15
Nov
জম্মু-কাশ্মীৰত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় কমেও ৩৫ জন যাত্ৰীয়ে। জম্মু-কাশ্মীৰৰ ডোডা জিলাত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি বুধবাৰে পুৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। উদ্ধাৰ অভিযান অগ্ৰগতিৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ অনুসৰি ৩৫ জন যাত্ৰীৰ মৃত্যু হৈছে। একাংশ লোকৰ শাৰীৰিক অৱস্থা সংকটজনক। জম্মু-কাশ্মীৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি সেই বাছখনত ৪০ জনতকৈ অধিক যাত্ৰী আছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বাছখন পাৰ হৈ আছিল। বাছখন এটা খাৱৈৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত বাছখনৰ চকাটো হঠাতে পিচলি পৰি যাত্ৰীসহ বাছখন প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি…
