ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

চোৰাংচোৱাৰ অভিযোগত ৮ ভাৰতীয়ক ফাঁচীৰ শাস্তি প্ৰদান কাটাৰৰ আদালতৰ…

চোৰাংচোৱাৰ অভিযোগত ৮ ভাৰতীয়ক ফাঁচীৰ শাস্তি প্ৰদান কাটাৰৰ আদালতৰ…

কাটাৰৰ আদালতে বৃহস্পতিবাৰে (২৬ অক্টোবৰ) চোৰাংচোৱাগিৰিৰ গোচৰত নৌসেনাৰ প্ৰাক্তন ৮ জোৱানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি মৃত্যুদণ্ডৰ সিদ্ধান্তত আচৰিত হৈছো আৰু আমি বিতং সিদ্ধান্তৰ প্ৰতিলিপিৰ বাবে অপেক্ষা কৰি আছো। মন্ত্ৰালয়ে কয় যে, “আমি পৰিয়ালৰ সদস্য আৰু আইনী দলৰ সৈতে যোগাযোগত আছো আৰু সকলো আইনী বিকল্পৰ সন্ধান কৰি আছো। আমি এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছো আৰু ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। সকলো কনছুলাৰ আৰু আইনী সহায় আগবঢ়াই যাব। কাটাৰ কৰ্তৃপক্ষৰ সৈতেও এই সিদ্ধান্ত উত্থাপন কৰিব।’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই আঠজন লোকে কাটাৰত…
Read More
মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, দুজন আহত

মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, দুজন আহত

মহাৰাষ্ট্ৰৰ পুনেত প্ৰশিক্ষণৰ সময়তে এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত কথমপি প্ৰাণৰক্ষা পৰে সেই সময়ত হেলিকপ্টাৰখনত থকা এগৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী পাইলট। সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি পুনেৰ বাৰামাটি বিমানবন্দৰৰ সমীপত ৰেড বাৰ্ড একাডেমী টেকনামৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। ডিজিচিএই এক বিবৃতিত কয় যে, “ৰেড বাৰ্ড একাডেমী টেকনামৰ এখন বিমানে বাৰামাটি বিমানবন্দৰৰ পৰা ২ মাইল উত্তৰত থকা স্থানত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী দুয়োজনেই নিৰাপদ। অধিক তদন্ত চলি আছে।” বিষয়াসকলৰ মতে, মহাৰাষ্ট্ৰৰ পুনে জিলাৰ গোজুবাৱী গাঁৱৰ সমীপত প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষণ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এনডিটিভিৰ তথ্য অনুসৰি পুনে আৰক্ষীৰ এজন বিষয়াই কয় যে, “পুনে জিলাৰ গোজুবাৱী…
Read More
গালৱান সংঘৰ্ষৰ পিছত LACত নতুন পথ, হেলিপেড, বিমানবন্দৰ নিৰ্মাণ কৰিছে চীনে! পেন্টাগনৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য

গালৱান সংঘৰ্ষৰ পিছত LACত নতুন পথ, হেলিপেড, বিমানবন্দৰ নিৰ্মাণ কৰিছে চীনে! পেন্টাগনৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য

২০২০ চনৰ জুন মাহত লাডাখ উপত্যকাত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অৰ্থাৎ এল এ চিত সৈন্যৰ নিয়োগ আৰু অধিক বৃদ্ধি কৰিছে। আন্তঃগাঁথনিৰ প্ৰসাৰো অব্যাহত ৰাখিছে। এই দাবী আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পেন্টাগনৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে কয় যে যোৱা এবছৰৰ ভিতৰত চীনে ভাৰতৰ সীমান্তত সৈন্যৰ নিয়োগ বৃদ্ধি কৰাই নহয়, আন্তঃগাঁথনিও অবিৰতভাৱে গঢ়ি তুলিছে। ইয়াৰ বাবে পুনৰবাৰ উদ্বেগ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে অঞ্চলটোত। পেন্টাগনৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত চীনে এল এ চিৰ ওচৰত মাটিৰ তলৰ মজুতকৰণৰ সুবিধা, নতুন পথ, চুবুৰীয়া দেশ ভূটানৰ ওচৰত নতুন গাঁও, পাংগং হ্ৰদৰ দ্বিতীয়খন দলং,…
Read More
ভাৰতত এনে এক ধৰ্ম আৰু সংস্কৃতি আছে যিয়ে সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰেঃ মোহন ভাগৱত

