ৰাজনীতি

সংসদত আক্ৰমণৰ সময়ত পলায়ন কৰিছিল বিজেপিৰ সাংসদ, আজিৰ নিবনুৱাই সময় পাৰ কৰিবলৈ ব্যস্ত আছে ইনষ্টা-ফেচবুকতঃ ৰাহুল গান্ধী

সংসদত আক্ৰমণৰ সময়ত পলায়ন কৰিছিল বিজেপিৰ সাংসদ, আজিৰ নিবনুৱাই সময় পাৰ কৰিবলৈ ব্যস্ত আছে ইনষ্টা-ফেচবুকতঃ ৰাহুল গান্ধী

সংসদত সাংসদ নিলম্বনৰ বিৰোধিতা কৰি আজি যন্তৰ মন্তৰত উপস্থিত হয় ইণ্ডিয়া মিত্ৰজোঁট। কংগ্ৰেছ, এনচিপি, টিএমচি, সমাজবাদী পাৰ্টিকে ধৰি সকলো দলৰ নেতাই এই প্ৰতিবাদত যোগদান কৰিছে। সাংসদৰ নিলম্বনৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ১৫০ জন সাংসদক নিলম্বন কৰাটো কেৱল তেওঁলোকৰ অপমান নহয় বৰঞ্চ জনসাধাৰণৰ অপমানহে। সংসদত স্মোক এটেক সন্দৰ্ভত ৰাহুলে কয় যে যেতিয়া অনুপ্ৰৱেশ সংঘটিত হৈছিল তেতিয়া বিজেপিৰ সাংসদে পলায়ন কৰিছিল। যুৱক-যুৱতীসকল আজি সংস্থাপনহীন হৈ পৰিছে আৰু সেয়েহে তেওঁলোকে ইনষ্টা-ফেচবুকত সময় পাৰ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰত যুৱক-যুৱতীসকলে ৭.৫ ঘন্টা সময় নিজৰ ফোন আৰু ছ’চিয়েল মিডিয়াত কটায়, কাৰণ তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা…
Read More
উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰীক লৈ উত্তাল ৰাজনীতি! প্ৰধানমন্ত্ৰীৰ দুখ প্ৰকাশ, ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিব বিজেপিয়ে…

উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰীক লৈ উত্তাল ৰাজনীতি! প্ৰধানমন্ত্ৰীৰ দুখ প্ৰকাশ, ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিব বিজেপিয়ে…

সংসদ পৰিসৰত একাংশ বিৰোধী সাংসদে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মিমিক্ৰী কৰা বিষয়ক লৈ উত্তপ্ত হৈ পৰিছে ৰাজনীতি। উপ-ৰাষ্ট্ৰপতিৰ সন্মানত এঘণ্টা ধৰি ৰাজ্যসভাত থিয় দিছে এন ডি এৰ সকলো সাংসদ। লগতে বিজেপিয়ে সমগ্ৰ দেশতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ কথা ঘোষণা কৰিছে। একে সময়তে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক ফোন কৰি একাংশ সাংসদৰ আচৰণক লৈ হতাশা প্ৰকাশ কৰে। একে সময়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও হতাশা প্ৰকাশ কৰিছে। দৰাচলতে কালি সংসদত বিৰোধীৰ প্ৰতিবাদৰ সময়ত তৃণমূল কংগ্ৰেছৰ নেতা কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতি ধনখড়ক উপহাস কৰিছিল। নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰী কৰিছিল তেওঁ। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে টুইট কৰি কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোন কল…
Read More
সংসদৰ নিৰাপত্তা ভংগ কৰাসকলক বিৰোধীয়ে সমৰ্থন জনোৱাটো দুৰ্ভাগ্যজনকঃ নৰেন্দ্ৰ মোদী

সংসদৰ নিৰাপত্তা ভংগ কৰাসকলক বিৰোধীয়ে সমৰ্থন জনোৱাটো দুৰ্ভাগ্যজনকঃ নৰেন্দ্ৰ মোদী

সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলৰ ওপৰত আক্ৰমণ চলায়। বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অভিযুক্তসকলৰ বিৰোধী দলৰ সমৰ্থন আছে। বিৰোধী সাংসদক সমৰ্থন কৰাটো চুৰিৰ দৰেই বিপজ্জনক। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত বিৰোধীৰ আচৰণ সঠিক নহয়। বিৰোধীৰ আচৰণ দুখজনক। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে একাংশ লোকৰ ভাল আৰু ইতিবাচক কাম কৰাৰ মানসিকতা নাই। নেতিবাচক ৰাজনীতি কৰা ধৰণৰ বাবেই ২০২৪ চনতো বিৰোধীয়ে বাহিৰত থাকিব বুলি কয়। তেওঁ ডাঙৰ ভুল কৰিছে। খং আৰু হতাশাৰ বাবে বিৰোধীয়ে ডাঙৰ ভুল কৰিছে বুলিও তেওঁ কয়। বিজেপিক অপসাৰণৰ নামত একাংশ বৃদ্ধ অসুস্থ নেতাও সক্ৰিয় হৈ পৰিছে। বিজেপিৰ সংসদীয়…
Read More
কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

