01
May
হঠাৎ মৃত্যুৰ বিভীষিকা নামি আহিল মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডী চহৰৰ এটা দুমহলীয়া অট্টালিকাৰ আৱাসীসকললৈ। দেওবাৰে অট্টালিকাটো খহি পৰাৰ ফলত মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৮ জনলৈ। ইফালে ধ্বংসস্তূপৰ মাজত এতিয়াও ডজনোধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজে মিলি ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে মানকোলি অঞ্চলৰ ভালপাড়াৰ ৱৰ্ধমান চৌহদত অৱস্থিত ধ্বংসস্তূপত বিলীন হোৱা এই অট্টালিকাটোৰ স্বত্বাধিকাৰীকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, তলৰ মহলা আৰু প্ৰথম মহলাত গুডাম ঘৰ আৰু ওপৰৰ মহলাত চাৰিটা পৰিয়াল বাস কৰা অট্টালিকাটো শনিবাৰে নিশা প্ৰায় ২ বজাত…