ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মৰ্মান্তিক! ৰখাই থোৱা টেংকাৰত প্ৰচণ্ড খুন্দা টাটা ছুম’ৰ, ১২ জনৰ থিতাতে মৃত্যু

মৰ্মান্তিক! ৰখাই থোৱা টেংকাৰত প্ৰচণ্ড খুন্দা টাটা ছুম’ৰ, ১২ জনৰ থিতাতে মৃত্যু

কৰ্ণাটকৰ চিক্কাবল্লাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত, চিত্ৰৱতী যান-বাহন থানাৰ ঠিক সন্মুখত সংঘটিত হয়। এই ঘটনাত ১২ জনৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত আছে ৮ জন পুৰুষ আৰু ৪ গৰাকী মহিলা। সন্মুখৰ পৰা আহি থকা এখন টাটা ছুমোৱে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা টেংকাৰ এখনত খুন্দা মাৰে। টেংকাৰ আৰু ছুমোৰ সংঘৰ্ষৰ পিছত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ মৃত্যু হয়। সূত্ৰ অনুসৰি ঘন কুঁৱলীৰ বাবে গাড়ী চালকজনে পথৰ কাষত ৰখাই থোৱা টেংকাৰখন দেখা নাপায় আৰু তাৰ…
Read More
কাৰাবন্দী আপ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদ ১০ নৱেম্বৰলৈ বৃদ্ধি

কাৰাবন্দী আপ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদ ১০ নৱেম্বৰলৈ বৃদ্ধি

শুকুৰবাৰে (২৭ অক্টোবৰ) ৰাউছ এভিনিউ আদালতে দিল্লী আবকাৰী নীতি গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ১০ নৱেম্বৰলৈ বৃদ্ধি কৰে। ১৪ দিনৰ ন্যায়িক জিম্মাত থকাৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয়। শুনানিৰ বাবে আদালতত হাজিৰ হোৱাৰ পূৰ্বে আপৰ সাংসদগৰাকীয়ে কয় যে ক্ষমতাত থকাসকলৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে আম আদমি পাৰ্টিৰ নেতাজনে। আদালতত জিম্মাত লোৱাৰ শুনানিৰ সময়ত বিশেষ ন্যায়াধীশ এম কে নাগপালে সিঙক সংসদ সদস্য হিচাপে পৰিয়ালৰ খৰচ আৰু ক্ষেত্ৰভিত্তিক কামৰ দুখন চেকত চহী কৰিবলৈ অনুমতি দিয়ে। ন্যায়াধীশগৰাকীয়ে সংশ্লিষ্ট কাৰাগাৰ কৰ্তৃপক্ষক সঞ্জয়…
Read More
ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে জম্মু-কাশ্মীৰত গুলীয়াই হত্যা দুই সন্ত্ৰাসবাদীক

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে জম্মু-কাশ্মীৰত গুলীয়াই হত্যা দুই সন্ত্ৰাসবাদীক

উত্তৰ কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলত সেনা জোৱানে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰি দুজন সন্ত্ৰাসবাদীক হত্যা কৰে। এই তথ্য ভাগ-বতৰা কৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে কুপৱাৰা আৰক্ষীয়ে দিয়া এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মাছাল খণ্ডত এক এনকাউণ্টাৰ আৰম্ভ হয়, য’ত এতিয়ালৈকে দুজন সন্ত্ৰাসবাদী নিহত হৈছে। অপাৰেচন চলি আছে। আৰক্ষীয়ে জনোৱা মতে, আন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তালাচী অভিযান অব্যাহত ৰখা হৈছে। আৰক্ষী বিষয়াৰ মতে, চোৰাংচোৱা ব্যৱস্থাই ইতিমধ্যে জানিব পাৰিছিল যে কুপৱাৰাৰ নিয়ন্ত্ৰণ ৰেখাত এদল সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে। এই তথ্যৰ ভিত্তিত নিৰীক্ষণ ৰখা হৈছিল। যোৱা এসপ্তাহত জম্মু-কাশ্মীৰৰ ভিতৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে দেওবাৰে সেনাই উৰি ছেক্টৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ বিফল কৰি দুজন সন্ত্ৰাসবাদীক…
Read More
মৰ্মান্তিক! ঘৰৰ সামান্য কাজিয়াৰ বাবেই বৃদ্ধা মাতৃক নৃশংসভাৱে হত্যা পাষাণ পুত্ৰৰ

