ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

শিৱসেনাৰ নেতাৰ ওপৰত গুলীচালনা বিজেপি বিধায়কৰ, গ্ৰেপ্তাৰ

শিৱসেনাৰ নেতাৰ ওপৰত গুলীচালনা বিজেপি বিধায়কৰ, গ্ৰেপ্তাৰ

শনিবাৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ (একনাথ শিণ্ডে ফৈদৰ) নেতা মহেশ গাইকৱাদৰ ওপৰত গুলীচালনা কৰে বিজেপি বিধায়ক গনপট গাইকৱাদে। উলহসনগৰৰ হিল লাইন থানাত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি চলি থকা ভূমি বিবাদক লৈ এজাহাৰ দাখিল কৰিবলৈ দুয়োজন ৰাজনীতিবিদ আৰু তেওঁলোকৰ সমৰ্থক থানাত সমবেত হৈছিল। এই ঘটনাৰ সময়ত মহেশ গাইকৱাদ আৰু শিৱসেনাৰ আৰু এজন সমৰ্থক গুৰুতৰভাৱে আহত হয়। ইফালে সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত বন্দী হৈছে, য’ত বিজেপি বিধায়কগৰাকীয়ে শিৱসেনাৰ নেতাগৰাকীৰ ওপৰত গুলীচালনা কৰা দেখা গৈছিল। ঘটনাৰ পিছতে গণপত গাইকৱাদক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈ আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Read More
মন্দিৰ নহয়, এতিয়া বিশেষ ৰজাৰ ৰাজ দৰবাৰ হৈ পৰিছে সংসদ ভৱনঃ গৌৰৱ গগৈ

মন্দিৰ নহয়, এতিয়া বিশেষ ৰজাৰ ৰাজ দৰবাৰ হৈ পৰিছে সংসদ ভৱনঃ গৌৰৱ গগৈ

‘২০১৪ চনৰ পূৰ্বে এই সদনখনক গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হৈছিল। কিন্তু এতিয়া সদন মন্দিৰ হৈ নাই, এতিয়া এয়া এজন বিশেষ সম্ৰাটৰ ৰাজদৰাবলৈ লাহে লাহে সলনি হৈছে।’ – সংসদৰ অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অভিভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ আলোচনাত সদনৰ মজিয়াত এয়া আছিল কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক গৌৰৱ গগৈৰ ভাষ্য। গগৈয়ে কয়, "গণতন্ত্ৰৰ অন্ত পেলোৱাৰ লগতে ৰাজতন্ত্ৰৰ পৰম্পৰা প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে।” কেন্দ্ৰীয় চৰকাৰে ‘ভ্ৰম’ৰ সৃষ্টি কৰি মূল বিষয়সমূহৰ পৰা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইমান উচ্চতাত নিজৰ সিংহাসন স্থাপন কৰিছে যে দেশৰ যুৱক-যুৱতী,…
Read More
নীলা ছবিৰ প্ৰতি কিশোৰ পুত্ৰৰ আসক্তি! ক্ষুব্ধ হৈ পিতৃয়ে বিহিলে মৃত্যুদণ্ডৰ শাস্তি

নীলা ছবিৰ প্ৰতি কিশোৰ পুত্ৰৰ আসক্তি! ক্ষুব্ধ হৈ পিতৃয়ে বিহিলে মৃত্যুদণ্ডৰ শাস্তি

মোবাইলত ব্লু ফিল্ম চোৱাৰ বাবেই নিজৰ ১৪ বছৰীয়া সন্তানক মৃত্যুৰ শাস্তি বিহিলে এজন পিতৃয়ে। মহাৰাষ্ট্ৰৰ সোলাপুৰত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নীলা ছবিৰ প্ৰতি পুত্ৰৰ আসক্তিত বিৰক্ত হৈ অৱশেষত বিষ খুৱাই ১৪ বছৰীয়া কিশোৰজনক হত্যা কৰি মৃতদেহ পেলাই দিয়ে নলাত। আৰক্ষীয়ে জনোৱা মতে, পেছাত দৰ্জী বিজয় বাট্টুৰ ১৪ বছৰীয়া জ্যেষ্ঠ পুত্ৰ বিশাল নীলা ছবি চোৱাৰ প্ৰতি আসক্ত হৈ পৰিছিল। বিদ্যালয়লৈ বুলি ওলাই গৈ বন্ধুৰ সৈতে নীলা ছবি উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল বিশালে। আনহাতে ছোৱালী সহপাঠীৰ সৈতে অশ্লীল আচৰণ কৰাৰ বিষয়েও বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কেইবাবাৰো অভিযোগ লাভ কৰিবলগীয়া হৈছিল পিতৃ বিজয়ে। এনে কাৰণতে পুত্ৰৰ প্ৰতি ক্ষুব্ধ…
Read More
পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পদত্যাগ, ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ক’লে…

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পদত্যাগ, ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ক’লে…