কিশোৰী ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত বিজেপি সাংসদ, ২৫ বছৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

এগৰাকী কিশোৰীৰ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত শাসকীয় বিজেপিৰ এজন সাংসদক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ আদালতে শুকুৰবাৰে দুধী সমষ্টিৰ সাংসদ ৰামদুলাৰ গণ্ডক এই কাৰাদণ্ডৰ শাস্তিৰ নিৰ্দেশ দিয়ে। এই শাস্তিৰ বাবে ৰামদুলাৰে এতিয়া সাংসদ পদো হেৰুৱাব পাৰে। ৰামদুলাৰৰ বিৰুদ্ধে ২০১৪ চনত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মেয়ৰপুৰ গাঁৱৰ কিশোৰীগৰাকীয়ে পথাৰলৈ যোৱাৰ সময়তে ৰামদুলাৰে নিৰ্যাতন চলাইছিল কিশোৰীগৰাকীক। সেই সময়ত ৰামদুলাৰ গণ্ড সাংসদ হোৱা নাছিল। কিন্তু তেওঁৰ পত্নী সেই সময়ত গাঁৱৰ মুখীয়াল আছিল। প্ৰথমে POCSO আদালতত গোচৰটো আহিল। কিন্তু ৰামদুলাৰ বিজেপিৰ সাংসদ হোৱাৰ পিছত গোচৰটো সাংসদ-বিধায়ক আদালতলৈ হস্তান্তৰ কৰা হয়। সেই ঘটনাত দোষী সাব্যস্ত হোৱা ৰামদুলাৰক শাস্তি দিয়াৰ…
Read More
বিদায় বসুন্ধৰা! ৰাজস্থানত বিধানসভালৈ প্ৰথমবাৰ নিৰ্বাচিত হৈয়ে মুখ্যমন্ত্ৰী হ’ল ভজনলাল শৰ্মা

বিদায় বসুন্ধৰা! ৰাজস্থানত বিধানসভালৈ প্ৰথমবাৰ নিৰ্বাচিত হৈয়ে মুখ্যমন্ত্ৰী হ’ল ভজনলাল শৰ্মা

ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, মধ্যপ্ৰদেশৰ বিদায়ী মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক ‘ট্ৰিম’ কৰাৰ পিছত বিজেপি হাইকমাণ্ডেও ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজৰ কাৰ্যকালৰো অন্ত পেলায়। মঙলবাৰে জয়পুৰৰ চৰ্দাৰ পেটেল মাৰ্গত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ নৱ বিজয়ী বিধায়কৰ বৈঠকত তিনিজন কেন্দ্ৰীয় পৰ্যবেক্ষকে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা ব্ৰাহ্মণ নেতা ভজনলাল শৰ্মাৰ নাম নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এইবাৰ তেওঁ প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে! জয়পুৰৰ সংগন বিধানসভাৰ পৰা ৫৬ বছৰীয়া ভজনলালে প্ৰথমবাৰৰ বাবে জয়লাভ কৰে। দলৰ ভিতৰতে তেওঁক ‘সংঘৰ নিকট’ বুলি জনা যায়। ভজনলালৰ লগতে বিজেপিয়ে ছত্তীশগড়ত দুজন উপ-মুখ্যমন্ত্ৰী আৰু ৰাজস্থানতো মধ্যপ্ৰদেশৰ মডেল বাছনি কৰিছে। প্ৰথমজন আছিল জয়পুৰ ৰাজপৰিয়ালৰ…
Read More
সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজ হোৱাৰ পিছত এইবাৰ চৰকাৰী আৱাস গৃহ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই। সূত্ৰ অনুসৰি তেওঁক কিছুদিনৰ ভিতৰত সাংসদ বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। জানিব পৰা মতে, লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিশেষ কোটাৰ অধীনত মহুৱাক সাংসদ বাংলো আবণ্টন কৰা হৈছিল। কিন্তু যোৱা সপ্তাহত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তৃণমূলৰ নেত্ৰীগৰাকীয়ে হয়তো বাংলো খালী কৰিব লাগিব পাৰে। সংসদত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত নৈতিকতা সমিতিৰ পৰামৰ্শ মতে তৃণমূলৰ মাহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা শুকুৰবাৰে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে…
Read More
কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা! ‘ৰাহুল গান্ধী কিয় নিমাত?’- প্ৰশ্ন অমিত শ্বাহৰ

কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ সাহুৰ সৈতে জড়িত একাধিক গোপন স্থানত আয়কৰ বিভাগে চলোৱা অভিযানত উদ্ধাৰ হৈছে কোটি কোটি টকা। ইফালে নগদ ধন লাভৰ সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ‘স্বাধীনতাৰ পিছত কোনো দলৰ সাংসদৰ ঘৰৰ পৰা ইমান বৃহৎ পৰিমাণৰ নগদ ধন জব্দ নহ’লহেঁতেন৷ সাংসদগৰাকীৰ ঘৰত শ শ কোটি টকাৰ নগদ ধন উদ্ধাৰ হৈছে। এই দুৰ্নীতিৰ ওপৰত সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁট নিমাত। তেখেতৰ সহযোগীসকলক ক'ব বিচাৰিছো যে কংগ্ৰেছৰ মৌনতা বুজিব পৰা কাৰণ তেওঁলোকৰ স্বভাৱটোৱেই দুৰ্নীতি, কিন্তু টিএমচি, জেডিইউ, ডিএমকে, এছপিকে ধৰি এই দলসমূহ মৌন হৈ বহি আছে। কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা…
Read More
মুখ্যমন্ত্ৰীৰ পদ হেৰুওৱাৰ পিছতে অসুস্থ কে চি আৰ! হাস্পতালত ভৰ্তি

