ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

অবৈধ ব্যৱসায়ীৰ সৈতে ধনৰ লেনদেন! ৩ আৰক্ষী জোৱানক নিলম্বন…

অবৈধ ব্যৱসায়ীৰ সৈতে ধনৰ লেনদেন! ৩ আৰক্ষী জোৱানক নিলম্বন…

মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ তিনিগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে অবৈধ ব্যৱসায়ীৰ সৈতে আৰ্থিক লেনদেনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষী অধীক্ষক নুৰুল হাছানে তিনিজন আৰক্ষী জোৱানক তৎক্ষণাত নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে। আৰক্ষী অধীক্ষকৰ এই নিৰ্দেশৰ ফলত আৰক্ষী মহলত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। নিলম্বিত আৰক্ষী জোৱান কেইজনৰ নাম হ’ল ধীৰাজ ৰাথোৰ, ৰাকেশ ইটৱাৰে আৰু পৱন দেশমুখ। আৰক্ষী অধীক্ষকৰ বিশেষ দলত কৰ্মৰত আছিল ধীৰাজ ৰাথোদ, ৰাকেশ ইটভাৰে আৰু পৱন দেশমুখ। তিনিওজনে ইটৱাৰা অঞ্চলৰ আনন্দনগৰ অঞ্চলৰ বাসিন্দা এজন অবৈধ ব্যৱসায়ীৰ পৰা ৩০ হাজাৰ টকা দাবী কৰাৰ লগতে সেই ধনৰাশিও লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী অধীক্ষকে এই বিষয়টো লক্ষ্য কৰাৰ লগে লগে ঘটনাৰ গুৰুত্ব আৰোপ কৰি…
Read More
১০ মে’লৈ স্থগিত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামাৰ শুনানি…

১০ মে’লৈ স্থগিত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামাৰ শুনানি…

দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে দাখিল কৰা পৰিপূৰক অভিযোগনামাৰ সন্দৰ্ভত শুনানি ১০ মে’লৈ পিছুৱাই দিয়া হৈছে। প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছিছ’ডিয়াৰ বিৰুদ্ধে দাখিল কৰা পৰিপূৰক অভিযোগনামা বলবৎকাৰী সঞ্চালকালয়ে গ্ৰহণ কৰাৰ পিছতে শনিবাৰে (৬ মে’) ৰাউছ এভিনিউ আদালতত শুনানি পিছুৱাই দিয়া হয়। ইডিৰ অভিযোগ পত্ৰৰ সচেতনতা ল’বলৈ ১০ মে’ত ৰাউছ এভিনিউ আদালতত শুনানি অনুষ্ঠিত হ’ব। আবকাৰী কেলেংকাৰী গোচৰত ইডিৰ এয়া চতুৰ্থ পৰিপূৰক চাৰ্জ শ্বীট। পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ সময়ত ইডিয়ে আদালতত কয় যে আবকাৰী কেলেংকাৰীৰ গোচৰত মনীষ ছিছ’দিয়া ২৯ নম্বৰৰ অভিযুক্ত। বলবৎকাৰী সঞ্চালকালয়ে জনাইছিল যে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে থকা পৰিপূৰক অভিযোগনামাত ২১০০ পৃষ্ঠা আছে। ৰাউছ এভিনিউ আদালতে…
Read More
নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত অসম সন্তান আদিল হুছেইন

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত অসম সন্তান আদিল হুছেইন

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৩ত ”ফুটপ্ৰিণ্টছ অন ৱাটাৰ” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে মনোনীত হৈছে বলীউডৰ অভিনেতা তথা অসম সন্তান আদিল হুছেইন। টুইটাৰত অভিনেতাগৰাকীয়ে একে কথা ঘোষণা কৰে। ছবিখন — ফুটপ্ৰিণ্টছ অন ৱাটাৰ — নাটালিয়া শ্যামৰ পৰিচালনাত নিৰ্মিত ইংৰাজী চিনেমা আৰু ইয়াত আদিল হুছেইন, নিমিছা সজয়ন, লেনা, ডেনি ছুৰাকে ধৰি অভিনেতাসকলে মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰিছে। ৫৯ বছৰীয়া অভিনেতাগৰাকীয়ে বলীউডত কাম কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চিনেমাতো কাম কৰি আহিছে। দ্য ৰিলুক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট আৰু লাইফ অৱ পাই আদি ছবিতো তেওঁক দেখা গৈছিল। হুছেইনে ২০১৭ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে হোটেল ছালভেচন আৰু মাজ ৰাতি কেটেকীৰ বাবে।
Read More
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৫ সেনা জোৱান…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৫ সেনা জোৱান…