মৰ্মান্তিক! ঘৰৰ সামান্য কাজিয়াৰ বাবেই বৃদ্ধা মাতৃক নৃশংসভাৱে হত্যা পাষাণ পুত্ৰৰ

মহাৰাষ্ট্ৰত পোহৰলৈ আহিছে এজন কলিযুগৰ পুত্ৰৰ এক ভয়ানক কাণ্ড। খাদ্য পৰিবেশনক লৈ সামান্য বিবাদৰ অন্তত এজন ২৬ বছৰীয়া যুৱকে নিজৰ মাতৃক নৃশংসভাৱে হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে (২৫ অক্টোবৰ) এই ঘটনাৰ সময়ত গুৰুতৰভাৱে জ্বলি যোৱা মহিলাগৰাকীৰ বৃহস্পতিবাৰে (২৬ অক্টোবৰ) পুৱা আলিবাউগৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। মহিলাগৰাকীৰ নাম চাংগুনা নামদেৱ খোট, অভিযুক্ত পুত্ৰৰ নাম জয়শ। অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁ পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁক ঘেৰি ধৰি হাবিৰ পৰা গ্ৰেপ্তাৰ কৰে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ ৰেৱদাণ্ডাৰ সমীপৰ নৱখাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে সন্ধিয়া মানুহজনৰ মাতৃৰ সৈতে ৰন্ধা-বঢ়াৰ সন্দৰ্ভত বিবাদ হৈছিল। তাৰ…
Read More
ভগৱান কেৱল এটা দলৰ বাবেহে নেকি? ৰাম মন্দিৰ অভিষেক কাৰ্যসূচীলৈ নিৰ্বাচিত নিমন্ত্ৰণক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

ভগৱান কেৱল এটা দলৰ বাবেহে নেকি? ৰাম মন্দিৰ অভিষেক কাৰ্যসূচীলৈ নিৰ্বাচিত নিমন্ত্ৰণক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

ৰাম মন্দিৰ অভিষেক কাৰ্যসূচীক লৈ পুনৰ এবাৰ বিতৰ্কৰ সূত্ৰপাত। আচলতে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ অভিষেক ২২ জানুৱাৰীত হ’ব। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকিব। ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰধানমন্ত্ৰীক অযোধ্যা ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে। ইয়াৰ পিছত বিৰোধীয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদে কয় যে এই নিমন্ত্ৰণ মাত্ৰ এটা দললৈহে গৈ আছে। ঈশ্বৰ যেন কেৱল এটা দলতে সীমাবদ্ধ। এইটোক পাৰ্টিৰ অনুষ্ঠান কৰি তুলিছেনে? এইটো কেৱল এজন ব্যক্তিৰ অনুষ্ঠান নেকি? দৰাচলতে অযোধ্যা ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীক নিমন্ত্ৰণ কৰাত কংগ্ৰেছে আপত্তি প্ৰকাশ কৰিছে। এএনআইৰ সৈতে কথা পাতি ছলমান খুৰছিদে কয় যে ভগৱান যেন কেৱল এটা দল…
Read More
চোৰাংচোৱাৰ অভিযোগত ৮ ভাৰতীয়ক ফাঁচীৰ শাস্তি প্ৰদান কাটাৰৰ আদালতৰ…

চোৰাংচোৱাৰ অভিযোগত ৮ ভাৰতীয়ক ফাঁচীৰ শাস্তি প্ৰদান কাটাৰৰ আদালতৰ…

কাটাৰৰ আদালতে বৃহস্পতিবাৰে (২৬ অক্টোবৰ) চোৰাংচোৱাগিৰিৰ গোচৰত নৌসেনাৰ প্ৰাক্তন ৮ জোৱানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি মৃত্যুদণ্ডৰ সিদ্ধান্তত আচৰিত হৈছো আৰু আমি বিতং সিদ্ধান্তৰ প্ৰতিলিপিৰ বাবে অপেক্ষা কৰি আছো। মন্ত্ৰালয়ে কয় যে, “আমি পৰিয়ালৰ সদস্য আৰু আইনী দলৰ সৈতে যোগাযোগত আছো আৰু সকলো আইনী বিকল্পৰ সন্ধান কৰি আছো। আমি এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছো আৰু ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। সকলো কনছুলাৰ আৰু আইনী সহায় আগবঢ়াই যাব। কাটাৰ কৰ্তৃপক্ষৰ সৈতেও এই সিদ্ধান্ত উত্থাপন কৰিব।’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই আঠজন লোকে কাটাৰত…
Read More
মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, দুজন আহত

মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, দুজন আহত

মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত কথমপি প্ৰাণৰক্ষা পৰে সেই সময়ত হেলিকপ্টাৰখনত থকা এগৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী পাইলট। সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি পুনেৰ বাৰামাটি বিমানবন্দৰৰ সমীপত ৰেড বাৰ্ড একাডেমী টেকনামৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। ডিজিচিএই এক বিবৃতিত কয় যে, “ৰেড বাৰ্ড একাডেমী টেকনামৰ এখন বিমানে বাৰামাটি বিমানবন্দৰৰ পৰা ২ মাইল উত্তৰত থকা স্থানত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী দুয়োজনেই নিৰাপদ। অধিক তদন্ত চলি আছে।” বিষয়াসকলৰ মতে, মহাৰাষ্ট্ৰৰ পুনে জিলাৰ গোজুবাৱী গাঁৱৰ সমীপত প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষণ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এনডিটিভিৰ তথ্য অনুসৰি পুনে আৰক্ষীৰ এজন বিষয়াই কয় যে, “পুনে জিলাৰ গোজুবাৱী…
Read More
গালৱান সংঘৰ্ষৰ পিছত LACত নতুন পথ, হেলিপেড, বিমানবন্দৰ নিৰ্মাণ কৰিছে চীনে! পেন্টাগনৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য

