ৰাজনীতি

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে নিৰ্বাচন আয়োগক আবেদন দাখিল অসমৰ ১১টা বিৰোধী দলৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে নিৰ্বাচন আয়োগক আবেদন দাখিল অসমৰ ১১টা বিৰোধী দলৰ

গুৱাহাটীঃ অসমৰ ১১ টা বিৰোধী ৰাজনৈতিক দলে শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ (ইচিআই) ওচৰত অসমত প্ৰস্তাৱিত সীমানিৰ্ধাৰণ অনুশীলনৰ বিৰুদ্ধে এক প্ৰতিনিধিত্ব দাখিল কৰে। দলবোৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম তৃণমূল কংগ্ৰেছ, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি- অসম ৰাজ্যিক সমিতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি- অসম ৰাজ্যিক সমিতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)- অসম ৰাজ্যিক সমিতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) মুক্তি- অসম ৰাজ্যিক সমিতি, ৰাষ্ট্ৰীয় জনতা দল- অসম ৰাজ্যিক সমিতি আৰু জনতা দল (সংযুক্ত)- অসম প্ৰদেশ সমিতি। অসমত প্ৰস্তাৱিত সীমানিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰাৰ ভিত্তিৰ ওপৰত আধাৰিত কৰি বিতংভাৱে উল্লেখ কৰি দলবোৰে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত কেইবাখনো স্মাৰকপত্ৰ দাখিল কৰে। স্মাৰকপত্ৰখনে জানিব…
Read More
এতিয়াও বিধায়কৰ সমৰ্থন শৰদ পাৱাৰলৈ! ৯ বিধায়কৰ পদ খৰিজৰ বাবে আবেদন NCPৰ

এতিয়াও বিধায়কৰ সমৰ্থন শৰদ পাৱাৰলৈ! ৯ বিধায়কৰ পদ খৰিজৰ বাবে আবেদন NCPৰ

এনচিপিয়ে বিশ্বাসঘাটক অজিত পাৱাৰক বিধায়ক পদৰ পৰা অযোগ্য ঘোষণা কৰিবলৈ আবেদন দাখিল কৰিছে। ইতিমধ্যে শৰদ পাৱাৰৰ দলে অজিত আৰু এন চি পিৰ ৯জন বিধায়কৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত এখন আৱেদন দাখিল কৰিছে। মহাৰাষ্ট্ৰ এন চি পিৰ সভাপতি জয়ন্ত পাটিলে কয় যে একাংশ বিধায়কে পলায়ন কৰিলেও সকলো দলৰ নেতা-কৰ্মীৰ সমৰ্থন এতিয়াও শাৰদ পাৱাৰৰ প্ৰতি আছে। প্ৰসংগক্ৰমে দেওবাৰে বিয়লি বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ চৰকাৰত হঠাতে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই ৰাজ্যৰ ৰাজনীতিত অশান্তিৰ সৃষ্টি হৈছে। দেওবাৰে নিশা জয়ন্ত পাটিলে কয়, ‘এজন বিধায়কে আমাৰ দলৰ অনুশাসন সমিতিত এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগ চোৱাচিতা কৰাৰ পাছত বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনোৱা…
Read More
সত্য হল আশংকা! মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ অজিত পাৱাৰৰ

সত্য হল আশংকা! মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ অজিত পাৱাৰৰ

অৱশেষত সঁচা হ'ল আশংকা। শৰদ পাৱাৰৰ এনচিপিত বিভেদৰ সৃষ্টি। প্ৰবীণ নেতাগৰাকীৰ ভতিজা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰিছে। দেওবাৰে আবেলি তেওঁ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিতৰ সৈতে এনচিপিৰ ৫৩ জন বিধায়কৰ ৩০ জন বিধায়কেও চৰকাৰক সমৰ্থন জনোৱা বুলি জানিব পৰা গৈছে। অজিতে আগতে কৈছিল যে তেওঁ সংগঠনটোৰ ক্ষমতা বিচাৰে, বিৰোধী দলৰ নেতাৰ পদ নহয়। কিন্তু শৰদে তেওঁৰ দাবী মানি নল'লে। ফলস্বৰূপে, এনচিপিত অজিতৰ ভৱিষ্যতসম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিল। দেওবাৰে পুৱা, অজিত পাৱাৰে দলৰ কেইবাজনো নেতাৰ সৈতে এখন বৈঠক আহ্বান কৰে। শৰদ পাৱাৰে এই বৈঠকৰ বিষয়ে একো নাজানিছিল। দলৰ জ্যেষ্ঠ নেতা ছগন ভুজবল অজিতৰ বাসগৃহ 'দেৱগিৰি'ত উপস্থিত নেতা…
Read More
কিদৰে ২০২৪ত পৰাস্ত কৰিব বিজেপিক? নতুন সূত্ৰ দিলে অখিলেশ সিং যাদৱে…

