ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

তামিলনাডুত দুখন বাছৰ সংঘৰ্ষত ৫ জন লোকৰ মৃত্যু। লগতে এই দুৰ্ঘটনাত ৬০ জন লোক আহত হোৱাৰ খবৰ। আহতসকলক তিৰুপট্টৰ জিলাৰ ৱনিয়াম্বাদী চৰকাৰী চিকিৎসালয় আৰু ভেল্লোৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে পুৱা চেন্নাই-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰী বাছ আৰু আন এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত কমেও পাঁচজন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি দুয়োখন বাছৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ঘটনাস্থলীত দহখন এম্বুলেন্সৰ জৰিয়তে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে সহায় কৰিছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে। আৰক্ষীৰ তথ্য অনুসৰি নিহত লোকসকলৰ ভিতৰত আছে ৩২ বছৰীয়া ঋতিকা, ৩৭ বছৰীয়া ৱানিয়ামবাডীৰ মহম্মদ ফিৰোজ, এছইটিচিৰ বাছ চালক কে…
Read More
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জয়পুৰত উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিজেপিক তীব্ৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে ৰাজস্থান মডেলক প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে আৰু বিজেপি ইছ্যুহীন। কংগ্ৰেছে কৰ্মৰ ভিত্তিত থকাৰ বিপৰীতে বিজেপি ইডি আৰু মেৰুকৰণৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হব বিচাৰিছে। জয়ৰাম ৰমেশে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে সদায় গুজৰাটৰ মডেলৰ কথা কয়, কিন্তু আমি ক’ব পাৰো যে যোৱা পাঁচ বছৰত ৰাজস্থানৰ মডেলো আহিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে চিৰঞ্জীৱ স্বাস্থ্য আঁচনি এক বৈপ্লৱিক পদক্ষেপ। বিজেপিক আক্ৰমণ কৰি জয়ৰামে কয় যে মেৰুকৰণৰ ৰাজনীতিয়ে কাম নকৰে, খোদ কৰ্ণাটকতে ৰাইজে এনে ৰাজনীতিক নাকচ কৰিছে। যোৱা পাঁচ বছৰত ৰাজস্থান…
Read More
কাটাৰত ৮ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল ভাৰতৰ…

কাটাৰত ৮ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল ভাৰতৰ…

কাটাৰত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন জোৱানক মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে ভাৰতৰ আবেদন। কাটাৰ আদালতত এই আবেদন দাখিল কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, সকলো আইনী দিশ বিবেচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীয়ে কাটাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮ গৰাকী কমাণ্ডাৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে কাটাৰ আদালতে। ইজৰাইলৰ সপক্ষে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে এই ৮ গৰাকী ভাৰতীয়ৰ বিৰুদ্ধে। ২০২২ চনৰ আগষ্ট মাহত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই অভিযুক্ত ভাৰতীয়ক কাটাৰৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। যোৱা মাহত নিম্ন আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে কয় যে কাটাৰ আদালতে দিয়া…
Read More
বিহাৰত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৫৬ শতাংশলৈ বৃদ্ধি! বিধানসভাত গৃহীত বিধেয়ক

বিহাৰত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৫৬ শতাংশলৈ বৃদ্ধি! বিধানসভাত গৃহীত বিধেয়ক

চৰকাৰী চাকৰি আৰু শিক্ষাত সংৰক্ষণ বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত বিহাৰ বিধানসভাত গৃহীত এখন বিধেয়ক। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতেশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ বিধেয়ক উত্থাপন হোৱাৰ পাছত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সেই বিধেয়কখনত কোৱা হৈছে যে জাতি ভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ লগতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও ১০ শতাংশ পৃথক সংৰক্ষণৰ কথা কোৱা হৈছে। মঙলবাৰে বিহাৰ বিধানসভাত জাতিগত গণনাৰ দ্বিতীয়খন প্ৰতিবেদন দাখিল কৰাৰ পিছত ৰাজ্যৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱত সংৰক্ষণ বৃদ্ধিৰ বাবে বিধেয়কখন উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। বিধানসভাৰ অধিৱেশনত এই সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী নীতেশে কয় যে আমাৰ চৰকাৰে পিছপৰা ছাত্ৰ-ছাত্ৰীক অধিকাৰ দিবলৈ বদ্ধপৰিকৰ। শেহতীয়া চৰকাৰী বিধেয়কখনত…
Read More
দীপাৱলীৰ বতৰত চীনা অৰ্থনীতিত মোক্ষম আঘাত ভাৰতৰ, বৃদ্ধি পাইছে দেশত নিৰ্মিত সামগ্ৰীৰ চাহিদা

দীপাৱলীৰ বতৰত চীনা অৰ্থনীতিত মোক্ষম আঘাত ভাৰতৰ, বৃদ্ধি পাইছে দেশত নিৰ্মিত সামগ্ৰীৰ চাহিদা

