ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মূৰৰ ওপৰত ওলমি ৰৈছে গ্ৰেপ্তাৰৰ তৰোৱাল। ভয়ত ত্ৰস্তমান তেওঁৰ গোটেই দলটো। কিন্তু অৰবিন্দ কেজৰিৱাল নিজৰ স্থিতিৰ প্ৰতি অটল। তেওঁৰ স্পষ্ট কথা, "মই কোনো দুৰ্নীতি কৰা নাই। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোৰ সততাক কলংকিত কৰিব বিচাৰিছে।" ইডিয়ে ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু সাংসদ সঞ্জয় সিঙক। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত তালাচী চলোৱা হয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰ্যকলাপৰ মাজতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনাই আপৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে। অৱশ্যে কেজৰিৱালে কয়, ‘মই কোনো দুৰ্নীতি কৰা নাই। দুৰ্নীতি হ’লে সেই কোটি কোটি টকা ক’লৈ গ’ল?” আপ ছুপ্ৰেমোৱে কয়, "মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল মোৰ…
Read More
ইচ্ছা অনুসৰি কৰিব নোৱাৰিব চমন! উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

ইচ্ছা অনুসৰি কৰিব নোৱাৰিব চমন! উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

আদালতৰ ন্যায়াধীশসকলে গোচৰৰ প্ৰয়োজনীয়তাৰ বাবে চৰকাৰী বিষয়াসকলক প্ৰায়ে মাতি আনে। অৱশ্যে এইবাৰ উচ্চ ন্যায়ালয়ে চৰকাৰী বিষয়াক ইচ্ছামতে মাতিব নোৱাৰিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিশেষ নিৰ্দেশনা প্ৰদান কৰে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰিছে। গাইডলাইনত উল্লেখ আছে যে যদি কোনো শপতনামা বা নথি ব্যৱহাৰ কৰা হয়, তেন্তে শাৰীৰিক চমন কৰিব নোৱাৰিব। আদালতে অনুভৱ কৰে যে প্ৰদান কৰা প্ৰমাণ পৰ্যাপ্ত নহয়। যদি প্ৰমাণ দমন কৰাৰ চেষ্টা হয়, তেন্তে চৰকাৰী বিষয়াজনক চমন কৰিব পাৰিব। যদিহে বিষয়াজনে দিয়া শপতনামা আৰু আদালতৰ পৰ্যবেক্ষণৰ মিল নাথাকে তেন্তে সেই ভিত্তিত বিষয়াজনক মাতিব নোৱাৰিব। যদি…
Read More
‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

'তিছৰী বাৰ মোডী চৰকাৰ, অব কী বাৰ ৪০০ পাৰ।' ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এই শ্লোগান। মঙলবাৰে এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। এনে দাবী এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ। মঙলবাৰৰ বৈঠকত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা। দুঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ভূপেন্দ্ৰ যাদৱ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ‘অব কী বাৰ ৪০০ পাৰ’ শ্লোগানেৰে বিজেপিয়ে আগবাঢ়ি যাব বিচাৰে। প্ৰসংগক্ৰমে যোৱা ডিচেম্বৰ মাহত জনা গৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নেতাসকলৰ বৈঠক আৰম্ভ…
Read More
কিয় বাতিল কৰা হ’ল মহুৱা মৈত্ৰাৰ সাংসদ পদ? লোকসভা সচিবালয়লৈ জাননী উচ্চতম ন্যায়ালায়ৰ

কিয় বাতিল কৰা হ’ল মহুৱা মৈত্ৰাৰ সাংসদ পদ? লোকসভা সচিবালয়লৈ জাননী উচ্চতম ন্যায়ালায়ৰ

সাংসদ পদ বাতিল সন্দৰ্ভত মহুৱা মৈত্ৰাই দাখিল কৰা গোচৰত উচ্চতম ন্যায়ালয়ে লোকসভা সচিবালয়লৈ জাননী প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছে যে মহুৱাৰ সাংসদ পদ কিয় বাতিল কৰা হ’ল। সচিবালয়ক ৩ সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছে। ১১ মাৰ্চৰ পিছত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। লোকসভাত কৃষ্ণনগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগ উত্থাপন হৈছিল। নৈতিকতা সমিতিৰ এই প্ৰস্তাৱৰ পিছতে তৃণমূল সাংসদগৰাকীক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয়। আনকি তেওঁক নিজৰ পক্ষ ৰাখিবলৈও সংসদত সুযোগ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে মহুৱাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। যোৱা মাহত মহুৱাই গোচৰৰ শীঘ্ৰে শুনানি গ্ৰহণৰ বাবেও…
Read More
বছৰৰ আৰম্ভণিতে সীমা-শচীনলৈ ভাল খবৰঃ পুনৰ মাক হ’বলৈ ওলাইছে পাক কন্যা সীমা হায়দাৰ…

