ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

সংঘাত আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্যঃ মধ্যপ্ৰদেশত ৰাহুল গান্ধীক সমালোচনা নৰেন্দ্ৰ মোদীৰ

বিধানসভা নিৰ্বাচন সন্দৰ্ভত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে সংঘৰ্ষ আৰু গুণ্ডাগিৰি কংগ্ৰেছৰ স্বভাৱগত বৈশিষ্ট্য। মধ্যপ্ৰদেশৰ ছাজাপুৰত ৰাহুল গান্ধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ এজন মহান পণ্ডিতে আজিকালি মধ্যপ্ৰদেশত বিচৰণ কৰি আছে। মহাজ্ঞানীৰ দৰে মানুহৰ চিন্তাই দেশ ধ্বংস কৰি পেলালে। কংগ্ৰেছৰ বিৰুদ্ধে তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “য’তেই কংগ্ৰেছ আহিল তাতেই ধ্বংস কঢ়িয়াই আনিলে। কংগ্ৰেছ কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ শত্ৰু। যিয়েই নকৰক কিয়, এটা পৰিয়ালৰ নামত কৰে। কোনো চিন্তা নাই কংগ্ৰেছৰ।… আজি সমগ্ৰ মধ্যপ্ৰদেশে কৈছে যে আকৌ এবাৰ বিজেপি চৰকাৰ।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছত আপোনালোকক দিবলৈ কেৱল…
Read More
সেনাৰ ভুৱা এনকাউণ্টাৰত মৃত্যু ৩ যুৱকৰ! নিহতৰ পিতৃয়ে ক’লে- ‘এই দেশত মুছলমানৰ কোনো মূল্য নাই’

সেনাৰ ভুৱা এনকাউণ্টাৰত মৃত্যু ৩ যুৱকৰ! নিহতৰ পিতৃয়ে ক’লে- ‘এই দেশত মুছলমানৰ কোনো মূল্য নাই’

২০২০ চনৰ জুলাই মাহত জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত ভাৰতীয় সেনাৰ ‘ভুৱা এনকাউণ্টাৰ’ত তিনিজন লোক নিহত হৈছিল। এই গোচৰত সেনাই এজন বিষয়াৰ বিৰুদ্ধেও গোচৰ চলাইছিল। কিন্তু শেহতীয়াকৈ বিষয়াজনৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰখা হৈছে। ইফালে ‘ভুৱা এনকাউণ্টাৰ’ত নিহত হোৱা আবৰাৰ আহমেদৰ পিতৃ মহম্মদ ইউছুফ চৌহান (৬৫)য়ে কয় যে দেশৰ মুছলমানে আদালতৰ পৰা কোনো ন্যায় লাভ কৰিব নোৱাৰে। টেলিগ্ৰাফৰ প্ৰতিবেদন অনুসৰি, কেপ্তেইন ভূপেন্দ্ৰ সিঙৰ বিৰুদ্ধে সামৰিক আদালতৰ কাৰ্য্যবিধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি সশস্ত্ৰ বাহিনী ন্যায়াধিকৰণৰ প্ৰধান বিচাৰপীঠে কেপ্তেইন ভূপেন্দ্ৰ সিঙৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰখাৰ কথা গম পাই ইউছুফ চৌহানে অতি দুখী হৈ পৰিছিল। ট্ৰিবিউনেলে ৯ নৱেম্বৰত বিষয়াগৰাকীক জামিন মঞ্জুৰ কৰে। জানুৱাৰী মাহত সামৰিক…
Read More
বিশ্বকাপৰ ছেমি ফাইনেলক লৈ টিকটৰ ক’লা বজাৰ! মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ দুজনক

বিশ্বকাপৰ ছেমি ফাইনেলক লৈ টিকটৰ ক’লা বজাৰ! মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ দুজনক

এটা টিকটৰ দাম ডেৰ লাখৰ পৰা দুই লাখ টকা পৰ্যন্ত! ক’ৰবাত এক লাখ টকাৰ টিকট বিক্ৰী কৰা হৈছে টিকট। মুম্বাইৰ ক’লা বজাৰত ব্যাপক হাৰত বিক্ৰী হৈ আছে আই চি চি বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ টিকট। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা মেচৰ টিকটো উদ্ধাৰ কৰা হয়। ক্ৰিকেট প্ৰেমীসকলক টিকট ক্ৰয় কৰাৰ সময়ত সাৱধান হ’বলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে। প্ৰসংগক্ৰমে বুধবাৰে ৱাংখেড়ে ষ্টেডিয়ামত বিশ্বকাপৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল। এই খেলৰ পূৰ্বে মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি আকাশ কোথাৰী নামৰ এজন ব্যক্তিক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ বিশ্বকাপৰ ছেমি ফাইনেলৰ টিকট নিৰ্দিষ্ট মূল্যতকৈ…
Read More
গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

