ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশ ল’লে ছোনীয়া গান্ধীৰ পাপ হ্ৰাস পাবঃ হিমন্ত বিশ্ব শৰ্মা

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশ ল’লে ছোনীয়া গান্ধীৰ পাপ হ্ৰাস পাবঃ হিমন্ত বিশ্ব শৰ্মা

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাও তীব্ৰতৰ হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি ছোনিয়া গান্ধী অযোধ্যালৈ যায় তেন্তে হয়তো তেওঁৰ পাপ কমি যাব। ৰাম মন্দিৰৰ অভিষেক আৰু প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবেও বহু বিৰোধী নেতাক নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি হিমন্ত শৰ্মাই কয় যে কংগ্ৰেছৰ নেতা ৰাম মন্দিৰৰ অনুষ্ঠানলৈ যাওক বা নাযাওক, সকলো কংগ্ৰেছ কৰ্মীয়ে নিশ্চিতভাৱে যাব। হিমন্ত শৰ্মাই কয় যে ‘২২ জানুৱাৰীৰ পিছত কংগ্ৰেছৰ হিন্দু বুথ নেতা, মণ্ডল নেতা আৰু তেওঁৰ পৰিয়াল ৰাম মন্দিৰলৈ যাব।’ কংগ্ৰেছৰ নেতা মন্দিৰলৈ যাব নেকি বুলি সোধাত অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে ‘যদি নাযায়, যদি…
Read More
দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

শুকুৰবাৰে আলফাৰ আলোচনাপন্থী গোটে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে সন্মতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিখন আৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ আলোচনাপন্থী গোট আৰু চৰকাৰৰ মাজত ১২ বছৰ ধৰি বিনাচৰ্ত আলোচনাৰ অন্তত সম্পন্ন হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শান্তি চুক্তিৰ ফলত অসমত দশক দশক পুৰণি বিদ্ৰোহৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত আলফাৰ স্বাধীন গোট এই চুক্তিৰ অংশ নহয়। বৰুৱা চীন-ম্যানমাৰ সীমান্তৰ এঠাইত বাস কৰা বুলি অনুমান কৰা হৈছে। ১৯৭৯ চনত “সাৰ্বভৌম অসম”ৰ দাবীৰে আলফা গঠন…
Read More
মৰ্মান্তিক! ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ, ১৩ জনৰ মৃত্যু

মৰ্মান্তিক! ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ, ১৩ জনৰ মৃত্যু

মধ্যপ্ৰদেশৰ গুনাত ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে এখন যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে জ্বলি মৃত্যুক সাৱটিবলগীয়া হ’ল ১৩ জনকৈ যাত্ৰীয়ে। বুধবাৰে নিশা প্ৰায় ৯ বজাত গুনা-আৰন পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত আন সোতৰজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ আজি গুনালৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰীগৰাকী। ইফালে গুনা জিলা উপায়ুক্ত তৰুণ ৰাথীয়ে মৃতকৰ সংখ্যা নিশ্চিত কৰি আহতসকল সংকটমুক্ত বুলি জানিবলৈ দিয়ে। জিলা উপায়ুক্তগৰাকীয়ে কয় যে, “বৰ্তমান জিলা চিকিৎসালয়খনত…
Read More
দেশত কোভিডৰ JN.1 ভেৰিয়েণ্টৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক, মৃত্যু ৪ জনৰ

দেশত কোভিডৰ JN.1 ভেৰিয়েণ্টৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক, মৃত্যু ৪ জনৰ

দেশত পুনৰবাৰ আতংক বিয়পাবলৈ আৰম্ভ কৰিছে কোভিড মহামাৰীয়ে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এদিনতে দেশত কোভিড-১৯ত আক্ৰান্ত হৈছে ৭০২ জনকৈ লোক। এই পৰিসংখ্যাকে ধৰি সমগ্ৰ দেশতে কোৰোনা আক্ৰান্তৰ সংখ্যা ৪০৯৭ লৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত স্বাস্থ্য মন্ত্ৰালয়ে ৰাইজক বিশেষভাৱে সতৰ্ক হ’বলৈ আহ্বান জনাইছে। স্বাস্থ্য মন্ত্ৰালয়ে পুৱা ৮ বজালৈকে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত নতুনকৈ ৬ জন ৰোগীৰ মৃত্যু হৈছে। ইয়াৰে মহাৰাষ্ট্ৰত দুজন আৰু কৰ্ণাটক, কেৰালা, পশ্চিম বংগ আৰু দিল্লীত এজনকৈ ৰোগীৰ মৃত্যু হৈছে। দিল্লীত স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে অসুস্থ লোকক ভিৰত যোৱাৰ পৰা বিৰত থাকিবলৈ কয়। ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰত দেশৰ ভিতৰতে সৰ্বাধিক ৭৫২ জন নতুনকৈ কোভিড আক্ৰান্ত…
Read More
গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ অস্কাৰজয়ী ছবি ‘পেৰাচাইট’ৰ অভিনেতা লী-ছান-কিউনক

গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ অস্কাৰজয়ী ছবি ‘পেৰাচাইট’ৰ অভিনেতা লী-ছান-কিউনক

অস্কাৰ বিজয়ী ছবি 'পেৰাচাইট’ৰ চৰিত্ৰৰ বাবে জনপ্ৰিয় দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছান-কিউনক বুধবাৰে এখন গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। খবৰ অনুসৰি, লী (৪৮)ক চেণ্ট্ৰেল ছিউল পাৰ্কত এখন গাড়ীত মৃত অৱস্থাত উদ্ধাৰ হয়। অভিনেতাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পূৰ্বে তেওঁৰ পত্নীয়ে আৰক্ষীক অভিনেতাগৰাকীক ঘৰৰ পৰা হঠাৎ ওলাই যোৱাৰ কথা অৱগত কৰিছিল। লগতে ছুইচাইড নোট ধৰণৰ এক পত্ৰও ঘৰত লাভ কৰা বুলি অৱগত কৰিছিল পত্নীয়ে। উল্লেখ কৰিব পাৰি যে গাঞ্জা আৰু অন্যান্য মনোসক্ৰিয় ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগত লীয়ে আৰক্ষীৰ তদন্তৰ অধীনত আছিল। চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে তদন্তকাৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ ইঞ্চিয়ান আৰক্ষী থানাত প্ৰৱেশ কৰাৰ পূৰ্বে লীয়ে সাংবাদিকৰ আগত কৈছিল, “এনে অপ্ৰীতিকৰ…
Read More
মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

কংগ্ৰেছ নেতা শশী থাৰুৰে মঙলবাৰে কয় যে ২০২৪ চনত তিৰুৱনন্তপুৰম লোকসভাৰ আসনৰ পৰা চতুৰ্থবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, যিটো তেওঁৰ শেষ আসন হ’ব পাৰে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’লেও যিকোনো ক্ষেত্ৰতে তেওঁ জয়ী হ’ব। থাৰুৰে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত টিভি চেনেলৰ ডিবেটত অংশগ্ৰহণ কৰি এই কথা কয়। তেওঁ কয়, ‘মই ইয়াৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, কিন্তু চূড়ান্ত সিদ্ধান্ত দলে ল’ব আৰু মোক কোৱা হ’লে কৰিম। এইটোৱেই হ’ব মোৰ লোকসভালৈ শেষ প্ৰতিদ্বন্দ্বিতা।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুৱনন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সন্দৰ্ভত থাৰুৰে কয়, ‘মোদীয়ে মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লেও মই জয়ী হ’ম।’ থাৰুৰে লগতে কয়, ‘মই…
Read More
দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত পুনৰ এবাৰ বৃদ্ধি পাইছে কোভিডৰ আতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৬২৮ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনা মহামাৰীত। ইয়াৰ লগে লগে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০৫৪ লৈ বৃদ্ধি পাইছে। সোমবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত কেৰালাৰ পৰা এজন নতুনকৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পিছত কোভিডত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৫.৩৩ লাখলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪.৫০ কোটি। স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪৪ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ। ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ২২০.৬৭…
Read More
মই দেশদ্ৰোহী হয়নে নহয় সেয়া ভগৱানে বিচাৰ কৰিবঃ সংসদ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া বিজেপি সাংসদ প্ৰতাপ সিমহাৰ

মই দেশদ্ৰোহী হয়নে নহয় সেয়া ভগৱানে বিচাৰ কৰিবঃ সংসদ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া বিজেপি সাংসদ প্ৰতাপ সিমহাৰ

