ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

৮ বছৰ সম্পূৰ্ণ কৰিলে চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই! এয়া পুঁজিপতি ‘বন্ধু’ক ধনী কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত ৰাহুল গান্ধীৰ

৮ বছৰ সম্পূৰ্ণ কৰিলে চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই! এয়া পুঁজিপতি ‘বন্ধু’ক ধনী কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে বিমুদ্ৰাকৰণ আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ। ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন ধ্বংস হৈছে আৰু অসংগঠিত অৰ্থনীতি ধ্বংস হৈছে। তেওঁ বিমুদ্ৰাকৰণক অস্ত্ৰ বুলি অভিহিত কৰে, যাৰ জৰিয়তে পৰম মিত্ৰৰ বেগ ভৰাই ৬০৯ সংখ্যক স্থানৰ পৰা তেওঁক বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে গঢ়ি তোলা হয়। আজি বিমুদ্ৰাকৰণৰ বৰ্ষপূৰ্তিৰ সাত বছৰ সম্পূৰ্ণ হ’ল। ২০১৬ চনৰ ৮ নৱেম্বৰত চৰকাৰে বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে লিখিছে, ‘বিমুদ্ৰাকৰণ আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ। চাকৰি ধ্বংস কৰিবলৈ, শ্ৰমিকৰ আয় বন্ধ কৰিবলৈ, ক্ষুদ্ৰ ব্যৱসায় ধ্বংস কৰিবলৈ, কৃষকৰ ক্ষতি কৰিবলৈ আৰু অসংগঠিত অৰ্থনীতি ভাঙিবলৈ। ৯৯% সাধাৰণ ভাৰতীয়ৰ ওপৰত আক্ৰমণ, ১% পুঁজিপতি মোডীৰ ‘বন্ধু’ৰ…
Read More
বিহাৰত প্ৰায় ৪৩ শতাংশ পৰিয়ালৰ মাহিলী উপাৰ্জন সৰ্বাধিক ৬০০০ টকা! জাতিগত গণনাই উদঙাইছে ভয়ংকৰ স্বৰূপ

বিহাৰত প্ৰায় ৪৩ শতাংশ পৰিয়ালৰ মাহিলী উপাৰ্জন সৰ্বাধিক ৬০০০ টকা! জাতিগত গণনাই উদঙাইছে ভয়ংকৰ স্বৰূপ

বুধবাৰে (৮ নৱেম্বৰ ২০২৩) বিহাৰ বিধানসভাত দাখিল কৰা জাতিগত গণনাৰ প্ৰতিবেদন অনুসৰি ৰাজ্যখনৰ এক তৃতীয়াংশতকৈ অধিক পৰিয়ালে প্ৰতিদিনে ২০০ টকা বা তাতকৈ কম আয়েৰে জীৱন নিৰ্বাহ কৰি আছে, আনহাতে অনুসূচিত জাতিৰ লোকসকলেও একে উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰি আছে। ৰাজ্যখনত ২০০ টকাতকৈ কম দৈনিক মজুৰিত জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ সংখ্যা প্ৰায় ৪৩ শতাংশ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমীক্ষাৰ তথ্যৰ ভিত্তিত ৰাজ্যত অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য প্ৰকাশ কৰি কয় যে বিধানসভাৰ চলিত অধিৱেশনত এই সম্পৰ্কে এখন আইন অনাৰ সম্ভাৱনা আছে। আলোচনাত অংশ লোৱাৰ সময়ত নীতিশে এই মন্তব্য কৰে তেওঁৰ চৰকাৰে কৰা জাতিগত সমীক্ষাৰ বিশদ…
Read More
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ পূৰ্বে কেনেদৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বিনামূলীয়া ৰেচন? প্ৰশ্ন কংগ্ৰেছৰ

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ পূৰ্বে কেনেদৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বিনামূলীয়া ৰেচন? প্ৰশ্ন কংগ্ৰেছৰ