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে শনিবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। তেওঁ পদত্যাগ পত্ৰত লিখিছে যে তেওঁ ব্যক্তিগত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বানৱাৰীলাল পুৰোহিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত লিখিছে, "ব্যক্তিগত কাৰণ আৰু অন্যান্য প্ৰতিশ্ৰুতিৰ বাবে মই পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক পদৰ পদত্যাগ পত্ৰ আগবঢ়াইছো। অনুগ্ৰহ কৰি গ্ৰহণ কৰক।" ইয়াৰ পূৰ্বে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৮৩ বছৰীয়া বনৱাৰী লাল পুৰোহিতে। ২০১৬-২০১৭ বৰ্ষৰ ভিতৰত অসমৰ ৰাজ্যপালৰ দায়িত্বও পালন কৰি আহিছে। আনহাতে ২০২১ চনৰ আগষ্ট মাহত তেওঁ পঞ্জাৱৰ ২৯ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ…
Read More
ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ ভুৱা প্ৰচাৰ! জে’ললৈ যাব নেকি মডেল পুনম পাণ্ডে…

ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ ভুৱা প্ৰচাৰ! জে’ললৈ যাব নেকি মডেল পুনম পাণ্ডে…

মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ পাই সকলোৱে স্তম্ভিত হৈ পৰিছিল যদিও ঠিক পিছদিনা অৰ্থাৎ শনিবাৰে পুনম পাণ্ডেয়ে নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁ জীয়াই আছে। পুনম পাণ্ডেয়ে নিজেই তেওঁৰ মৃত্যুৰ ভুৱা খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে। তেওঁৰ এই কাৰ্যৰ বাবেই ছ’চিয়েল মিডিয়াত ক্ষুব্ধ হৈ পৰিছে নেটিজেন। ইফালে ভুৱা বাতৰি বিয়পোৱাৰ বাবে জে’ললৈও যাবলগীয়া হ’ব পাৰে অভিনেত্ৰীগৰাকী। ইয়াৰ লগতে তেওঁৰ ওপৰত জৰিমনাও আৰোপ কৰিব পাৰে। আই টি এক্ট-২০০০ৰ ৬৭ নং ধাৰাত যদি কোনোবাই প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে দোষী সাব্যস্ত হয়, তেন্তে তেওঁক তিনি বছৰৰ কাৰাদণ্ড…
Read More
সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ সৈতে তুলনা কৰা উদয়ানিধি ষ্টেলিনক চমন আদালতৰ

সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ সৈতে তুলনা কৰা উদয়ানিধি ষ্টেলিনক চমন আদালতৰ

যোৱা বছৰ সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনৰ বিপদ বৃদ্ধি পাইছে। উদয়ানিধিৰ বিৰুদ্ধে বেংগালুৰু আদালতে চমন জাৰি কৰিছে। ৪ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে। উল্লেখ্য যে পৰমেশ নামৰ স্থানীয় জনপ্ৰতিনিধি এজনে উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। পৰমেশৰ অভিযোগ সন্দৰ্ভত বেংগালুৰু আদালতে তেওঁক চমন জাৰি কৰিছে। প্ৰণিধানযোগ্য যে, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই সনাতন ধৰ্মক লৈ বিতৰ্কিত বক্তব্য দিছিল। তেওঁ সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ লগত তুলনা কৰিছিল। এই সন্দৰ্ভত যোৱা বছৰ এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই অনুষ্ঠানৰ আয়োজন কৰা ব্যক্তিজনকো বেংগালুৰু আদালতে চমন জাৰি কৰিছে। দৰাচলতে যোৱা বছৰ তামিলনাডুত আয়োজিত…
Read More
ৰাজনৈতিক দলতকৈ সেনাৰ ওপৰত অধিক বিশ্বাস পাকিস্তান নাগৰিকৰ

ৰাজনৈতিক দলতকৈ সেনাৰ ওপৰত অধিক বিশ্বাস পাকিস্তান নাগৰিকৰ

৮ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত সাধাৰণ নিৰ্বাচন আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কৰা এক জৰীপত, পাকিস্তান সেনাক ৭৪ শতাংশ অনুমোদন ৰেটিং পইণ্টৰ সৈতে দেশৰ আটাইতকৈ বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে প্ৰথম স্থান দিয়া হৈছে। শুকুৰবাৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগ আঠটা আটাইতকৈ বিশ্বাসী প্ৰতিষ্ঠানৰ তলত আছে। ২০১৫  চনত, পাকিস্তান সেনাৰ এক বিশ্বস্ত প্ৰতিষ্ঠান হিচাপে ৭৫ শতাংশ ৰেটিং পইণ্ট আছিল। ৮ বছৰত পৰিস্থিতি সলনি হৈছে আৰু সেনাৰ ওপৰত আস্থা ১ ৰেটিং পইণ্টেৰে হেৰুৱাইছে। অৱশ্যে, ই বিশেষ প্ৰভাৱ পেলাব নোৱাৰে, কিয়নো এতিয়াও পাকিস্তানী সেনাৰ ওপৰত মানুহৰ অধিক বিশ্বাস আছে। পাকিস্তান সেনাৰ পিছত পাকিস্তানৰ দ্বিতীয় আটাইতকৈ বিশ্বাসী প্ৰতিষ্ঠান হৈছে উচ্চতম ন্যায়ালয়। উচ্চতম…
Read More
ইৰাক আৰু চিৰিয়াত আক্ৰমণ আমেৰিকাৰ

