ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ভূস্বৰ্গ কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণহীন হৈ ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল বাছ, কমেও ৩৫ জনৰ মৃত্যু

ভূস্বৰ্গ কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণহীন হৈ ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল বাছ, কমেও ৩৫ জনৰ মৃত্যু

জম্মু-কাশ্মীৰত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় কমেও ৩৫ জন যাত্ৰীয়ে। জম্মু-কাশ্মীৰৰ ডোডা জিলাত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি বুধবাৰে পুৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। উদ্ধাৰ অভিযান অগ্ৰগতিৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ অনুসৰি ৩৫ জন যাত্ৰীৰ মৃত্যু হৈছে। একাংশ লোকৰ শাৰীৰিক অৱস্থা সংকটজনক। জম্মু-কাশ্মীৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি সেই বাছখনত ৪০ জনতকৈ অধিক যাত্ৰী আছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বাছখন পাৰ হৈ আছিল। বাছখন এটা খাৱৈৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত বাছখনৰ চকাটো হঠাতে পিচলি পৰি যাত্ৰীসহ বাছখন প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি…
Read More
দীপাৱলীৰ পিছত পুনৰ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু! বৰষুণেও হ্ৰাস কৰিব পৰা নাই প্ৰদূষণ

দীপাৱলীৰ পিছত পুনৰ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু! বৰষুণেও হ্ৰাস কৰিব পৰা নাই প্ৰদূষণ

দীপাৱলীৰ পিছত পুনৰ ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিসংখ্যা অনুসৰি দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ (বায়ুৰ গুণাগুণ সূচকাংক বা একিউআই) প্ৰায় ৪০০। দীপাৱলীৰ কেইবাদিনো আগেয়ে বায়ুৰ গুণাগুণ বৃদ্ধি পাইছিল। কিন্তু দীপাৱলীৰ পাছত দিল্লীৰ বেছিভাগ ঠাইতে পুনৰ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। বুধবাৰে পুৱা ৬ বজালৈকে দিল্লীৰ আৰ কে পুৰম অঞ্চলত বায়ুৰ গুণাগুণ ৪১৭, আনন্দ বিহাৰ আৰু নাৰেলা অঞ্চলত একিউআই স্তৰ ৪৩০, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এলেকাত ৪০৩, পাঞ্জাবী বাগ অঞ্চলত ৪২৩। যোৱা বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে দিল্লীত সামান্যৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল। পৰিৱেশবিদসকলে অনুমান কৰিছিল যে বৰষুণ দিলেহে ৰাজধানীৰ বায়ুৰ গুণাগুণ উন্নত হ’ব পাৰে।…
Read More
কুকুৰৰ কামোৰৰ বলি হোৱা ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব এইখন ৰাজ্যই, গুৰুত্বপূৰ্ণ নিৰ্দেশ আদালতৰ

কুকুৰৰ কামোৰৰ বলি হোৱা ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব এইখন ৰাজ্যই, গুৰুত্বপূৰ্ণ নিৰ্দেশ আদালতৰ

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কুকুৰে কামোৰৰ বলি হোৱা লোকৰ সপক্ষে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। আদালতে কয় যে বাটৰ কুকুৰ আৰু অন্যান্য মালিকানাধীন জীৱ-জন্তুৱে কামোৰাৰ ক্ষেত্ৰত “প্ৰাথমিক দায়বদ্ধতা” ‘ৰাষ্ট্ৰ’ৰ ওপৰত। ইয়াৰ বাহিৰেও আদালতে কয় যে কামোৰাৰ ঘা হ’লে প্ৰতিটো দাঁতৰ দাগত ১০ হাজাৰ টকা আৰু ০.২ চে.মি.ৰ ঘাঁৰ বাবে নূন্যতম ২০ হাজাৰ টকা ক্ষতিপূৰণ দিব লাগে। শেহতীয়াকৈ এই সন্দৰ্ভত ১৯৩ খন আৱেদন দাখিল কৰা হৈছে। পোহনীয়া কুকুৰ হওক, বা ৰাজপথৰ মালিকহীন কুকুৰ হওক, বাটৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত পোৱাৰ ঘটনা নতুন নহয়। কুকুৰৰ আক্ৰমণত মৃত্যুৰ ঘটনাও সংঘটিত হৈছে। অক্টোবৰ মাহত কুকুৰে খেদি খেদি বাগ বাকৰি চাহ গ্ৰুপৰ কাৰ্যবাহী বিষয়া…
Read More
গুজৰাটত চেপ্টিক টেংক পৰিস্কাৰ কৰাৰ সময়তে বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ শ্ৰমিকৰ…