গালৱান সংঘৰ্ষৰ পিছত LACত নতুন পথ, হেলিপেড, বিমানবন্দৰ নিৰ্মাণ কৰিছে চীনে! পেন্টাগনৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য

২০২০ চনৰ জুন মাহত লাডাখ উপত্যকাত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অৰ্থাৎ এল এ চিত সৈন্যৰ নিয়োগ আৰু অধিক বৃদ্ধি কৰিছে। আন্তঃগাঁথনিৰ প্ৰসাৰো অব্যাহত ৰাখিছে। এই দাবী আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পেন্টাগনৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে কয় যে যোৱা এবছৰৰ ভিতৰত চীনে ভাৰতৰ সীমান্তত সৈন্যৰ নিয়োগ বৃদ্ধি কৰাই নহয়, আন্তঃগাঁথনিও অবিৰতভাৱে গঢ়ি তুলিছে। ইয়াৰ বাবে পুনৰবাৰ উদ্বেগ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে অঞ্চলটোত। পেন্টাগনৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত চীনে এল এ চিৰ ওচৰত মাটিৰ তলৰ মজুতকৰণৰ সুবিধা, নতুন পথ, চুবুৰীয়া দেশ ভূটানৰ ওচৰত নতুন গাঁও, পাংগং হ্ৰদৰ দ্বিতীয়খন দলং,…
Read More
ভাৰতত এনে এক ধৰ্ম আৰু সংস্কৃতি আছে যিয়ে সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰেঃ মোহন ভাগৱত

ভাৰতত এনে এক ধৰ্ম আৰু সংস্কৃতি আছে যিয়ে সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰেঃ মোহন ভাগৱত

ইজৰাইল আৰু হামাছৰ যুদ্ধই দুসপ্তাহ অতিক্ৰম কৰিছে। ইফালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে এই যুদ্ধ সন্দৰ্ভত মন্তব্য কৰিছে। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে কয় যে হিন্দু ধৰ্মই সকলো সম্প্ৰদায়ক সন্মান কৰে আৰু যিবোৰ বিষয়ৰ বাবে আজি হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে সেইবোৰ বিষয়ত ভাৰতত কেতিয়াও যুঁজ হোৱা নাছিল। পিটিআই সংস্থাৰ তথ্য অনুসৰি মোহন ভাগৱতে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ইয়াৰ এখন বিদ্যালয়ত আয়োজন কৰা এক কাৰ্যসূচীত ভাষণ দিয়ে। ভাগৱতে আৰু কয় যে এই দেশত এনে এক ধৰ্ম আৰু সংস্কৃতি আছে যিয়ে সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰে। সেইটোৱেই হৈছে হিন্দু ধৰ্ম,…
Read More
মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাৰ সংগ পৰিহাৰ কৰিলে আচৰিত হ’বলগীয়া একো নাই! TMCক সমালোচনা বিজেপিৰ

মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাৰ সংগ পৰিহাৰ কৰিলে আচৰিত হ’বলগীয়া একো নাই! TMCক সমালোচনা বিজেপিৰ

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সৰৱ হৈ আছে বিজেপি। দলটোৱে জনোৱা মতে, আদানীৰ বিৰুদ্ধে প্ৰশ্নৰ বিনিময়ত দৰ্শন হিৰণানন্দনীৰ পৰা নগদ ধন লোৱাৰ অভিযোগত সংসদত সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে চলি থকা গোচৰৰ পৰা তৃণমূলে এতিয়া আনুষ্ঠানিকভাৱে আঁতৰি আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় আই টি প্ৰভাৰী অমিত মালব্যই টুইটাৰত এক পোষ্টযোগে কয় যে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাক পৰিহাৰ কৰাটো কোনো আচৰিত কথা নহয়। মালব্যই কয়, ”মমতা বেনাৰ্জীয়ে অভিষেক বেনাৰ্জীৰ বাহিৰে আন কাকো ৰক্ষা নকৰে। গুৰুতৰ দুৰ্নীতি আৰু অপৰাধমূলক অভিযোগৰ বাবে টিএমচিৰ বহু নেতা জেলত আছে, কিন্তু মমতা বেনাৰ্জীয়ে মৌনতা ধাৰণ কৰিছে।’’ উল্লেখ্য যে এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া…
Read More