ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

গাজাৰ হাস্পতালৰ পিছত এইবাৰ গীৰ্জাত বিস্ফোৰণ, মহিলা আৰু কিশোৰীৰ মৃত্যু

গাজাৰ হাস্পতালৰ পিছত এইবাৰ গীৰ্জাত বিস্ফোৰণ, মহিলা আৰু কিশোৰীৰ মৃত্যু

ইজৰাইল-হামাছ যুদ্ধৰ মাজতে গাজাৰ চিকিৎসালয়ত হোৱা বৃহৎ আক্ৰমণৰ পিছত এইবাৰ এটা গীৰ্জাতো সংঘটিত হ’ল বিস্ফোৰণৰ ঘটনা। গীৰ্গাত সংঘটিত বিস্ফোৰণত এগৰাকী কিশোৰী আৰু এগৰাকী মহিলাৰ মৃত্যু ঘটা বুলি খবৰ প্ৰকাশ পাইছে। পেলেষ্টাইনে নিশ্চিত কৰে এই মৃত্যু আৰু আক্ৰমণ। বিস্ফোৰণৰ পিছতে গীৰ্জাঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বিস্ফোৰণত আহতসকলক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই আক্ৰমণৰ পিছতে স্তম্ভিত হৈ পৰিছে গাজাবাসী। এই সন্দৰ্ভত হামাছেও এক বিবৃতি প্ৰকাশ কৰি ইজৰাইলৰ সেনাই গীৰ্জাটোক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে।
Read More
গাজাৰ হাস্পতালত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক! কমেও ৫০০ লোকৰ মৃত্যুৰ দাবী হামাছৰ…

গাজাৰ হাস্পতালত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক! কমেও ৫০০ লোকৰ মৃত্যুৰ দাবী হামাছৰ…

হামাছৰ অধীনস্থ গাজা চহৰৰ এখন চিকিৎসালয়ত সংঘটিত ৰকেট আক্ৰমণত কমেও ৫০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। এই আক্ৰমণত বহু লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহতও হয়। হামাছে দাবী কৰিছে যে ইজৰাইলে এয়াৰ ষ্ট্ৰাইকেৰে চিকিৎসালয়খনক লক্ষ্য কৰি লৈছিল। ইজৰাইল সেনাই কয় যে তেওঁলোকে কোনো চিকিৎসালয়ক বোমা বিস্ফোৰণৰ লক্ষ্য কৰি লোৱা নাই। উল্লেখ্য যে এই আক্ৰমণ সংঘটিত হৈছে মধ্য গাজাৰ আল আহলি হাস্পতালত। ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ এখন চিকিৎসালয়ত শ শ লোক নিহত হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত অঞ্চলটোৰ স্বাস্থ্য বিষয়াসকলে প্ৰকাশ কৰিছে। গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, কমেও ৫০০ লোক নিহত আৰু কেইবাশতাধিক লোক আহত…
Read More
২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি আত্মসাৎ কৰিছে গৌতম আদানীয়ে! পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ

২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি আত্মসাৎ কৰিছে গৌতম আদানীয়ে! পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ

পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত তেওঁ কয় যে আদানী গ্ৰুপে ২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি টকা আত্মসাৎ কৰিছে। আদানী আৰু কয়লাৰ ৰহস্যজনক মূল্য সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে। ৰাহুলে কয় যে এই প্ৰতিবেদন লণ্ডনৰ ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পাইছে। সংবাদমেলত ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে কয় – ”আগতে আমি ২০ হাজাৰ কোটি টকাৰ কথা পাতিছিলোঁ আৰু প্ৰশ্ন কৰিছিলোঁ যে কাৰ টকা আৰু ক’ৰ পৰা আহিছে?’ এতিয়া প্ৰকাশ পাইছে যে ২০ হাজাৰ কোটি টকাৰ পৰিসংখ্যা ভুল আছিল, তাৰ লগত ১২…
Read More
ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ গোচৰত সমাজবাদী পাৰ্টীৰ নেতা আজম খানক সপৰিয়ালে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ গোচৰত সমাজবাদী পাৰ্টীৰ নেতা আজম খানক সপৰিয়ালে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

সমাজবাদী পাৰ্টিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী আজম খান আৰু তেওঁৰ পৰিয়ালক ভুৱা জন্ম প্ৰমাণ পত্ৰৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। আজম খানৰ লগতে তেওঁৰ পুত্ৰ আজ, আব্দুল্লা আৰু পত্নী ডাঃ তনজীম ফাতিমাক দোষী সাব্যস্ত কৰা হৈছে। তিনিওজনকে সাত বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ লগতে আজম খানৰ জামিন আবেদন বাতিল কৰা হৈছে। বিজেপি নেতা আকাশ ছাক্সেনাই আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আদালতে শাস্তি ঘোষণা কৰাৰ পিছতে আদালতৰ পৰা পোনপটীয়াকৈ তিনিওজনকে জেললৈ প্ৰেৰণ কৰা হৈছে। ৰামপুৰৰ বিশেষ সাংসদ-বিধায়ক আদালতে আজম খান, তেওঁৰ পুত্ৰ আৰু তেওঁৰ পত্নীক দোষী সাব্যস্ত কৰি সাত বছৰকৈ কাৰাদণ্ড বিহিছে। এই বিষয়টো আব্দুল্লা আজমৰ দুখন জন্ম প্ৰমাণ পত্ৰৰ…
Read More
ড্ৰিম-১১ত ডেৰ কোটি টকাৰ পুৰস্কাৰ লাভ কৰি অৱশেষত চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী আৰক্ষী বিষয়াই…

