ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

৩০ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই NDTV ত্যাগ জ্যেষ্ঠ সাংবাদিক শ্ৰীনিবাসন জৈনৰ…

৩০ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই NDTV ত্যাগ জ্যেষ্ঠ সাংবাদিক শ্ৰীনিবাসন জৈনৰ…

সাংবাদিক শ্ৰীনিবাসন জৈনে প্ৰায় ৩০ বছৰৰ অন্তত এনডিটিভিৰ পৰা পদত্যাগ কৰিছে। তেওঁ টুইট কৰি কয় যে পদত্যাগ কৰাৰ সিদ্ধান্ত সহজ নাছিল, কিন্তু…যি আছে সেয়াই হৈছে। এনডিটিভিৰ সাংবাদিকসকলক কথিত আদানী কেলেংকাৰীৰ বিষয়ে কথা নক’বলৈ কোৱাৰ পিছত তেওঁ পদত্যাগ কৰা বুলি দাবী কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ উত্তৰ দিছিল, “সম্পূৰ্ণ আৱৰ্জনা”। ২০২২ চনৰ নৱেম্বৰ মাহত সাংবাদিক ৰবিশ কুমাৰে এন ডি টি ভি ত্যাগ কৰে।
Read More
চৰকাৰে গেংগষ্টাৰ, অপৰাধীক মুকলি কৰি দিব পাৰে, কেৱল সিদ্ধুকহে নোৱাৰেঃ সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ

চৰকাৰে গেংগষ্টাৰ, অপৰাধীক মুকলি কৰি দিব পাৰে, কেৱল সিদ্ধুকহে নোৱাৰেঃ সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৰ পত্নী নৱজোত কৌৰে কয় যে কঠোৰ অপৰাধী, গেংষ্টাৰ আৰু ধৰ্ষণকাৰীয়ে "চৰকাৰী নীতিৰ দ্বাৰা সকাহ পাব পাৰে" কিন্তু সিদ্ধুক এনে কোনো সকাহৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁক "সত্যবাদী" ব্যক্তি বুলি অভিহিত কৰি পত্নীয়ে লগতে কয় যে তেওঁ নকৰা অপৰাধৰ বাবেই তেওঁ কষ্ট পাইছে। উল্লেখ্য যে, ১৯৮৮ চনৰ এটা গোচৰত এবছৰৰ কাৰাদণ্ড ভুগি আছে প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছৰ নেতাগৰাকীয়ে।
Read More
প্ৰেমিকাৰ সৈতে কাজিয়া লাগি নিজৰ বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ চিকিৎসকৰ…

প্ৰেমিকাৰ সৈতে কাজিয়া লাগি নিজৰ বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ চিকিৎসকৰ…

তামিলনাডুৰ কাঞ্চীপুৰমত প্ৰেয়সীৰ সৈতে কাজিয়াত লিপ্ত হোৱা ২৮ বছৰীয়া চিকিৎসকে নিজৰ মাৰ্চিডিজ বেঞ্জ গাড়ীত জুই লগাই দিয়াৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। পথচাৰীয়ে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ সেৱাৰ কৰ্মীসকলক অৱগত কৰে আৰু এটা দলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অৱশ্যে গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যায়। জানিব পৰা মতে, শুকুৰবাৰে প্ৰেমিকাৰ সৈতে লং ড্ৰাইভত গৈছিল চিকিৎসকজনে। কিন্তু তাতেই দুয়োৰে মাজত কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটাত খঙতে নিজৰ বিলাসী বাহনখন জুই লগাই দিয়ে যুৱকজনে।
Read More
তিহাৰ জেলৰ ভিতৰত মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল সুকেশ চন্দ্ৰশেখৰেঃ অভিনেত্ৰী চাহট খান্না…

তিহাৰ জেলৰ ভিতৰত মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল সুকেশ চন্দ্ৰশেখৰেঃ অভিনেত্ৰী চাহট খান্না…

সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সৰু পৰ্দাৰ অভিনেত্ৰী চাহট খান্নাৰ। তিহাৰ জে’লৰ ভিতৰত অভিনেত্ৰীক প্ৰেম প্ৰস্তাৱ দিয়া বুলি দাবী। এক সাক্ষাৎকাৰত চাহট খান্নাই কয় যে তেওঁক প্ৰৱঞ্চনাৰে তিহাৰ জেললৈ লৈ যোৱা হৈছিল, য’ত সুকেশ চন্দ্ৰশেখৰে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল। তেওঁ লগতে কয়, "মই তেওঁক চিঞৰিছিলো, 'মই বিয়া হৈছো আৰু মোৰ দুটা ল'ৰা-ছোৱালী আছে'। 'কিন্তু তেওঁ কৈছিল যে মোৰ স্বামী মোৰ বাবে উপযুক্ত মানুহ নহয়…মই ইমানেই উদ্বিগ্ন হৈ পৰিলোঁ যে মই কান্দি দিছিলো।’
Read More
মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