দেশৰ দুখীয়া মানুহক বিনামূলীয়া ৰেচন দিয়াৰ বিৰোধী নহয় কংগ্ৰেছ। কিন্তু নিৰ্বাচনী নিয়ম ভংগ কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত চৰকাৰী আঁচনি ঘোষণা কৰাৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছে দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে। কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদনৰ পূর্বে প্রধানমন্ত্রীয়ে কি অধিকাৰৰ দ্বাৰা এই আঁচনিৰ কথা ঘোষণা কৰিলে, দেশৰ সর্ববৃহৎ বিৰোধী দলটোৱেও প্রশ্ন উত্থাপন কৰিছে৷ এই সিদ্ধান্তই পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ ‘জুমলা’ প্ৰমাণ কৰিলে বুলি দাবী কৰে। শেহতীয়াকৈ মোডী আৰু বিজেপিয়ে বাৰে বাৰে দাবী কৰি আহিছে যে দেশত অৰ্থনৈতিক বৈষম্য হ্ৰাস পাইছে। নিম্ন শ্ৰেণী, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ক্ৰয় ক্ষমতা বাঢ়িছে। কংগ্ৰেছৰ প্ৰশ্ন, যদি সঁচাকৈয়ে হয়, তেন্তে পাঁচ বছৰৰ বাবে বিনামূলীয়া ৰেচন দিয়াৰ বিষয়টো কিয় আহি আছে? যোৱা…
Read More
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণৰক্ষা পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰথৰ চকাত এডাল বিদ্যুত পৰিবাহী তাঁৰৰ সংস্পৰ্শ ঘটে। যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰে ৰক্ষা পৰে অমিত শ্বাহ। ৰজস্থানৰ নগৌৰত সংঘটিত হয় এই ঘটনা। মঙলবাৰে বিদিয়াৰগ্ৰামৰ পৰা পৰ্বতসৰলৈ গৈ আছিল শ্বাহৰ ৰথ। পৰ্বতসৰৰ এটা জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে ৰথখন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। সেই ৰাস্তাৰ দুয়োকাষে দোকান-পোহাৰ আৰু বসতি আছে। লেনখনৰ মাজেৰে গৈ থাকোঁতে তেওঁৰ ৰথখন বিদ্যুতৰ তাঁৰ এডালে চুই যায়। তাৰ পৰাই স্ফুলিংগৰ সৃষ্টি হয়। তাৰ পিছত কেবলটো স্নেপ হয়। এই ঘটনাৰ পিছত কনভয়ত থকা লোকসকল আতংকিত হৈ পৰে। কিন্তু…
Read More
বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ IED বিস্ফোৰণ, BSF জোৱানসহ আহত ৩ জন

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ IED বিস্ফোৰণ, BSF জোৱানসহ আহত ৩ জন

প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে ৰক্তাক্ত হৈ পৰিছে ছত্তীশগড়। ৰাজ্যখনত সোমবাৰে বিয়লি সংঘটিত মাওবাদীৰ আইইডি বিস্ফোৰণত এগৰাকী বিএছএফ জোৱান আৰু দুজন ভোটকৰ্মী গুৰুতৰভাৱে আহত হয়। সোমবাৰে বিয়লি কাংকেৰ জিলাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ পথত মাওবাদীয়ে তেওঁলোকক আক্ৰমণ কৰে। প্ৰসংগক্ৰমে ১০১৮ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণতো কাংকেৰেত মাওবাদীৰ আক্ৰমণত নিহত হৈছিল এজন বি এছ এফৰ জোৱান। ছত্তীশগড় আৰক্ষীৰ তথ্য অনুসৰি ছোটাবেঠিয়া থানাৰ বনাঞ্চলত মাওবাদীয়ে চাৰিটা ভোটগ্ৰহণ দল আৰু তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফ আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া বাহিনীক আক্ৰমণ কৰে। মাৰবেডা শিবিৰৰ পৰা আন্তগড় বিধানসভাৰ ৰেংগাঘাটী ৰেংগাগাণ্ডী ভোটকেন্দ্ৰলৈ লৈ যোৱাৰ সময়তে এই…
Read More
দিল্লীৰ প্ৰদূষণ ৰাজনৈতিক যুদ্ধৰ বিষয় নহয়, ইয়াত মানুহৰ স্বাস্থ্যক হত্যা কৰা হৈছেঃ উচ্চতম ন্যায়ালয়

দিল্লীৰ প্ৰদূষণ ৰাজনৈতিক যুদ্ধৰ বিষয় নহয়, ইয়াত মানুহৰ স্বাস্থ্যক হত্যা কৰা হৈছেঃ উচ্চতম ন্যায়ালয়

দিল্লীত প্ৰদূষণক লৈ চলি থকা ৰাজনৈতিক যুঁজ বন্ধ কৰক। ৰাজধানীৰ বায়ুৰ গুণাগুণে শ্বাসৰুদ্ধকৰ মাত্ৰাত উপনীত হৈছে যিয়ে ‘মানৱ স্বাস্থ্যক হত্যা কৰিছে’। দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। যোৱা এসপ্তাহ ধৰি দিল্লীৰ বায়ুৰ গুণাগুণ ‘অতি ভয়ানক’ স্তৰত উপনীত হৈছে। ৰাজধানী চহৰখনৰ প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে ইতিমধ্যে ১০ নৱেম্বৰলৈ প্ৰাথমিক বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহক দিল্লীৰ প্ৰদূষণৰ বাবে ধমক দিয়ে। আদালতে কয় যে দিল্লীৰ এই প্ৰদূষণৰ মূল কাৰণ হৈছে প্ৰতি শীতকালত চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাত শস্যৰ অৱশিষ্ট জ্বলোৱা। সেয়ে এই দুয়োখন ৰাজ্যক শস্যৰ খোলা জ্বলোৱা বন্ধ…
Read More
শোকাবহ! ভাৰত-পাক সীমান্তত কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি আকস্মিক মৃত্যু ভাৰতীয় জোৱানৰ

শোকাবহ! ভাৰত-পাক সীমান্তত কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি আকস্মিক মৃত্যু ভাৰতীয় জোৱানৰ

