05
Oct
অভিনেতা তথা ৰাজনীতিবিদ পৱন কল্যাণৰ জনসেনা দলৰ সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ পৰা। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে পৱন কল্যাণে। তেওঁ চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টিক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, পৱন কল্যানে অলপতে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰিছিল। নাইডুৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেতিয়াৰ পৰাই বিশ্বাস কৰা হৈছিল যে তেওঁ হয়তো বিজেপিৰ পৰা পৃথক হ’ব। পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে হাত মিলাইছিল। তেতিয়া দুয়োটা দলে সিদ্ধান্ত লৈছিল যে তেওঁলোকে যৌথভাৱে স্থানীয় নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা আৰু…