হায়দৰাবাদৰ এটা ৰাসায়নিক গুদামত সোমবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ২ গৰাকী মহিলাকে ধৰি ৬ জন লোকৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে চাৰি মহলালৈ বিয়পি পৰে। অধিক তথ্য দি ডিচিপি চেণ্ট্ৰেল জ’ন ভেংকটেশ্বৰ ৰাওৱে কয় যে হায়দৰাবাদৰ নামপাললীৰ বজাৰঘাটত এপাৰ্টমেণ্ট কমপ্লেক্সত অৱস্থিত এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুগৰাকী মহিলা আৰু ৪ জন পুৰুষৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে। ইফালে অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰ অভিযান চলাই সামান্য আহত ১৬ জনক নিৰাপদে উদ্ধাৰ কৰা হয়। হায়দৰাবাদ (টি এছ)ৰ নামপল্লী থানাৰ সীমাৰ অন্তৰ্গত এটা গুদামত সংঘটিত হৈছে এই ঘটনা। অগ্নিনিৰ্বাপক বাহিনীয়ে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰে।
Read More
প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই গাজা ষ্ট্ৰিপত ইজৰাইলী সামৰিক বাহিনীৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰে যুদ্ধবিৰতিৰ বাবে আহ্বান জনায়। গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক কাৰ্য্যকলাপক সমৰ্থন কৰা সেই চৰকাৰসমূহকো তেওঁ পৰোক্ষভাৱে আক্ৰমণ কৰে। সোমবাৰে (১৩ নৱেম্বৰ) প্ৰিয়ংকা গান্ধীয়ে এক্সত পোষ্ট কৰি গাজা ষ্ট্ৰিপৰ শিশুসকলৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ লিখিছে, “কি যে নিন্দনীয় আৰু অপমানজনক কাণ্ড। গাজাত ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় আধা শিশু।” প্ৰিয়ংকাই দাবী কৰিছে যে প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। তেওঁ লিখিছে, “বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি দহ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। এতিয়া সৰু ল’ৰা-ছোৱালীক অক্সিজেনৰ…
Read More
ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। এই ক্ৰমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ নিৰ্বাচনী সভাত ভাষণ দি ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আহ্বান জনাই বিৰোধী দল কংগ্ৰেছক আক্ৰমণ কৰে। জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে যদি আমি ডাবল ইঞ্জিন চৰকাৰ গঠন কৰোঁ তেন্তে ৬ হাজাৰ টকাৰ আঁচনিখন ১২ হাজাৰ টকালৈ ৰূপান্তৰিত কৰিম। কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁ কয়, ‘ৰাহুল বাবাই কৈছিল, ৩৭০ অনুচ্ছেদ আঁতৰাই নিদিব, কাশ্মীৰত বৈ যাব তেজৰ নদী। এডাল লাঠিও ব্যৱহাৰ কৰা নহ’ল। কাশ্মীৰ আমাৰ। কংগ্ৰেছ দলে ৭০ বছৰ ধৰি ৩৭০ অনুচ্ছেদ নিজৰ কোলাত ৰাখিছিল।” ইয়াৰ বাহিৰেও গৃহমন্ত্ৰীগৰাকীয়ে ইউ পি এ চৰকাৰক স্মৰণ…
Read More
এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