গুজৰাটত চেপ্টিক টেংক পৰিস্কাৰ কৰাৰ সময়তে বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ শ্ৰমিকৰ…

উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ হাজাৰ নিৰ্দেশনাৰ পিছতো দেশত অব্যাহত আছে চাফাই কৰ্মীৰ মৃত্যু। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত ৪ জন চাফাই কৰ্মীৰ মৃত্যু ঘটে। চুৰাটৰ পালছানা-কাটোদ্ৰা পথৰ সমীপত থকা এটা কাৰখানাৰ লেতেৰা টেংকি চাফা কৰি থকা অৱস্থাত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় কৰ্মী কেইজনৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে সন্ধিয়া কাৰখানাটোৰ চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। অগোছালি পৰিষ্কাৰ কৰা প্ৰথম দুজন শ্ৰমিকে বিষাক্ত গেছৰ পৰা চেতনা হেৰুৱাই পেলায়। তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰু দুজন শ্ৰমিক নামি যায়। ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁলোকো অসুস্থ হৈ পৰে। ইয়াৰ পিছত উপস্থিত থকা লোকসকলে…
Read More
মৰ্মান্তিক! ট্ৰেইলাৰ-চাৰিচকীয়াৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ মৃত্যু ৫ জনৰ

মৰ্মান্তিক! ট্ৰেইলাৰ-চাৰিচকীয়াৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ মৃত্যু ৫ জনৰ

ৰাজস্থানত শোকাবহ পথ দুৰ্ঘটনা। মন্দিৰলৈ যোৱাৰ সময়তে ট্ৰেইলাৰ ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষত মৃত্যু ৫ জনকৈ লোকৰ। ৰাজস্থানৰ বাৰমেৰ-জয়ছালমেৰৰ ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই লোমহৰ্ষক দুৰ্ঘটনা। জানিব পৰা মতে, এটা পৰিয়ালে যা্ত্ৰা কৰা বাহনখনে বাৰমেৰ জিলা ধোৰিমানা এলেকাত এখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ ঘটাত ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে এজন আহত হয়। নিহত সকলক ধনৰাজ (৪৫), স্বৰাঞ্জলি (৫), প্ৰশান্ত (৫), ভাগ্যলক্ষ্মী (১) আৰু গায়ত্ৰী (২৬) বুলি চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজন মহাৰাষ্ট্ৰৰ ভালগাঁৱৰ বাসিন্দা আৰু জয়ছলমেৰ অভিমুখে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
Read More
সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

বিধানসভা নিৰ্বাচন সন্দৰ্ভত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে সংঘৰ্ষ আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্য। মধ্যপ্ৰদেশৰ ছাজাপুৰত ৰাহুল গান্ধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ এজন মহান পণ্ডিতে আজিকালি মধ্যপ্ৰদেশত বিচৰণ কৰি আছে। মহাজ্ঞানীৰ দৰে মানুহৰ চিন্তাই দেশ ধ্বংস কৰি পেলালে। কংগ্ৰেছৰ বিৰুদ্ধে তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “য’তেই কংগ্ৰেছ আহিল তাতেই ধ্বংস কঢ়িয়াই আনিলে। কংগ্ৰেছ কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ শত্ৰু। যিয়েই নকৰক কিয়, এটা পৰিয়ালৰ নামত কৰে। কোনো চিন্তা নাই কংগ্ৰেছৰ।… আজি সমগ্ৰ মধ্যপ্ৰদেশে কৈছে যে আকৌ এবাৰ বিজেপি চৰকাৰ।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছত আপোনালোকক দিবলৈ কেৱল…
Read More
সেনাৰ ভুৱা এনকাউণ্টাৰত মৃত্যু ৩ যুৱকৰ! নিহতৰ পিতৃয়ে ক’লে- ‘এই দেশত মুছলমানৰ কোনো মূল্য নাই’

সেনাৰ ভুৱা এনকাউণ্টাৰত মৃত্যু ৩ যুৱকৰ! নিহতৰ পিতৃয়ে ক’লে- ‘এই দেশত মুছলমানৰ কোনো মূল্য নাই’