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত শ্বহীদ ৫ গৰাকী ভাৰতীয় সেনা জোৱান। ৰাজৌৰী জিলাৰ কাণ্ডি বনাঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ। বৰ্তমানো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত অব্যাহত ৰখা হৈছে সেনাৰ অভিযান। সেনাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, ৰাজৌৰীত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। জানিব পৰা মতে, কাণ্ডি বনাঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে সেনাই অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত বিস্ফোৰণত দুগৰাকী জোৱান থিতাতে শ্বহীদ হোৱাৰ বিপৰীতে আন ৪জন গুৰুতৰভাৱে আহত হয়। আহত জোৱান কেইজনক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে পুনৰ মৃত্যু ঘটে আন তিনিগৰাকী জোৱানৰ। উল্লেখ্য যে, চৰকাৰে…
Read More
পাকিস্তানৰ চোৰাংচোৱাৰ অভিযোগত আটক DRDOৰ বিজ্ঞানী…

পাকিস্তানৰ চোৰাংচোৱাৰ অভিযোগত আটক DRDOৰ বিজ্ঞানী…

মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোয়াডে পুনেৰ পৰা ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ DRDOৰ এজন বিজ্ঞানীক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ATSৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি পুনেৰ DRDOৰ সঞ্চালক বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ (৬০)ক সম্ভাৱ্য হনী ট্ৰেপিং গোচৰৰ সৈতে জড়িত থকাৰো সন্দেহ কৰি আটক কৰা হৈছে। আৰক্ষীৰ মতে, পুনেত DRDOৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে নিজৰ চৰকাৰী কৰ্তব্য পালন কৰি থকাৰ সময়তে হোৱাটছএপ মেছেজ আৰু ভইচ আৰু ভিডিঅ’ কলৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ (PIO) কৰ্মীৰ সৈতে যোগাযোগ কৰা দেখা গৈছিল। এটা আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, “দায়বদ্ধ পদত অধিষ্ঠিত হোৱাৰ পিছতো DRDOৰ বিষয়াগৰাকীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰিছে যাৰ ফলত স্পৰ্শকাতৰ চৰকাৰী গোপনীয়তাৰ সৈতে আপোচ কৰিছে,…
Read More
কংগণা ৰানাৱটৰ অভিযোগ সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া জাভেদ আখতাৰৰ, ক’লে…

কংগণা ৰানাৱটৰ অভিযোগ সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া জাভেদ আখতাৰৰ, ক’লে…

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট সদায় চৰ্চাত। বিষয় যিয়েই নহওক কিয়, কংগনাই নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত একো নাভাবে। ২০২০ চনত কংগনা ৰানাৱটে জাভেদ আখতাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কংগনা ৰানাৱটে জাভেদ আখতাৰৰ সৈতে হোৱা এক লাইভ সাক্ষাৎকাৰত চাঞ্চল্যকৰ প্ৰকাশ কৰিছিল তেওঁৰ বিষয়ে এটা ডাঙৰ প্ৰকাশ। কংগনা ৰানাৱটৰ এই অভিযোগৰ পিছতে সকলো স্তম্ভিত হৈ পৰে। কংগনাই কয় যে জাভেদ আখতাৰে তেওঁক পোনপটীয়াকৈ ভাবুকি দিছিল। ইয়াৰ পিছতে এটা ডাঙৰ বিতৰ্কৰ সৃষ্টি হয়। কংগনা ৰানাৱটৰ এই অভিযোগৰ পিছতে চলচ্চিত্ৰ জগততো যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত কংগনাই জাভেদ আখতাৰৰ বিৰুদ্ধে এই সকলোবোৰ অভিযোগ উত্থাপন কৰে। কংগনা ৰানাৱটৰ এই…
Read More
মোৰ ৰাজ্য জ্বলিছে! মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰলৈ আহ্বান মেৰী কমৰ…

মোৰ ৰাজ্য জ্বলিছে! মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰলৈ আহ্বান মেৰী কমৰ…

