29
Nov
২০২৪ বৰ্ষটো ভাৰতৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। মহাকাশৰ ক্ষেত্ৰত ভাৰতে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিব পাৰে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ইছৰ’ক এক বৃহৎ অফাৰ প্ৰদান কৰিছে। ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ সাজু বুলি প্ৰকাশ কৰিছে নাছাই। মঙলবাৰে এই কথা কয় আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ প্ৰশাসক বিল নেলচনে। নেলচনে কয় যে আমেৰিকা আৰু ভাৰতে অহা বছৰৰ শেষৰ ফালে এজন ভাৰতীয় মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাত কাম কৰি আছে। মহাকাশচাৰীক নাছাই নিৰ্বাচন নকৰে বুলি নেলচনে কয়। ইয়াৰ বাছনি কেৱল ইছৰ’ই কৰিব। ভাৰত ভ্ৰমণলৈ অহা নেলচনে মঙলবাৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। এই…