সংসদৰ নিৰাপত্তাৰ ত্ৰুটিক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত অব্যাহত আছে মতানৈক্য। এই বিষয়ত কংগ্ৰেছে বিজেপিক অহৰহ আক্ৰমণ চলাই আছে। কংগ্ৰেছে বিজেপি লোকসভাৰ সদস্য প্ৰতাপ সিমহাক লক্ষ্য কৰি প্ৰশ্নৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে কয় যে কিয় বিজেপি সাংসদ প্ৰতাপ সিমহাই কোৱা নাই যে তেওঁ কেনেকৈ দুজন অনুপ্ৰৱেশকাৰীক সংসদত প্ৰৱেশৰ ব্যৱস্থা কৰিলে। এই বিষয়ত দেওবাৰে বিজেপি সাংসদ প্ৰতাপ সিমহাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আগন্তুক লোকসভা নিৰ্বাচনত জনসাধাৰণে সিদ্ধান্ত ল’ব যে তেওঁ দেশপ্ৰেমিক নে দেশদ্ৰোহী। সিমহাই কয় যে তেওঁ এই বিষয়টো ভগৱান আৰু তেওঁৰ অনুৰাগীৰ ওপৰত এৰি দিছে, গতিকে এতিয়া তেওঁলোকেহে সিদ্ধান্ত ল’ব যে তেওঁ দেশদ্ৰোহী নে দেশপ্ৰেমিক। সাংসদগৰাকীয়ে…
Read More
EVM হেক কৰাটো সম্ভৱ, অতি শীঘ্ৰে মই সকলো ৰাজহুৱাভাৱে উদঙাই দিমঃ ছেম পিট্ৰ’ডা

EVM হেক কৰাটো সম্ভৱ, অতি শীঘ্ৰে মই সকলো ৰাজহুৱাভাৱে উদঙাই দিমঃ ছেম পিট্ৰ’ডা

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ঘনিষ্ঠ হিচাপে পৰিচিত অভাৰচীজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিট্ৰ’ডাই ইলেক্ট্ৰনিক ভোটিং মেছিন চমুকৈ ইভিএম সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে তেওঁ অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে ইভিএমৰ প্ৰকৃত ৰহস্য উদঙাই দিব। দৰাচলতে ৰাজীৱ গান্ধীৰ বন্ধু তথা দেশৰ তথ্য বিপ্লৱৰ জনক হিচাপে পৰিচিত ছেম পিট্ৰ’ডা ওৰফে সত্যনাৰায়ণ বিশ্বকর্মা ইউ পি এ চৰকাৰৰ জ্ঞান আয়োগৰ অধ্যক্ষও আছিল৷ তেওঁ কয় যে এটা দলৰ সুবিধা অনুসৰি ইভিএম নিয়ন্ত্ৰণ কৰিব পাৰি। ইভিএম হেক কৰাটোও সম্ভৱ বুলি মন্তব্য কৰে পিট্ৰ’ডাই। ছেম পিট্ৰ’ডাই কয় যে বৰ্তমান ভাৰতত ব্যৱহাৰ হৈ থকা ইভিএম মেচিনটো কোনো ষ্টেণ্ড এল’ন মেচিন নহয়। সমস্যাটো আৰম্ভ হৈছিল যেতিয়া VVPAT মেচিন EVM…
Read More
নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে পুনৰ এবাৰ দেশত আতংকৰ সৃষ্টি কৰিছে কোৰোনাই। মাৰাত্মক ভাইৰাছ JN.1 ৰ এটা নতুন উপ-ভেৰিয়েণ্টে শংকিত কৰিছে সকলোকে। শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে যোৱা ২৪ ঘন্টাত দেশত ৭০০ৰো অধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এদিনতে ৭৫২ জন লোক কোভিডত আক্ৰান্ত হৈছে। চলিত বৰ্ষৰ ২১ মে’ৰ পিছত দৈনিক এই সংক্ৰমণ সৰ্বাধিক। শুকুৰবাৰৰ প্ৰতিবেদন অনুসৰি এদিনতে আক্ৰান্তৰ সংখ্যা আছিল ৬৪০ জন। কোৱা বাহুল্য যে যোৱা ২৪ ঘণ্টাত এই সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ বাবেই সক্ৰিয় ৰোগীৰ সংখ্যা ৩৪২০ লৈ বৃদ্ধি পালে। এই ভাইৰাছৰ ফলত এদিনতে চাৰিজন লোকক প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ১৭খন ৰাজ্যই…
Read More