বৃহস্পতিবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে আবেদন জনায় কিংবদন্তি বক্সাৰ এম চি মেৰী কমে। বুধবাৰে জনজাতীয় আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱা উত্তৰ-পূব ৰাজ্যখনত সেনা আৰু অসম ৰাইফলছৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ততাতৈয়াকৈ আহ্বান জনায় বক্সাৰ গৰাকীয়ে। ভাৰতৰ প্ৰবীণ মহিলা বক্সাৰগৰাকীয়ে বৃহস্পতিবাৰে পুৱা টুইট কৰি কয়, ‘মোৰ ৰাজ্য জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক।’ হিংসাত্মক ঘটনাৰ ফটো শ্বেয়াৰ কৰাৰ সময়তে এম চি মেৰী কমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক টেগ কৰে। মেৰী কমে এটা ভিডিঅ’ও শ্বেয়াৰ কৰে য’ত তেওঁ কয়, ‘মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি মোৰ মনটো ভাল নহয়। যোৱা নিশাৰ পৰা…
Read More
ঘৰৰ চাঁদত এজাক বান্দৰৰ আক্ৰমণ মৃত্যু ৪৫ বৰ্ষীয় ব্যক্তিৰ…

ঘৰৰ চাঁদত এজাক বান্দৰৰ আক্ৰমণ মৃত্যু ৪৫ বৰ্ষীয় ব্যক্তিৰ…

উত্তৰ প্ৰদেশৰ উছাৱান থানাৰ অধীনৰ নিৰঞ্জন নগলা গাঁৱত এজাক বান্দৰৰ আক্ৰমণত মৃত্যু এজন ৪৫ বছৰীয়া ব্যক্তিৰ। নিহত ব্যক্তিজনৰ নাম দেশ ৰাজ বুলি জানিব পৰা গৈছে। ব্যক্তিজনে ঘৰত আয়োজিত অনুষ্ঠানৰ ৰাহি খাদ্য ঘৰৰ চাদত বান্দৰক প্ৰদান কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উছাৱানৰ এছ এইচ অ’ ৰাবেন্দৰ সিঙে জনোৱা মতে, চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক মৃত ঘোষণা কৰা হয়।
Read More
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

উত্তৰ কাশ্মীৰৰ বাৰামুল্লাত বৃহস্পতিবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ মাজতে দুজন সন্ত্ৰাসবাদী নিহত হৈছে। নিহত দুয়োজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আৰু শ্বোপিয়ানৰ বাসিন্দা আছিল। তেওঁলোকৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু এটা পিষ্টলকে ধৰি অভিযোগনামা দাখিল কৰা সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। এছএছপি বাৰামুল্লা আমোদ অশোক নাগপুৰে জানিবলৈ দিয়া মতে, বাৰামুল্লা আৰক্ষী আৰু ২৯আৰআৰ আৰু ২নং বেটেলিয়ন এছএছবিৰ যুটীয়া দলে নিশাৰ ভাগত জিলাখনৰ ক্ৰীৰী অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে। যৌথ দলটোৱে সন্দেহজনক স্থানৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক গুলীচালনা কৰি এনকাউণ্টাৰৰ সূচনা কৰে। এই এনকাউণ্টাৰত নিহত হয় দুজন লস্কৰ…
Read More
ইউচিচি ৰূপায়নে মুছলমান মহিলাৰ বাবে লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

ইউচিচি ৰূপায়নে মুছলমান মহিলাৰ বাবে লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

বিগত দুদিন ধৰি কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণে মুছলমান মহিলাৰ বাবে লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেংগালুৰু মলেশ্বৰমত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, “কৰ্ণাটক বিজেপিয়ে অতি সাহসী প্ৰতিশ্ৰুতি দিলে আৰু ই সমগ্ৰ দেশতে ইউচিচি ৰূপায়ণৰ বাবে দেশজোৰা দাবীৰ সূচনা কৰিব।” বিগত দুদিন ধৰি কৰ্ণাটকত প্ৰচাৰত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে বিজেপি নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে মুছলমান সম্প্ৰদায়ক প্ৰদান কৰা ৪ শতাংশ সংৰক্ষণ বাতিল কৰাৰ সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত। বেংগালুৰু মলেশ্বৰমত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, “৪…
Read More