰত একমাত্ৰ দেশ য’ত শান্তি আছে আৰু য’ত শান্তি আছে তাত বৈদিক সনাতন ধৰ্ম আছে। এই সময়ত যোগী আদিত্যনাথে কয় যে পৃথিৱীৰ কোনো ধৰ্মই যদি শান্তিৰ নিশ্চয়তা দিব পাৰে তেন্তে সেয়া কেৱল বৈদিক সনাতন ধৰ্ম। ‘সনাতন ধৰ্ম শান্তিৰ নিশ্চয়তা’।দৰাচলতে…
Read More
পিছফালৰ পৰা পিকআপত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, ৫ জনৰ মৃত্যু, আহত ১৬ জন

পিছফালৰ পৰা পিকআপত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, ৫ জনৰ মৃত্যু, আহত ১৬ জন

শুকুৰবাৰে পুৱা হাৰিয়ানাৰ শোনিপট জিলাৰ খাৰখোডাৰ সমীপৰ কুণ্ডলী-মনেছাৰ-পালৱাল (কেএমপি) এক্সপ্ৰেছৱে’ত সংঘটিত এক পথ দুৰ্ঘটনাত ৫ জন লোক নিহত হোৱাৰ লগতে ১৬ জন আহত হয়। উত্তৰ প্ৰদেশৰ পৰা এখন পিক-আপত ধান চপোৱাৰ বাবে ঝজ্জাৰ জিলালৈ আহিছিল লোকসকল। খাৰখোডাৰ ওচৰ পাওঁতে পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে পিকআপখনত খুন্দা মৰাত এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। নিহত সকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
Read More
মৰ্মান্তিক! বিহাৰৰ ভয়াবহ ৰে’ল দুৰ্ঘটনাত মৃত্যু শদিয়াৰ নিৱাসী মাতৃ্-কন্যাৰ…

মৰ্মান্তিক! বিহাৰৰ ভয়াবহ ৰে’ল দুৰ্ঘটনাত মৃত্যু শদিয়াৰ নিৱাসী মাতৃ্-কন্যাৰ…

বিহাৰৰ ভয়াবহ ৰে’ল দুৰ্ঘটনাত মৃত্যু অসমৰ মাতৃ-কন্যাৰ। বুধবাৰে নিশা কামাখ্যা অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখনৰ কেইবাটাও ডবা বিহাৰত লাইনচ্যুত হোৱাৰ ফলত ৪ জন যাত্ৰীৰ মৃত্যু ঘটাৰ লগতে ৭০ জনৰো অধিক যাত্ৰী আহত হয়। এই ৰে’ল দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে শদিয়াৰ নিৱাসী এহাল মাতৃ-কন্যাও। নিহত মাতৃ-কন্যাহালক ঊষা ভাণ্ডাৰী (৩৩) আৰু আকৃতি ভাণ্ডাৰী (৮) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, মাতৃ-কন্যাহালে পৰিয়ালৰ আন সদস্যৰ সৈতে দিল্লীৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয়। ইতিমধ্যে বিহাৰ ৰে’ল আৰক্ষীৰ সহযোগত নিহত মাতৃ-কন্যাক স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।
Read More
কাৰাবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন ১৭ অক্টোবৰলৈ স্থগিত উচ্চ ন্যায়ালয়ৰ…

কাৰাবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন ১৭ অক্টোবৰলৈ স্থগিত উচ্চ ন্যায়ালয়ৰ…

