ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ৰাজস্থানত বলিছে নিৰ্বাচনী গৰম বতাহ, কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

ৰাজস্থানত বলিছে নিৰ্বাচনী গৰম বতাহ, কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

২০২৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়খন তালিকাৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই তালিকাত মুঠ ৩৩ জনৰ নাম ঘোষণা কৰা হৈছে, য’ত মুখ্যমন্ত্ৰী অশোক গেহলটক চৰ্দাৰপুৰাৰ পৰা টিকট দিয়া হৈছে। একে সময়তে টংকৰ পৰা পুনৰ নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে শচীন পাইলটে। লক্ষ্মনগড়ৰ পৰা ৰাজ্যিক সভাপতি গোবিন্দ সিং দোটাছাৰাক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰা হৈছে। ইয়াৰ উপৰিও চি পি যোশীয়ে নাথদ্বাৰাৰ পৰা টিকট লাভ কৰিছে। এইবাৰ কংগ্ৰেছে নোহৰৰ পৰা অমিত চৌহান, কোলায়াতৰ পৰা ভনৱৰ সিং ভোটী, সদলপুৰৰ পৰা কৃষ্ণ পুনিয়া, সুজানগৰৰ পৰা মনোজ মেঘৱাল, মাণ্ডৱাৰ পৰা ৰীতা চৌধুৰী, বিৰাটনগৰৰ পৰা ইন্দ্ৰজ সিং গুৰ্জাৰ, মালভিয়া নগৰৰ পৰা অৰ্চনা শৰ্মা,…
Read More
মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিও, সেয়ে মোৰ বিৰুদ্ধে অনেক গোচৰ আছেঃ তেলেংগানাত ৰাহুল গান্ধী

মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিও, সেয়ে মোৰ বিৰুদ্ধে অনেক গোচৰ আছেঃ তেলেংগানাত ৰাহুল গান্ধী

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেলেংগানাত আছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। এই সময়ছোৱাত তেওঁ কংগ্ৰেছ বিজয়াবেৰী যাত্ৰাত অংশ লয়। জগতিয়াললৈ গৈ থকাৰ সময়ত ৰাহুলে এন এ চি বাছ ষ্টপেজত কিছু সময় ৰয়। য’ত তেওঁ টিফিন গাড়ী এখনত ডোছা বনাই থকাৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছত ৰাহুল জগতিয়াললৈ ৰাওনা হয়। জগতিয়ালত জনসভা সম্বোধন কৰি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিওঁ। গতিকে মোৰ বিৰুদ্ধে ২৪-২৫ টা গোচৰ আছে। মোৰ লোকসভাৰ সদস্যপদও স্থগিত ৰখা হৈছিল। মোৰ ঘৰখনো কাঢ়ি নিয়া হৈছিল। যেতিয়া সিহঁতে মোৰ ঘৰটো কাঢ়ি নিছিল, মোৰ মনটো ভাল লাগিছিল, মই আনন্দৰে ঘৰখন তেওঁলোকক গতাই দিছিলো। কিয়নো ঘৰৰ…
Read More
গুজৰাটত অবৈধ দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ

গুজৰাটত অবৈধ দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ

গুজৰাট আৰক্ষীয়ে আৰম্ভ কৰিলে ৰাজ্যজুৰি দেহ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান। ইয়াৰ অধীনত ৮০৫খন স্পা, মাচাজ পাৰ্লাৰ আৰু হোটেলত অভিযান চলাই ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গুজৰাটৰ গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ চাংভীয়ে শেহতীয়াকৈ আৰক্ষী বিষয়াক নিৰ্দেশ দিছিল যে কামৰ আঁৰত বেশ্যা ব্যৱসায় চলি থকাৰ সন্দেহ থকা সকলো চৌহদত অভিযান চলাব লাগে। এই নিৰ্দেশ পোৱাৰ লগে লগে বৃহস্পতিবাৰে আৰক্ষীয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে। এই কাৰ্যৰ তথ্য দি চৰকাৰে এক বিবৃতি জাৰি কৰিছে। খবৰ অনুসৰি চাংভীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে মত বিনিময় কৰিছিল। ইয়াৰ মাজতে হোটেল আৰু স্পা চেণ্টাৰৰ আৱৰণত চলি থকা বেশ্যাবৃত্তিৰ অন্ত পেলাবলৈ নিৰ্দেশ দিয়া হয়। বৃহস্পতিবাৰে সমগ্ৰ…
Read More
ধনৰ বিনিময়ত সংসদত প্ৰশ্ন বিতৰ্ক! আদালতৰ শুনানিৰ সময়তে এইবাৰ TMC সাংসদ মহুৱা মৈত্ৰাৰ সংগ এৰিলে অধিবক্তাই…

ধনৰ বিনিময়ত সংসদত প্ৰশ্ন বিতৰ্ক! আদালতৰ শুনানিৰ সময়তে এইবাৰ TMC সাংসদ মহুৱা মৈত্ৰাৰ সংগ এৰিলে অধিবক্তাই…

টিএমচিৰ সাংসদ মহুৱা মৈত্ৰাৰ বিপদৰ অন্ত পৰাৰ কোনো লক্ষণ দেখা পোৱা নাই। আজি (২০ অক্টোবৰ) দিল্লী উচ্চ ন্যায়ালয়ত বিজেপি নেতা নিশিকান্ত ডুবেৰ বিৰুদ্ধে মানহানিৰ গোচৰৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই মহুৱা মৈত্ৰাৰ সংগ এৰি থৈ যায়। বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে মহুৱাক ধন লৈ সংসদত প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই মহুৱাই ডুবেৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। শুকুৰবাৰে (২০ অক্টোবৰ) এই গোচৰৰ শুনানিৰ সময়ত মাহুৱাক প্ৰতিনিধিত্ব কৰা অধিবক্তাই গোচৰৰ পৰা নিজকে আঁতৰাই পেলায়। এই গোচৰত স্বাৰ্থৰ সংঘাতৰ কথা উল্লেখ কৰি মহুৱাৰ অধিবক্তাই গোচৰটোৰ আৰু পক্ষ ল’বলৈ অস্বীকাৰ কৰে। আচলতে মহুৱা মৈত্ৰাৰ বন্ধু তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয়…
Read More
নলা পৰিষ্কাৰৰ সময়ত মৃত্যু হ’লে কৰ্তৃপক্ষই ভু্ক্তভোগীৰ পৰিয়ালক দিব লাগিব ৩০ লাখ টকা ক্ষতিপূৰণঃ উচ্চতম ন্যায়ালয়

নলা পৰিষ্কাৰৰ সময়ত মৃত্যু হ’লে কৰ্তৃপক্ষই ভু্ক্তভোগীৰ পৰিয়ালক দিব লাগিব ৩০ লাখ টকা ক্ষতিপূৰণঃ উচ্চতম ন্যায়ালয়

দেশত নলা চাফা কৰাৰ সময়ত হোৱা মৃত্যুৰ ঘটনাক গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে চৰকাৰী বিষয়াসকলে মৃত্যু হোৱা লোকৰ পৰিয়ালক ৩০ লাখ টকা ক্ষতিপূৰণ দিব লাগিব। আদালতে কয় যে, ‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগে যাতে হাতেৰে নলা চাফা কৰা প্ৰথা সম্পূৰ্ণৰূপে নাইকিয়া হয়।’ ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ বিচাৰপীঠে কয় যে নলা পৰিষ্কাৰ কৰাৰ সময়ত স্থায়ী অক্ষমতাত ভুগি থকা লোকসকলক নূন্যতম ক্ষতিপূৰণ হিচাপে ২০ লাখ টকা প্ৰদান কৰা হ’ব। ৰায়দান কৰাৰ সময়ত ন্যায়াধীশ ভাটে কয় যে যদি ছুইপাৰজন অন্য অক্ষমতাত ভুগিছে ​​তেন্তে কৰ্তৃপক্ষই ১০ লাখ টকা পৰ্যন্ত ধন দিব লাগিব। আদালতে আৰু কি নিৰ্দেশনা…
Read More
গাজাৰ হাস্পতালৰ পিছত এইবাৰ গীৰ্জাত বিস্ফোৰণ, মহিলা আৰু কিশোৰীৰ মৃত্যু