বছৰৰ আৰম্ভণিতে সীমা-শচীনলৈ ভাল খবৰঃ পুনৰ মাক হ’বলৈ ওলাইছে পাক কন্যা সীমা হায়দাৰ…

পুনৰ এবাৰ মাতৃ হ’বলৈ ওলাইছে সীমা হায়দৰ। ভাৰতীয় যুৱক শচীনৰ প্ৰেমৰ পৰি যোৱা বছৰৰ জুন মাহত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল সীমা হায়দৰ। এতিয়া নতুন বছৰৰ আৰম্ভণিতে শচীন-সীমালৈ আহিছে ভাল খবৰ। এইবাৰ শচীনৰ সন্তানৰ মাতৃ হ’বলৈ ওলাইছে পাকিস্তানী কন্যা সীমা। উল্লেখ্য যে, সীমাৰ প্ৰথম স্বামীৰ ফালৰ পৰা তেওঁৰ চাৰিটা সন্তান আছে। উল্লেখ্য যে, পাব-জি মোবাইল গেমৰ জৰিয়তে শচীনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল পাকিস্তানৰ সীমাৰ। ইয়াৰ পিছতে নেপাল হৈ প্ৰেমিক শচীনক লগ কৰিবলৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল তেওঁ। লগত লৈ আহিছিল পূৰ্বৰ স্বামীৰ ৪ সন্তানকো। উল্লেখ্য যে, সীমাৰ ডাঙৰজনী কন্যাৰ বয়স হৈছে ৮ বছৰ। উল্লেখ্য যে যোৱা ৪ জুলাইত অবৈধভাৱে ভাৰতত…
Read More
ৰাজপথত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ অৰ্জুনজয়ী আৰক্ষী বিষয়াৰ মৃতদেহ, হত্যাৰ সন্দেহ

ৰাজপথত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ অৰ্জুনজয়ী আৰক্ষী বিষয়াৰ মৃতদেহ, হত্যাৰ সন্দেহ

ৰাজপথৰ পৰা উদ্ধাৰ হ’ল এগৰাকী অৰ্জুন বঁটাপ্ৰাপক আৰক্ষী বিষয়াৰ ক্ষত বিক্ষত মৃতদেহ। পঞ্জাৱ আৰক্ষীত কৰ্মৰত প্ৰাক্তন ভাৰত্তোলক দলবীৰ সিঙৰ ৰহস্যজনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি বছৰৰ অন্তিম দিনটোত বন্ধু-বান্ধৱীক লগ কৰিছিল দলবীৰ সিঙে। ইয়াৰ পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত আৰক্ষী বিষয়াগৰাকীক হত্যা কৰা হৈছে বুলি অনুমান কৰা হৈছে। বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ২০০০ চনত ভাৰোত্তোলক দলবীৰ সিঙক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছতে তেওঁ পঞ্জাৱ সশস্ত্ৰ আৰক্ষীত ডি এছ পি হিচাপে যোগদান কৰে। ৩১ ডিচেম্বৰত তেওঁ বন্ধু-বান্ধৱীক লগ কৰিছিল। কিন্তু ইয়াৰ…
Read More
শ্বপিং মলত ফটো শ্বুটত বাধা পিতৃ-মাতৃৰ! নতুন বছৰৰ পহিলা দিনটোতে আত্মহনন এগৰাকী যুৱতীৰ

শ্বপিং মলত ফটো শ্বুটত বাধা পিতৃ-মাতৃৰ! নতুন বছৰৰ পহিলা দিনটোতে আত্মহনন এগৰাকী যুৱতীৰ