ড্ৰিম-১১ত ডেৰ কোটি টকাৰ পুৰস্কাৰ লাভ কৰি অৱশেষত চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী আৰক্ষী বিষয়াই…

ভাৰতত অনুষ্ঠিত হৈ থকা ক্ৰিকেট বিশ্বকাপৰ উত্তেজনাৰ মাজতে দেশত বিভিন্ন অনলাইন গেমিং এপতো ব্যাপকভাৱে চলি আছে অনলাইন বেটিং। মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীৰ উপ-পৰিদৰ্শক সোমনাথ ঝেণ্ডে ইংলেণ্ড-বাংলাদেশৰ খেলৰ সময়ত ডেৰ কোটি টকা লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। কিন্তু এই ১.৫ কোটি টকাৰ পুৰস্কাৰৰ ধন, শিৰোনাম আৰু হাতচাপৰিৰ পিছতে এতিয়া চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়া হয় সোমনাথ। উপ-পৰিদৰ্শক (পি এছ আই) সোমনাথ ঝেণ্ডেক পিম্পৰী-চিঞ্চৱাড় আৰক্ষী আয়ুক্তৰ পদত নিযুক্তি দিয়া হৈছিল। পিম্পৰী-চিঞ্চৱাড আৰক্ষী আয়ুক্তই নিশ্চিত কৰিছে যে সোমনাথক এতিয়া নিলম্বন কৰি ৰখা হৈছে। পুনেৰ পিম্পৰী-চিঞ্চৱাড় আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, পিএছআই সোমনাথ ঝেণ্ডেৰ তদন্ত ডিচিপি ৰেংকৰ এজন বিষয়াৰ হাতত গতাই দিয়া হৈছে। ইয়াত…
Read More
দুটাকৈ ফটকা নিৰ্মাণ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ জনৰ মৃত্যু

দুটাকৈ ফটকা নিৰ্মাণ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ জনৰ মৃত্যু

তামিলনাডুৰ বিৰুধুনগৰ জিলাত সংঘটিত দুটা পৃথক বিস্ফোৰণত মুঠ ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা গৈছে যে এই বিস্ফোৰণবোৰ ফটকা প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হৈছিল। বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাইঅগ্নিনিৰ্বাপক বাহিনী বিভাগে দিয়া তথ্য অনুসৰি বিৰুধনগৰ জিলাত অৱস্থিত শিৱকাশীৰ সমীপত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়। আনহাতে দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় বিৰুধনগৰ জিলাৰ কাম্মাপট্টি গাঁৱত। এই বিস্ফোৰণত ৬জন লোকৰ মৃত্যুতথ্য অনুসৰি বিৰুধুনগৰ জিলাৰ শিৱকাশিৰ সমীপত অৱস্থিত ফটকা কাৰখানা বিস্ফোৰণত এজন লোকৰ মৃত্যু হৈছে। আনহাতে একেখন জিলাৰ কাম্মাপট্টি গাঁৱৰ ফটকা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত পাঁচজন লোকৰ মৃত্যু হয়।
Read More
সমলৈংগিক বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ, অধিবক্তাই ক’লে…

সমলৈংগিক বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ, অধিবক্তাই ক’লে…

সমলিংগ বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। আচলতে পাঁচজনীয়া বিচাৰপীঠে আদালতত এই বিষয়টো শুনানি লৈছিল, তাৰ পিছত সিদ্ধান্তটো ৩-২ত আবদ্ধ হৈ পৰিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে ১১ মে’ত এই গোচৰৰ সিদ্ধান্ত সংৰক্ষিত কৰিছিল। এই সন্দৰ্ভত আবেদনকাৰীয়ে নিজৰ সঁহাৰি দিবলৈ আৰম্ভ কৰিছে। আবেদনকাৰীসকলৰ অন্যতম কৰ্মী অঞ্জলি গোপালনে কয়, “আমি দীৰ্ঘদিন ধৰি যুঁজি আহিছো আৰু যুঁজি যাম। আনকি তুলি লোৱাৰ সন্দৰ্ভতো একো কৰা হোৱা নাই, তুলি লোৱাৰ সন্দৰ্ভত চিজেআইয়ে যি কৈছিল সেয়া অতি ভাল আছিল কিন্তু ই হতাশাজনক। এয়া গণতন্ত্ৰ, কিন্তু আমি আমাৰ নিজৰ নাগৰিকক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছো।” LGBTQIA+ অধিকাৰ কৰ্মী হৰিশ আয়াৰে কয়,…
Read More
মীৰাটৰ চাবোন ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু

মীৰাটৰ চাবোন ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু

মঙলবাৰে পুৱা উত্তৰপ্ৰদেশৰ মীৰাটৰ লোহিয়া নগৰ অঞ্চলৰ এটা ঘৰত সংঘটিত হোৱা বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হয়। বিষয়াসকলৰ মতে, এই বিস্ফোৰণত ৫ জন লোক আহত হোৱাৰ লগতে চিকিৎসাৰ সময়ত ৪ জন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ জিলা দণ্ডাধীশ দীপক মীনাই কয়, ‘এই ঘটনাত ৫জন লোক আহত হয়, ইয়াৰে চাৰিজনৰ চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। সকলো পুৰুষ আৰু প্ৰাপ্তবয়স্ক। তেওঁলোকৰ চিনাক্তকৰণৰ বাবে এতিয়াও ওচৰৰ পৰা কোনো আগবাঢ়ি অহা নাই। এনে লাগে যেন এইসকল লোক কাৰখানাৰ শ্ৰমিক আছিল যিয়ে বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে।’ জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে, সেই স্থানৰ পৰাই চাবোন তৈয়াৰ কৰা সামগ্ৰী আৰু চাবোনৰ মজুত পোৱা গৈছে, যাৰ বাবে…
Read More
মধ্যপ্ৰদেশত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ, কৃষকৰ ঋণ ৰেহাই, OPS প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি…

মধ্যপ্ৰদেশত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ, কৃষকৰ ঋণ ৰেহাই, OPS প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি…

অহা মাহত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী দল কংগ্ৰেছে মঙলবাৰে ‘প্ৰমিছৰী নোট’ (ইস্তাহাৰ) প্ৰকাশ কৰে। কংগ্ৰেছে মধ্যপ্ৰদেশৰ জনসাধাৰণক বহু প্ৰতিশ্ৰুতি দিছে যাক নিশ্চয়তা বুলি অভিহিত কৰিছে। মধ্য প্ৰদেশ কংগ্ৰেছে মঙলবাৰে টুইট কৰি নিজৰ নিশ্চয়তা পুনৰবাৰ প্ৰকাশ কৰে। মধ্য প্ৰদেশত কংগ্ৰেছে কৃষকৰ ঋণ ৰেহাই, পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ, বিদ্যুতৰ বিল ৰেহাই, মহিলাক প্ৰতিমাহে ১৫০০ টকা দিয়া, পিছপৰা শ্ৰেণীক ২৭ শতাংশ সংৰক্ষণ দিয়া, জাতি লোকপিয়ল কৰা, অনুসূচিত জাতি-জনজাতিৰ শ্ৰেণীৰ খালী পদ পূৰণ কৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গাঁৱে-ভূঞে চহৰ অঞ্চলত যিমান সাহায্য দিয়া, ৫০০ টকাত গেছ চিলিণ্ডাৰ দিয়া আদি প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰ উপৰিও ১ম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিমাহে…
Read More
নিথাৰি কাণ্ডৰ ২ অভিযুক্তলৈ বৃহৎ সকাহ উচ্চ ন্যায়ালয়ৰ, বাতিল কৰিলে মৃত্যুদণ্ডৰ শাস্তি

নিথাৰি কাণ্ডৰ ২ অভিযুক্তলৈ বৃহৎ সকাহ উচ্চ ন্যায়ালয়ৰ, বাতিল কৰিলে মৃত্যুদণ্ডৰ শাস্তি

বহু চৰ্চিত নয়দাৰ নিথাৰী গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি দুয়োজন অভিযুক্তক সকাহ দি মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিছে। উচ্চ ন্যায়ালয়ে অভিযুক্ত সুৰেন্দৰ কলি আৰু মণিন্দৰ সিং পান্ধেৰ আবেদন গ্ৰহণ কৰি মৃত্যুদণ্ড বাতিল কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানি সমাপ্ত কৰি এই সিদ্ধান্ত সংৰক্ষিত কৰিছিল। গাজিয়াবাদৰ চিবিআই আদালতে বিহিছিল মৃত্যুদণ্ড উল্লেখ্য যে ২০০৫-০৬ বৰ্ষত নয়দাৰ নিথাৰীত হত্যা, অপহৰণ আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সুৰেন্দৰ কলি আৰু মণিন্দৰ সিং পান্ধেৰৰ বিৰুদ্ধে চিবিআইয়ে মুঠ ১৬টা গোচৰ ৰুজু কৰিছিল। ইয়াৰে ১৪টা গোচৰত গাজিয়াবাদৰ চিবিআই আদালতে সুৰেন্দ্ৰ কলিক ফাঁচীৰ শাস্তি প্ৰদান কৰিছিল। আনহাতে মণিন্দৰ সিং পান্ধেৰৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা ৬টা গোচৰৰ…
Read More