ভাৰতত এনে এক ধৰ্ম আৰু সংস্কৃতি আছে যিয়ে সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰেঃ মোহন ভাগৱত

ইজৰাইল আৰু হামাছৰ যুদ্ধই দুসপ্তাহ অতিক্ৰম কৰিছে। ইফালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে এই যুদ্ধ সন্দৰ্ভত মন্তব্য কৰিছে। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে কয় যে হিন্দু ধৰ্মই সকলো সম্প্ৰদায়ক সন্মান কৰে আৰু যিবোৰ বিষয়ৰ বাবে আজি হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে সেইবোৰ বিষয়ত ভাৰতত কেতিয়াও যুঁজ হোৱা নাছিল। পিটিআই সংস্থাৰ তথ্য অনুসৰি মোহন ভাগৱতে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ইয়াৰ এখন বিদ্যালয়ত আয়োজন কৰা এক কাৰ্যসূচীত ভাষণ দিয়ে। ভাগৱতে আৰু কয় যে এই দেশত এনে এক ধৰ্ম আৰু সংস্কৃতি আছে যিয়ে সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰে। সেইটোৱেই হৈছে হিন্দু ধৰ্ম,…
Read More
মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাৰ সংগ পৰিহাৰ কৰিলে আচৰিত হ’বলগীয়া একো নাই! TMCক সমালোচনা বিজেপিৰ

মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাৰ সংগ পৰিহাৰ কৰিলে আচৰিত হ’বলগীয়া একো নাই! TMCক সমালোচনা বিজেপিৰ

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সৰৱ হৈ আছে বিজেপি। দলটোৱে জনোৱা মতে, আদানীৰ বিৰুদ্ধে প্ৰশ্নৰ বিনিময়ত দৰ্শন হিৰণানন্দনীৰ পৰা নগদ ধন লোৱাৰ অভিযোগত সংসদত সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে চলি থকা গোচৰৰ পৰা তৃণমূলে এতিয়া আনুষ্ঠানিকভাৱে আঁতৰি আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় আই টি প্ৰভাৰী অমিত মালব্যই টুইটাৰত এক পোষ্টযোগে কয় যে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে মহুৱা মৈত্ৰাক পৰিহাৰ কৰাটো কোনো আচৰিত কথা নহয়। মালব্যই কয়, ”মমতা বেনাৰ্জীয়ে অভিষেক বেনাৰ্জীৰ বাহিৰে আন কাকো ৰক্ষা নকৰে। গুৰুতৰ দুৰ্নীতি আৰু অপৰাধমূলক অভিযোগৰ বাবে টিএমচিৰ বহু নেতা জেলত আছে, কিন্তু মমতা বেনাৰ্জীয়ে মৌনতা ধাৰণ কৰিছে।’’ উল্লেখ্য যে এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া…
Read More
জনজাতীয় মহিলাক উলংগ কৰি অত্যাচাৰ! বিধায়ক পত্নীসহ ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনজাতীয় মহিলাক উলংগ কৰি অত্যাচাৰ! বিধায়ক পত্নীসহ ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

