21
Nov
চাৰি বছৰত ছমাহেই কাৰাগাৰৰ বাহিৰত! এয়াই হৈছে ধৰ্ষণ আৰু হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমৰ কাৰাবাসৰ হিচাব-নিকাচ। ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত ১৯৯৭ নম্বৰৰ বন্দী হিচাপে শাস্তি ভুগি আছে ৰাম ৰহিমে, কিন্তু ২০ নৱেম্বৰ সোমবাৰে হাৰিয়ানা চৰকাৰৰ পৰা ২১ দিনৰ পেৰোল পোৱাৰ পিছত আজি পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিব পাৰিব ৰাম ৰহিমে। ২০২৩ চনত তৃতীয়বাৰৰ বাবে জেলৰ পৰা ওলাই আহিছে ৰাম ৰহিম। এইবাৰো তেওঁ উত্তৰ প্ৰদেশৰ বৰ্ণৱা আশ্ৰমত থাকিব। বৰ্ণাৱা আশ্ৰমত কটোৱা পেৰ’ল আৰু ফাৰ্ল’ৰ সময়ত তেওঁৰ আচৰণৰ কথা মনত ৰাখি ৰোহটক প্ৰশাসনে পুনৰবাৰ ফাৰ্ল’ প্ৰদান কৰিছে ৰাম ৰহিমক। চলিত বৰ্ষৰ আৰম্ভণিতে ডেৰা সচ্চা সৌদাৰ…
