26
Mar
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এছ.বি.আই.-য়ে এই সকলোবোৰ তথ্য প্ৰদান কৰিছে কোনে অনুদান দিছিল, কোনে অনুদান লাভ কৰিছিল আৰু দানৰ পৰিমাণ কিমান। ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নিৰ্বাচনী বণ্ডৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ৪৮৭ টা কোম্পানীয়ে বিজেপিক দান কৰিছিল, যাৰ ভিতৰত শীৰ্ষ ১০টা কোম্পানীয়ে ২১১৯ কোটি টকা দান কৰিছিল। যিটো আনৰ তুলনাত সৰ্বাধিক। দলটোৱে যোৱা চাৰি বছৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,০০০ কোটি টকাৰ অধিক অনুদান লাভ কৰিছে।নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিজেপিয়ে হায়দৰাবাদস্থিত মেঘা ইঞ্জিনিয়াৰিংৰ পৰা…