মহাৰাষ্ট্ৰৰ বীদ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। বিজেপি বিধায়ক সুৰেশ ধাসৰ পত্নীসহ ৩জন লোকৰ বিৰুদ্ধে ৰুজু হৈছে এক অত্যাচাৰৰ গোচৰ। এগৰাকী জনজাতীয় মহিলাক উলংগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কৰ পত্নীৰ বিৰুদ্ধে। এই গোচৰত আই পি চিৰ ধাৰা ৩৫৪, ৩৫৪ বি, ৩২৩, ৫০৪, ৫০৬, ৩৫৪ এ, ৩৪, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অত্যাচাৰ ধাৰাৰ অধীনত বিজেপি বিধায়ক সুৰেশ ধাস, ৰাহুল জগদালে আৰু ৰঘু পাৱাৰৰ পত্নী প্ৰজাক্ত সুৰেশ ধাস, ৰাহুল জগদালে আৰু ৰঘু পাৱাৰৰ বিৰুদ্ধে বীদৰ আশী থানাত গোচৰ ৰুজু কৰা হৈছে। বিধায়কগৰাকীৰ পত্নীয়ে নিজৰ পূৰ্বপুৰুষৰ মাটি দখল কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী জনজাতীয় মহিলাগৰাকীয়ে। যোৱা দেওবাৰে সংঘটিত…
Read More
ৰেপিডেক্স ৰে’লৰ নাম ‘নমো ভাৰত’ ৰখাক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ, পৱন খেড়াই ক’লে…

ৰেপিডেক্স ৰে’লৰ নাম ‘নমো ভাৰত’ ৰখাক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ, পৱন খেড়াই ক’লে…

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন ৰেপিড ৰে’লৰ ফ্লেগ অফ কৰে। এই ৰেপিডেক্স ৰেলখনৰ নাম সলনি কৰি ‘নমো ভাৰত’ কৰা হৈছে। এই কথাত তীব্ৰ আপত্তি ব্যক্ত কৰে কংগ্ৰেছে। কংগ্ৰেছ নেতা পৱন খেড়াই কয় যে প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা আছে। ৰে’লখনৰ নাম ৰখা হৈছে ‘নমো ভাৰত’। কাইলৈ ​​যদি ম’হৰ সৈতে সংঘৰ্ষ হয়, তেন্তে শিৰোনাম কি হ’ব? সেইবাবেই আমি কওঁ যে পদটোৰ মৰ্যাদা বজাই ৰাখিব লাগে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি প্ৰথম পৰ্যায়ৰ দিল্লী-গাজিয়াবাদ-মীৰাট কৰিড’ৰ উদ্বোধন কৰে। আজিৰে পৰা সাধাৰণ ৰাইজৰ বাবে এই ৰে’লখনৰ যাত্ৰা আৰম্ভ হৈছে। সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ বক্তব্যৰ সন্দৰ্ভত পৱন খেড়াই কয় যে I.N.D.I.A মিত্ৰজোঁট ২০২৪ চনত লোকসভাৰ বাবে…
Read More
ভ্যানত পিছফালৰ পৰা তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা, ৫ জনৰ থিতাতে মৃত্যু, আহত ৩ শিশু

ভ্যানত পিছফালৰ পৰা তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা, ৫ জনৰ থিতাতে মৃত্যু, আহত ৩ শিশু

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যমুনা এক্সপ্ৰেছৱেত এখন তীব্ৰবেগী বাহনে এখন ভ্যানত প্ৰচণ্ড জোৰে খুন্দা মৰাত নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে ভ্যানখন। এই ভয়ংকৰ দুৰ্ঘটনাত ভ্যানখনত যাত্ৰা কৰা ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন গুৰুতৰভাৱে আহত হয়। ভ্যানখনত যাত্ৰা কৰা লোকসকল দিল্লীৰ পৰা ঝাৰখণ্ডলৈ গৈ আছিল। গ্ৰেটাৰ নয়দাৰ ৰাবুপুৰা আৰক্ষী থানাৰ সমীপত নিশা সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয়। এই তথ্যৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। তথ্য অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১:০০ বজাত ৰাবুপুৰা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ নয়দাৰ পৰা জেৱাৰ অভিমুখে শূন্য বিন্দুৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত থকা যমুনা এক্সপ্ৰেছৱেত…
Read More
মাটিৰ লোভতেই তিনি বছৰীয়া কণমানিক হত্যা কৰি কুঁৱাত পেলাই থলে খুড়াকে, গ্ৰেপ্তাৰ

