26
Oct
কাটাৰৰ আদালতে বৃহস্পতিবাৰে (২৬ অক্টোবৰ) চোৰাংচোৱাগিৰিৰ গোচৰত নৌসেনাৰ প্ৰাক্তন ৮ জোৱানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি মৃত্যুদণ্ডৰ সিদ্ধান্তত আচৰিত হৈছো আৰু আমি বিতং সিদ্ধান্তৰ প্ৰতিলিপিৰ বাবে অপেক্ষা কৰি আছো। মন্ত্ৰালয়ে কয় যে, “আমি পৰিয়ালৰ সদস্য আৰু আইনী দলৰ সৈতে যোগাযোগত আছো আৰু সকলো আইনী বিকল্পৰ সন্ধান কৰি আছো। আমি এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছো আৰু ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। সকলো কনছুলাৰ আৰু আইনী সহায় আগবঢ়াই যাব। কাটাৰ কৰ্তৃপক্ষৰ সৈতেও এই সিদ্ধান্ত উত্থাপন কৰিব।’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই আঠজন লোকে কাটাৰত…