04
Nov
তাজমহলৰ ইতিহাসৰ কিতাপত ভুল শুধৰণিৰ আবেদনৰ ভিত্তিত দাখিল কৰা গোচৰৰ বিবেচনাৰ বাবে ভাৰতীয় পুৰাতত্ব জৰীপ (এএছআই)ক নিৰ্দেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । হিন্দুত্ববাদী সংগঠন ‘হিন্দু সেনা’ই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা জনস্বাৰ্থৰ গোচৰত কোৱা হৈছে যে এই স্মৃতিসৌধটো শ্বাহজাহানে নিৰ্মাণ কৰা নাছিল, তেওঁ কেৱল ৰাজা মান সিঙে নিৰ্মাণ কৰা ৰাজপ্ৰসাদটোহে সংস্কাৰ কৰিছিল। ইতিহাসৰ কিতাপত থকা সকলো তথ্য ‘ভুল’। আজিৰ দিনটোতে দিল্লী উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টো বিবেচনা কৰিবলৈ এএছআইক নিৰ্দেশ দিয়ে। ‘হিন্দু সেনা’ সংগঠনে দাখিল কৰা জনস্বাৰ্থৰ গোচৰত আজি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। আবেদনকাৰী সংগঠনটোৱে…