ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে বিশেষ মুদ্ৰা নিৰ্মাণ এটা মুছলমান পৰিয়ালৰ…

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে বিশেষ মুদ্ৰা নিৰ্মাণ এটা মুছলমান পৰিয়ালৰ…

২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উৎফুল্লিত হৈ পৰিছে দেশবাসী। এই ভব্য অনুষ্ঠানত ৭ হাজাৰ অতিথিয়ে অংশগ্ৰহণ কৰিব। কেৱল হিন্দু ধৰ্মাৱলম্বীয়েই নহয়, দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকো উৎফুল্লিত হৈ পৰিছে ৰাম মন্দিৰৰ অভিষেকক লৈ। তেনে এক মুছলমান পৰিয়ালেই হ’ল মুম্বাইৰ নিৱাসী শ্বাহবাজ ৰাথোড়ৰ পৰিয়াল। ৰাম মন্দিৰৰ অভিষেকৰ আনন্দত শ্বাহবাজ ৰাথোড়ৰ পৰিয়ালে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ মুদ্ৰা। স্বৰ্ণ বৰণৰ মুদ্ৰাৰ এটা পিঠিত ৰাম মন্দিৰৰ প্ৰতিৰূপ থকাৰ বিপৰীতে আনটো পিঠিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। এই পৰ্যন্ত ৩ হাজাৰ মুদ্ৰা প্ৰস্তুত কৰা মুছলমান পৰিয়ালটোৱে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ অহা বিশেষ ৰামভক্ত সকলৰ মাজত মুদ্ৰাখিনি বিতৰণ কৰাৰ ইচ্ছা ব্যক্ত…
Read More
কপালত ফোট, পিন্ধনত চুৰিদাৰ! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক যুৱক

কপালত ফোট, পিন্ধনত চুৰিদাৰ! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক যুৱক

যুৱতীৰ দৰে সাজি-কাছি প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক। এনে এক আজৱ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফৰিদকোটত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত অংগৰেজ সিং নামৰ যুৱকজনে যুৱতীৰ দৰেই ছেলোৱাৰ-কামিজ পৰিধান কৰি আৰু মেক-আপ লগাই প্ৰেয়সী পৰমজিৎ কৌৰৰ হৈ বাবা ফৰিদ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত বহুমুখী স্বাস্থ্য কৰ্মী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৭ জানুৱাৰীত কোটকাপুৰাৰ ডি এ ভি পাব্লিক স্কুলত অনুষ্ঠিত হোৱা এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আনকি যুৱতীৰ সাজত ফটো সম্বলিত ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডো ব্যৱহাৰ কৰিছিল অংগৰেজ সিঙে। কিন্তু পৰীক্ষা হলৰ বায়’মেট্ৰিক মেছিনত প্ৰকৃত প্ৰাৰ্থী অৰ্থাৎ প্ৰেয়সী পৰমজিৎ কৌৰৰ আঙুলিৰ ছাপৰ…
Read More
মোদীক পৰাজিত কৰিবলৈ হ’লে প্ৰয়োজন মমতা বেনাৰ্জীৰ ৰাজনৈতিক কৌশল! স্পষ্ট কৰিলে মল্লিকাৰ্জুন খাৰ্গেয়ে

মোদীক পৰাজিত কৰিবলৈ হ’লে প্ৰয়োজন মমতা বেনাৰ্জীৰ ৰাজনৈতিক কৌশল! স্পষ্ট কৰিলে মল্লিকাৰ্জুন খাৰ্গেয়ে

ইণ্ডিয়া মিত্ৰজোঁটত প্ৰয়োজন মমতা বেনাৰ্জীৰ। ইণ্ডিয়া এলায়েন্সৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে স্পষ্টভাৱে কয় যে বিজেপিক পৰাস্ত কৰিবলৈ হ’লে মমতাৰ কৌশল বাদ দিব নোৱাৰি। মমতাৰ ৰাজনৈতিক অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় ক্ষেত্ৰখনত গুৰুত্বৰ বাবে বংগত বিজেপিক বাধা দিবলৈ কংগ্ৰেছক প্ৰয়োজন। খবৰ অনুসৰি খাৰ্গেয়ে দলৰ বৈঠকত সেই কথা বুজাই দিছিল। নিজৰ কথাৰ ব্যাখ্যা দি এআইচিচিৰ এজন নেতাই কয় যে খৰ্গেজীয়ে দুই এটা শব্দৰে বুজাই দিলে যে মমতা বেনাৰ্জীয়ে বিজেপি বিৰোধী যুঁজত মমতা বেনাৰ্জীয়ে তেওঁলোকৰ সৈতে যোগদান কৰাটো বিচাৰিছে, জাতীয় যুঁজত মমতাৰ ৰাজনৈতিক কৌশলৰ প্ৰয়োজন। নেতাগৰাকীৰ মতে, আসনৰ আপোচ সন্দৰ্ভত মমতাৰ স্থিতি জানিও হাইকমাণ্ডে বংগত মিত্ৰতা ত্বৰান্বিত কৰিব বিচাৰিছে ঠিক এই কাৰণেই। শনিবাৰে…
Read More
গোৱা বিজেপিত সংঘাত! প্ৰাক্তন মুখ্যমন্ত্ৰীক দুৰ্নীতিগ্ৰস্ত আখ্যা দলৰে বিধায়কৰ

