ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

ডাবল ইঞ্জিনৰ চৰকাৰ বনাই দিয়ক, আমি… মধ্যপ্ৰদেশত কংগ্ৰেছক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ

মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। এই ক্ৰমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ নিৰ্বাচনী সভাত ভাষণ দি ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আহ্বান জনাই বিৰোধী দল কংগ্ৰেছক আক্ৰমণ কৰে। জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে যদি আমি ডাবল ইঞ্জিন চৰকাৰ গঠন কৰোঁ তেন্তে ৬ হাজাৰ টকাৰ আঁচনিখন ১২ হাজাৰ টকালৈ ৰূপান্তৰিত কৰিম। কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁ কয়, ‘ৰাহুল বাবাই কৈছিল, ৩৭০ অনুচ্ছেদ আঁতৰাই নিদিব, কাশ্মীৰত বৈ যাব তেজৰ নদী। এডাল লাঠিও ব্যৱহাৰ কৰা নহ’ল। কাশ্মীৰ আমাৰ। কংগ্ৰেছ দলে ৭০ বছৰ ধৰি ৩৭০ অনুচ্ছেদ নিজৰ কোলাত ৰাখিছিল।” ইয়াৰ বাহিৰেও গৃহমন্ত্ৰীগৰাকীয়ে ইউ পি এ চৰকাৰক স্মৰণ…
Read More
এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

এটা অভাৰতে ডাবল হেট্ৰিক! বিশ্বকাপৰ মাজতে কোন ক্ৰিকেটাৰে গঢ়িলে এই অনন্য অভিলেখ

বিশ্বকাপৰ খেলৰ মাজতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। ঘৰুৱা ক্ৰিকেটত তেওঁ অভাৰৰ ৬টা বলত ৬টা উইকেট দখল কৰি ৰচনা কৰে অনন্য ইতিহাস। এতিয়ালৈকে এই ঘটনা ক্ৰিকেটৰ ইতিহাসত এয়াই প্ৰথম। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত গোল্ড কোষ্ট প্ৰিমিয়াৰ লীগত চাৰ্ফাৰ্ছ পেৰাডাইজৰ বিৰুদ্ধে মুডগীৰাবাৰ খেলখন চলি আছিল। সেই মেচখন জয় কৰিবলৈ শেষৰ অভাৰত ৫ ৰানৰ প্ৰয়োজন হৈছিল চাৰ্ফাৰছক। শেষৰ অভাৰত বলিং কৰিবলৈ আহিছিল মুডগীৰাবাৰ অধিনায়ক গেৰেথ মৰ্গানে। অভাৰৰ প্ৰতিটো বলত তেওঁ এটা উইকেট লয়। মৰ্গানে দলটোক ৪ ৰানত জয়লাভ কৰোৱায়। মৰ্গানে প্ৰথমটো বলতে চাৰ্ফাৰ্ছৰ অ’পেনাৰ জেক গাৰ্লেণ্ডক আউট কৰে। জেকে ৬৫ ৰান খেলি আছিল। পৰৱৰ্তী পাঁচটা বলত শূন্য ৰাণত ক্ৰমান্বয়ে পতন…
Read More
প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই ‘ডিপফেক’ৰ সহায়ত যুৱতীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল, গ্ৰেপ্তাৰ যুৱক

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ডিপফেক প্ৰযুক্তিৰ জৰিয়তে যুৱতীৰ অশ্লীল ফটো বনাই সামাজিক মাধ্যমত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। কৰ্ণাটকৰ খানাপুৰ অঞ্চলত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱকজন বাংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। যুৱকজনে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ পিছতে প্ৰতিশোধৰ অগণিত জ্বলা যুৱকজনে যুৱতীগৰাকী ছবিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ‘ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি অশ্লীল ছবি নিৰ্মাণ কৰে। আৰক্ষীয়ে দাবী কৰে যে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি নিদিলে সেই ছবিসমূহ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিব বুলিও ভাবুকি দিছিল। আৰক্ষীৰ মতে, অভিযুক্তই ছোৱালীজনীৰ…
Read More
৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