কিদৰে ২০২৪ত পৰাস্ত কৰিব বিজেপিক? নতুন সূত্ৰ দিলে অখিলেশ সিং যাদৱে…

মমতা বেনাৰ্জীয়ে এটাৰ বিপৰীতে এটা সূত্ৰ দিছিল। সমগ্ৰ দেশতে সেই সূত্ৰ কাৰ্যকৰী কৰিব পৰা নাই বিৰোধীয়ে। সেই প্ৰচেষ্টা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চলি আছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে বিজেপিক পৰাস্ত কৰাৰ নতুন সূত্ৰ দিলে। উত্তৰ প্ৰদেশৰ ৮০খন আসনত বিজেপি দখল কৰিব বিচাৰিছে অখিলেশে। সেই উদ্দেশ্যে তেওঁ এটা নতুন সূত্ৰ সৃষ্টি কৰিছে। অখিলেশে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পিডিএই বিজেপি নেতৃত্বাধীন এনডিএক পৰাস্ত কৰিব। এই পিডিএ কি? অখিলেশৰ সূত্ৰ অনুসৰি পিডিএ হৈছে পিছপৰা শ্ৰেণী, দলিত আৰু সংখ্যালঘুৰ মিত্ৰতা। অৰ্থাৎ এছ পিৰ মুৰব্বীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে অ’বিচি, দলিত আৰু সংখ্যালঘুৰ মিত্ৰতা গঢ়ি তুলিব বিচাৰিছে। উত্তৰ প্ৰদেশৰ ৭৫…
Read More
লোকসভা নিৰ্বাচনৰ পূৰ্বে NCPৰ সাংগঠনিক পৰিৱৰ্তন! সুপ্ৰিয়া চুলে, প্ৰফুল্ল পেটেলক কাৰ্যকৰী সভাপতি নিযুক্তি

লোকসভা নিৰ্বাচনৰ পূৰ্বে NCPৰ সাংগঠনিক পৰিৱৰ্তন! সুপ্ৰিয়া চুলে, প্ৰফুল্ল পেটেলক কাৰ্যকৰী সভাপতি নিযুক্তি

লোকসভা নির্বাচনৰ পূর্বে এনচিপিত এক বৃহৎ পৰিৱর্তন৷ সুপ্ৰিয়া চুলে আৰু প্ৰফুল্ল পেটেলক এন চি পিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। এন চি পিৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে এই ঘোষণা কৰিছে। কিছুদিন পূৰ্বে শৰদ পাৱাৰে দলৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু দলৰ নেতা-কৰ্মীৰ হেঁচাত পাৱাৰে এই পদত অব্যাহত থাকিবলৈ সন্মত হয়। ইয়াৰ পিছতে শনিবাৰে দলৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰা হয়। কাৰ্যকৰী সভানেত্ৰীগৰাকীৰ সমান্তৰালকৈ সুপ্ৰিয়া চুলেক মহাৰাষ্ট্ৰ, হাৰিয়ানা, পঞ্জাৱ, মহিলা, যুৱক-যুৱতী আৰু লোকসভা সমন্বয়ৰ দায়িত্বও প্ৰদান কৰা হৈছে। প্ৰফুল্ল পেটেলক ভাৰপ্ৰাপ্ত সভাপতিৰ লগতে মধ্যপ্ৰদেশ,…
Read More
পশ্চিমবংগৰ একমাত্ৰ কংগ্ৰেছ বিধায়কৰ টিএমচিত যোগদান…