গোৱা বিজেপিত সংঘাত! প্ৰাক্তন মুখ্যমন্ত্ৰীক দুৰ্নীতিগ্ৰস্ত আখ্যা দলৰে বিধায়কৰ

গোৱাৰ ৰাজহ মন্ত্ৰী তথা বিজেপি নেতা বাবুছে নিজৰ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰয়াত মনোহৰ পাৰিকাৰৰ ২৫ বছৰীয়া কৰ্ম আৰু উত্তৰাধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰি বাবুছে কয় যে মনোহৰ পাৰিকৰে ২৫ বছৰীয়া ৰাজনীতিৰ সময়ছোৱাত পানাজী চহৰ ধ্বংস কৰিছিল। কিন্তু ইাতেই ক্ষান্ত নহ’ল বাবুছ। প্ৰশ্ন কৰি তেওঁ কয় – ‘পানাজীৰ প্ৰাক্তন বিধায়ক মনোহৰ পাৰিকৰে ২৫ বছৰ ধৰি কি কৰিলে কওকচোন, তেওঁৰ আত্মীয়ই মোক এটা প্ৰকল্প দেখুৱাব লাগে যিটো পানাজীৰ জনসাধাৰণৰ বাবে কৰা হৈছে।’ বাবুছৰ এই বক্তব্যৰ পিছত বিতৰ্ক বৃদ্ধি হোৱাটো স্বাভাৱিক আছিল। ততাতৈয়াকৈ বাবুছৰ বক্তব্যক আগত লৈ বিৰোধীয়েও ৰাজ্যখনৰ বিজেপি চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।…
Read More
দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হয় জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন। অনন্তনাগলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, পিডিপিৰ মুৰব্বীগৰাকীৰ এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে। জানিব পৰা মতে, খানাবলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাতৰ বাবে মেহবুবা মুফতীয়ে গৈ থকাৰ সময়তে তেওঁলোকৰ বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। সংবাদ সংস্থা পিটিআইয়ে দাবী কৰা মতে, এই দুৰ্ঘটনাত মুফতীৰ নিৰাপত্তাৰক্ষী সামান্য আঘাতপ্ৰাপ্ত হয়। ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা তথা জম্মু-কাশ্মীৰৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মুফতীৰ গাড়ী দুৰ্ঘটনাৰ খবৰ পাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই দুৰ্ঘটনাত নেত্ৰীগৰাকী আহত হোৱা নাই, এই খবৰত তেওঁ সুখী বুলি মন্তব্য কৰে…
Read More
কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি বিজেপিৰ ৰাডাৰত কংগ্ৰেছ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিঙে বিৰোধী দলটোক আক্ৰমণ কৰি কয় যে কংগ্ৰেছীসকল ঋতুভিত্তিক হিন্দু। অযোধ্যালৈ যাবলৈ তেওঁলোকৰ শক্তি নাই। জৱাহৰলাল নেহৰুৰ পিছত কংগ্ৰেছৰ কোনো লোক অযোধ্যালৈ যোৱা নাই। উল্লেখ্য যে, ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিমন্ত্ৰণ লাভ কৰিছিল যদিও তেওঁলোকে নাকচ কৰে। কংগ্ৰেছে কয় যে মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হোৱা নাই, সেয়েহে বিজেপিয়ে প্ৰথমে উদ্বোধন কৰি নিৰ্বাচনী সুবিধা লাভৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ এক বিবৃতি অনুসৰি ছোনিয়া গান্ধী, দলৰ মুৰব্বী…
Read More
মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

নিশা শুই থকা সময়তে ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ধোঁৱাৰ বাবে উশাহ বন্ধ হৈ বিচনাতে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল পাঁচটি শিশুৱে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা সোমবাৰে নিশা ঘৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ভিতৰত শুই আছিল ৭ জন লোকে। কিন্তু ধোঁৱাই সমগ্ৰ ঘৰটো বেঢ়ি ধৰাৰ ফলত ৫ টি শিশুৰ মৃত্যু ঘটে। ইফালে পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি ওচৰ-চুবুৰীয়াৰ সন্দেহ জাগে। তাৰ পিছতে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত সোমোৱাত দুজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি সেই ঘৰৰ মালিক আছিল ৰহিজুদ্দিন। দুৰ্ঘটনাত ৰহিজুদ্দিনৰ তিনি শিশুৰ লগতে তেওঁৰ আত্মীয়ৰ…
Read More
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ কৰাত অনুমতি নিদিলে মণিপুৰ চৰকাৰে, ক’ৰ পৰা আৰম্ভ হ’ব যাত্ৰা?

