31
Oct
মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিভিন্ন পদত কাম কৰি বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত পদবীত থকা জ্যেষ্ঠ আই পি এছ বিষয়া অমিত কুমাৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মে’ মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছতে মণিপুৰ আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল আই পি এছ অমিত কুমাৰক। চি আৰ পি এফৰ মহাপৰিদৰ্শক হিচাপে পূৰ্বৰ ভূমিকাত কৰা কামৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২০৪ জন আৰক্ষী জোৱান ১০খন ৰাজ্যৰ তিনিটা কেন্দ্ৰীয়…