ঐতিহাসিক তিৰুমালা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৪ ভক্তই। বুধবাৰে তিৰুপতিৰ সমীপৰ চন্দ্ৰগিৰি মণ্ডলত ভক্তৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ৪জন লোকে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ পৰা অহা ভক্তসকলে তিৰুমালালৈ তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰি কানিপাকম মন্দিৰলৈ গৈ থকা অৱস্থাত নৈডুপেট-পুথালাপট্টু ঘাইপথৰ কাষৰ কলৰোডপল্লী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ইফালে এই দুৰ্ঘটনাত আহত হয় আন তিনিজন লোক। ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধআৰ কৰি তিৰুপতিৰ এছভিআৰআৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত নিহত সকলক অনন্ত থেমবুকৰ, ময়ূৰ, ঋষিকেশ আৰু অজয় বুলি চিনাক্ত কৰা…
Read More
গণৰাজ্য দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- প্ৰদান কৰিব নিবনুৱা ভাট্টা…

গণৰাজ্য দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- প্ৰদান কৰিব নিবনুৱা ভাট্টা…

গণৰাজ্য দিৱস উপলক্ষে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি মাহিলী ভাট্টা ঘোষণা কৰে। তেওঁ অৱশ্যে এই পৰিমাণৰ ধন এতিয়াও নিৰ্দিষ্ট কৰা নাই। আন বহুতো আঁচনিৰ কথা ঘোষণা কৰি বাঘেলে লগতে কয় যে ৰাজ্যখনৰ পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক ঘৰ নিৰ্মাণৰ বাবে ৫০ হাজাৰ টকা অনুদান দিয়া হ’ব।
Read More
ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

ভাল খবৰ! লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰম বিশিষ্ট সেৱা মেডেল…

গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে প্রতি বছৰে ঘোষণা কৰা সেনাৰ পদকৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে অসমৰ ৬গৰাকী সেনা বিষয়া আৰু জোৱান। এইবাৰ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক। সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত। উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত। তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু মাতৃ প্ৰয়াত ৰেনু কলিতা। তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ চনৰৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল। একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে…
Read More
অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

তামিল ছবিৰ পৰিচালক তথা অভিনেতা ই ৰামাডোছৰ মৃত্যু। মঙলবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতা-পৰিচালকগৰাকীৰ। চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰামাডোছ। ১৯৮৬ চনত পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ। পৰৱৰ্তী সময়ত ৰামাডোছে বিছাৰণাই, বিক্ৰম বেধা আৰু আৰামৰ দৰে ছবিৰে অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰে।
Read More
সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

সম্পত্তিক লৈ বিবাদ! অভিনেতা নাৱাজুদ্দিনৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ মাতৃৰ…

অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ওৰফে জৈনাবৰ বিৰুদ্ধে এজাহাৰ নাৱাজৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ। সম্পত্তিক লৈ ঘটা বিবাদৰ পিছতে বোৱাৰী আলিয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছে নাৱাজুদ্দিনৰ পত্নীক। আৰক্ষীয়ে জনোৱা মতে, আই পি চিৰ ৪৫২, ৩২৩, ৫০৪ আৰু ৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।
Read More
চাঞ্চল্যকৰ! ১১ বছৰীয়া কিশোৰীক ৭মাহ ধৰি ধৰ্ষণ দুই লম্পট ভাতৃৰ…

চাঞ্চল্যকৰ! ১১ বছৰীয়া কিশোৰীক ৭মাহ ধৰি ধৰ্ষণ দুই লম্পট ভাতৃৰ…

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সভ্য সমাজক লজ্জানত কৰা ঘটনা। দুই ভাতৃয়ে মিলি ৭ মাহ ধৰি দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ১১ বছৰীয়া কিশোৰীক। কিশোৰীগৰাকী ৩৬ সপ্তাহৰ গৰ্ভৱতী বুলি জনাৰ পিছতে পোহৰলৈ আহে এই কাণ্ড। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে জন্ম দিয়ে এটি ল’ৰা সন্তান। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুই ভাতৃক। আদালতে ১৯ আৰু ২১ বৰ্ষীয় ভাতৃ দুজনক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে।
Read More