ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোডীক জাতিৰ পিতাৰ সৈতে তুলনা! উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

প্ৰধানমন্ত্ৰী মোডীক জাতিৰ পিতাৰ সৈতে তুলনা! উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

প্ৰধানমন্ত্ৰী মোডীক মহাত্মা গান্ধীৰ সৈতে তুলনা কৰি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৰা মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছ সাংসদ মণিকম ঠাকুৰ। ঠাকুৰে কয় যে তৈল মৰ্দনৰ সীমা আছে যদিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সেই সীমাও অতিক্ৰম কৰিছে। এনেকৈ কথা পাতিলে আপুনি যি পদবীত আছে তাৰ প্ৰতিপত্তি বাঢ়ি নাযায়। দৰাচলতে ২৭ নৱেম্বৰ সোমবাৰে এক অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে যোৱা শতিকাৰ মহান ব্যক্তি মহাত্মা গান্ধী, কিন্তু এই শতিকাৰ মহান ব্যক্তি নৰেন্দ্ৰ মোডী। তেওঁ কয় যে মহাত্মা গান্ধীয়ে আমাক সত্য আৰু অহিংসাৰ জৰিয়তে ইংৰাজৰ দাসত্বৰ পৰা মুক্ত কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক প্ৰগতিৰ পথত ৰাখিছে, যাৰ ওপৰত আমি সদায় চাব ​​বিচাৰো। জৈন চিন্তাবিদ তথা…
Read More
বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত আনন্দ উদযাপন! কাশ্মীৰত গ্ৰেপ্তাৰ ৭ শিক্ষাৰ্থী

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত আনন্দ উদযাপন! কাশ্মীৰত গ্ৰেপ্তাৰ ৭ শিক্ষাৰ্থী

বিশ্বকাপ-২০২৩ৰ ফাইনেলত ভাৰতৰ পৰাজয় উদযাপন কৰা জম্মু-কাশ্মীৰৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত আটাইকেইজন কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে। অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আটাই কেইজনক। সোমবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে। আটাইকেইজন অভিযুক্ত শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰক্ষীয়ে জনোৱা মতে, এজন অস্থানীয় ছাত্ৰৰ অভিযোগৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষাৰ্থী কেইজনক। অভিযোগকাৰী ছাত্ৰজনে তেওঁৰ সহপাঠীসকলে তেওঁক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰিছিল। ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে আপত্তিজনক শ্লোগান দি ভাৰতৰ পৰাজয় উদযাপন কৰিছিল। বিষয়াসকলে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ইউএপিএ আৰু আইপিচিৰ বিভিন্ন শাখাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।…
Read More
বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই বিবাহিত প্ৰেমিকে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি মাটিত পুতি থলে প্ৰেমিকাক

বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই বিবাহিত প্ৰেমিকে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি মাটিত পুতি থলে প্ৰেমিকাক

দেশত পুনৰ সংঘটিত হৈছে প্ৰেমজনিত আন এক অপৰাধ। এইবাৰ প্ৰেমৰ জালত ফচাই এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা কৰি মৃতদহ টুকুৰা টুকুৰকৈ কাটি পুতি থলে এজন পাষণ্ড বিবাহিত পুৰুষে। এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ নবাৰংপুৰক জিলাত। তথ্য অনুসৰি মৃত জনজাতীয় যুৱতীগৰাকীৰ বয়স আছিল ২২ বছৰ। যুৱতীগৰাকীৰ পিতৃয়ে বুধবাৰে কন্যা ঘৰৰ পৰা ওলাই অহাৰ কথা জানিবলৈ দিয়ে। যুৱতীগৰাকী বহুদিন ঘৰলৈ উভতি নোযোৱাৰ পিছত পৰিয়ালৰ লোকে তেওঁক লৈ চিন্তিত হৈ পৰে। ইয়াৰ পিছতে গাঁৱৰ ৰাইজৰ লগতে পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়া অঞ্চলত যুৱতীগৰাকীক বিচাৰিবলৈ আৰম্ভ কৰে। সকলোতে বিচাৰ খোচাৰ কৰাৰ পিছতো ছোৱালীজনীৰ কোনো সন্ধান নোপোৱাত পৰিয়ালে যুৱতীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ খবৰ আৰক্ষীক দাখিল কৰে। আনহাতে, ৰায়ঘৰ মহকুমা…
Read More
বৃদ্ধি পাব পাৰে TMC সাংসদ মহুৱা মৈত্ৰাৰ সমস্যা! এইবাৰ তদন্ত আৰম্ভ কৰিছে CBIয়ে

বৃদ্ধি পাব পাৰে TMC সাংসদ মহুৱা মৈত্ৰাৰ সমস্যা! এইবাৰ তদন্ত আৰম্ভ কৰিছে CBIয়ে

ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত সমস্যা বৃদ্ধি পাব পাৰে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰাৰ। এতিয়া এই গোচৰৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। চিবিআইৰ সূত্ৰ অনুসৰি তদন্তকাৰী সংস্থাটোৱে দুৰ্নীতি বিৰোধী ন্যায়াধীশৰ নিৰ্দেশমৰ্মে মহুৱা মৈত্ৰাৰ বিৰুদ্ধে প্ৰাৰম্ভিক তদন্ত পঞ্জীয়ন কৰিছে। বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে টিএমচিৰ সাংসদগৰাকীয়ে ব্যৱসায়ী দৰ্শন হিৰননন্দনীৰ পৰা প্ৰশ্ন সুধিবলৈ উৎকোচ লৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল। বিজেপিৰ সাংসদগৰাকীয়ে এই সমগ্ৰ বিষয়টো দুৰ্নীতি বিৰোধী লোকপালৰ ওচৰতো অভিযোগ দিছিল। লগতে মৈত্ৰাই আৰ্থিক লাভৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। সম্প্ৰতি লোকসভাৰ নৈতিকতা সমিতিয়ে মৈত্ৰাৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগৰ তদন্ত চলাই আছে। শেহতীয়াকৈ কমিটীয়েও মৈত্ৰাক এই বিষয়ত জেৰা…
Read More
দুসপ্তাহ ধৰি উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিক! বিকল ড্ৰিলিং মেছিন, এইবাৰ আৰম্ভ হাতেৰে খনন কাৰ্য

দুসপ্তাহ ধৰি উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিক! বিকল ড্ৰিলিং মেছিন, এইবাৰ আৰম্ভ হাতেৰে খনন কাৰ্য

উত্তৰাখণ্ডৰ উত্তৰকাশীত যোৱা ১৪ দিন ধৰি এই সুৰংগটোত আবদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ আমেৰিকাৰ পৰা আমদানি কৰা অগাৰ মেচিনটোও বিকল হৈ পৰিছে। শুকুৰবাৰে নিশালৈকে অগাৰ মেচিনটোৱে বহুত ভাল কাম কৰি আছিল, প্ৰায় ৪৭ মিটাৰ পৰ্যন্ত ড্ৰিলিঙৰ কাম সম্পূৰ্ণ হৈছিল, কিন্তু মাজতে ই হাৰ মানিলে। ইয়াৰ বহু অংশ ভিতৰত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছত কাটি উলিয়াই অনা হৈছে। লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইনে কয় যে চৰকাৰৰ সৈতে উপলব্ধ সকলো সংস্থাৰ পৰা সহায় লোৱা হৈছে। তেওঁ কয় যে অগাৰটো সম্পূৰ্ণ নিয়ন্ত্ৰণত আছিল, ইয়াত কিছু বাধা আহিছে, এতিয়ালৈকে ই ভালদৰে কাম কৰি আছিল যদিও কিছু অংশ ভাঙি গৈছে, ইয়াক উলিয়াবলৈ…
Read More
তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে টি ৰামা ৰাওলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ। তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে কেটিআৰে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগে ২৬ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত কেটিআৰক এই জাননীৰ উত্তৰ দিবলৈ কয়। টি-ৱৰ্কছ (চৰকাৰী প্ৰতিষ্ঠান)ত নিযুক্তি সন্দৰ্ভত কৰা ঘোষণাৰ ওপৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে। মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী প্ৰচাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ বিৰুদ্ধেও তেওঁক সকীয়াই দিয়া হৈছে। নিৰ্বাচন আয়োগে জাননীত প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতা ৰনদীপ সিং সুৰজেৱালাই ২০ নৱেম্বৰত হায়দৰাবাদৰ টি ৱৰ্কছৰ কাৰ্যালয়লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত তেওঁ বৃহৎ সংখ্যক কৰ্মৰত…
Read More
শাৰী পিন্ধি পোষ্ট কৰিছিল ভিডিঅ’! সামাজিক মাধ্যমৰ ঠাট্টা-বিদ্ৰুপ সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

শাৰী পিন্ধি পোষ্ট কৰিছিল ভিডিঅ’! সামাজিক মাধ্যমৰ ঠাট্টা-বিদ্ৰুপ সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

