07
Nov
দিল্লীত প্ৰদূষণক লৈ চলি থকা ৰাজনৈতিক যুঁজ বন্ধ কৰক। ৰাজধানীৰ বায়ুৰ গুণাগুণে শ্বাসৰুদ্ধকৰ মাত্ৰাত উপনীত হৈছে যিয়ে ‘মানৱ স্বাস্থ্যক হত্যা কৰিছে’। দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। যোৱা এসপ্তাহ ধৰি দিল্লীৰ বায়ুৰ গুণাগুণ ‘অতি ভয়ানক’ স্তৰত উপনীত হৈছে। ৰাজধানী চহৰখনৰ প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে ইতিমধ্যে ১০ নৱেম্বৰলৈ প্ৰাথমিক বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহক দিল্লীৰ প্ৰদূষণৰ বাবে ধমক দিয়ে। আদালতে কয় যে দিল্লীৰ এই প্ৰদূষণৰ মূল কাৰণ হৈছে প্ৰতি শীতকালত চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাত শস্যৰ অৱশিষ্ট জ্বলোৱা। সেয়ে এই দুয়োখন ৰাজ্যক শস্যৰ খোলা জ্বলোৱা বন্ধ…