ৰাজনীতি

সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজ হোৱাৰ পিছত এইবাৰ চৰকাৰী আৱাস গৃহ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই। সূত্ৰ অনুসৰি তেওঁক কিছুদিনৰ ভিতৰত সাংসদ বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। জানিব পৰা মতে, লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিশেষ কোটাৰ অধীনত মহুৱাক সাংসদ বাংলো আবণ্টন কৰা হৈছিল। কিন্তু যোৱা সপ্তাহত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তৃণমূলৰ নেত্ৰীগৰাকীয়ে হয়তো বাংলো খালী কৰিব লাগিব পাৰে। সংসদত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত নৈতিকতা সমিতিৰ পৰামৰ্শ মতে তৃণমূলৰ মাহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা শুকুৰবাৰে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে…
Read More
কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ সাহুৰ সৈতে জড়িত একাধিক গোপন স্থানত আয়কৰ বিভাগে চলোৱা অভিযানত উদ্ধাৰ হৈছে কোটি কোটি টকা। ইফালে নগদ ধন লাভৰ সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ‘স্বাধীনতাৰ পিছত কোনো দলৰ সাংসদৰ ঘৰৰ পৰা ইমান বৃহৎ পৰিমাণৰ নগদ ধন জব্দ নহ’লহেঁতেন৷ সাংসদগৰাকীৰ ঘৰত শ শ কোটি টকাৰ নগদ ধন উদ্ধাৰ হৈছে। এই দুৰ্নীতিৰ ওপৰত সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁট নিমাত। তেখেতৰ সহযোগীসকলক ক'ব বিচাৰিছো যে কংগ্ৰেছৰ মৌনতা বুজিব পৰা কাৰণ তেওঁলোকৰ স্বভাৱটোৱেই দুৰ্নীতি, কিন্তু টিএমচি, জেডিইউ, ডিএমকে, এছপিকে ধৰি এই দলসমূহ মৌন হৈ বহি আছে। কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা…
Read More
মুখ্যমন্ত্ৰীৰ পদ হেৰুওৱাৰ পিছতে অসুস্থ কে চি আৰ! হাস্পতালত ভৰ্তি

মুখ্যমন্ত্ৰীৰ পদ হেৰুওৱাৰ পিছতে অসুস্থ কে চি আৰ! হাস্পতালত ভৰ্তি

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰক যশোদা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘৰত ভৰি পিছলি যোৱাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। কে চি আৰৰ হিপ হাড় যেন ভাঙি গৈছে। বৰ্তমান তেওঁ সোমাজিগুডাৰ যশোদা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনে জাৰি কৰা স্বাস্থ্য বুলেটিনত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ বাওঁ নিতম্বত গুৰুতৰ আঘাত আৰু ভাঙি যোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ বাবে তেওঁক বাওঁ নিতম্ব সলনি কৰাৰ প্ৰয়োজন হ’ব। ইয়াৰ পিছত তেওঁক চাৰি সপ্তাহৰ বাবে বিচনাত জিৰণি লোৱাৰ পৰামৰ্শ দিয়া হৈছে। কে চি আৰৰ অসুস্থতাৰ কথা জানিব পৰাৰ লগে লগে পৰিয়ালৰ সকলো সদস্য চিকিৎসালয় পালেহি। ৰাতি হৰিশ ৰাওৰ সৈতে কেটিআৰৰ পৰিয়ালো যশোদালৈ যায়। কোৱা হৈছে যে…
Read More
তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বিৰোধীৰ দাবী- এবাৰ বেলট পেপাৰেৰে অনুষ্ঠিত কৰি চাওক নিৰ্বাচন

তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বিৰোধীৰ দাবী- এবাৰ বেলট পেপাৰেৰে অনুষ্ঠিত কৰি চাওক নিৰ্বাচন

কালি দেশত ভোটগণনা হোৱাৰ পাছত মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়। তেলেংগানা একমাত্ৰ ৰাজ্য য’ত কংগ্ৰেছ চৰকাৰ গঠন হ’বলৈ গৈ আছে। কংগ্ৰেছৰ পৰাজয়ক লৈ ওলাই আহিছে বহু নেতা আৰু ৰাজনৈতিক পণ্ডিতৰ বক্তব্য। একে ক্ৰমতে শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতৰ বক্তব্যও ওলাইছে, য’ত তেওঁ বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে। তিনিওখন ৰাজ্যতে কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA মিত্ৰতাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ পদ্ধতিক লৈ সকলো দলেই প্ৰশ্ন উত্থাপন কৰি পৰামৰ্শ দিছে যে কংগ্ৰেছে সকলোকে লগত লৈ যাব লাগিব, নহ’লে আগন্তুক নিৰ্বাচনত ডাঙৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। আৰু কেৱল কংগ্ৰেছেই নহয় INDIA মিত্ৰতাও প্ৰভাৱিত হ’ব পাৰে। ইফালে শিৱসেনাৰ…
Read More
১১৫ দিন পিছত পুনৰ সংসদলৈ আপ সাংসদ ৰাঘৱ চাদ্দা, প্ৰত্যাহ্বাৰ হ’ল নিলম্বন