দীপাৱলীৰ পূৰ্বে মোক্ষম আঘাত চীনৰ অৰ্থনীতিত। দীপাৱলীৰ বতৰত প্ৰায় চীনক প্ৰায় এক লাখ কোটি টকাৰ অৰ্থনৈতিক আঘাত ভাৰতৰ। দৰাচলতে এইবাৰ ভাৰতে উৎসৱৰ বতৰত ঘৰুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বাতিল কৰা হৈছে সস্তীয়া চীনা সামগ্ৰী। দুৰ্গা পূজা বা দীপাৱলী বা ধনতেৰাছত বাতিল হৈছে চীনত নিৰ্মত সামগ্ৰী। দেশৰ জনতাই দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ বাবেই ঘৰুৱা বজাৰে লাভ কৰিছে প্ৰাধান্যতা। কেন্দ্রৰ ‘ভ’কেল ফৰ লোকেল’ আৰু ‘মেড ইন ইণ্ডিয়া’ৰ আহ্বানৰ প্ৰতি এতিয়া সঁহাৰি জনাইছে দেশবাসীয়ে৷ চেম্বাৰ্ছ অৱ কমাৰ্চে প্ৰদান কৰা তথ্য অনুসৰি এইবাৰ ভাৰতত ধনতেৰাছ উৎসৱৰ ব্যৱসায়ৰ মূল্য ৫০ হাজাৰ কোটি টকা। আৰু এই ব্যৱসায় হৈছে স্থানীয় সামগ্ৰীৰ। প্ৰতি বছৰে এই উপলক্ষে…
Read More
৮ বছৰ সম্পূৰ্ণ কৰিলে চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই! এয়া পুঁজিপতি ‘বন্ধু’ক ধনী কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত ৰাহুল গান্ধীৰ

৮ বছৰ সম্পূৰ্ণ কৰিলে চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই! এয়া পুঁজিপতি ‘বন্ধু’ক ধনী কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে বিমুদ্ৰাকৰণ আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ। ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন ধ্বংস হৈছে আৰু অসংগঠিত অৰ্থনীতি ধ্বংস হৈছে। তেওঁ বিমুদ্ৰাকৰণক অস্ত্ৰ বুলি অভিহিত কৰে, যাৰ জৰিয়তে পৰম মিত্ৰৰ বেগ ভৰাই ৬০৯ সংখ্যক স্থানৰ পৰা তেওঁক বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে গঢ়ি তোলা হয়। আজি বিমুদ্ৰাকৰণৰ বৰ্ষপূৰ্তিৰ সাত বছৰ সম্পূৰ্ণ হ’ল। ২০১৬ চনৰ ৮ নৱেম্বৰত চৰকাৰে বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে লিখিছে, ‘বিমুদ্ৰাকৰণ আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ। চাকৰি ধ্বংস কৰিবলৈ, শ্ৰমিকৰ আয় বন্ধ কৰিবলৈ, ক্ষুদ্ৰ ব্যৱসায় ধ্বংস কৰিবলৈ, কৃষকৰ ক্ষতি কৰিবলৈ আৰু অসংগঠিত অৰ্থনীতি ভাঙিবলৈ। ৯৯% সাধাৰণ ভাৰতীয়ৰ ওপৰত আক্ৰমণ, ১% পুঁজিপতি মোডীৰ ‘বন্ধু’ৰ…
Read More
বিহাৰত প্ৰায় ৪৩ শতাংশ পৰিয়ালৰ মাহিলী উপাৰ্জন সৰ্বাধিক ৬০০০ টকা! জাতিগত গণনাই উদঙাইছে ভয়ংকৰ স্বৰূপ

বিহাৰত প্ৰায় ৪৩ শতাংশ পৰিয়ালৰ মাহিলী উপাৰ্জন সৰ্বাধিক ৬০০০ টকা! জাতিগত গণনাই উদঙাইছে ভয়ংকৰ স্বৰূপ

বুধবাৰে (৮ নৱেম্বৰ ২০২৩) বিহাৰ বিধানসভাত দাখিল কৰা জাতিগত গণনাৰ প্ৰতিবেদন অনুসৰি ৰাজ্যখনৰ এক তৃতীয়াংশতকৈ অধিক পৰিয়ালে প্ৰতিদিনে ২০০ টকা বা তাতকৈ কম আয়েৰে জীৱন নিৰ্বাহ কৰি আছে, আনহাতে অনুসূচিত জাতিৰ লোকসকলেও একে উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰি আছে। ৰাজ্যখনত ২০০ টকাতকৈ কম দৈনিক মজুৰিত জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ সংখ্যা প্ৰায় ৪৩ শতাংশ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমীক্ষাৰ তথ্যৰ ভিত্তিত ৰাজ্যত অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য প্ৰকাশ কৰি কয় যে বিধানসভাৰ চলিত অধিৱেশনত এই সম্পৰ্কে এখন আইন অনাৰ সম্ভাৱনা আছে। আলোচনাত অংশ লোৱাৰ সময়ত নীতিশে এই মন্তব্য কৰে তেওঁৰ চৰকাৰে কৰা জাতিগত সমীক্ষাৰ বিশদ…
Read More
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ পূৰ্বে কেনেদৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বিনামূলীয়া ৰেচন? প্ৰশ্ন কংগ্ৰেছৰ