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মঙলবাৰে কৰ্তব্যৰত অৱস্থাত এজন জোৱানৰ মৃত্যু হয়। চৰকাৰী সূত্ৰই জনোৱা মতে, পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কৰ্তব্যৰত অৱস্থাত নায়ক ৰোহন পেটেল অজ্ঞান হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জোৱানজনক মৃত ঘোষণা কৰে। জোৱানজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।
Read More
শোকাবহ! নিয়ন্ত্ৰণহীন হৈ ৰে’লপথৰ ওপৰত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৪জনৰ মৃ্ত্যু

শোকাবহ! নিয়ন্ত্ৰণহীন হৈ ৰে’লপথৰ ওপৰত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৪জনৰ মৃ্ত্যু

ৰাজস্থানৰ দৌছা জিলাত সোমবাৰে পুৱা এখন বাছ পথৰ পৰা আঁতৰি ৰে’লপথত বাগৰি পৰাত চাৰিজন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি হৰিদ্বাৰৰ পৰা উদয়পুৰলৈ ৩০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা বাছখন পুৱা ২:১৫ বজাত দৌছা কালেক্টৰেটৰ সমীপৰ অভাৰব্ৰিজৰ পৰা ৰেলপথত বাগৰি পৰে। দুৰ্ঘটনাৰ পিছত ২৮জন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে চাৰিজনে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। বাকী যাত্ৰীসকলে সম্প্ৰতি চিকিৎসা সেৱা গ্ৰহণ কৰি আছে। দৌছাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰাজকুমাৰ কাছৱাই তদন্তৰ বাবে দুৰ্ঘটনাস্থলীলৈ এছডিএমক প্ৰেৰণ কৰিছে।
Read More
দিল্লীৰ বতাহত মাৰাত্মক বিহ! ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

দিল্লীৰ বতাহত মাৰাত্মক বিহ! ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

দিল্লীত প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ‘চৰম’ স্তৰত উপনীত হৈছে বায়ুৰ গুণাগুণ সূচকাংক। এনে পৰিস্থিতিত কেন্দ্ৰই GRAP (Graded Response Action Plan)ৰ চতুৰ্থ পৰ্যায়ত উল্লেখ কৰা ব্যৱস্থাসমূহ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰদূষণ ৰোধৰ বাবে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰই চৰকাৰ আৰু ব্যক্তিগত কাৰ্যালয়ক নিৰ্দেশ দিছে, এতিয়াৰ পৰা ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত বহি কাম কৰিব। বাকী ৫০ শতাংশই ঘৰৰ পৰাই কাম কৰিব। কেন্দ্ৰৰ বায়ু গুণাগুণ ব্যৱস্থাপনা আয়োগে প্ৰদূষণ ৰোধৰ বাবে কিছু ব্যৱস্থাৰ খচৰা প্ৰস্তুত কৰিছে। সেইটোক গ্ৰেডেড ৰেচপন্স একচন প্লেন বোলা হয়। যদি AQI ৪৫০ তকৈ অধিক হয়, তেন্তে প্ৰদূষণৰ মাত্ৰা ‘অতি গুৰুতৰ’ বুলি ধৰা হয়। সেই সময়ত GARP ৰ…
Read More
চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰতিশোধ! বাসগৃহতে মহিলা বিষয়াক নৃশংসভাৱে হত্যা গাড়ী চালকৰ…

চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰতিশোধ! বাসগৃহতে মহিলা বিষয়াক নৃশংসভাৱে হত্যা গাড়ী চালকৰ…

কৰ্ণাটকৰ খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালক প্ৰতিমা কে এছৰ হত্যাকাণ্ডই ৰাজ্যখনত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। এই হত্যাকাণ্ডৰ তদন্ত চলাই সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সন্দেহযুক্ত গাড়ী চালকক। যুৱকজনে চৰকাৰী কাৰ্যালয়ৰ গাড়ী চলাই আহিছিল। দহ দিন পূৰ্বে উপ-সঞ্চালক প্ৰতিমাৰ নিৰ্দেশত ঠিকাভিত্তিক চালকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এক সূত্ৰৰ মতে, বৰ্খাস্ত হোৱাৰ প্ৰতিশোধ হিচাপে প্ৰতিমাক হত্যা কৰা বুলি অভিযুক্তই স্বীকাৰ কৰে। ৪৫ বছৰীয়া প্ৰতিমা আৰু তেওঁৰ পৰিয়ালে বিগত আঠ বছৰ ধৰি বেংগালুৰুৰ সুব্ৰমনাপোৰা অঞ্চলৰ এটা ঘৰত বাস কৰি আহিছে। খনি আৰু ভূতত্ত্ব বিভাগৰ উপ-সঞ্চালকৰ স্বামী-পুত্ৰ শনিবাৰে ঘৰত নাছিল। শিৱমোগা জিলাৰ তীৰ্থহল্লীলৈ গৈছিল। চৰকাৰী কাৰ্যালয়ৰ বৰ্তমানৰ চালকজনে শনিবাৰে সন্ধিয়া কামৰ অন্তত প্ৰতিমাক…
Read More