পশ্চিমবংগৰ একমাত্ৰ কংগ্ৰেছ বিধায়কৰ টিএমচিত যোগদান…

সাগৰদিঘী আসনৰ পৰা উপ নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমানৰ পাছতে পশ্চিম বংগৰ কংগ্ৰেছৰ একমাত্ৰ বিধায়ক বায়ৰন বিশ্বাসে দল ত্যাগ কৰি টিএমচিত যোগদান কৰে। টিএমচিৰ চলি থকা ‘জন সংযোগ যাত্ৰা’ৰ সময়তে শাসকীয় দলটোত যোগদান কৰে বিধায়কজনে। এই বিষয়ে টুইটযোগে অৱগত কৰি টিএমচিয়ে কয়, “বিজেপিৰ বিভাজন আৰু বৈষম্যমূলক ৰাজনীতিৰ বিৰুদ্ধে যুঁজিবলৈ আপোনাৰ সংকল্প শক্তিশালী কৰিবলৈ আপুনি সঠিক মঞ্চ বাছি লৈছে। একেলগে আমি জয়ী হ’ম!”
Read More
কৰ্ণাটকত বিশাল জয়েৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ…

কৰ্ণাটকত বিশাল জয়েৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ…

বিজেপিক উফৰাই কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সীমা অতিক্ৰম কৰি বিশাল জয়ৰ দিশে কংগ্ৰেছৰ অগ্ৰগতি। এই মুহূৰ্তলৈকে কংগ্ৰেছে জয়লাভ কৰিছে ১১৪ খন আসনত। আনহাতে বিজেপিয়ে লাভ কৰিছে ৫০খন আসন। জনতা দল চেকুলাৰে লাভ কৰিছে ১৭ খন আসন। উল্লেখ্য যে, ২২৪ খন বিধানসভা আসনযুক্ত কংগ্ৰেছত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১২ খন আসন। ১০ মে’ত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ ভোটগ্ৰহণ।
Read More
জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনত জয়লাভ আপৰ সুশীল কুমাৰ ৰিংকুৰ

জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনত জয়লাভ আপৰ সুশীল কুমাৰ ৰিংকুৰ

কংগ্ৰেছক পৰাভূত কৰি জলন্ধৰ লোকসভা সমষ্টিত বিজয় ধ্বজা আম আদমী পাৰ্টীৰ। জলন্ধৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয়লাভ আপৰ সুশীল কুমাৰ ৰিংকুৰ। জানুৱাৰী মাহত ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ সন্তোষ সিং চৌধুৰীৰ মৃত্যুৰ পিছত সমষ্টিটোত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। কংগ্ৰেছে চৌধুৰীৰ পত্নী কৰমজিৎ কৌৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী আছিল ইন্দৰ ইকবাল আটৱাল।
Read More
বিনামূলীয়া ৰেচন আৰু গেছ চিলিণ্ডাৰ… কৰ্ণাটকত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

বিনামূলীয়া ৰেচন আৰু গেছ চিলিণ্ডাৰ… কৰ্ণাটকত বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ মাত্ৰ ১০ দিন পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। গেৰুৱা শিবিৰটোৱে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ সমান্তৰালকৈ উৎপাদন উদ্যোগত ১০ লাখ চাকৰিৰ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে। সোমবাৰে বেংগালুৰুত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই প্ৰকাশ কৰে এই ইস্তাহাৰ। তেওঁ কয় যে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি এই ইস্তাহাৰ প্ৰস্তুত কৰিছে। এই উপলক্ষে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বম্মাইও উপস্থিত থাকে। অনুপ্ৰৱেশকাৰীক ৰোধ কৰিবলৈ বিজেপিৰ ইস্তাহাৰত ৰাজ্যত শীঘ্ৰে এন আৰ চি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক মাহেকীয়া ৰেচন আৰু তিনিটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিছে শাসকীয় দলটোৱে। অনুসূচিত মহিলাৰ বাবে ফিক্সড ডিপ’জিট…
Read More
পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিয়োগ…

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিয়োগ…

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। শ্বাস প্ৰশ্বাসৰ অসুবিধাজনিত কাৰণত এসপ্তাহতকৈও অধিক পূৰ্বে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ নেতাগৰাকী। পঞ্জাৱৰ পাঁচবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰৰ জুন মাহতো গেষ্ট্ৰাইটিছ আৰু ব্ৰংকিয়ল এজমাৰ সৈতে জড়িত অভিযোগৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক ক’ভিডৰ পিছৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মোহালীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সেই সময়ত তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ পৰীক্ষাও কৰা হয়। যোৱা বছৰৰ জানুৱাৰী মাহত বাদলৰ দেহত কোভিড পজিটিভ পোৱা গৈছিল আৰু তেওঁক লুধিয়ানাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
Read More