২০২০ চনৰ জুলাই মাহত জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত ভাৰতীয় সেনাৰ ‘ভুৱা এনকাউণ্টাৰ’ত তিনিজন লোক নিহত হৈছিল। এই গোচৰত সেনাই এজন বিষয়াৰ বিৰুদ্ধেও গোচৰ চলাইছিল। কিন্তু শেহতীয়াকৈ বিষয়াজনৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰখা হৈছে। ইফালে ‘ভুৱা এনকাউণ্টাৰ’ত নিহত হোৱা আবৰাৰ আহমেদৰ পিতৃ মহম্মদ ইউছুফ চৌহান (৬৫)য়ে কয় যে দেশৰ মুছলমানে আদালতৰ পৰা কোনো ন্যায় লাভ কৰিব নোৱাৰে। টেলিগ্ৰাফৰ প্ৰতিবেদন অনুসৰি, কেপ্তেইন ভূপেন্দ্ৰ সিঙৰ বিৰুদ্ধে সামৰিক আদালতৰ কাৰ্য্যবিধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি সশস্ত্ৰ বাহিনী ন্যায়াধিকৰণৰ প্ৰধান বিচাৰপীঠে কেপ্তেইন ভূপেন্দ্ৰ সিঙৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰখাৰ কথা গম পাই ইউছুফ চৌহানে অতি দুখী হৈ পৰিছিল। ট্ৰিবিউনেলে ৯ নৱেম্বৰত বিষয়াগৰাকীক জামিন মঞ্জুৰ কৰে। জানুৱাৰী মাহত সামৰিক…
Read More
বিশ্বকাপৰ ছেমি ফাইনেলক লৈ টিকটৰ ক’লা বজাৰ! মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ দুজনক

বিশ্বকাপৰ ছেমি ফাইনেলক লৈ টিকটৰ ক’লা বজাৰ! মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ দুজনক

এটা টিকটৰ দাম ডেৰ লাখৰ পৰা দুই লাখ টকা পৰ্যন্ত! ক’ৰবাত এক লাখ টকাৰ টিকট বিক্ৰী কৰা হৈছে টিকট। মুম্বাইৰ ক’লা বজাৰত ব্যাপক হাৰত বিক্ৰী হৈ আছে আই চি চি বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ টিকট। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা মেচৰ টিকটো উদ্ধাৰ কৰা হয়। ক্ৰিকেট প্ৰেমীসকলক টিকট ক্ৰয় কৰাৰ সময়ত সাৱধান হ’বলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে। প্ৰসংগক্ৰমে বুধবাৰে ৱাংখেড়ে ষ্টেডিয়ামত বিশ্বকাপৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল। এই খেলৰ পূৰ্বে মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি আকাশ কোথাৰী নামৰ এজন ব্যক্তিক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ বিশ্বকাপৰ ছেমি ফাইনেলৰ টিকট নিৰ্দিষ্ট মূল্যতকৈ…
Read More
গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

হায়দৰাবাদৰ এটা ৰাসায়নিক গুদামত সোমবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ২ গৰাকী মহিলাকে ধৰি ৬ জন লোকৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে চাৰি মহলালৈ বিয়পি পৰে। অধিক তথ্য দি ডিচিপি চেণ্ট্ৰেল জ’ন ভেংকটেশ্বৰ ৰাওৱে কয় যে হায়দৰাবাদৰ নামপাললীৰ বজাৰঘাটত এপাৰ্টমেণ্ট কমপ্লেক্সত অৱস্থিত এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুগৰাকী মহিলা আৰু ৪ জন পুৰুষৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে। ইফালে অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰ অভিযান চলাই সামান্য আহত ১৬ জনক নিৰাপদে উদ্ধাৰ কৰা হয়। হায়দৰাবাদ (টি এছ)ৰ নামপল্লী থানাৰ সীমাৰ অন্তৰ্গত এটা গুদামত সংঘটিত হৈছে এই ঘটনা। অগ্নিনিৰ্বাপক বাহিনীয়ে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰে।
Read More
প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই গাজা ষ্ট্ৰিপত ইজৰাইলী সামৰিক বাহিনীৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰে যুদ্ধবিৰতিৰ বাবে আহ্বান জনায়। গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক কাৰ্য্যকলাপক সমৰ্থন কৰা সেই চৰকাৰসমূহকো তেওঁ পৰোক্ষভাৱে আক্ৰমণ কৰে। সোমবাৰে (১৩ নৱেম্বৰ) প্ৰিয়ংকা গান্ধীয়ে এক্সত পোষ্ট কৰি গাজা ষ্ট্ৰিপৰ শিশুসকলৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ লিখিছে, “কি যে নিন্দনীয় আৰু অপমানজনক কাণ্ড। গাজাত ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় আধা শিশু।” প্ৰিয়ংকাই দাবী কৰিছে যে প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। তেওঁ লিখিছে, “বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি দহ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। এতিয়া সৰু ল’ৰা-ছোৱালীক অক্সিজেনৰ…
Read More