মুখ্যমন্ত্ৰীৰ পদ হেৰুওৱাৰ পিছতে অসুস্থ কে চি আৰ! হাস্পতালত ভৰ্তি

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰক যশোদা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘৰত ভৰি পিছলি যোৱাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। কে চি আৰৰ হিপ হাড় যেন ভাঙি গৈছে। বৰ্তমান তেওঁ সোমাজিগুডাৰ যশোদা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনে জাৰি কৰা স্বাস্থ্য বুলেটিনত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ বাওঁ নিতম্বত গুৰুতৰ আঘাত আৰু ভাঙি যোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ বাবে তেওঁক বাওঁ নিতম্ব সলনি কৰাৰ প্ৰয়োজন হ’ব। ইয়াৰ পিছত তেওঁক চাৰি সপ্তাহৰ বাবে বিচনাত জিৰণি লোৱাৰ পৰামৰ্শ দিয়া হৈছে। কে চি আৰৰ অসুস্থতাৰ কথা জানিব পৰাৰ লগে লগে পৰিয়ালৰ সকলো সদস্য চিকিৎসালয় পালেহি। ৰাতি হৰিশ ৰাওৰ সৈতে কেটিআৰৰ পৰিয়ালো যশোদালৈ যায়। কোৱা হৈছে যে…
Read More
তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বিৰোধীৰ দাবী- এবাৰ বেলট পেপাৰেৰে অনুষ্ঠিত কৰি চাওক নিৰ্বাচন

তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বিৰোধীৰ দাবী- এবাৰ বেলট পেপাৰেৰে অনুষ্ঠিত কৰি চাওক নিৰ্বাচন

কালি দেশত ভোটগণনা হোৱাৰ পাছত মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ পৰাজয়। তেলেংগানা একমাত্ৰ ৰাজ্য য’ত কংগ্ৰেছ চৰকাৰ গঠন হ’বলৈ গৈ আছে। কংগ্ৰেছৰ পৰাজয়ক লৈ ওলাই আহিছে বহু নেতা আৰু ৰাজনৈতিক পণ্ডিতৰ বক্তব্য। একে ক্ৰমতে শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতৰ বক্তব্যও ওলাইছে, য’ত তেওঁ বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে। তিনিওখন ৰাজ্যতে কংগ্ৰেছৰ পৰাজয়ৰ পিছত INDIA মিত্ৰতাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ পদ্ধতিক লৈ সকলো দলেই প্ৰশ্ন উত্থাপন কৰি পৰামৰ্শ দিছে যে কংগ্ৰেছে সকলোকে লগত লৈ যাব লাগিব, নহ’লে আগন্তুক নিৰ্বাচনত ডাঙৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। আৰু কেৱল কংগ্ৰেছেই নহয় INDIA মিত্ৰতাও প্ৰভাৱিত হ’ব পাৰে। ইফালে শিৱসেনাৰ…
Read More
১১৫ দিন পিছত পুনৰ সংসদলৈ আপ সাংসদ ৰাঘৱ চাদ্দা, প্ৰত্যাহ্বাৰ হ’ল নিলম্বন

১১৫ দিন পিছত পুনৰ সংসদলৈ আপ সাংসদ ৰাঘৱ চাদ্দা, প্ৰত্যাহ্বাৰ হ’ল নিলম্বন

সোমবাৰে নিলম্বিত আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দাই লাভ কৰিলে ডাঙৰ সকাহ। তেওঁৰ নিলম্বন বাতিল কৰা হৈছে। এই তথ্য স্বয়ং ৰাঘৱ চাদ্দাই কৰিছে সদৰী। তেওঁ কয়, ১১৫ দিনৰ পাছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মোৰ নিলম্বন প্ৰত্যাহাৰ কৰাত মই সুখী। ৰাঘৱ চাদ্দাই কয়, ''১১ আগষ্টত মোক ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল। মই মোৰ নিলম্বন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ গৈছিলো। উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰে আৰু এতিয়া ১১৫ দিনৰ পিছত মোৰ নিলম্বন বাতিল কৰা হৈছে। মই সুখী যে মোৰ নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে।’’ উল্লেখ্য যে গোচৰৰ শুনানি গ্ৰহণ কৰি থাকোঁতে উচ্চতম ন্যায়ালয়ে কৈছিল যে এইটো একচেটিয়াভাৱে সংসদৰ বিষয়। উচ্চতম ন্যায়ালয়ে ৰাজ্যসভা…
Read More