ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

দিল্লীত দিন দুপৰতে যুৱকক ছুৰীকাঘাতৰ অপৰাধত আটক ২ কিশোৰক…

দিল্লীত দিন দুপৰতে যুৱকক ছুৰীকাঘাতৰ অপৰাধত আটক ২ কিশোৰক…

দিল্লীৰ মৈদান গড়ীত ১৮ বছৰীয়া এজন যুৱকক উপৰ্যুপুৰি ছুৰীকাঘাতৰ অপৰাধত আটক ২ কিশোৰক। জানিব পৰা মতে, মোবাইল ফোন কাঢ়ি নিবলৈ চেষ্টা কৰা সময়ত যুৱকজনে বাধা দিয়াৰ বাবেই দুই কিশোৰে আক্ৰমণ কৰে যুৱকজনক। ৰাজহুৱাভাৱে সংঘটিত এই লোমহৰ্ষক ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই আটক কৰে অভিযুক্ত দুজনক। নিজকে স্থানীয় গুণ্ডা হিচাপে জাহিৰ কৰিবলৈ গৈ এনেদৰে আক্ৰমণ সংঘটিত কৰিছিল বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।
Read More
ছত্তীশগড় বিজেপিৰ সভাপতিৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ আৰক্ষী কনিষ্টবলৰ মৃত্যু, আহত ৩ জন

ছত্তীশগড় বিজেপিৰ সভাপতিৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ আৰক্ষী কনিষ্টবলৰ মৃত্যু, আহত ৩ জন

ছত্তীশগড়ৰ বিজেপি সভাপতি অৰুণ সাওৰ কনভয়ৰ পাইলট বাহনখন উলটি পথৰ পৰা ছিটিকি পৰাৰ ফলত এজন হেড কনিষ্টবল নিহত হোৱাৰ লগতে আন তিনিজন আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আহতসকলৰ ভিতৰত আছে দুজন আৰক্ষী। বিলাসপুৰৰ সাংসদগৰাকীয়ে দুদিনীয়া ৰাজ্যিক বিজেপি কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশ ল’বলৈ অম্বিকাপুৰলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।
Read More
জম্মু-কাশ্মীৰত ১৫ মিনিটৰ ভিতৰত সংঘটিত দুটাকৈ বিস্ফোৰণত আহত ৯জন

জম্মু-কাশ্মীৰত ১৫ মিনিটৰ ভিতৰত সংঘটিত দুটাকৈ বিস্ফোৰণত আহত ৯জন

শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ নৰৱালত মাত্ৰ ১৫ মিনিটৰ ভিতৰতে সংঘটিত দুটা ভয়ংকৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় ৯ জন স্থানীয় লোক। কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰাৰ সময়তে সংঘটিত এই বিস্ফোৰণে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত এখন বাহনত সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱা বাহনখন মেৰামতিৰ বাবে এটা গেৰেজত ৰখাই থোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে এই বিস্ফোৰণৰ প্ৰায় ১৫ মিনিট পিছতে প্ৰথম বিস্ফোৰণস্থলীৰ পৰা মাত্ৰ কিছু নিলগত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। এই দুয়োটা বিস্ফোৰণত আহত লোক কেইজনক ততাতৈয়াকৈ পৃথক পৃথক হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে বিস্ফোৰণ…
Read More
গিনিজ বুকত অভিলেখ! প্ৰায় ১৪ হাজাৰ বৰ্গফুট এলেকাত প্ৰস্তুত কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ পিজ্জা…

গিনিজ বুকত অভিলেখ! প্ৰায় ১৪ হাজাৰ বৰ্গফুট এলেকাত প্ৰস্তুত কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ পিজ্জা…

১৩,৯৯০ বৰ্গফুট এলেকাত বিস্তৃত ৬৮ হাজাৰৰো অধিক স্লাইচৰ পিজ্জাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ পিজ্জা হিচাপে ঘোষণা কৰিছে। ইউটিউবাৰ এয়াৰৰেকৰ সৈতে মিলি লছ এঞ্জেলছত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় পিজ্জা হাটে। বিশ্বৰ সৰ্ববৃহৎ পিজ্জাত ৬১৯৩ কিলোগ্ৰাম পিঠাগুৰি আৰু ৩৯৯০ কিলোগ্ৰামতকৈ অধিক পনিৰৰ প্ৰয়োজন হৈছিল।
Read More
কৰ্ণাটক নিৰ্বাচনত জেডিএছৰ প্ৰাৰ্থী শিৱানন্দ পাটিলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

কৰ্ণাটক নিৰ্বাচনত জেডিএছৰ প্ৰাৰ্থী শিৱানন্দ পাটিলৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

কৰ্ণাটকত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জেডি(এছ)ৰ ৯৩ জন প্ৰাৰ্থীৰ ভিতৰত অন্যতম শিৱানন্দ পাটিলে শুকুৰবাৰে নিশা হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়। এই তথ্য সদৰী কৰিছে দলৰ নেতা এইচ ডি কুমাৰস্বামীয়ে। পাটিলৰ মৃত্যুৰ কথা প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পাটিলৰ মৃত্যু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। উল্লেখ্য যে, ৫৪ বছৰীয়া নেতাগৰাকীয়ে সিন্দাগীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল।
Read More
৮ বছৰীয়া শিশুক যৌন নিৰ্যাতন! বিজেপি বিধায়কৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আদালতৰ…