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ পূৰ্বে কেনেদৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বিনামূলীয়া ৰেচন? প্ৰশ্ন কংগ্ৰেছৰ

দেশৰ দুখীয়া মানুহক বিনামূলীয়া ৰেচন দিয়াৰ বিৰোধী নহয় কংগ্ৰেছ। কিন্তু নিৰ্বাচনী নিয়ম ভংগ কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত চৰকাৰী আঁচনি ঘোষণা কৰাৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছে দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে। কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদনৰ পূর্বে প্রধানমন্ত্রীয়ে কি অধিকাৰৰ দ্বাৰা এই আঁচনিৰ কথা ঘোষণা কৰিলে, দেশৰ সর্ববৃহৎ বিৰোধী দলটোৱেও প্রশ্ন উত্থাপন কৰিছে৷ এই সিদ্ধান্তই পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ ‘জুমলা’ প্ৰমাণ কৰিলে বুলি দাবী কৰে। শেহতীয়াকৈ মোডী আৰু বিজেপিয়ে বাৰে বাৰে দাবী কৰি আহিছে যে দেশত অৰ্থনৈতিক বৈষম্য হ্ৰাস পাইছে। নিম্ন শ্ৰেণী, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ক্ৰয় ক্ষমতা বাঢ়িছে। কংগ্ৰেছৰ প্ৰশ্ন, যদি সঁচাকৈয়ে হয়, তেন্তে পাঁচ বছৰৰ বাবে বিনামূলীয়া ৰেচন দিয়াৰ বিষয়টো কিয় আহি আছে? যোৱা…
Read More
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণৰক্ষা পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰথৰ চকাত এডাল বিদ্যুত পৰিবাহী তাঁৰৰ সংস্পৰ্শ ঘটে। যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰে ৰক্ষা পৰে অমিত শ্বাহ। ৰজস্থানৰ নগৌৰত সংঘটিত হয় এই ঘটনা। মঙলবাৰে বিদিয়াৰগ্ৰামৰ পৰা পৰ্বতসৰলৈ গৈ আছিল শ্বাহৰ ৰথ। পৰ্বতসৰৰ এটা জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে ৰথখন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। সেই ৰাস্তাৰ দুয়োকাষে দোকান-পোহাৰ আৰু বসতি আছে। লেনখনৰ মাজেৰে গৈ থাকোঁতে তেওঁৰ ৰথখন বিদ্যুতৰ তাঁৰ এডালে চুই যায়। তাৰ পৰাই স্ফুলিংগৰ সৃষ্টি হয়। তাৰ পিছত কেবলটো স্নেপ হয়। এই ঘটনাৰ পিছত কনভয়ত থকা লোকসকল আতংকিত হৈ পৰে। কিন্তু…
Read More
বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ IED বিস্ফোৰণ, BSF জোৱানসহ আহত ৩ জন

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ IED বিস্ফোৰণ, BSF জোৱানসহ আহত ৩ জন

প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে ৰক্তাক্ত হৈ পৰিছে ছত্তীশগড়। ৰাজ্যখনত সোমবাৰে বিয়লি সংঘটিত মাওবাদীৰ আইইডি বিস্ফোৰণত এগৰাকী বিএছএফ জোৱান আৰু দুজন ভোটকৰ্মী গুৰুতৰভাৱে আহত হয়। সোমবাৰে বিয়লি কাংকেৰ জিলাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ পথত মাওবাদীয়ে তেওঁলোকক আক্ৰমণ কৰে। প্ৰসংগক্ৰমে ১০১৮ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণতো কাংকেৰেত মাওবাদীৰ আক্ৰমণত নিহত হৈছিল এজন বি এছ এফৰ জোৱান। ছত্তীশগড় আৰক্ষীৰ তথ্য অনুসৰি ছোটাবেঠিয়া থানাৰ বনাঞ্চলত মাওবাদীয়ে চাৰিটা ভোটগ্ৰহণ দল আৰু তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফ আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া বাহিনীক আক্ৰমণ কৰে। মাৰবেডা শিবিৰৰ পৰা আন্তগড় বিধানসভাৰ ৰেংগাঘাটী ৰেংগাগাণ্ডী ভোটকেন্দ্ৰলৈ লৈ যোৱাৰ সময়তে এই…
Read More