১১৫ দিন পিছত পুনৰ সংসদলৈ আপ সাংসদ ৰাঘৱ চাদ্দা, প্ৰত্যাহ্বাৰ হ’ল নিলম্বন

সোমবাৰে নিলম্বিত আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দাই লাভ কৰিলে ডাঙৰ সকাহ। তেওঁৰ নিলম্বন বাতিল কৰা হৈছে। এই তথ্য স্বয়ং ৰাঘৱ চাদ্দাই কৰিছে সদৰী। তেওঁ কয়, ১১৫ দিনৰ পাছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মোৰ নিলম্বন প্ৰত্যাহাৰ কৰাত মই সুখী। ৰাঘৱ চাদ্দাই কয়, ''১১ আগষ্টত মোক ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল। মই মোৰ নিলম্বন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ গৈছিলো। উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰে আৰু এতিয়া ১১৫ দিনৰ পিছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মই সুখী যে মোৰ নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে।’’ উল্লেখ্য যে গোচৰৰ শুনানি গ্ৰহণ কৰি থাকোঁতে উচ্চতম ন্যায়ালয়ে কৈছিল যে এইটো একচেটিয়াভাৱে সংসদৰ বিষয়। উচ্চতম ন্যায়ালয়ে ৰাজ্যসভা…
Read More
মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA ঐক্যৰ বৈঠক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA ঐক্যৰ বৈঠক আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত আজি অব্যাহত আছে ভোটগণনা। ইফালে, ৬ ডিচেম্বৰত দিল্লীত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী মিত্ৰজোঁট INDIAৰ বৈঠক আহ্বান কৰিছে। আচলতে চাৰিখন ৰাজ্যৰ প্ৰাৰম্ভিক ধাৰাত কংগ্ৰেছে যেন কেৱল তেলেংগানাতহে ঠাই পাইছে, ইয়াৰ বাহিৰেও ই আন ৰাজ্যত বিজেপিতকৈ বহু পিছ পৰি আছে। ইফালে, কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী দলসমূহৰ INDIA মিত্ৰজোঁটৰ বৈঠকৰ বাবে আহ্বান জনাইছে। অহা ৬ ডিচেম্বৰত দিল্লীত বিৰোধী দলৰ সমাৱেশ অনুষ্ঠিত হ’ব। অৱশ্যে খৰ্গেয়ে পূর্বেও উল্লেখ কৰিছিল যে পাঁচখন ৰাজ্যৰ ফলাফল ওলোৱাৰ পাছত বিৰোধী মিত্রজোঁটৰ বৈঠক আহ্বান কৰা হ’ব৷ প্ৰাৰম্ভিক ধাৰাত তেলেংগানাত কংগ্ৰেছ চৰকাৰ গঠন হোৱা যেন লাগে। একে সময়তে ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ঘনিষ্ঠ…
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিশ্বাস আছে দেশৰ জনতাৰঃ অশ্বিনী বৈষ্ণৱ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিশ্বাস আছে দেশৰ জনতাৰঃ অশ্বিনী বৈষ্ণৱ

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে পোৱা বাম্পাৰ ভোটৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতিত্ব প্ৰদান কৰিছে। এক্স (টুইটাৰ)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে - ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিশ্চয়তাৰ ওপৰত ভাৰতৰ বিশ্বাস আছে’। চচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ এই ছবিখনৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনসাধাৰণৰ প্ৰতি থকা মৰম আৰু ভালপোৱা দেখুৱাবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ আঁচনিৰ জৰিয়তে দেশবাসীক যি নিশ্চয়তা দিছে, সেই নিশ্চয়তাৰ ওপৰত সমগ্ৰ দেশৰ বিশ্বাস আছে। তেওঁ ক’ব বিচাৰিছিল যে প্ৰধানমন্ত্ৰী মোডীৰ বাবে জনসাধাৰণ জনাৰ্দনৰ দৰে, যাৰ সেৱা কৰাটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ মিছন। ২০২৩ বৰ্ষত বিধানসভা নিৰ্বাচন…
Read More
‘পনৌতি’ কোন? ৪ ৰাজ্যৰ ভোট গণনাৰ সময়ত এতিয়া পুনৰ চলিছে চৰ্চা