৮ বছৰীয়া শিশুক যৌন নিৰ্যাতন! বিজেপি বিধায়কৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আদালতৰ…

৮ বছৰীয়া শিশুক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক ৰামদুলাৰৰ বিৰুদ্ধে সোণভদ্ৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। দুধী সমষ্টিৰ বিধায়কগৰাকীয়ে নাবালিকা ছোৱালীক ভাবুকি দি বাৰে বাৰে ধৰ্ষণ কৰাৰ অভিযোগ। ২০১৪ চনৰ নৱেম্বৰ মাহত ভুক্তভোগীৰ ভাতৃয়ে বাৰে বাৰে চমন দিয়াৰ পিছতো আদালতত হাজিৰ নোহোৱাৰ বাবে ৱাৰেণ্ট জাৰি কৰিছিল।
Read More
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকভৰ্তি বাছ, ২০ জন আহত

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকভৰ্তি বাছ, ২০ জন আহত

মুম্বাইৰ থানেৰ পৰা পৰ্যটক কঢ়িয়াই অনা এখন মিনি বাছ কেৰালাৰ ইডুক্কিত ৫০ ফুট দ খাৱৈত বাগৰি পৰাত কমেও ২০জন লোক আহত হয়। তামোল গছত খুন্দা মৰাৰ ফলত চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত ৮ জনৰ অংগ-প্ৰত্যংগ ভঙাকে ধৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত আটাইকেইজনক ততাতৈয়াকৈ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More
তীব্ৰ আৰ্থিক সংকট! মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে…

তীব্ৰ আৰ্থিক সংকট! মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে…

আৰ্থিক সমস্যাৰ বাবেই মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে। হায়দৰাবাদৰ জগদগিৰিগুট্টাত এহাল দম্পতীয়ে স্বগৃহত আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা দম্পতীহালক ২৮ বৰ্ষীয় ভি ব্ৰহ্মচাৰী আৰু তেওঁৰ ২০ বৰ্ষীয় পত্নী মণিকা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ভি ব্ৰহ্মচাৰী সুৰাসক্ত হোৱাৰ উপৰিও বিগত কিছুদিন ধৰি তীব্ৰ আৰ্থিক সংকটত ভুগি আছিল। যাৰ বাবেই পতি-পত্নীয়ে এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে।
Read More
লখিমপুৰ খেৰী কাণ্ডঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ জামিন আবেদনৰ বিৰোধিতা উত্তৰ প্ৰদেশ চৰকাৰৰ…

লখিমপুৰ খেৰী কাণ্ডঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ জামিন আবেদনৰ বিৰোধিতা উত্তৰ প্ৰদেশ চৰকাৰৰ…

২০২১ চনৰ অক্টোবৰ মাহৰ লখিমপুৰ খেৰী হিংসা কাণ্ডৰ অন্যতম অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষৰ জামিন আবেদনৰ উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে বিৰোধিতা কৰে উত্তৰ প্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশৰ অতিৰিক্ত মহাধিবক্তা গৰিমা প্ৰসাদে ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ জে কে মহেশ্বৰীৰ বিচাৰপীঠৰ আগত কয় যে অপৰাধটো গুৰুতৰ। ‘এয়া এক গুৰুতৰ আৰু জঘন্য অপৰাধ আৰু ই সমাজলৈ ভুল সংকেত দিব।’ লখিমপুৰ খেৰীৰ হিংসা গোচৰৰ সৈতে জড়িত আশীষ মিশ্ৰই জামিন অস্বীকাৰ কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ সংৰক্ষিত কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এফআইআৰৰ মতে, চাৰিজন কৃষকক এখন এছ ইউ ভিৰ দ্বাৰা মহটিয়াই নিয়া হৈছিল,…
Read More
বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ! এয়াৰ ইণ্ডিয়াই ৪ মাহৰ বাবে নিষিদ্ধ কৰিলে অভিযুক্ত শংকৰ মিশ্ৰক…

বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ! এয়াৰ ইণ্ডিয়াই ৪ মাহৰ বাবে নিষিদ্ধ কৰিলে অভিযুক্ত শংকৰ মিশ্ৰক…

বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা মুম্বাইৰ শংকৰ মিশ্ৰক চাৰি মাহৰ বাবে নিষিদ্ধ কৰিলে বিমান সংস্থা এয়াৰ ইণ্ডিয়াই। বৃহস্পতিবাৰে বিমান সংস্থাটোৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি এই বাতৰি প্ৰকাশ কৰিছে এএনআইয়ে। উল্লেখ্য যে, ২০২২ৰ ২৬ নৱেম্বৰত এগৰাকী বৃদ্ধ মহিলা সহযাত্ৰীৰ গাৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল শংকৰ মিশ্ৰ নামৰ যুৱকজনে। নিউয়ৰ্কৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ ভিতৰত সংঘটিত হৈছিল এই নিৰ্লজ্জ ঘটনা। সেই সময়ত সুৰাপান কৰি আছিল শংকৰ মিশ্ৰই।
Read More