গাজাৰ হাস্পতালৰ পিছত এইবাৰ গীৰ্জাত বিস্ফোৰণ, মহিলা আৰু কিশোৰীৰ মৃত্যু

ইজৰাইল-হামাছ যুদ্ধৰ মাজতে গাজাৰ চিকিৎসালয়ত হোৱা বৃহৎ আক্ৰমণৰ পিছত এইবাৰ এটা গীৰ্জাতো সংঘটিত হ’ল বিস্ফোৰণৰ ঘটনা। গীৰ্গাত সংঘটিত বিস্ফোৰণত এগৰাকী কিশোৰী আৰু এগৰাকী মহিলাৰ মৃত্যু ঘটা বুলি খবৰ প্ৰকাশ পাইছে। পেলেষ্টাইনে নিশ্চিত কৰে এই মৃত্যু আৰু আক্ৰমণ। বিস্ফোৰণৰ পিছতে গীৰ্জাঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বিস্ফোৰণত আহতসকলক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই আক্ৰমণৰ পিছতে স্তম্ভিত হৈ পৰিছে গাজাবাসী। এই সন্দৰ্ভত হামাছেও এক বিবৃতি প্ৰকাশ কৰি ইজৰাইলৰ সেনাই গীৰ্জাটোক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে।
Read More
গাজাৰ হাস্পতালত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক! কমেও ৫০০ লোকৰ মৃত্যুৰ দাবী হামাছৰ…

গাজাৰ হাস্পতালত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক! কমেও ৫০০ লোকৰ মৃত্যুৰ দাবী হামাছৰ…

হামাছৰ অধীনস্থ গাজা চহৰৰ এখন চিকিৎসালয়ত সংঘটিত ৰকেট আক্ৰমণত কমেও ৫০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। এই আক্ৰমণত বহু লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহতও হয়। হামাছে দাবী কৰিছে যে ইজৰাইলে এয়াৰ ষ্ট্ৰাইকেৰে চিকিৎসালয়খনক লক্ষ্য কৰি লৈছিল। ইজৰাইল সেনাই কয় যে তেওঁলোকে কোনো চিকিৎসালয়ক বোমা বিস্ফোৰণৰ লক্ষ্য কৰি লোৱা নাই। উল্লেখ্য যে এই আক্ৰমণ সংঘটিত হৈছে মধ্য গাজাৰ আল আহলি হাস্পতালত। ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ এখন চিকিৎসালয়ত শ শ লোক নিহত হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত অঞ্চলটোৰ স্বাস্থ্য বিষয়াসকলে প্ৰকাশ কৰিছে। গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, কমেও ৫০০ লোক নিহত আৰু কেইবাশতাধিক লোক আহত…
Read More
২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি আত্মসাৎ কৰিছে গৌতম আদানীয়ে! পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ

২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি আত্মসাৎ কৰিছে গৌতম আদানীয়ে! পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাহুল গান্ধীৰ