মাটিৰ লোভতেই তিনি বছৰীয়া কণমানিক হত্যা কৰি কুঁৱাত পেলাই থলে খুড়াকে, গ্ৰেপ্তাৰ

বাৰাণসীৰ ফুলপুৰ থানা এলেকাত তিনি বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে আৰু এই গোচৰত শিশুটিৰ খুড়াকক গ্ৰেপ্তাৰ কৰা হৈছে। অপহৰণ কৰাৰ সময়ত শিশুটি ককাকৰ লগত শুই আছিল। ২৪ ঘণ্টাৰ পাছত শুকুৰবাৰে ঘৰৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত থকা এটা কুঁৱাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। অভিযুক্তৰ মনত মাটিৰ লোভেই এই অপৰাধৰ কাৰণ আছিল। কিশোৰী লালৰ ঘৰ ফুলপুৰ থানাৰ পিন্দ্ৰ ৰায়তাৰা গাঁৱৰ এক নিৰ্ধাৰিত বসতিস্থলত। তেওঁ চৰকাৰী চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ৭ অক্টোবৰত অসুস্থতাৰ বাবে তেওঁৰ জ্যেষ্ঠ ভাতৃ ভৈয়ালালৰ মৃত্যু হয়। কিশোৰী লালে জ্যেষ্ঠ পুত্ৰৰ পত্নী নিশা দেৱী আৰু নাতি কৃষ্ণ কুমাৰৰ সৈতে বাস কৰিছিল, কনিষ্ঠ…
Read More
সফলতাৰে সম্পূৰ্ণ মিছন গগনযানৰ প্ৰথমটো উৰণ পৰীক্ষণ, জনালে ইছৰ’ৱে

সফলতাৰে সম্পূৰ্ণ মিছন গগনযানৰ প্ৰথমটো উৰণ পৰীক্ষণ, জনালে ইছৰ’ৱে

সফলতাৰে সম্পন্ন হৈছে মিছন গগনযানৰ প্ৰথমটো উৰণ পৰীক্ষা। গগনযানৰ ক্ৰু মডিউল মুকলি কৰা হৈছে। প্ৰথমে পুৱা ৮.৪৫ বজাত এই পৰীক্ষা সম্পন্ন হোৱাৰ কথা আছিল যদিও উৎক্ষেপণৰ কিছু সময়ৰ পূৰ্বে এই পৰীক্ষা বন্ধ কৰি দিয়া হয়। কাৰিকৰী গ্লিচৰ বাবে সেই সময়ত পৰীক্ষাটো কৰিব পৰা নগ’ল। কিন্তু এতিয়া সফলতাৰে মুকলি কৰা হৈছে। আজি পুৱা বিমানখনৰ কাউণ্টডাউন প্ৰায় সম্পূৰ্ণ হৈছিল যদিও চাৰি ছেকেণ্ড আগতে স্থগিত ৰখা হৈছিল। গগনযান অভিযানৰ শুভাৰম্ভৰ তথ্য আজি খোদ ইছৰ’ই দিছে। ইছৰ’ই টুইট কৰি কয় যে গগনযানৰ টিভি-ডি১ মুকলি কৰাৰ কাৰণ চিনাক্ত কৰি শুধৰোৱা হৈছে। এতিয়া পুৱা ১০ বজাত উন্মোচন হ’ব। লঞ্চ স্থগিত ৰখাৰ লগে লগে ইছৰোৰ মুৰব্বী এছ…
Read More