15
Oct
শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয় যে ভাৰতত বসবাস কৰিব বিচৰাসকলে ভাৰত মাতা কি জয় ক’ব লাগিব। বিজেপিৰ উদ্যোগত আয়োজিত কৃষক সন্মিলনত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে দেশৰ যিসকলে কয় যে আমি ভাৰত মাতা কি জয় নকওঁ, তেওঁলোকে নৰকলৈ যাওক। কৃষি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে যদি আপুনি ভাৰতত থাকিব বিচাৰে তেন্তে ভাৰত মাতা কি জয় বুলি ক’ব লাগিব। তেওঁ লগতে এই প্ৰশ্নও কৰে যে যদি আপুনি তেনে নকৰে তেন্তে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ বুলি ক’বনে? তেওঁ কয়- ‘বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় বুলি কোৱা সকলৰ বাবেহে দেশত স্থান আছে। মই ক’ব বিচাৰো…