পুনৰ আদানী গ্ৰুপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত তেওঁ কয় যে আদানী গ্ৰুপে ২০ হাজাৰ কোটি নহয়, ৩২ হাজাৰ কোটি টকা আত্মসাৎ কৰিছে। আদানী আৰু কয়লাৰ ৰহস্যজনক মূল্য সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে। ৰাহুলে কয় যে এই প্ৰতিবেদন লণ্ডনৰ ফাইনেন্সিয়েল টাইমছত প্ৰকাশ পাইছে। সংবাদমেলত ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে কয় – ”আগতে আমি ২০ হাজাৰ কোটি টকাৰ কথা পাতিছিলোঁ আৰু প্ৰশ্ন কৰিছিলোঁ যে কাৰ টকা আৰু ক’ৰ পৰা আহিছে?’ এতিয়া প্ৰকাশ পাইছে যে ২০ হাজাৰ কোটি টকাৰ পৰিসংখ্যা ভুল আছিল, তাৰ লগত ১২…
Read More
ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ গোচৰত সমাজবাদী পাৰ্টীৰ নেতা আজম খানক সপৰিয়ালে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ গোচৰত সমাজবাদী পাৰ্টীৰ নেতা আজম খানক সপৰিয়ালে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

সমাজবাদী পাৰ্টিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী আজম খান আৰু তেওঁৰ পৰিয়ালক ভুৱা জন্ম প্ৰমাণ পত্ৰৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। আজম খানৰ লগতে তেওঁৰ পুত্ৰ আজ, আব্দুল্লা আৰু পত্নী ডাঃ তনজীম ফাতিমাক দোষী সাব্যস্ত কৰা হৈছে। তিনিওজনকে সাত বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ লগতে আজম খানৰ জামিন আবেদন বাতিল কৰা হৈছে। বিজেপি নেতা আকাশ ছাক্সেনাই আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আদালতে শাস্তি ঘোষণা কৰাৰ পিছতে আদালতৰ পৰা পোনপটীয়াকৈ তিনিওজনকে জেললৈ প্ৰেৰণ কৰা হৈছে। ৰামপুৰৰ বিশেষ সাংসদ-বিধায়ক আদালতে আজম খান, তেওঁৰ পুত্ৰ আৰু তেওঁৰ পত্নীক দোষী সাব্যস্ত কৰি সাত বছৰকৈ কাৰাদণ্ড বিহিছে। এই বিষয়টো আব্দুল্লা আজমৰ দুখন জন্ম প্ৰমাণ পত্ৰৰ…
Read More
ড্ৰিম-১১ত ডেৰ কোটি টকাৰ পুৰস্কাৰ লাভ কৰি অৱশেষত চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী আৰক্ষী বিষয়াই…

ড্ৰিম-১১ত ডেৰ কোটি টকাৰ পুৰস্কাৰ লাভ কৰি অৱশেষত চাকৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী আৰক্ষী বিষয়াই…

ভাৰতত অনুষ্ঠিত হৈ থকা ক্ৰিকেট বিশ্বকাপৰ উত্তেজনাৰ মাজতে দেশত বিভিন্ন অনলাইন গেমিং এপতো ব্যাপকভাৱে চলি আছে অনলাইন বেটিং। মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীৰ উপ-পৰিদৰ্শক সোমনাথ ঝেণ্ডে ইংলেণ্ড-বাংলাদেশৰ খেলৰ সময়ত ডেৰ কোটি টকা লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। কিন্তু এই ১.৫ কোটি টকাৰ পুৰস্কাৰৰ ধন, শিৰোনাম আৰু হাতচাপৰিৰ পিছতে এতিয়া চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়া হয় সোমনাথ। উপ-পৰিদৰ্শক (পি এছ আই) সোমনাথ ঝেণ্ডেক পিম্পৰী-চিঞ্চৱাড় আৰক্ষী আয়ুক্তৰ পদত নিযুক্তি দিয়া হৈছিল। পিম্পৰী-চিঞ্চৱাড আৰক্ষী আয়ুক্তই নিশ্চিত কৰিছে যে সোমনাথক এতিয়া নিলম্বন কৰি ৰখা হৈছে। পুনেৰ পিম্পৰী-চিঞ্চৱাড় আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, পিএছআই সোমনাথ ঝেণ্ডেৰ তদন্ত ডিচিপি ৰেংকৰ এজন বিষয়াৰ হাতত গতাই দিয়া হৈছে। ইয়াত…
Read More