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ জামিন আবেদনৰ শুনানি ১৭ অক্টোবৰলৈ পিছুৱাই দিছে। চন্দ্ৰবাবু নাইডুৰ অধিবক্তা সুংকৰা কৃষ্ণমূৰ্তিয়ে কয় যে আদালতে চি আই ডিক ওভতাই আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ৩৭১ কোটি টকাৰ দক্ষতা বিকাশ কেলেংকাৰিত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৬ বজাত জ্ঞানপুৰমত বাছত শুই থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগে। চি আই ডিৰ দাবী, নাইডুৰ নেতৃত্বত শ্বেল কোম্পানীৰ জৰিয়তে ব্যক্তিগত প্ৰতিষ্ঠানলৈ চৰকাৰী ধন হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। নন্দিয়াল জিলাৰ বানাগনাপল্লীত এখন…
Read More
আমি যদি দুৰ্নীতিগ্ৰস্তয়েই, তেন্তে আমাৰ সৈতে কিয় মিত্ৰতা বিচাৰে বিজেপিয়ে? প্ৰশ্ন NCPৰ নেত্ৰী সুপ্ৰিয়া ছুলেৰ

আমি যদি দুৰ্নীতিগ্ৰস্তয়েই, তেন্তে আমাৰ সৈতে কিয় মিত্ৰতা বিচাৰে বিজেপিয়ে? প্ৰশ্ন NCPৰ নেত্ৰী সুপ্ৰিয়া ছুলেৰ

মহাৰাষ্ট্ৰৰ শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি দলৰ নেত্ৰী সুপ্ৰিয়া ছুলেয়ে দুৰ্নীতিৰ গোচৰত বিজেপিক প্ৰশ্ন কৰিছে। এন চি পি দল দুৰ্নীতিগ্ৰস্ত হোৱাৰ পিছতো বিজেপি দলে তেওঁৰ সৈতে কথা পাতিছিল বুলিও মন্তব্য কৰে। বিজেপিয়ে দলটোৰ বিৰুদ্ধে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে নেত্ৰীগৰাকীয়ে। এন চি পিৰ সাংসদ সুপ্ৰিয়া ছুলেয়ে বিজেপিক সমালোচনা কৰি কেন্দ্ৰৰ শাসিত দলটো দুমুখীয়া বুলি অভিহিত কৰে। তেওঁ কয়, ‘মই বিজেপিক সুধিব বিচাৰো যে এফালে আপুনি আমাক দুৰ্নীতিৰ দল বুলি কয়, আনহাতে ছগন ভুজবালে কয় যে এনচিপি আৰু বিজেপিৰ মাজত আলোচনা চলি আছে। যেতিয়া এন চি পি দুৰ্নীতি কৰিছে তেতিয়া বিজেপিয়ে আমাৰ লগত কিয় কথা পাতিছে?’’ দলটোৰ বিৰুদ্ধে উত্থাপিত…
Read More
ভাৰতৰ ১০০ ধনাঢ্য ব্যক্তিৰ তালিকাত শীৰ্ষস্থান মুকেশ আম্বানীৰ, জানক কিমান সম্পত্তি তেওঁৰ…

ভাৰতৰ ১০০ ধনাঢ্য ব্যক্তিৰ তালিকাত শীৰ্ষস্থান মুকেশ আম্বানীৰ, জানক কিমান সম্পত্তি তেওঁৰ…

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে পুনৰবাৰ ভাৰতৰ শীৰ্ষ ১০০ গৰাকী ধনী ব্যক্তিৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ফৰ্বছ আলোচনীৰ ২০২৩ চনৰ ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰকাশ পাইছে এই কথা। মুকেশ আম্বানীয়ে ৯২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে পুনৰ শীৰ্ষ স্থান দখল কৰে। ব্লেকৰকৰ সৈতে এচেট মেনেজমেণ্টৰ যৌথ উদ্যোগ থকা জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছক বন্ধ কৰি তালিকাভুক্ত কৰাৰ পিছত আগষ্ট মাহত আম্বানীয়ে নিজৰ তিনি সন্তানক ৰিলায়েন্সৰ ব’ৰ্ডত অকাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়ে। দ্বিতীয় স্থানলৈ পিছলিল গৌতম আদানী যোৱা বছৰ প্ৰথমবাৰৰ বাবে আম্বানীক অতিক্ৰম কৰি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা আন্তঃগাঁথনিৰ সম্ৰাট গৌতম আদানীৰ ভাগ্য জানুৱাৰী মাহত আমেৰিকাৰ শ্বৰ্টচেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ…
Read More