‘পনৌতি’ কোন? ৪ ৰাজ্যৰ ভোট গণনাৰ সময়ত এতিয়া পুনৰ চলিছে চৰ্চা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিছুদিন পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত পনৌতি বুলি অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে। এতিয়া আজি অব্যাহত থকা ৪ ৰাজ্যৰ ভোট গননাত তেলেংগানাৰ বাহিৰে আন তিনিখনতে কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ৰাহুল গান্ধীকেই পৌনতি বুলি নাম দি কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে। উল্লেখযোগ্য যে মঙলবাৰে ৰাহুল গান্ধীয়ে বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয় আৰু ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিৰ সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰিছিল। ৰাজস্থানৰ জালৌৰত এখন ৰেলীত ৰাহুলে ধেমালি কৰি কয় যে আমাৰ ল’ৰাবোৰে ভাল খেলিছিল। বিশ্বকাপ জয় হ’লহেঁতেন৷ কিন্তু সেই 'দুঃসাহসিক অভিযান' ধ্বংসস্তূপত শেষ হ'ল।" কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ভাষণত মোডীৰ নাম উল্লেখ কৰা নাছিল। কিন্তু মোডী যে তেওঁৰ টাৰ্গেট সেই কথা…
Read More
অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য! পুনৰ বিপদত পৰিব পাৰে ৰাহুল গান্ধী…

অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য! পুনৰ বিপদত পৰিব পাৰে ৰাহুল গান্ধী…

২০১৮ চনৰ ৰাহুল গান্ধীৰ বিবৃতি সন্দৰ্ভত বিজেপি দলৰ প্ৰাক্তন বিষয়া তথা পেছাত অধিবক্তা বিজয় মিশ্ৰই তেওঁৰ এজাহাৰত গোচৰ ৰুজু কৰিছে। অভিযোগ উত্থাপন হৈছে যে ৰাহুল গান্ধীয়ে ২০১৮ চনত বেংগালুৰুত গৃহমন্ত্ৰী অমিত শ্বাহক “হত্যাকাৰী” বুলি অভিহিত কৰিছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অভিযোগত দাবী কৰা হৈছে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে নূন্যতম দুবছৰৰ শাস্তি থাকিব লাগে। ইয়াৰ পূৰ্বেও চুৰাট আদালতে একেধৰণৰ গোচৰত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আৰু তাৰ পিছত তেওঁৰ লোকসভাৰ সদস্যপদ বাতিল কৰা হৈছিল। মোডী উপাধিৰ সৈতে জড়িত এক গোচৰত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এই শাস্তি প্ৰদান কৰা হয়। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তৰোৱালখন…
Read More
তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাত কংগ্ৰেছে ঢাক-ঢোল বজাইছে কৰ্ণাটকৰ চৰকাৰৰ। যাৰ একমাত্ৰ লক্ষ্য হৈছে তেলেংগানাৰ ভোটাৰক প্ৰভাৱিত কৰা। ফলত কংগ্ৰেছ শাসিত চৰকাৰে আচৰণ বিধি ভংগ কৰিছে। এই অভিযোগ লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে বিজেপি। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে জাননী জাৰি কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে। যোৱা শনিবাৰে কৰ্ণাটক চৰকাৰে তেলেংগানাৰ বিভিন্ন বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন জাৰি কৰিছিল। মুখ্যমন্ত্রী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰকে ধৰি অন্যান্য মন্ত্রীসকলৰ ছবি থকা বিজ্ঞাপনসমূহ তেলেগু ভাষাত ছপা কৰা হৈছিল৷ তেতিয়াৰ পৰাই এনেধৰণৰ বিভিন্ন বিজ্ঞাপন য়েনাডু, অন্ধ্ৰজ্যোতি, ভেলেগু, ডেক্কান ক্ৰনিকল, দ্য হিন্দু, ইংৰাজী কাকত যেনে টাইমছ অৱ ইণ্ডিয়া আদি কাকতৰ পৃষ্ঠাত তেলেগু ভাষাত একেৰাহে তিনিদিন ছপা…
Read More