17
Oct
তামিলনাডুৰ বিৰুধুনগৰ জিলাত সংঘটিত দুটা পৃথক বিস্ফোৰণত মুঠ ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা গৈছে যে এই বিস্ফোৰণবোৰ ফটকা প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হৈছিল। বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাইঅগ্নিনিৰ্বাপক বাহিনী বিভাগে দিয়া তথ্য অনুসৰি বিৰুধনগৰ জিলাত অৱস্থিত শিৱকাশীৰ সমীপত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়। আনহাতে দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় বিৰুধনগৰ জিলাৰ কাম্মাপট্টি গাঁৱত। এই বিস্ফোৰণত ৬জন লোকৰ মৃত্যুতথ্য অনুসৰি বিৰুধুনগৰ জিলাৰ শিৱকাশিৰ সমীপত অৱস্থিত ফটকা কাৰখানা বিস্ফোৰণত এজন লোকৰ মৃত্যু হৈছে। আনহাতে একেখন জিলাৰ কাম্মাপট্টি গাঁৱৰ ফটকা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত পাঁচজন লোকৰ মৃত্যু হয়।