৬ ঘণ্টাৰ বাবে অসুস্থ পত্নীক দেখা কৰিবলৈ তিহাৰ জে’লৰ পৰা স্বগৃহত উপস্থিত কাৰাবন্দী প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়া তিহাৰ জেলৰ পৰা নিজ গৃহত উপস্থিত হৈছে। অসুস্থ পত্নীক দেখা কৰিবলৈ স্বগৃহত উপস্থিত হয় ছিছ’দিয়া। কটকটীয়া নিৰাপত্তাৰ মাজতে দিল্লী আৰক্ষীৰ এটা দলে তেওঁক ঘৰলৈ লৈ যায়। উল্লেখ্য যে চিছ’দিয়াই তেওঁৰ পত্নীক লগ পাইছে সেই ঘৰত যিটো ঘৰ এতিয়া আনুষ্ঠানিকভাৱে আতিশীক দিল্লী চৰকাৰে আবণ্টন দিছে। এই ঘৰটো আগতে তেতিয়াৰ মন্ত্ৰী মনীষ ছিছ’দিয়াৰ নামত আবণ্টন দিয়া হৈছিল। দিল্লী সুৰা কেলেংকাৰিত জেলত আছে ছিছ’দিয়া। কালি আদালতে তেওঁক ৬ ঘণ্টাৰ বাবে পত্নীক লগ কৰাৰ অনুমতি দিছিল, সেই অনুসৰি ছিছ’দিয়াই পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰি আছে। এই সময়ছোৱাত সংবাদ মাধ্যমৰ সৈতে কথা…
Read More
দিপাৱলীৰ নিশা ২ ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকাঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

দিপাৱলীৰ নিশা ২ ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকাঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

প্ৰদূষণৰ কথা মনত ৰাখি ব’ম্বে উচ্চ ন্যায়ালয়ে ফটকা জ্বলোৱাৰ সময় ৩ ঘণ্টাৰ পৰা ২ ঘণ্টালৈ হ্ৰাস কৰিছে। দীপাৱলীৰ দিনা নিশা ৮ৰ পৰা ১০ বজালৈহে অনুমতি দিয়া হ’ব। মুম্বাইৰ AQIৰ কথা ক’বলৈ গ’লে শনিবাৰে (১১ নৱেম্বৰ) ইয়াত AQI স্তৰ আছিল ৮২। বায়ুৰ গুণাগুণৰ উন্নতি দেখা যায় যদিও তথাপিও ইয়াৰ মানুহে ব’ম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি চলিব লাগিব। মুম্বাইৰ দাদৰ অঞ্চলত দীপাৱলীৰ সামগ্ৰীৰ বজাৰ আৰম্ভ হৈছে। এই বজাৰত উপস্থিত থকা ৰাইজে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত মানি চলিব বুলি কয়। প্ৰদূষণৰ কথা মনত ৰাখি উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত লৈছে, মুম্বাই চহৰৰ অৱস্থা দিল্লীৰ দৰে হ’ব নালাগে, সেয়েহে আমি সকলো নিয়ম মানি চলিম। মুম্বাইৰ…
Read More
দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

তামিলনাডুত দুখন বাছৰ সংঘৰ্ষত ৫ জন লোকৰ মৃত্যু। লগতে এই দুৰ্ঘটনাত ৬০ জন লোক আহত হোৱাৰ খবৰ। আহতসকলক তিৰুপট্টৰ জিলাৰ ৱনিয়াম্বাদী চৰকাৰী চিকিৎসালয় আৰু ভেল্লোৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে পুৱা চেন্নাই-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰী বাছ আৰু আন এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত কমেও পাঁচজন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি দুয়োখন বাছৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ঘটনাস্থলীত দহখন এম্বুলেন্সৰ জৰিয়তে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে সহায় কৰিছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে। আৰক্ষীৰ তথ্য অনুসৰি নিহত লোকসকলৰ ভিতৰত আছে ৩২ বছৰীয়া ঋতিকা, ৩৭ বছৰীয়া ৱানিয়ামবাডীৰ মহম্মদ ফিৰোজ, এছইটিচিৰ বাছ চালক কে…
Read More
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰ্ভাছ হৈছে প্ৰধানমন্ত্ৰীঃ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জয়পুৰত উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিজেপিক তীব্ৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে ৰাজস্থান মডেলক প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে আৰু বিজেপি ইছ্যুহীন। কংগ্ৰেছে কৰ্মৰ ভিত্তিত থকাৰ বিপৰীতে বিজেপি ইডি আৰু মেৰুকৰণৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হব বিচাৰিছে। জয়ৰাম ৰমেশে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে সদায় গুজৰাটৰ মডেলৰ কথা কয়, কিন্তু আমি ক’ব পাৰো যে যোৱা পাঁচ বছৰত ৰাজস্থানৰ মডেলো আহিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে চিৰঞ্জীৱ স্বাস্থ্য আঁচনি এক বৈপ্লৱিক পদক্ষেপ। বিজেপিক আক্ৰমণ কৰি জয়ৰামে কয় যে মেৰুকৰণৰ ৰাজনীতিয়ে কাম নকৰে, খোদ কৰ্ণাটকতে ৰাইজে এনে ৰাজনীতিক নাকচ কৰিছে। যোৱা পাঁচ বছৰত ৰাজস্থান…
Read More
কাটাৰত ৮ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল ভাৰতৰ…

