25
Apr
দুদিনীয়া ভ্ৰমণসূচীৰে কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ মাজতে মঙলবাৰে পুৱা ১১:১০ বজাত তিৰুৱনন্তপুৰম আৰু কাছাৰগোডৰ মাজত ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত ৰে’ল তিৰুৱনন্তপুৰম কেন্দ্ৰীয় ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি এই ৰে’লখন ১১খন জিলাত চলিব। ইয়াৰ ভিতৰত তিৰুৱনন্তপুৰম, কোল্লাম, কোট্টায়ম, এৰ্নাকুলাম, থ্ৰিছুৰ, পলাক্কাড, পাঠনামথিত্তা, মালাপ্পুৰম, কোঝিকোড়, কান্নুৰ আৰু কাছাৰগোড আদি অন্যতম। আজি পুৱা তিৰুৱনন্তপুৰমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয়। ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁ ৰোড শ্ব’ কৰিও ৰাইজক সম্ভাষণ জনায়। ইয়াৰ পিছত তেওঁ চেণ্ট্ৰেল ৰেলৱে ষ্টেচনলৈ ৰাওনা হয়। বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পিছত তিৰুৱনন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা…