ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

জি-২০ ডিজিটেল সন্মিলত ইজৰাইল-হামাছৰ সংঘাতক লৈ আলোচনা, যুদ্ধ বিৰতিৰ প্ৰস্তাৱ

জি-২০ ডিজিটেল সন্মিলত ইজৰাইল-হামাছৰ সংঘাতক লৈ আলোচনা, যুদ্ধ বিৰতিৰ প্ৰস্তাৱ

জি-২০ ডিজিটেল সন্মিলনত বহু নেতাই ইজৰাইল-হামাছ সংঘাতৰ ওপৰত কথা কোৱাৰ লগতে হিংসা বিয়পিবলৈ নিদিয়াকৈ আৰু পেলেষ্টাইন সমস্যাৰ দীৰ্ঘম্যাদী সমাধান বিচাৰি সময়মতে মানৱীয় সাহায্য প্ৰদানৰ আহ্বান জনায় দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ডিজিটেলভাৱে আয়োজিত জি-২০ বৈঠকৰ বিষয়ে সাংবাদিকসকলক তথ্য দি জয়শংকৰে কয় যে আফ্ৰিকান ইউনিয়ন, ৯খন অতিথি দেশ আৰু ১১টা আন্তঃৰাষ্ট্ৰীয় সংস্থাকে ধৰি ২১ সদস্যৰ আটাইকেইখনে ইয়াত অংশগ্ৰহণ কৰে। তেওঁ কয় যে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে বৈঠকত পশ্চিম এছিয়া, গাজাৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় আৰু কিছু পৰিমাণে ইউক্ৰেইন…
Read More
পঞ্জাৱৰ গুৰুদ্বাৰাত নিৰ্বিচাৰ গুলীবৰ্ষণ! এগৰাকী কনিষ্টবল নিহত, আহত ৫ জন

পঞ্জাৱৰ গুৰুদ্বাৰাত নিৰ্বিচাৰ গুলীবৰ্ষণ! এগৰাকী কনিষ্টবল নিহত, আহত ৫ জন

পুৱাই পঞ্জাৱৰ গুৰুদ্বাৰত সংঘটিত নিৰ্বিচাৰ গুলীবৰ্ষণৰ ঘটনা। বৃহস্পতিবাৰে পঞ্জাৱৰ কাপুৰথালাত সংঘটিত এই ঘটনাত নিহত হ. এজন কনিষ্টবল। ইফালে এই গুলীবৰ্ষণত ৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০জন লোকক। এই আক্ৰমণৰ আঁৰত কোনো খালিস্তান সমৰ্থক উগ্ৰপন্থী সংগঠনৰ ‘ভুমিকা’ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো মন্তব্য প্ৰকাশ কৰা নাই। অৱশ্যে কাপুৰথালা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, গুৰদ্বাৰা দখলক লৈ দুটা গোটৰ মাজত হোৱা বিবাদৰ বাবেই এই গুলীচালনা সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা মতে, নিহাংগা জনগোষ্ঠীৰ অন্তৰ্গত শিখ গোটটোৱে গুলীচালনা কৰে। কাপুৰথালাৰ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) তেজবীৰ সিং হুণ্ডালে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, গুৰদ্বাৰাখন দখল কৰাৰ…
Read More
আবকাৰী নীতি গোচৰত কাৰাবন্দী আপ নেতা মণীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১১ ডিচেম্বৰলৈ বৃদ্ধি…

আবকাৰী নীতি গোচৰত কাৰাবন্দী আপ নেতা মণীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১১ ডিচেম্বৰলৈ বৃদ্ধি…

দিল্লী আবকাৰী নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতৰ পৰা সকাহ পোৱা নাই আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। আদালতে তেওঁৰ ন্যায়িক জিম্মা ১১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। আদালতে এই গোচৰৰ বিতং শুনানি গ্ৰহণ কৰি কয় যে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এতিয়াও বহু নথি-পত্ৰ ইডিয়ে দাখিল কৰিবলৈ বাকী আছে। ইফালে আদালতে অধিবক্তাসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ২০৭ চি আৰ পি চিৰ মানি চলাৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ কয় যাতে শুনানি আৰম্ভ হ’ব পাৰে। ইয়াৰ উপৰিও আদালতে ইডিক জাননী জাৰি কৰি বিনয় বাবুৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত যুক্তিৰ বাবে ২৪ নৱেম্বৰ নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে মনীষ চিছ’দিয়াই উচ্চতম ন্যায়ালয়ৰো কাষ…
Read More
জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

২৫ নৱেম্বৰত ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে পূৰ্ণ গতিত চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। একে ক্ৰমতে উদয়পুৰৰ বল্লভনগৰত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষ এখন প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, ‘প্ৰথমে জাতি জনগণনা হ’ব লাগে। সকলোৰে সংখ্যা গম পোৱা যাব। মই লোকসভাত জাতি লোকপিয়লৰ বিষয়টো উত্থাপন কৰা দিনটোৰ পাছত নৰেন্দ্ৰ মোডীৰ কণ্ঠ সম্পূর্ণৰূপে সলনি হ’ল৷ প্ৰশ্ন হয় বিজেপিয়ে কিয় দেশত ঘৃণা বিয়পাই দিয়ে। কিয় বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ কথা নকয়?’ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ বিষয়টো…
Read More
চিনেমাৰ কায়দাত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বাহন চুৰি কৰি পলায়ন অভিযুক্তৰ, ৩ ঘণ্টীয়া অভিযানৰ অন্তত হ’ল আটক

চিনেমাৰ কায়দাত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বাহন চুৰি কৰি পলায়ন অভিযুক্তৰ, ৩ ঘণ্টীয়া অভিযানৰ অন্তত হ’ল আটক

কোৱা হয় যে চিনেমা সমাজৰ দাপোন, ছবিত বাস্তৱত যি দেখুওৱা হয় সেয়াহে দেখুওৱা হয়, কিন্তু বহু সময়ত মানুহে কেৱল ছবিৰ জৰিয়তেহে নতুন তথ্য লাভ কৰে। তেনে এটা গোচৰ পোহৰলৈ আহিছে কৰ্ণাটকৰ পৰা, য’ত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আৰক্ষীৰ বাহন লৈ ফিল্মী ষ্টাইলত পলায়ন কৰে। কিন্তু বহু সংগ্ৰামৰ অন্তত আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। এই ঘটনা সংঘটিত হৈছে টুমাকুৰু জিলাৰ গুব্বি তালুকৰ নৰনহল্লী গাঁৱত। আচলতে সোমবাৰে (২০ নৱেম্বৰ) নিশা মুনিয়া আনুআটাৰ জ্যেষ্ঠ ভাতৃৰ সৈতে কোনো এটা বিষয়ক লৈ তীব্ৰ কাজিয়া হৈছিল। ক্ৰমান্বয়ে বিষয়টো তীব্ৰতৰ হৈ পৰিল। ইফালে মুনিয়াৰ ভাতৃয়ে ফোন কৰি আৰক্ষীক এই বিষয়ে অৱগত কৰে। তথ্য পোৱাৰ লগে লগে…
Read More
তাৰিখ পে তাৰিখ নহয়, পেৰ’ল পে পেৰ’ল! ৪ বছৰত ৬ মাহেই কাৰাগাৰৰ বাহিৰত কাৰাবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

তাৰিখ পে তাৰিখ নহয়, পেৰ’ল পে পেৰ’ল! ৪ বছৰত ৬ মাহেই কাৰাগাৰৰ বাহিৰত কাৰাবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

চাৰি বছৰত ছমাহেই কাৰাগাৰৰ বাহিৰত! এয়াই হৈছে ধৰ্ষণ আৰু হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমৰ কাৰাবাসৰ হিচাব-নিকাচ। ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত ১৯৯৭ নম্বৰৰ বন্দী হিচাপে শাস্তি ভুগি আছে ৰাম ৰহিমে, কিন্তু ২০ নৱেম্বৰ সোমবাৰে হাৰিয়ানা চৰকাৰৰ পৰা ২১ দিনৰ পেৰোল পোৱাৰ পিছত আজি পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিব পাৰিব ৰাম ৰহিমে। ২০২৩ চনত তৃতীয়বাৰৰ বাবে জেলৰ পৰা ওলাই আহিছে ৰাম ৰহিম। এইবাৰো তেওঁ উত্তৰ প্ৰদেশৰ বৰ্ণৱা আশ্ৰমত থাকিব। বৰ্ণাৱা আশ্ৰমত কটোৱা পেৰ’ল আৰু ফাৰ্ল’ৰ সময়ত তেওঁৰ আচৰণৰ কথা মনত ৰাখি ৰোহটক প্ৰশাসনে পুনৰবাৰ ফাৰ্ল’ প্ৰদান কৰিছে ৰাম ৰহিমক। চলিত বৰ্ষৰ আৰম্ভণিতে ডেৰা সচ্চা সৌদাৰ…
Read More
দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰত স্থায়ী জামিন প্ৰদান অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক

দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰত স্থায়ী জামিন প্ৰদান অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক

‘দক্ষতা বিকাশ দুৰ্নীতি’ গোচৰত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ স্থায়ী জামিন আবেদন মঞ্জুৰ কৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকী অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়াৰ পিছত বৰ্তমান চিকিৎসাধীন হৈ আছে। তেওঁৰ বাবে শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক ‘বৃহৎ সকাহ’ বুলি গণ্য কৰা হৈছে। ৩১ অক্টোবৰত চন্দ্ৰবাবুৰ চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন ‘স্বাস্থ্যৰ ভিত্তিত’ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল। তেলেংগানাৰ হায়দৰাবাদৰ এখন চিকিৎসালয়ত চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰি এতিয়া ঘৰতে জিৰণি লৈ আছে। যোৱা ৩১ অক্টোবৰত উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে চন্দ্ৰবাবুৱে ২৮ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত ৰাজমাহেন্দ্ৰবৰম কেন্দ্ৰীয় কাৰাগাৰত ৰিপৰ্ট দিব…
Read More
‘ব্ৰেকিং নিউজ! এতিয়া ইডিয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ঘৰত তালাচী চলাব’! বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মহুৱা মৈত্ৰাৰ

‘ব্ৰেকিং নিউজ! এতিয়া ইডিয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ঘৰত তালাচী চলাব’! বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মহুৱা মৈত্ৰাৰ

আকৌ এবাৰ বিশ্বকাপ জয়ৰ সপোন ভাঙিল টিম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় দলৰ পৰাজয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে তৃণমূল সাংসদ মহুৱা মৈত্ৰাই। ভাৰতৰ পৰাজয়ৰ বিষয়টো তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ টানি লৈ যায়। বিশ্বকাপৰ মেগা ফাইনেলত দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১ লাখ ৩২ হাজাৰ দৰ্শকৰ সন্মুখত মুখামুখি হয় ভাৰত আৰু অষ্ট্ৰেলিয়া। প্ৰধানমন্ত্ৰীয়েও মেচ চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়। কিন্তু মোডীয়ে ভাৰতৰ বিশ্ব বিজয় দেখাৰ আশা পূৰণ নহ’ল। খেলত শেষ হাঁহি মাৰে অষ্ট্ৰেলিয়াই। ইয়াৰ পিছত কৃষ্ণনগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাই এক্সত প্ৰধানমন্ত্ৰীক সমালোচনা কৰে। তেওঁ লিখিছে, ‘আহমেদাবাদৰ ষ্টেডিয়ামৰ নাম সলনি কৰা হৈছে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’ল ভাৰত।” দৰাচলতে দেশৰ…
Read More
মৰ্মান্তিক! ঘৰৰ ভিতৰত উদ্ধাৰ ৪ ভাতৃ-ভগ্নীৰ মৃতদেহ, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ

মৰ্মান্তিক! ঘৰৰ ভিতৰত উদ্ধাৰ ৪ ভাতৃ-ভগ্নীৰ মৃতদেহ, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ

উত্তৰ প্ৰদেশৰ উন্নাওত এটা ঘৰত একেলগে চাৰি ভাতৃ-ভগ্নীক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীৰ অনুমান অনুসৰি, ইজনে সিজনক বচাবলৈ চেষ্টা কৰি বিদ্যুৎস্পৃষ্ট হৈ চাৰিওটি শিশুৱে মৃত্যুক আঁকোৱালি লয়। স্থানীয় আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰেন্দ্ৰ কুমাৰ আৰু শিৱদেৱী উন্নাও জিলাৰ লালমানখেডা গাঁৱৰ বাসিন্দা। তেওঁলোকৰ চাৰিটা সন্তান - মায়ংক (৯), হিংমাছি (৮), হিমংক (৬) আৰু মানসী (৪)। দেওবাৰে বিয়লি ঘৰটো খালী হৈ পৰিছিল। দুপৰীয়া উভতি অহাৰ পিছত তেওঁলোকে চাৰিটা সন্তানক মাটিত মৃত অৱস্থাত পৰি থকা দেখে। লগে লগে চুবুৰীয়াক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আহি মৃতদেহ কেইটা উদ্ধাৰ কৰে। বৰাসাগৰৰ এছ এইচ অ’ দিলীপ কুমাৰে কয়,…
Read More
মহাৰাষ্ট্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৮ জনক উদ্ধাৰ, ২জন সন্ধানহীন

মহাৰাষ্ট্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৮ জনক উদ্ধাৰ, ২জন সন্ধানহীন

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈতৰ্না নদীত সোমবাৰে পুৱা ২০ জন শ্ৰমিক কঢ়িওৱা এখন টাগ নাও বাগৰি পৰাত কমেও দুজন লোক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই পৰ্যন্ত ১৮ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। পুৱা প্ৰায় ৬ বজাত জেএনপিটি-বদোদৰা এক্সপ্ৰেছৱে নিৰ্মাণৰ কামত নিয়োজিত কোম্পানী এটাৰ টাগ নাওত যাত্ৰা কৰি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। এই প্ৰকল্পৰ অংশ হিচাপে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম চলি আছে। নাওখন নদীৰ মাজত থকাৰ সময়তে নাওখন উলটি যায় যাৰ পিছত সকলো শ্ৰমিক জলভাগত পৰি যায় বুলি বিষয়াগৰাকীয়ে জনায়। আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু জিলা প্ৰশাসনক এই বিষয়ে অৱগত কৰা হয়…
Read More