কাটাৰত ৮ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল ভাৰতৰ…

কাটাৰত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন জোৱানক মৃত্যুদণ্ডৰ শাস্তিৰ বিৰুদ্ধে ভাৰতৰ আবেদন। কাটাৰ আদালতত এই আবেদন দাখিল কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, সকলো আইনী দিশ বিবেচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীয়ে কাটাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮ গৰাকী কমাণ্ডাৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে কাটাৰ আদালতে। ইজৰাইলৰ সপক্ষে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে এই ৮ গৰাকী ভাৰতীয়ৰ বিৰুদ্ধে। ২০২২ চনৰ আগষ্ট মাহত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই অভিযুক্ত ভাৰতীয়ক কাটাৰৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। যোৱা মাহত নিম্ন আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে কয় যে কাটাৰ আদালতে দিয়া…
Read More
বিহাৰত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৫৬ শতাংশলৈ বৃদ্ধি! বিধানসভাত গৃহীত বিধেয়ক

বিহাৰত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৫৬ শতাংশলৈ বৃদ্ধি! বিধানসভাত গৃহীত বিধেয়ক

চৰকাৰী চাকৰি আৰু শিক্ষাত সংৰক্ষণ বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত বিহাৰ বিধানসভাত গৃহীত এখন বিধেয়ক। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতেশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ বিধেয়ক উত্থাপন হোৱাৰ পাছত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সেই বিধেয়কখনত কোৱা হৈছে যে জাতি ভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ লগতে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও ১০ শতাংশ পৃথক সংৰক্ষণৰ কথা কোৱা হৈছে। মঙলবাৰে বিহাৰ বিধানসভাত জাতিগত গণনাৰ দ্বিতীয়খন প্ৰতিবেদন দাখিল কৰাৰ পিছত ৰাজ্যৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱত সংৰক্ষণ বৃদ্ধিৰ বাবে বিধেয়কখন উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। বিধানসভাৰ অধিৱেশনত এই সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী নীতেশে কয় যে আমাৰ চৰকাৰে পিছপৰা ছাত্ৰ-ছাত্ৰীক অধিকাৰ দিবলৈ বদ্ধপৰিকৰ। শেহতীয়া চৰকাৰী বিধেয়কখনত…
Read More
দীপাৱলীৰ বতৰত চীনা অৰ্থনীতিত মোক্ষম আঘাত ভাৰতৰ, বৃদ্ধি পাইছে দেশত নিৰ্মিত সামগ্ৰীৰ চাহিদা

দীপাৱলীৰ বতৰত চীনা অৰ্থনীতিত মোক্ষম আঘাত ভাৰতৰ, বৃদ্ধি পাইছে দেশত নিৰ্মিত সামগ্ৰীৰ চাহিদা

দীপাৱলীৰ পূৰ্বে মোক্ষম আঘাত চীনৰ অৰ্থনীতিত। দীপাৱলীৰ বতৰত প্ৰায় চীনক প্ৰায় এক লাখ কোটি টকাৰ অৰ্থনৈতিক আঘাত ভাৰতৰ। দৰাচলতে এইবাৰ ভাৰতে উৎসৱৰ বতৰত ঘৰুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বাতিল কৰা হৈছে সস্তীয়া চীনা সামগ্ৰী। দুৰ্গা পূজা বা দীপাৱলী বা ধনতেৰাছত বাতিল হৈছে চীনত নিৰ্মত সামগ্ৰী। দেশৰ জনতাই দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ বাবেই ঘৰুৱা বজাৰে লাভ কৰিছে প্ৰাধান্যতা। কেন্দ্রৰ ‘ভ’কেল ফৰ লোকেল’ আৰু ‘মেড ইন ইণ্ডিয়া’ৰ আহ্বানৰ প্ৰতি এতিয়া সঁহাৰি জনাইছে দেশবাসীয়ে৷ চেম্বাৰ্ছ অৱ কমাৰ্চে প্ৰদান কৰা তথ্য অনুসৰি এইবাৰ ভাৰতত ধনতেৰাছ উৎসৱৰ ব্যৱসায়ৰ মূল্য ৫০ হাজাৰ কোটি টকা। আৰু এই ব্যৱসায় হৈছে স্থানীয় সামগ্ৰীৰ। প্ৰতি বছৰে এই উপলক্ষে…
Read More