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ কৰাত অনুমতি নিদিলে মণিপুৰ চৰকাৰে, ক’ৰ পৰা আৰম্ভ হ’ব যাত্ৰা?

মণিপুৰত কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰাৰ অনুমতি নাই। এন বীৰেণ সিঙৰ চৰকাৰে ইম্ফলৰ পেলেচ খেলপথাৰত এই যাত্ৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰাহুল গান্ধীয়ে এতিয়া এই যাত্ৰা ক’ৰ পৰা আৰম্ভ কৰিব? কংগ্ৰেছে মণিপুৰ চৰকাৰৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। উল্লেখ্য যে, ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ লগা আছিল ভাৰত জোড়ো ন্যায় যাত্ৰা। ইফালে, মণিপুৰ চৰকাৰে অনুমতি নিদিয়াৰ সন্দৰ্ভত কে চি বেনুগোপালে কয় যে মণিপুৰ চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক। 'এসপ্তাহ পূৰ্বে মণিপুৰ কংগ্ৰেছৰ সভাপতিয়ে মুখ্য সচিবক অনুমতি বিচাৰি এখন পত্ৰ দিছিল। ৫ দিনৰ পিছত সিদ্ধান্ত ল’ম বুলি কৈছিল আৰু ৩ দিনৰ আগতে…
Read More
‘মই নিৰ্বাচন নেখেলো…’! ৰাজনীতিৰ পৰা অৱসৰক লৈ কি ক’লে শৰদ পাৱাৰে

‘মই নিৰ্বাচন নেখেলো…’! ৰাজনীতিৰ পৰা অৱসৰক লৈ কি ক’লে শৰদ পাৱাৰে

ৰাজনীতিৰ পৰা অৱসৰক লৈ চলি থকা জল্পনা কল্পনাৰ মাজতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য এন চি পিৰ নেতা শৰদ পাৱাৰৰ। তেওঁ কয় যে মোৰ ৰাজ্যসভাৰ কাৰ্যকাল ডেৰ-দুবছৰ বাকী আছে। তেতিয়ালৈকে মোক সেৱা কৰিবলৈ দিয়ক। ইয়াৰ পিছত মই কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। শৰদ পাৱাৰৰ এই বক্তব্য অজিত পাৱাৰৰ সেই বক্তব্যৰ পিছত আহিছে, য’ত তেওঁ তেওঁক বয়সৰ ওপৰত সমালোচনা কৰিছিল। অজিত পাৱাৰে কৈছিল যে বয়সৰ এই পৰ্যায়ত তেওঁ ঘৰতে বহি কেতিয়া অৱসৰ ল’ব নাজানে। অজিত পাৱাৰৰ এই বক্তব্যক প্ৰতিহত কৰি এই বক্তব্য দিছে শৰদ পাৱাৰে। তেওঁ কয় যে অজিত পাৱাৰে মোৰ বয়সৰ সন্দৰ্ভত বাৰে বাৰে বক্তব্য দিয়ে। ৰাজ্যসভাত মোৰ ডেৰ-দুবছৰ বাকী আছে। তেতিয়ালৈকে…
Read More
নৃশংস! ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই গোৱাৰ পৰা কৰ্ণাটক পালে মাতৃ, গ্ৰেপ্তাৰ

নৃশংস! ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই গোৱাৰ পৰা কৰ্ণাটক পালে মাতৃ, গ্ৰেপ্তাৰ

মমতাময়ী মাতৃৰ কাহিনীয়ে কুটিল পৃথিৱীতো শান্তিৰ বা বলাই আহিছে শতিকা শতিকা ধৰি। কিন্তু এই পৃথিৱীতে এনে মাতৃও আছে, যাৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সন্তানে। তেনে এগৰাকী পাষাণ মাতৃৰ কাহিনীয়ে শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশবাসীক। নিজৰ পেটৰ সন্তানটোকে কচাইৰ দৰে হত্যা কৰি মাতৃত্বৰ এক ভূলণ্ঠিত দেখুৱালে সূচনা ছেঠে। গোৱাত সংঘটিত এই ঘটনাই সমগ্ৰ ভাৰতত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। উল্লেখ্য যে, হত্যাকাৰী মাতৃগৰাকী বেংগালুৰুৰ এটা আৰ্টিফিচিয়েল ইনটেলিজেন্স ষ্টাৰ্ট আপ কোম্পানীৰ চিইঅ’। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্বামীৰ প্ৰতি থকা ঘৃণাৰ বাবেই পুত্ৰক নিৰ্মমভাৱে হত্যা কৰে ছুটকেছত মৃতদেহ ভৰাই গোৱা এৰিছিল সূচনা ছেঠে। জানিব পৰা মতে, স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত অনাকাংক্ষিতভাৱে পুত্ৰৰ দায়িত্ব…
Read More