বিশ্বকাপৰ খেলৰ মাজতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। ঘৰুৱা ক্ৰিকেটত তেওঁ অভাৰৰ ৬টা বলত ৬টা উইকেট দখল কৰি ৰচনা কৰে অনন্য ইতিহাস। এতিয়ালৈকে এই ঘটনা ক্ৰিকেটৰ ইতিহাসত এয়াই প্ৰথম। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত গোল্ড কোষ্ট প্ৰিমিয়াৰ লীগত চাৰ্ফাৰ্ছ পেৰাডাইজৰ বিৰুদ্ধে মুডগীৰাবাৰ খেলখন চলি আছিল। সেই মেচখন জয় কৰিবলৈ শেষৰ অভাৰত ৫ ৰানৰ প্ৰয়োজন হৈছিল চাৰ্ফাৰছক। শেষৰ অভাৰত বলিং কৰিবলৈ আহিছিল মুডগীৰাবাৰ অধিনায়ক গেৰেথ মৰ্গানে। অভাৰৰ প্ৰতিটো বলত তেওঁ এটা উইকেট লয়। মৰ্গানে দলটোক ৪ ৰানত জয়লাভ কৰোৱায়। মৰ্গানে প্ৰথমটো বলতে চাৰ্ফাৰ্ছৰ অ’পেনাৰ জেক গাৰ্লেণ্ডক আউট কৰে। জেকে ৬৫ ৰান খেলি আছিল। পৰৱৰ্তী পাঁচটা বলত শূন্য ৰাণত ক্ৰমান্বয়ে পতন…
Read More
প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ডিপফেক প্ৰযুক্তিৰ জৰিয়তে যুৱতীৰ অশ্লীল ফটো বনাই সামাজিক মাধ্যমত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। কৰ্ণাটকৰ খানাপুৰ অঞ্চলত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱকজন বাংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। যুৱকজনে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ পিছতে প্ৰতিশোধৰ অগণিত জ্বলা যুৱকজনে যুৱতীগৰাকী ছবিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ‘ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি অশ্লীল ছবি নিৰ্মাণ কৰে। আৰক্ষীয়ে দাবী কৰে যে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি নিদিলে সেই ছবিসমূহ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিব বুলিও ভাবুকি দিছিল। আৰক্ষীৰ মতে, অভিযুক্তই ছোৱালীজনীৰ…
Read More
৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়া তিহাৰ জেলৰ পৰা নিজ গৃহত উপস্থিত হৈছে। অসুস্থ পত্নীক দেখা কৰিবলৈ স্বগৃহত উপস্থিত হয় ছিছ’দিয়া। কটকটীয়া নিৰাপত্তাৰ মাজতে দিল্লী আৰক্ষীৰ এটা দলে তেওঁক ঘৰলৈ লৈ যায়। উল্লেখ্য যে চিছ’দিয়াই তেওঁৰ পত্নীক লগ পাইছে সেই ঘৰত যিটো ঘৰ এতিয়া আনুষ্ঠানিকভাৱে আতিশীক দিল্লী চৰকাৰে আবণ্টন দিছে। এই ঘৰটো আগতে তেতিয়াৰ মন্ত্ৰী মনীষ ছিছ’দিয়াৰ নামত আবণ্টন দিয়া হৈছিল। দিল্লী সুৰা কেলেংকাৰিত জেলত আছে ছিছ’দিয়া। কালি আদালতে তেওঁক ৬ ঘণ্টাৰ বাবে পত্নীক লগ কৰাৰ অনুমতি দিছিল, সেই অনুসৰি ছিছ’দিয়াই পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰি আছে। এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা…
Read More
দিপাৱলীৰ নিশা ২ ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকাঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

দিপাৱলীৰ নিশা ২ ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকাঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

প্ৰদূষণৰ কথা মনত ৰাখি ব’ম্বে উচ্চ ন্যায়ালয়ে ফটকা জ্বলোৱাৰ সময় ৩ ঘণ্টাৰ পৰা ২ ঘণ্টালৈ হ্ৰাস কৰিছে। দীপাৱলীৰ দিনা নিশা ৮ৰ পৰা ১০ বজালৈহে অনুমতি দিয়া হ’ব। মুম্বাইৰ AQIৰ কথা ক’বলৈ গ’লে শনিবাৰে (১১ নৱেম্বৰ) ইয়াত AQI স্তৰ আছিল ৮২। বায়ুৰ গুণাগুণৰ উন্নতি দেখা যায় যদিও তথাপিও ইয়াৰ মানুহে ব’ম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি চলিব লাগিব। মুম্বাইৰ দাদৰ অঞ্চলত দীপাৱলীৰ সামগ্ৰীৰ বজাৰ আৰম্ভ হৈছে। এই বজাৰত উপস্থিত থকা ৰাইজে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত মানি চলিব বুলি কয়। প্ৰদূষণৰ কথা মনত ৰাখি উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত লৈছে, মুম্বাই চহৰৰ অৱস্থা দিল্লীৰ দৰে হ’ব নালাগে, সেয়েহে আমি সকলো নিয়ম মানি চলিম। মুম্বাইৰ…
Read More