ইৰাক আৰু চিৰিয়াত আক্ৰমণ আমেৰিকাৰ

আমেৰিকাই জৰ্ডানত তেওঁলোকৰ সেনাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইৰাক আৰু চিৰিয়াত ইৰাণ সমৰ্থিত মিলিছিয়া আৰু ইৰানী ৰিভলিউচনৰী গাৰ্ডছৰ কেইবাটাও ঠিকনাত আক্ৰমণ কৰে। এই আক্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অন্যান্য শীৰ্ষ আমেৰিকান নেতাসকলে কেইবাদিনো ধৰি সতৰ্ক কৰি আহিছে যে আমেৰিকাই মিলিছিয়া গোটৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব। শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই এই আক্ৰমণ সংঘটিত কৰাৰ পিছত বাইডেনে এক বিবৃতিত কয়, "আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্যপ্ৰাচ্য বা পৃথিৱীৰ আন কোনো ঠাইত সংঘৰ্ষ বিচৰা নাই, কিন্তু যিসকলে আমাক ক্ষতি কৰিব বিচাৰে, তেওঁলোকে এইটো জনাব: যদি আপুনি কোনো আমেৰিকানৰ ক্ষতি কৰে, আমি ইয়াৰ উচিত শিক্ষা দিম।"
Read More
ভাড়াতীয়া দম্পতীৰ কোঠাত গোপনে স্থাপন পেন কেমেৰা! যুৱতীৰ গোপন দৃশ্য বন্দী কৰি গ্ৰেপ্তাৰ ভাৱী চিকিৎসক

ভাড়াতীয়া দম্পতীৰ কোঠাত গোপনে স্থাপন পেন কেমেৰা! যুৱতীৰ গোপন দৃশ্য বন্দী কৰি গ্ৰেপ্তাৰ ভাৱী চিকিৎসক

ভাড়াতীয়া দম্পতীৰ কোঠাত গোপন কেমেৰা লগাই মহিলাৰ ব্যক্তিগত মুহূৰ্ত ৰেকৰ্ড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চেন্নাইত। জানিব পৰা মতে, চেন্নাই দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ইব্ৰাহিমৰ ঘৰত প্ৰায় এবছৰৰ পৰা ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল এহাল পতি-পত্নীয়ে। ৩০ জানুৱাৰীত কম বয়সীয়া মহিলাগৰাকীয়ে নিজৰ বেডৰুমত ৰখা এটা কলমৰ পৰা এক অনুজ্জ্বল পোহৰ কোঠাত বিয়পি পৰা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে তেওঁ স্বামীক এই বিষয়ে কোৱাত স্বামীয়ে পেনটো খুলি চাই নিশ্চিত হয় যে সেইটো আচলতে এটা পেন কেমেৰা, য’ত বন্দী হৈছিল মহিলাগৰাকীৰ কাপোৰ সলোৱাকে ধৰি তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ বহু দৃশ্য। ইয়াৰ পিছতে দম্পতীহালে এই সন্দৰ্ভত ইব্ৰাহিমৰ…
Read More
লক্ষ্য ’২৪ৰ নিৰ্বাচন! কোনে কি পালে অন্তৱৰ্তীকালীন বাজেটত?

লক্ষ্য ’২৪ৰ নিৰ্বাচন! কোনে কি পালে অন্তৱৰ্তীকালীন বাজেটত?

''মোদী চৰকাৰৰ বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতিয়ে নতুন শক্তি লাভ কৰিছে আৰু উন্নয়নৰ ফল জনতাই প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ যে আমাৰ চৰকাৰখনে নিজৰ অসাধাৰণ কৰ্ম দক্ষতাৰে জনতাক অধিক সেৱা প্ৰদান কৰিব পাৰিব।’’ বৃহস্পতিবাৰে সংসদৰ বাজেট অধিৱেশনত এইদৰেই ভাষণৰ আৰম্ভণি কৰি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰায় এক ঘণ্টাৰ বাজেট ভাষণত মোদী চৰকাৰৰ বিগত ১০ বছৰৰ সাফল্যৰ ৰূপৰেখা দাঙি ধৰি সীতাৰমণে কয়, ''আগন্তুক ২৫ বছৰ আমাৰ বাবে কৰ্তব্যৰ সময়।’’ সংসদত বৃহস্পতিবাৰে দাখিল কৰা বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আগন্তুক পাঁচ বছৰত দেশ অভূতপূৰ্ব বিকাশৰ সাক্ষী হ’ব। সংসদত একেৰাহে ষষ্ঠবাৰৰ…
Read More