ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

কমেও ১২ খন বাহনৰ মাজত সংঘটিত হ’ল ভয়ংকৰ সংঘৰ্ষ, তাৰ পিছত…

কমেও ১২ খন বাহনৰ মাজত সংঘটিত হ’ল ভয়ংকৰ সংঘৰ্ষ, তাৰ পিছত…

মহাৰাষ্ট্ৰৰ খোপলিৰ মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে কমেও ১২ খন বাহনৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ। এখন ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই সংঘটিত হয় এই সংঘৰ্ষ। যাৰ ফলত কমেও ৪ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।
Read More
পুঞ্চৰ শ্বহীদক লৈ মৌন কিয় প্ৰধানমন্ত্ৰী? প্ৰশ্ন কংগ্ৰেছৰ…

পুঞ্চৰ শ্বহীদক লৈ মৌন কিয় প্ৰধানমন্ত্ৰী? প্ৰশ্ন কংগ্ৰেছৰ…

২০ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৫জন জোৱান শ্বহীদ হয়। এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ সকলো নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ সন্ধানত অভিযান চলাইছে৷ একে সময়তে আজি (২৭ এপ্ৰিল) কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ আঁৰৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি আক্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়াই কয় যে, ঘটনাৰ ৭ দিন পাৰ হৈ গ’ল আৰু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰিছে। পৱন খেড়াই কয় যে, পুঞ্চত হোৱা আক্ৰমণত ব্যৱহৃত গুলী আৰু অস্ত্ৰ-শস্ত্ৰৰ পোনপটীয়া সম্পৰ্ক তালিবানৰ সৈতে। এই ঘটনাৰ আঁৰত তালিবানৰ হাত দেখা গৈছে। এনে পৰিস্থিতিত চৰকাৰে তালিবানৰ সৈতে সম্পৰ্ক বজাই ৰাখিব লাগে। পৱন খেড়াই কয়, দেশত অবিৰতভাৱে…
Read More
কিংবদন্তী ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান…

কিংবদন্তী ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান…

ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান। এই সন্মান কিংবদন্তি ভাৰতীয় উদ্যোগপতিগৰাকীক সেই দেশৰ চৰকাৰে প্ৰদান কৰে। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত বেৰী অ’ফেৰেলে প্ৰদান কৰে এই সন্মান। জানিব পৰা মতে, ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্কত ৰতন টাটাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে। টাটা গোটৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়েও দুয়োখন দেশৰ ব্যৱসায়িক সম্পৰ্ক উন্নত কৰাৰ আঁৰত বহুখিনি অৱদান আগবঢ়াইছে। তদুপৰি তেওঁ বিভিন্ন সময়ত কেংগাৰু দেশত বিভিন্ন সমাজ সেৱাৰ কাম কৰি আহিছে। ৰাষ্ট্ৰদূত বেৰী অ’ফেৰেলে ৰতন টাটাক মেডেল অৱ দ্য অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (এ অ’) প্ৰদান কৰা এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ কয় যে কেৱল ভাৰততে নহয়, ৰতন টাটাৰ কামে তেওঁক অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ মাজতো সন্মানিত…
Read More
পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিয়োগ…

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বিয়োগ…

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। শ্বাস প্ৰশ্বাসৰ অসুবিধাজনিত কাৰণত এসপ্তাহতকৈও অধিক পূৰ্বে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ নেতাগৰাকী। পঞ্জাৱৰ পাঁচবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰৰ জুন মাহতো গেষ্ট্ৰাইটিছ আৰু ব্ৰংকিয়ল এজমাৰ সৈতে জড়িত অভিযোগৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক ক’ভিডৰ পিছৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মোহালীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সেই সময়ত তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ পৰীক্ষাও কৰা হয়। যোৱা বছৰৰ জানুৱাৰী মাহত বাদলৰ দেহত কোভিড পজিটিভ পোৱা গৈছিল আৰু তেওঁক লুধিয়ানাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
Read More
ন্যায়ৰ দাবীত প্ৰতিবাদত দেশৰ মল্লযুঁজাৰু! যন্তৰ মন্তৰৰ প্ৰতিবাদলৈ সমৰ্থন কংগ্ৰেছ-বিৰোধীৰ…

