মিজোৰাম

মিজোৰামত নিৰ্বাচনৰ গৰম বতাহ! ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ

মিজোৰামত নিৰ্বাচনৰ গৰম বতাহ! ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ

মিজোৰাম বিধানসভা নিৰ্বাচনৰ ১২ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। ৭ নৱেম্বৰত মিজোৰামৰ ৪০খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব আৰু ৩ ডিচেম্বৰত ইয়াৰ ফলাফল প্ৰকাশ কৰা হ’ব। বিজেপিৰ বিৰোধী দল কংগ্ৰেছে মঙলবাৰে (১৩ অক্টোবৰ ২০২৩) মুঠ ৪০ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে কংগ্ৰেছে ৪০খন আসনৰ আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। এই তালিকাত দলৰ ৰাজ্যিক সমিতিৰ সভাপতি লালসাৱতাৰ নামো সন্নিবিষ্ট কৰা হৈছে। প্ৰথমে ৩৯ জন প্ৰাৰ্থীৰ তালিকা দলে প্ৰকাশ কৰে আৰু তাৰ পিছত সন্ধিয়া বাকী এখন আসনৰ বাবেও প্ৰাৰ্থী ঘোষণা কৰা হয়। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে মিজোৰাম ভ্ৰমণৰ দিনটোত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…
Read More
শোকাবহ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং ভাঙি ১৭ শ্ৰমিকৰ মৃত্যু

শোকাবহ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং ভাঙি ১৭ শ্ৰমিকৰ মৃত্যু

বুধবাৰে মিজোৰামত এখন নিৰ্মাণাধীন ৰেলৱে দলং ভাঙি পৰাৰ ফলত ১৭ জন শ্ৰমিকৰ মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰু বহু লোক এই স্থানত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। তেওঁলোকে কয় যে দলংখন ভাঙি পৰাৰ সময়ত প্ৰায় ৩৫ৰ পৰা ৪০জন নিৰ্মাণ শ্ৰমিক কৰ্মৰত হৈ আছিল। আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ নিলগৰ চাইৰাং অঞ্চলত এই শোকাবহ ঘটনা সংঘটিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোকক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে, আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই…
Read More
মিজোৰামত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, ৫জনক আটক

মিজোৰামত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, ৫জনক আটক

অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে চলোৱা দুটা যুটীয়া অভিযানৰ ফলত মিজোৰামৰ দুটা স্থানৰ পৰা ১ কিলোৰো অধিক হেৰোইন জব্দ কৰা হয়। জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি অনুমান কৰা হৈছে। প্ৰথম অভিযানটো বুধবাৰে লুংলেই জিলাৰ চাৰ্কাৱন এলেকাত সম্পন্ন কৰা হৈছিল। গোপন খবৰৰ ওপৰত আধাৰিত কৰি, দলটোৱে এটা ম'বাইল চেক পোষ্টৰ পৰা এখন বাহন জব্দ কৰি ৮০ টা চাবোনৰ বাকচত সৰবৰাহ কৰা হেৰোইন খিনি উদ্ধাৰ কৰে। নিচাজাতীয় সামগ্ৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন মহিলাসহ পাঁচজন লোকক আটক কৰা হৈছে।
Read More
১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী জোৰামথাংগাই ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ কৰে। আইজলৰ সমীপৰ জোখোৱাছাঙত শ্বাহে এ আৰ কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জনায়। ২০১৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষ এজেণ্ডাসমূহৰ ভিতৰত আছিল আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ জোখোৱাছাংলৈ অসম ৰাইফলছ শিবিৰটো স্থানান্তৰ কৰা। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সেই বছৰৰ ৩১ মে’ৰ ভিতৰত বেটেলিয়নৰ মুখ্য কাৰ্যালয় জোখোৱাছাঙলৈ স্থানান্তৰিত কৰিবলৈ অসম ৰাইফলছক নিৰ্দেশ দিছিল। মহানগৰীৰ মাজমজিয়া জোডিন আৰু খাটলাত দুটাকৈ আছাম ৰাইফলছৰ ঘাটি আছে। জোডিনত থকাটো জোখোৱাছাঙলৈ স্থানান্তৰ কৰা হৈছে।…
Read More
মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

পুনৰ বহি:ৰাজ্যত আক্ৰমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল বোকাখাতৰ সজন কুমাৰ শইকীয়া নামৰ এজন যুৱক। মিজোৰামত ফকলেন কোম্পানিত কৰ্মৰত বোকাখাত ৰজাবাৰীৰ সজন কুমাৰ শইকীয়া। মিজোৰামৰ আইজলত কৰ্মস্থলীৰ পৰা উভতাৰ পথত ধন দাবী কৰি মিজো দুৰ্বৃত্তই মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনক। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক জন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে পুত্ৰৰ কাষলৈ ৰাওনা হৈছে পিতৃ-মাতৃ।
Read More