সামাজিক মাধ্যমত শাৰী পিন্ধি সাজি কাজি এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছতে নেটিজেনৰ কটুক্তি, বিদ্ৰুপ সহ্য কৰিব নোৱাৰি অৱশেষত চৰম পথ বাছি ল’লে এটি ১৬ বছৰীয়া কিশোৰে। মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে ১৬ বছৰীয়া কিশোৰীজন দশম শ্ৰেণীৰ ছাত্ৰ। ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ হিচাপেও পৰিচিত আছিল কিশোৰজন। ছ’চিয়েল মিডিয়া প্ৰফাইলত শাৰী পিন্ধি কেইবাখনো ছবি আৰু ভিডিঅ’ আছে। দুৰ্গা পূজাৰ সময়তো ৰঙা-বগা শাৰী পিন্ধি এখন ছবি পোষ্ট কৰিছিল। লগতে নিয়মিতভাৱে লিপষ্টিক আৰু নেল পলিচ লগাইছিল। কিন্তু ছোৱালীৰ দৰে এনেদৰে সাজি কাজি ভিডিঅ’ আৰু ফটো পোষ্ট কৰাৰ বাবেই একাংশ নেটিজেনে প্ৰতিনিয়ত কটুক্তি আৰু বিদ্ৰুপ কৰিছিল কিশোৰজনক। ইয়াৰ পিছতে শেহতীয়াকৈ ঘৰত চিপ…
Read More
ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! হিন্দু মহিলাক ধৰ্মান্তৰকৰণ কৰি গ্ৰেপ্তাৰ মৌলবী

ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! হিন্দু মহিলাক ধৰ্মান্তৰকৰণ কৰি গ্ৰেপ্তাৰ মৌলবী

ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! মৌলৱীয়ে এনে কথাৰ প্ৰচাৰ কৰিয়েই হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰি অহা অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ বাসিন্দা এই ব্যক্তিজনক নিজ অঞ্চলত ভূত-প্ৰেত খেদা ওজা বুলি জনা যায়। শেহতীয়াকৈ এগৰাকী মহিলাই অদ্ভুত আচৰণ কৰিছিল। মাজে মাজে হঁহা-কন্দা কৰা মহিলাগৰাকীক ভূতে লম্ভা বুলি বিশ্বাস কৰি মৌলবীজনৰ ওচৰ পায় পৰিয়ালৰ লোক। অভিযোগ অনুসৰি মৌলবীয়ে ভূত-প্ৰেত খেদাৰ নামত মহিলাগৰাকীৰ ধৰ্ম সলনি কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ পুত্ৰৰ এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত মৌলবীৰৰ নাম ছৰফৰাজ। অক্ষয় শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। স্থানীয় থানাত দাখিল কৰা এজাহাৰত অক্ষয়ে কয় যে…
Read More
দিল্লীস্থিত আফগান দূতাবাস বন্ধ কৰাৰ ঘোষণা, কিয় এই সিদ্ধান্ত তালিবানৰ?

দিল্লীস্থিত আফগান দূতাবাস বন্ধ কৰাৰ ঘোষণা, কিয় এই সিদ্ধান্ত তালিবানৰ?

ভাৰতৰ ৰাজধানী দিল্লীত থকা দূতাবাস বন্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আফগানিস্তানে। নতুন দিল্লীত থকা কূটনৈতিক অভিযান বন্ধ হোৱাৰ সন্দৰ্ভত আফগানিস্তান চৰকাৰে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে ২০২৩ চনৰ ২৩ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱা ভাৰত চৰকাৰৰ অবিৰত প্ৰত্যাহ্বানৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰি আফগানিস্তান চৰকাৰে কয় যে আমি আয়োজক চৰকাৰৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন লাভ কৰা নাই, সেয়েহে আমি এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো। বিবৃতিটোত আৰু কোৱা হৈছে যে কৰ্মচাৰী আৰু সম্পদৰ নাটনি হৈছে। আফগান দূতাবাসে নিজৰ বিবৃতিত আৰু কয় যে বহুতে ইয়াক আভ্যন্তৰীণ সংঘাত হিচাপে দেখুৱাবলৈ চেষ্টা কৰাটোও সঁচা। আফগান দূতাবাসে…
Read More
তেলেংগানাত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী ৰণডংকা, কোনে, ক’ত, কেতিয়া সম্বোধন কৰিব জনসভা…

তেলেংগানাত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী ৰণডংকা, কোনে, ক’ত, কেতিয়া সম্বোধন কৰিব জনসভা…

আজি তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমাৱেশ ঘটিছে ৰাজনৈতিক নেতাৰ। ৰাজস্থানত কাইলৈ ​​ভোটদান, সেয়েহে তাত প্ৰচাৰৰ কোলাহল বন্ধ হৈ গৈছে। এতিয়া সকলো ৰাজনৈতিক দলৰ সকলো গুৰুত্ব কেৱল তেলেংগানাৰ ওপৰত, য’ত ৩০ নৱেম্বৰত ১১৯খন বিধানসভাৰ আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। আজিৰে পৰা বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে নিজ নিজ শক্তি পৰীক্ষা কৰিবলৈ নামি পৰিছে তেলেংগানাত। এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙক গোটেই সপ্তাহটো প্ৰচাৰ চলোৱা দেখা যাব, আনহাতে আনফালে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বও প্ৰচাৰ চলোৱা দেখা যাব। শনিবাৰৰ পৰা সোমবাৰলৈ কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী। এই সময়ছোৱাত তেওঁ তেলেংগানাতো প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে বিয়লি ২.১৫ বজাত…
Read More