ন্যায়ৰ দাবীত প্ৰতিবাদত দেশৰ মল্লযুঁজাৰু! যন্তৰ মন্তৰৰ প্ৰতিবাদলৈ সমৰ্থন কংগ্ৰেছ-বিৰোধীৰ…

দিল্লীৰ যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুৰ ধৰ্ণা আজিও অব্যাহত আছে। ভাৰতীয় মল্লযুঁজৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক জাননী জাৰি কৰে। ইফালে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালেও মল্লযুঁজাৰুৰ সমৰ্থনত ওলাই আহিছে। মল্লযুঁজাৰুসকলক সমৰ্থন কৰি তেওঁ কয় যে ‘ন্যায়ৰ সৈনিকসকল আপোনাৰ লগত আছে’। সোমবাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে বিনেশ ফ’গাটকে ধৰি ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে। ইয়াৰ মাজতে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাবী কৰা হৈছিল। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৮ এপ্ৰিলত আদালতত…
Read More
কেৰালাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

কেৰালাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

দুদিনীয়া ভ্ৰমণসূচীৰে কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ মাজতে মঙলবাৰে পুৱা ১১:১০ বজাত তিৰুৱনন্তপুৰম আৰু কাছাৰগোডৰ মাজত ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত ৰে’ল তিৰুৱনন্তপুৰম কেন্দ্ৰীয় ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি এই ৰে’লখন ১১খন জিলাত চলিব। ইয়াৰ ভিতৰত তিৰুৱনন্তপুৰম, কোল্লাম, কোট্টায়ম, এৰ্নাকুলাম, থ্ৰিছুৰ, পলাক্কাড, পাঠনামথিত্তা, মালাপ্পুৰম, কোঝিকোড়, কান্নুৰ আৰু কাছাৰগোড আদি অন্যতম। আজি পুৱা তিৰুৱনন্তপুৰমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয়। ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁ ৰোড শ্ব’ কৰিও ৰাইজক সম্ভাষণ জনায়। ইয়াৰ পিছত তেওঁ চেণ্ট্ৰেল ৰেলৱে ষ্টেচনলৈ ৰাওনা হয়। বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পিছত তিৰুৱনন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা…
Read More
এইবাৰ বিতৰ্কিত আইন প্ৰণয়ন কৰি হত্যাৰ অপৰাধী আৰজেডি নেতাক কাৰাবন্দীত্বৰ পৰা মুকলিৰ যো-জা বিহাৰ চৰকাৰৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

এইবাৰ বিতৰ্কিত আইন প্ৰণয়ন কৰি হত্যাৰ অপৰাধী আৰজেডি নেতাক কাৰাবন্দীত্বৰ পৰা মুকলিৰ যো-জা বিহাৰ চৰকাৰৰ, তীব্ৰ প্ৰতিক্ৰিয়া…

বিলকিছ বানোৰ ধৰ্ষণকাৰীৰ মুক্তিক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিতৰ্কিত আইন প্ৰণয়ন কৰি এইবাৰ বিহাৰ চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰাৰ যো জা চলাইছে এজন গেংষ্টাৰক। সূত্ৰ অনুসৰি, যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা এজন গেংষ্টাৰ নেতাক শীঘ্ৰে মুকলি কৰি দিব নীতিশ কুমাৰ চৰকাৰে। স্বাভাৱিকতে বিহাৰৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈছে বিৰোধীয়ে। ধাৰাবাহিক অভিযোগৰ সন্মুখীন হোৱা আৰজেডি নেতা আনন্দ মোহন সিঙক বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে মুকলি কৰি দিবলৈ সাজু হৈছে। ১৯৯৪ চনত এজন দলিত আই এ এছ বিষয়াক ৰাজহুৱাভাৱে জ্বলাই দিয়াৰ অপৰাধত দোষী সাব্যস্ত হৈছিল আনন্দ মোহন সিঙ। ২০০৭ চনত স্থানীয় আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পাছত পাটনা উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ড…
Read More
নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত অস্বস্তিত বিজেপি! মুছলিম সংৰক্ষণ বাতিলত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ…

নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকত অস্বস্তিত বিজেপি! মুছলিম সংৰক্ষণ বাতিলত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ…

১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বিগত কেইমাহমানত জাতিগত ৰাজনীতিয়ে চৰম সীমাত উপনীত হৈছে। কিছুদিন পূৰ্বে কৰ্ণাটকৰ বিজেপি চৰকাৰে অ’বিচি মুছলমানৰ বাবে ৪ শতাংশ সংৰক্ষণ বাতিল কৰিছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ে সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে অ’বিচি মুছলমানৰ বাবে সংৰক্ষণ বাতিলৰ সিদ্ধান্ত অহা ৯ মে’লৈকে কাৰ্যকৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ শাসকীয় দলটোৱে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক লৈ অত্যন্ত অস্বস্তিত পৰিছে। ২৫ মাৰ্চত কৰ্ণাটকৰ বিজেপি চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্যত শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ৰাজ্যত অবিচি মুছলমানসকলৰ বাবে সংৰক্ষিত ৪ শতাংশ আসন প্ৰদান কৰা হৈছে। ভোক্কালিগা আৰু লিংগায়তে…
Read More
আকৌ উন্নাও কাণ্ড! জামিনত মুকলি হৈ আহিয়েই ভুক্তভোগী কিশোৰীৰ বাসগৃহত অগ্নিসংযোগ ধৰ্ষণৰ অভিযুক্তৰ, দুই শিশু অগ্নিদগ্ধ

আকৌ উন্নাও কাণ্ড! জামিনত মুকলি হৈ আহিয়েই ভুক্তভোগী কিশোৰীৰ বাসগৃহত অগ্নিসংযোগ ধৰ্ষণৰ অভিযুক্তৰ, দুই শিশু অগ্নিদগ্ধ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত পুুনৰ এবাৰ উন্নাও কাণ্ডৰ পুনৰাবৃত্তি! আতিক-আশ্ৰফৰ হত্যাকাণ্ডৰ দুদিন পিছতে ৰাজহুৱা গুলীচালনাত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হয়। এইবাৰ নাবালিকাক ধৰ্ষণ কৰাৰ অভিযুক্তই ভুক্তভোগীৰ ঘৰত জুই লগাই দিয়ে। এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হয় ছমহীয়া সন্তান আৰু দুমহীয়া ভগ্নী। সংকটজনক অৱস্থাত দুই শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ২০২২ চনৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। সেই বছৰৰ ১৩ ফেব্ৰুৱাৰীত গাঁৱৰ পাঁচজন যুৱকৰ বিৰুদ্ধে ১১ বছৰীয়া দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। গ্ৰেপ্তাৰ কৰা হয় দুয়োকে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নাবালিকাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। অভিযোগ অনুসৰি, জেলত থকা অৱস্থাত কিশোৰীগৰাকীৰ পৰিয়ালক গোচৰটো প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিছিল দুজন যুৱকে। শেহতীয়াকৈ…
Read More
আজি বিলকিছ, কাইলৈ আপুনি বা মই হ’ব পাৰেঃ ধৰ্ষণৰ দোষীক মুক্তি সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ…

আজি বিলকিছ, কাইলৈ আপুনি বা মই হ’ব পাৰেঃ ধৰ্ষণৰ দোষীক মুক্তি সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ…

বিলকিছ বানো ধৰ্ষণ গোচৰৰ দোষীক মুক্তিৰ বাবে গুজৰাট চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে কয় যে, “প্ৰশ্নটো হ’ল চৰকাৰে নিজৰ মন প্ৰয়োগ কৰিলে নেকি আৰু কি সামগ্ৰীয়ে ৰেমিছন প্ৰদানৰ সিদ্ধান্তৰ ভিত্তি গঠন কৰিলে।” ন্যায়ালয়ে লগতে কয়, “আজি বিলকিছ। কাইলৈ আপুনি বা মই হ’ব পাৰে… কাৰণ নিদিলে আমি নিজৰ সিদ্ধান্ত নিজেই ল’ম।”
Read More