ফটো তুলি বিশ্ববাসীৰ লগত শ্বেয়াৰ কৰাটো নতুন প্ৰজন্মৰ অন্যতম আবেগ। কিন্তু এই ফটোশ্বুটৰে বাটত হেঙাৰ হৈ থিয় হ’ল পিতৃ-মাতৃ। নতুন বছৰৰ পহিলা দিনটোত শ্বপিং মলত ফটো উঠিব বিচাৰিছিল এগৰাকী তৰুণীয়ে। কিন্তু পিতৃ-মাতৃয়ে বাধা দিয়াৰ বাবেই অভিমানত আত্মহননৰ দৰে পথ বাচি ল’লে যুৱতীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ সুধামনগৰ অঞ্চলত। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম হৈছে বৰ্ষিনী। ২১ বছৰীয়া যুৱতীগৰাকী আছিল বাংগালুৰৰ এখন মহাবিদ্যালয়ৰ স্নাতকৰ ছাত্ৰী। অধ্যয়নৰ লগতে ফটোগ্ৰাফীৰো প্ৰশিক্ষণো লৈছিল যুৱতীগৰাকীয়ে। তেওঁ নতুন বছৰত শ্বপিং মলত ফটো শ্বুট কৰাৰ সিদ্ধান্ত লৈছিল যদিও অভিভাৱকে আপত্তি ব্যক্ত কৰে। এই বিষয়ক লৈ পিতৃ-মাতৃৰ সৈতে কিছু সময় কথাৰ কটাকটি হোৱাৰ পিছত নিজৰ কোঠালৈ…
Read More
বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক। বিজেপিৰ সাংসদ ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙে শেহতীয়াকৈ ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতিৰ সভাপতি নির্বাচিত হোৱাৰ দিনাই নিজৰ জোতা টেবুলত থৈ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে সাক্ষী মালিকে৷ তেতিয়াই সাক্ষীক বাৰাণসীৰ পৰা মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইণ্ডিয়া এলায়েন্সে প্ৰস্তাৱ দিছিল আৰু তেওঁ সেই কথাত সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। চলিত মাহত ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰাণসীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ কোনোবা…
Read More
বছৰৰ শেষত যোগীৰাজ্যত নিৰ্মম কাণ্ড! যৌন নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই দলিত যুৱতীক কঠোৰ শাস্তি

বছৰৰ শেষত যোগীৰাজ্যত নিৰ্মম কাণ্ড! যৌন নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই দলিত যুৱতীক কঠোৰ শাস্তি

যৌন নিৰ্যাতনৰ প্ৰতিবাদ কৰাৰ বাবেই এগৰাকী ১৮ বছৰীয়া দলিত যুৱতীক বিহা হ’ল নিৰ্মম শাস্তি। বছৰৰ বিদায় বেলাত পুনৰ এবাৰ এই লোমহৰ্ষক ঘটনা সংঘটিত হ’ল যোগী ৰাজ্য উত্তৰ প্ৰদেশত। নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই উতলা তেলৰ কেৰাহীত ভৰাই কঠোৰ শাস্তি বিহা হয় যুৱতীগৰাকীক। বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছে দলিত যুৱতীগৰাকী। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে যোগীৰাজৰ বাঘপাটত। যুৱতীগৰাকীৰ ভাতৃয়ে আৰক্ষীক অভিযোগ কৰে যে তেওঁৰ ভগ্নীয়ে ধনুদাৰ ছিলভাৰনগৰ গাঁৱৰ এটা তৈল মিলত কাম কৰিছিল। মিলৰ মালিক প্ৰমোদ, তেওঁৰ সংগী ৰাজু আৰু সন্দীপে যুৱতীগৰাকীক নিৰ্যাতন চলায়। প্ৰতিবাদ কৰাৰ সময়ত অভিযুক্তই জাতি উত্থাপন কৰি অশ্ৰাব্য ভাষাত গালি-গালাজ কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীক…
Read More
২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি পালন কৰক দীপাৱলী- দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ

২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি পালন কৰক দীপাৱলী- দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ

২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যাক ৰেল ষ্টেচন আৰু বিমানবন্দৰ উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে অযোধ্যাবাসীৰ বাবে এই ৰেল ষ্টেচন উচৰ্গা কৰে। বিমানবন্দৰৰ পৰা ৰেল ষ্টেচনলৈকে এটা ৰোড শ্ব’ও কৰা হৈছিল আৰু তাৰ পিছত বুটামটো টিপি বিমানবন্দৰটো অযোধ্যাৰ হাতত গতাই দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪০ কোটি দেশবাসীক ২২ জানুৱাৰীত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি সকলোকে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ২২ জানুৱাৰীৰ সন্ধিয়া চৌদিশ উজ্বলি থকা উচিত। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ, এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উৎসাহ অতি স্বাভাৱিক।…
Read More