12
Jun
অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুনৰ পৰা আৰম্ভ হ'ব। এই কথা বুধবাৰে প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। তেওঁ কয় যে অধিৱেশনৰ আৰম্ভণিতে নৱনিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱা হ'ব। অধিৱেশনৰ প্ৰথম তিনিদিনত নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু সদনৰ অধ্যক্ষ নিৰ্বাচিত হ'ব।অধিৱেশনখন ৩ জুলাইত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু পৰৱৰ্তী পাঁচ বছৰৰ বাবে নতুন চৰকাৰৰ কাম-কাজৰ ৰূপৰেখা প্ৰস্তুত কৰিব। ৰিজিজুৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়- নৱ নিৰ্বাচিত সদস্যসকলৰ শপত, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে ২৪ জুন ২০২৪ ৰ পৰা ৩ জুলাই ২০২৪…
