28
Nov
প্ৰধানমন্ত্ৰী মোডীক মহাত্মা গান্ধীৰ সৈতে তুলনা কৰি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৰা মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছ সাংসদ মণিকম ঠাকুৰ। ঠাকুৰে কয় যে তৈল মৰ্দনৰ সীমা আছে যদিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সেই সীমাও অতিক্ৰম কৰিছে। এনেকৈ কথা পাতিলে আপুনি যি পদবীত আছে তাৰ প্ৰতিপত্তি বাঢ়ি নাযায়। দৰাচলতে ২৭ নৱেম্বৰ সোমবাৰে এক অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে যোৱা শতিকাৰ মহান ব্যক্তি মহাত্মা গান্ধী, কিন্তু এই শতিকাৰ মহান ব্যক্তি নৰেন্দ্ৰ মোডী। তেওঁ কয় যে মহাত্মা গান্ধীয়ে আমাক সত্য আৰু অহিংসাৰ জৰিয়তে ইংৰাজৰ দাসত্বৰ পৰা মুক্ত কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক প্ৰগতিৰ পথত ৰাখিছে, যাৰ ওপৰত আমি সদায় চাব বিচাৰো। জৈন চিন্তাবিদ তথা…
